জুণ্টি শইকীয়া
poems
December 25, 2015
0 Comments
তুমি হেঁপাহৰ বৰঘৰ
কিহৰ বোজা লৈ আহিছা এইবাৰপিঠিত নে বুকুত ??
সকলোৱে কয়...
তুমি হেনো সুখৰ জোলোঙা
সকলোৰে বাবে থাকে তাত
হাঁহি আৰু মৰমৰ টোপোলা
তোমাৰ বুকুতো বাৰু থাকেনে
সেই একেই সঁফুৰা ?
নে হাঁহি ভৰা মুখত লুকুৱাই ৰাখা
তোমাৰ চিৰন্তন দুখ ??
মানুহৰ নিঃকিন মনে নিচিনে
তোমাৰ সুখৰ আকৰ
চিনে মাথোঁ নিজৰ স্বাৰ্থ
ফুটপাথত পৰি ৰোৱাজনে জানো
দেখিব পাৰে সুখৰ দিনৰ সপোন !
ভোকৰ ভাতমুঠিতে শেষ হয়
তাৰ শীৰ্ণকায় শৰীৰৰ প্ৰয়োজন
আৰু সেই নিস্পাপ শিশুটো.....
যি শৈশৱ হেৰুৱাই
কোনো অমানুহৰ হাতত
সি কিদৰে বুজিব মৰমৰ তান !
পাৰা যদি আনিবাচোন সিহঁতৰ বাবেও
অলপ হাঁহি.....
অলপ সুখ......
চাণ্টাক্লজ....
তুমি হেঁপাহৰ বৰঘৰ ।

