আকাশৰ অভিমান
Senehi Siyahi
December 27, 2016
0 Comments
আকাশৰ অভিমান
গৌৰীস্মিতা নাথ
আজি আকাশখনে ওন্দোলাই আছে
এনে লাগিছে যেন
মনত লৈ আছে গভীৰ দুখ
প্ৰকাশ কৰিব পৰা নাই দুখৰ কথা
নিগৰাব পৰা নাই দুধাৰি চকুলো
হয়তো... বতাহৰ লগত
মনোমালিন্য ঘটিছে
হয়তো... বতাহে ধৰিছে জেদ
আঁতৰাই নিয়া নাই
দুখ সদৃশ ডাৱৰবোৰক ।
এনে লাগিছে যেন
মনত লৈ আছে গভীৰ দুখ
প্ৰকাশ কৰিব পৰা নাই দুখৰ কথা
নিগৰাব পৰা নাই দুধাৰি চকুলো
হয়তো... বতাহৰ লগত
মনোমালিন্য ঘটিছে
হয়তো... বতাহে ধৰিছে জেদ
আঁতৰাই নিয়া নাই
দুখ সদৃশ ডাৱৰবোৰক ।




