কৃষ্ণচুড়াৰ অন্তৰঙ্গ আলাপ
আজি আবেলিকৈ আহিবা
গো-বাটৰ ধুলি উৰাৰ আগতে
লৈ আহিবা কৃষ্ণচুড়াৰ
ৰঙা বোল একলহ
মনৰ উকা কেনভাছত
সানি দুয়ো হ'ম ৰাঙলী
তাৰ পাছত...
তোমাৰ ব্যস্ততাৰ সোণালী পিয়লাত
পি খাম এপিয়লা প্ৰেমৰ আপং
সোণাৰুৰ খিল খিল হাঁহিত
উদ্বাউল হৈ পৰিব
নিৰ্লজ সন্ধ্যাৰ
নিৰাভৰণ প্ৰেমৰ উপত্যকা
শিলে শিলে ঠেকা খাই
চিটিকি পৰিব
এজাঁৰৰ সেই পুৰণিকলীয়া বেজাৰ
আমি দুয়ো কোচ ভৰাই বুটলিম
তলসৰা তৰাৰ গুটি গুটি চকুলো
পুৱতিনিশা কাণপাতি শুনিম
দুবৰিৰ সৈতে তলসৰা বকুলৰ
অন্তৰংগ আলাপ
আহিবাচোন আজি আবেলি!
ৰাধাচুড়াৰ বুকুত আকিম
এখন ব্ৰজধামৰ নিটোল ছবি
আমি বিলীন হৈ যাম
সেই চিৰপৰিচিত নৈ খনত
যাৰ দুয়োপাৰে
পাৰ ভঙা সপোনবোৰৰ
পিছে পিছে
দৌৰি ফুৰিছিলো আমি
আহিবাচোন আজি আবেলি!
কবিঃ বিভা বৈশ্য
No comments:
Post a Comment