কুন্তী
তীক্ষ্ণ আলোকৰ মাজত ক্ৰমে
দৃশ্যমান হৈ উঠিছিল সূৰ্য্য-নাৰায়ন
কুমাৰী কুন্তীৰ আৱাহনত
ঋষিৰ বৰত প্ৰাপ্ত অমোঘ মন্ত্ৰ
মনত উতসুকতা
অজ্ঞাত মন্ত্ৰৰ প্ৰৱলতা,
প্ৰয়োগৰ প্ৰয়োজনীয়তা,
কঠোৰ নিয়মানুবদ্ধতা
ফুল কোমল হৃদয়ৰ মনৰ পুলকানুভূতি
ৰোধিব পৰা নাছিল
আশ্বস্ত হ’ব পৰাকৈ পৈনত নাছিল কুন্তী
খিৰিকিৰে সোমাই অহা কুহূমীয়া অংশুমালীৰ
স্পৰ্শই জাগ্ৰত কৰিলে আৱাহনৰ স্পৃহাক
স্বতঃস্ফুৰ্তভাৱেই উচ্চাৰিত হ’ল
সেই মন্ত্ৰ কুন্তীৰ কণ্ঠত
পলকতে উতকণ্ঠাৰ অন্ত
সন্মুখত স্বয়ং আদিত্য
ভয়ত কঁপি উঠিছিল কুমাৰী কুন্তী
প্ৰকাশ কৰিছিল সবিনয়ে মনৰ স্পৃহাক
আৰু নিজৰ মূঢ়তাক
নিয়মৰ সালসলনি নহয়
ভীতিগ্ৰস্ত আচম্বিত কুন্তীৰ
সকলো আৱেদনেই বিফল হ’ল
কুমাৰী মাতৃত্বৰ বোজা
বহন কৰাৰ বাধ্যকতাত
দেৱতাই কৰিব নোৱাৰা একোৱেই নাই
তেনে ঈশ্বৰ সদৃশ সূৰ্য্যনাৰায়ন
কিয় অপাৰগ হৈছিল
ফুল কোমল কুন্তীৰ
মানসিকতা বুজি পোৱাত
নে পুৰুষত্বৰ ৰিপুজয়ত বিফল হৈছিল ??
নে “এই অমোঘ মন্ত্ৰৰ প্ৰয়োগ বিফল কৰিব নোৱাৰি”-
বুলি কৈ মদনৰ পুষ্প বাণত আক্ৰান্ত হৈ
নিজৰ দুৰ্বলতাক ঢাকি ৰাখিছিল (?)
হয়তুবা
হয়তুবা নাৰীৰ কমনীয়তাৰে
প্ৰয়োভৰা কুন্তীৰ ৰূপত মোহান্ধ হৈছিল !!
ফলস্ৰুতিত আবেগৰ ধুমুহাই
কলংকিত কৰি গল কুন্তীক
কুমাৰী মাতৃত্বৰ বোজাৰে.....।
শিৱসাগৰ
No comments:
Post a Comment