অভীপ্সা
চকুত চকুৰ গভীৰ চাৱনিৰ মাথো এটি লহমা
আৰু এক অনামী শিহৰণত মোৰ স্তব্ধ নয়ন !
চকুযুৰিৰ চুম্বকীয়ত্বৰ অৱগাহনত আছন্ন হৈ ৰঁও
প্ৰতি ক্ষণ , প্ৰতি নিয়ত ..... !
এতিয়া অজ্ঞাতসাৰেই,
এঙেৰুৱা সময়বোৰে গতি সলাই,
বুকুজুৰি বৈ থকা নদীখনেও সুঁতি সলাই
শাশ্বত , অবিনশ্বৰ প্ৰেমৰ দিশত....!
চকুৱে হেনো মিছা নকয়......
সেইয়াই যদি সঁচা,
তোমাৰ বুকুতো উঠেনে
হাজাৰ ভাৱৰ বুৰবুৰণিৰ অজান পুলকতা....
মুখ ফুটাই নকলেও বুজানে
তোমাৰ পৰা মোলৈ ৰোৱা এই দূৰত্বত
বুকুত তৰপে তৰপে জমা হোৱা
অদমনীয়, অসহনীয় বিৰহৰ বেদনাৰ বেথা !
আহিবা এদিন বহাগৰ হেঙুলীয়া আবেলি ,
এজাক ভালপোৱাৰ ৰিমঝিম বৰষুণত ভিজি দুয়ো
শৰীৰৰ প্ৰতি বিন্দুত বিয়পাম সুখকৰ শীতলতা,
সেউজীয়া আলোকেৰে জিলিকি উঠিব হৃদয়
আৰু এই সীমাহীন প্ৰাপ্তিৰ সাক্ষী হৈ ৰ'ব আকাশ আৰু বতাহ !!
No comments:
Post a Comment