May 07, 2026 0 Comments
ফুল শয্যা

🌸 ফুল শয্যা 🌸

🌺ৰঘুনাথ চৌধাৰী🌺
❀ 🌸 🌺 🌷 🪷 💐 🌹 ❀

আৰুনো কিমান দিয়া বেদনাৰ বোজা,
হে মোৰ হৃদয় দেৱতা ?

কৰুণ ৰোদন তুমি ভাঙি দিলা কিয়
প্ৰাণৰ নিবিড়-নীৰৱতা ?

জীৱনৰ সন্ধিক্ষণ বিয়লি বেলাত
হিয়া ধুনি উঠে কোলাহল,

আৰু কিয় তিক্ত ব্যথা ৰিক্ত হৃদয়ত
ঢালি দিলাঁ তীব্ৰ হলাহল ?

কোন কাহানিয়ে তুমি হৰি নিছা মোৰ
প্ৰীতিভৰা প্ৰণয়ৰ লাৰু,

অন্তৰ্দাহী ৰাৱনৰ চিতা-জুইকুৰা
কোনদিনা নুমবনো আৰু ?

আনন্দৰ পূৰ্ণপাত্ৰ শূন্য আজি মোৰ
কেউপিনে দেখোঁ হাহাকাৰ —

দাৱাগ্নিৰ দহনত দেৱদাৰু তৰু
পুৰি-দেই হ'ল ছাৰখাৰ !

মাৰিছিলা শক্তি-শেল তাহানি যিপাট
যোৱা নাই সি বিষ জামৰি,

বেদনাৰ যত অস্ত্ৰ কৰিছোঁ প্ৰয়োগ
বুকু পাতি লৈছোঁ সামৰি ।

হিয়া ভগা বিষাদৰ তিতি অশ্ৰু-জলে
পাহৰিছোঁ সংসাৰ-মৰম ;

ভাৰাক্ৰান্ত চিত্ত আজি উদ্বেলিত কৰি
কিবা সুখ পালাঁ প্ৰিয়তম ?

মৰহিছে জীৱনৰ দুৰ্লভ মাধুৰী
নোৱাৰিলোঁ আকাঙ্খা পুৰাব;

আহিছে প্ৰাণত আজি ক্লান্তি-আৱসাদ
দিয়া মোক শান্তিৰে জুৰাব ।

যাতনাৰ নিপীড়িত ওৰে জীৱনত
কড়িয়ালোঁ যত আবৰ্জনা,

তোমাৰেই অৱদান বুকুত সাবটি
অন্তিমত লভিম সান্তনা ।

জ্বলিছে দূৰত সউ প্ৰলয়ৰ শিখা,
ধৰিছে কি ৰূপ বিতোপন,

সেয়ে মোৰ ফুল-শয্যা ৰক্ত কমলৰ,
ল'ম তাত অনন্ত শয়ন ।

```

বিষাদ

May 07, 2026 0 Comments
বিষাদ - ৰঘুনাথ চৌধাৰী
🌸 ৰঘুনাথ চৌধাৰী 🌸

পুষ্প-কাননত আছিল এজুপি
ধুনীয়া শেৱালি ফুল,
ধীৰ বতাহত হৈছিল ধৰা
গোন্ধতে আমোলমোল।

আকাশী নর্তকী খঞ্জনী অপ্সৰা
বিচিত্র কাচোনে কাচি,
বিহৰ-বিধুৰা প্ৰকৃতিবালাক
দিছিল অমিয়া যাচি।

নিষ্ঠুৰ নিদাঘ আহিল যিদিনা
সকলো পৰিল জয়,
সৰি গ'ল ফুল উৰি গ'ল পখী
জগত বিষাদময়।

আকৌ এদিন আহিব শৰৎ
হাঁহিব শেৱালি পাহি,
ঠেও ধৰি ধৰি কৰিব নর্তন
খঞ্জনী পখীটি আহি।

হ’ব কুসুমিত কুসুমাভৰণা
কুসুম কাননখনি,
ধীৰ সমীৰণে কুসুমে কুসুমে
দিব পৰিমল সানি।

কিন্তু মোৰ সেই মানস কুসুম
গৈছে যিদিনা সৰি,
সৌন্দর্য-পৰাগশূন্য হিয়াখনি
নুঠে আৰু ঠন ধৰি।

সৌন্দৰ্য্য

May 05, 2026 0 Comments
গণেশ গগৈ

কত আভা, কত প্ৰভা, মনোলোভা মনোৰমা,
কত কবি, কত ছবি, যাচে চুমা নিৰূপমা,
কত অলি, পৰি ঢলি, প্ৰাণ-ঢালি প্ৰেমে পমা,
মাতে সখি, আছোঁ ৰখি, আঁহা প্ৰিয়ে প্ৰিয়তমা!

ইয়াতো কবিৰ প্ৰাণ ইনাই-বিনাই,
ফুটুকা ফুলতো দেহি ফেঁটী সাপ পায়॥

কবি,
শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ
          প্ৰেমে পূৰ;
হে চতুৰ, কাব্যচোৰ, কিয় টোকা
          চকুলোৰ?
সৌ হিৰণ, ঢৌ-কিৰণ, মৌ-মিলন
          নোহে দূৰ,
ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি
          স্বৰ্গপূৰ।

– নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ,
সৌন্দৰ্য্য আপুনি হ’ব আপুনি প্ৰকাশ!

অতুলচন্দ্ৰ হাজৰিকা

May 05, 2026 0 Comments

বালিচৰ

অতুলচন্দ্ৰ হাজৰিকা || ১৯০৬ ||

ৰূপোৱালী বালিচৰ সুবিশাল মনোহৰ

লুইতৰ বিশাল বুকুত-
জিলমিল ৰূপৰেখা দিলে কোন চিত্ৰলেখা
দালিৰ ৰিহা-আঁচলত!
আদি নাই, অন্ত নাই বালি মাথোঁ দেখা যায়,
চাহাৰাৰ ক্ষুদ্ৰ তাঙৰণ;
লোকালয় বহু দূৰ, নিজানৰ ৰম্যপুৰ
প্ৰকৃতিৰ অনন্ত ভৱন |
কুল কুল জুৰ জুৰ খৰালিৰ খীণ সুৰ
বীণ বাজে জল-কুঁৱৰীৰ;
গীত শুনি ভোল গই লুইতে জিৰণি লয়,
ভাগৰুৱা অৱশ শৰীৰ |
সোঁতে সোঁতে নাচি ফুৰা উঠি আহি কাছ দুৰা
লেখি লেখি কণী পাৰি যায়;
নাম গাই নাৱৰীয়া উলাহত মতলীয়া
নাও বান্ধে বালিচৰ পাই |
বালিতেই খুটি মাৰি ভাত খাই ৰান্ধি-বাঢ়ি
বালিটেই ৰাতিটো কটায়,
বজাই ৰঙৰ শিঙা পুৱাতে মেলিব ডিঙা
লঙ্কাৰ বণিজ পায়!
চামে চামে বালি ভৰা ঠায়ে ঠায়ে ওখ গৰা,
জাও গছ বিৰিণাৰ ডৰা,
নল খাগৰিৰ দেশ, তাৰো যেন নাই শেষ
পালে পালে বাঘ পহু চৰা |
জাউৰিয়া মাছবোৰে নাদুৰি-সাঁতুৰি ফুৰে
উলাহতে পানী-যুঁৱলিত,
নাৰ বাত দৰিকণা পাভ মোৱা চেলেকণা
সকলোৱে মহা হৰষিত |
বগা কৰি বগলীয়ে উৰি উৰি পৰ দিয়ে
জপ কৰে একাঁঠু পানীত,
গঙা-চিলনীৰ জাক ঘূৰি ঘূৰি দিয়ে পাক
কুৰুৱাই মাতে দূৰণিত |
শাৰী শাৰী ওখ গিৰি নিলগত শোভা কৰি
আকাশৰ লগত মিলিছে,
নিজামৰ বালিচৰে বৰুণেৰে তপনেৰে
কত খেল নীৰলে খেলিছে!
কোঁৱৰ লুইতে গই জলকুঁৱৰীৰে ৰই
পাতালৰ অন্তেষপূৰত
শামুক শঙ্খেৰে গঢ়া শেতেলিত মনোহৰা
মতলীয়া সুখ-সম্ভোগত |
মহাবাহু লুইতৰ শেষ লে বিশ্ৰামৰ
বীৰ-বেশে ওলাই আহিব;
বাৰিষাই দিলে ডাক নুশুনিব কাৰো হাক,
ভীমনাদে গৰজী উঠিব |
লৰ দিব বাহু দাঙি দুয়ো পাৰ ছিঙি-ভাঙি
নাচি নাচি ফেনে-ফোটোকাৰে;
নাথাকিব এই পট, উঠি যাব কোন
বালিচৰ বুৰাব সাগৰে |
বুকুত ফুটিব ডকা , ঘূৰিব পানীৰ চকা,
চাকনৈয়া ওভতনি ;
যমদূতে ঠাই, কাৰো তাত ৰক্ষা নাই,
বালিচৰে যমপুৰী |
আজিৰ সকলো কথা বিস্মৃতিত গঁথা
প্ৰকৃতিও সংহাৰিণী,
জলৰ কুঁৱৰীসৱে চিয়ঁৰি ভৈৰৱ-ৰৱে
মুক্তকেশী সাজিব যোগিনী |
আজিও বেহাম বেহা থাকোঁতে মানৱী দেহা,
জীৱনেই বালিচৰ মোৰ;
নাভাবো কালিৰ কথা মৰণৰ শত ব্যথা
ভাবিলেও নাই তাৰ ওৰ |
বেলিৰ কিৰণ পৰি নাচে তিৰবিৰ কৰি
বালিচৰ পূৰ্ণ জেউতিত;
বাজক হৃদয় বীণা আজিয়ে জগত জিনা
হিয়া মোৰ হক উদ্ভাসিত |

নীলমণি ফুকন

May 05, 2026 0 Comments

মনোৰমা

নীলমণি ফুকন || ১৮৮০


নোহোৱাঁ উৰ্ব্বশী স্বৰ্গৰ বিকাৰ
বিশ্ব জিনি থকা সৌন্দৰ্য্যৰ;
আঁচলত উৰা বিজুলী-আঁৰৰ
চঞ্চলতা মাথোঁ চমকৰ |

নোহোৱাঁ মেনকা তপস্যা-ভঙ্গৰ;
আশ্ৰমত থকা হৰিণীৰ
চকুৱেদি যোৱা শান্তি-ৰসখিনি,
হৃদয় পমোৱা দুবৰিৰ |

নোহোৱাঁ অলকা বিৰহী যক্ষৰ
অমৰাৱতীয়ে লাজ পোৱা
সিঁচৰতি হোৱা মুকুতা পোহৰ
হিয়াত মাথোঁ বাগৰি যোৱা |

সখী তে ফুৰা ঋষি-কন্যা তুমি
নোহোৱাঁ- মৃগয়া দুষ্মন্তৰ;
কোনো কালে শৰ-বিদ্ধ নোহোৱা
হৰিণীৰ দৰে আশ্ৰমৰ |

নোহোৱাঁ শোণিত-তপ্ত উষাৰ
অনিৰুদ্ধ-বিমোহন ৰূপ;
পদুম-পাতত তাৰে আলেখ্যটি,
সেয়েহে তোমাৰ প্ৰতিৰূপ |

নোহোৱা সুন্দৰী ভীষ্মক-জীয়াৰী
দ্বাৰকাৰ কৃষ্ণ মোহ যোৱা;
ক্লান্ত হই অশ্ব পৰিল যিঠাইত
দেখোঁ তাতে তুমি থিত লোৱা |

যিখন নাৱেৰে সাউদ লখীন্দাৰে
বেহাল, বুৰিল লুইতত;
তাৰ ঠাচটি লই বাই আছা
উঠি বেউলাৰ উটা ভুৰত |

বশিষ্ঠ মুনিৰ আশ্ৰমত আজি
শেলাই ধৰিছে শিলৰ গাত;
বিচাৰি ফুৰিছা খুপি খুপি তাতে
আছে মুনি তপস্যাত |

মদন-ৰতিৰ নোহোৱা সঙ্গনী,
ফুল-শৰ মাৰি মুগ্ধ কৰা
যি নেত্ৰে কৰিলে ভষ্ম মদনক,
যুগে যুগে তাতে জন্ম ধৰা |

সৃষ্টিৰ সকলো সৌন্দৰ্য্য মাজত
বিচাৰি তোমাক ভাগৰিলো;
সৌন্দৰ্য্যৰো তুমি দূৰৰ সপোন-
এই কথা আগে নাজানিলো |

মনৰ আলোক-পুৰী জিনি আছা
অৰূপা-সুন্দৰী মনোৰমা!
প্ৰাণেৰে পৰশ নাপাই তোমাৰ
গঢ়িছো মনতে তিলোত্তমা |


হোমেন বৰগোহাঞি

May 05, 2026 0 Comments

সাপ

হোমেন বৰগোহাঞি৷৷ ১৯৩১
       

কি দুঃসহ সুন্দৰ ৰাতি, উষ্ণ আৱেগ আৰু উত্তাপ,
ৰোমাঞ্চিত হয় মোৰ মন (যি মন লৈ মই খেলা কৰোঁ)
                                যেন এটি উজ্জ্বল সাপ
সোণালী যাৰ গাৰ ৰং, মৃত্যুৰ ক্ৰূৰ আৱেগ তাৰ দৃষ্টিত৷
(কেনেকৈ এই স্বপ্ন সফল আমাৰ এই বন্ধ্যা সৃষ্টিত?)
অনুভৱ হয় মুক্তিৰ বিপুল আনন্দ
মোৰ সত্তাত, মোৰ চেতনাত; জীৱনৰ অনায়াস ছন্দ
সৰ্পিল গতিৰে ভাহি যায় ৰাতিৰ অন্ধকাৰৰ নদীত
উদ্দাম, উত্তাল, অবাৰিত৷
উদ্মাদৰ দৰে মই ভাল পাওঁ ৰাতিৰ এই ৰক্তস্নাত অন্ধকাৰ,
যেনেকৈ ভাল পাওঁ এটি মন, আলকাতৰাৰ দৰে
                        গাৰ ৰং কোনো এক বেশ্যাৰ৷
স্বপ্নৰ অৰণ্যত বিচৰণশীল এটি উজ্জ্বল সোণালী সাপ
তাৰ চৌপাশ ঘেৰি সোণালী স্তব্ধতা, দুঃসহ বিস্ময়, আৰু উত্তাপ
অন্ধকাৰ আৰু অন্ধকাৰ৷
মই ভাল পাওঁ ৰাতিৰ দৰে সুন্দৰ এটি সাপ,
                        আৰু তাৰ অবাক অহঙ্কাৰঃ
আলকাতৰাৰ দৰে গাৰ ৰং কোনো এক বেশ্যাৰ
গলিত হৃদয় যেন, মৃত্যু আৰু সৌন্দৰ্য্যৰ এই সমাহাৰ৷

এই আশা, প্ৰেম আৰু সৰু সৰু মৃত্যুৰ
ধুলিৰে আকীৰ্ণ পথ | গধূলিৰ স্বপ্নালু চহৰ
তোমাৰ মুখৰ দৰে লাগে মোৰ অতিকে আপোন
কৰুণ আভাৰে দীপ্ত সূৰ্য্যাস্তৰ সোণালী মদৰ |

ঘৰে ঘৰে বন্তি জ্বলে; এই আশা, প্ৰেম, বেদনাৰ
অজগৰ অন্ধকাৰ হঠাতে নিবিড় হৈ আহে |
এই মৃত চহৰৰ সূৰ্য্যমূখী গলিৰ মূখত
আন্ধাৰ সুৰভি কাৰ এন্ধাৰত ভাপ হৈ ভাহে

তুচ্ছ সেই ইতিহাস | এই মন্দা বজাৰত তাৰ
দাম লে হব এটি চুটি গল্প এঘাৰ ফৰ্মাৰ
অথবা চনেট এটি, প্ৰাণৰ শলিতা পুৰি লিখা
প্ৰাণৰ আৰাম পূৰ্ব্বপ্ৰণয়িনী অমিতা বৰ্ম্মাৰ|

নাৰীৰ দেহৰ উম, ফুল, তৰা, ৰাতিৰ আকাশ
মহঙা দামেৰে কিনা সুকোমল তোমাৰ মঙহ
খুব বেছি দৰকাৰ জীৱনত ইবোৰ বস্তুৰ
পাৰে পূৰ্ণ তাৰে ঈশ্বৰৰ নিৰ্মম বিৰহ |


ভৱেন বৰুৱা

April 27, 2026 0 Comments

তোমালোকৰ

( ভৱেন বৰুৱা || ১৯৪১) M

তোমালোকৰ দুখ তোমালোকৰ

তোমালোকৰ দুখৰ শিপাবোৰ তোমালোকৰ
তোমালোকৰ দুখৰ মাটিবৰ তোমালোকৰ

তোমালোকৰ দুখৰ বাবে

ৰ’দবোৰ বৰষুণৰ বতাহবোৰ

তোমালোকৰ
এটা চৰাই মোৰ গীতকো

তোমালোকৰ দুখৰ বন্ধু হ’বলৈ উৰুৱাই দিওঁ

সিও হোক
তোমালোকৰ
ক’লা পাত্ৰটোত যিসকলে পান কৰিলা

যিসকলে পান কৰিলা বনৰীয়া গছৰ ফলৰ তিতা ৰস
ৰাত্ৰিৰ পাত্ৰটোত-
বগা পাত্ৰটোত যিসকলে পান কৰিলা
যিসকলে পান কৰিলা বনৰীয়া গছৰ ফলৰ তিতা ৰস

দিনৰ পাত্ৰটোত-
স্থিৰ দৃষ্টিৰে সেইসকলে চাই ৰোৱা

ক’লা পাত্ৰটোৰ ভিতৰলৈ

বগা পাত্ৰটোৰ ভিতৰলৈ
ভীত নহবাঁ

ক্লান্ত নহবাঁ

হতাশ নহবাঁ

তোমালোকৰ তিক্ত শূন্যতাত

তোমালোক নিঃস্ব নোহোৱা
তোমালোকৰ দুখ তোমালোকৰ

শিপাৰোৰ মাটিবোৰ

ৰ’দবোৰ বৰষুণবোৰ বতাহবোৰ
সকলো তোমালোকৰ
তোমালোকৰ দুখৰ ডালত বহি

তোমালোকৰ দুখৰ পাতবোৰৰ মাজৰপৰা

চৰাইটোৱে শুনাই ৰকঃ
তোমালোক নিঃস্ব নোহোৱা

তোমালোক নিঃস্ব নোহোৱা

সচ্ছতা



জলৰাশিত হূদয় নামি গ’ল

আৰু লাভ কৰিলেগৈ অতল বেদনাৰ

স্বচ্ছতাৰ সুৰ|
নল-খাগৰিৰ মাজত তাত অঁকা আছে

গুঞ্জনময় ৰেখাত

এখন মুখৰ স্বচ্ছ বেদনাবোৰ|
তাত দুই-এটা পচি যোৱা ফল|
সেই গভীৰতাত সকলো হ’ল স্বচ্ছ;

সকলো হ’ল নিৰূপিত-

হাতৰ ভৰ, পোহৰৰ ঢৌ, আন্ধাৰৰ বেগ…
ধুমুহাৰ বাবে আৰু ভয় নাইঃ

কোন উদ্মাদ আলোড়নতো হেৰাই নাযায়


সেই স্বচ্ছতাৰ সুৰ



বিচাৰি চোৱা
ৰাতি প্ৰান্তৰত বিচাৰি চোৱা
তোমাৰ হাত মেলি
যি হাতত সময় বৈ গৈছে |
দিনত আয়নাবোৰত বিচাৰি চোৱা
তোমাৰ আঙুলিবোৰে তোমাৰ মূখৰ প্ৰতিবিম্বিতঃ
য’ত আন্ধাৰবোৰ বৈ গৈছে |

আন্ধাৰবোৰত কেৱল তললৈ নামি গৈছে
অবিৰাম গতিত
সীহৰ দৰে গধুৰ দুৰ্বোধ্য এটি বোজা,
হাতত তোমাৰ সীহৰ ভাৰ,
আন্ধাৰত তোমাৰ মুখ মণ্ডল |
বিচাৰি চোৱা আন্ধাৰবোৰত
বিশাল প্ৰান্তৰ জোৰা
সীহৰ আলোড়ন বোৰ |

বুঢ়ীআইৰ সাধু (লক্ষ্মীনাথ বেজবৰুৱা)

April 10, 2026 0 Comments

চম্পাৱতী

 এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী। লাগীজনীৰো এজনী ছোৱালী হৈছিল আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল। লাগী তিৰোতাৰ কথা শুনি গিৰিয়েকে সৰুজনীক তাইৰ জীয়েকৰে সৈতে চুৱাপাতনিত থাকিবলৈ এটি পঁজা ঘৰ সজাই দিলে। এলাগীয়ে দুখ-কষ্টেৰে জীয়েকক লৈ খুজি-মাগি খাই ঘৰতে থাকিবলৈ ধৰিলে। এলাগী জীয়েকৰ নাম চম্পাৱতী। এদিন বাপেকে চম্পাৱতীক পকা ধান ৰখিবলৈ হুকুম দিলে। চম্পাৱতীয়ে সদায় ধাননিৰ মাজত টঙিৰ ওপৰত উঠি চৰাই খেদাই থাকে। এইদৰে বহুদিন গৈছে, এদিন চম্পাৱতীয়ে ধান ৰখিবলৈ গৈ টঙিৰ ওপৰত উঠি—

হুৰ হুৰ বতা চৰাই;
মোৰ ধান নাখাবি তোক দিম গোটাকৰাই।”

বুলি কওঁতেই ওচৰৰ হাবিৰ মাজৰপৰ৷ কোনোবাই উত্তৰ দিলে,—

ধানো খাম চাউলো খাম।
চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম।”

 চম্পাৱতীয়ে এইবোৰ কথা শুনি কেউফালে মানুহ-দুনুহ চাই কাকো নেদেখি বিচুৰ্ত্তি হ’ল। তাৰ পিচত গধূলি পৰত ধান ৰখি উভতি আহি চম্পাই মাকৰ আগত সেইদিনাৰ সেই কথা কলে। পিছদিনা মাকে চম্পাৰ কথা সঁচা নে মিছ৷ জানিবৰ নিমিত্তে চম্পাৰ লগতে ধাননিৰ মাজলৈ গ’ল আৰু মাকে কবলৈ দিয়াত চম্পাই কবলৈ ধৰিলে—

হুৰ হুৰ বতা চৰাই;
মোৰ ধান নাখাবি তোক দিম গোটেকৰাই।”

ইয়াৰ উত্তৰত হাবিৰ মাজৰপৰা কোনোবাই মাত লগালে,—

"ধানো খাম চাউলো খাম।
চম্পাৱতীক বিয়া কৰাই ঘৰলৈ যাম।"

 মাকে এই কথা শুনি বিচুৰ্ত্তি হ’ল আৰু এবাৰ মাকে চম্পাক আগৰদৰে মাতিবলৈ দিয়াত, চম্পাৱতীয়ে মতাত, পুনৰ হাবিৰপৰা আগৰদৰে কোনোবাই উত্তৰ দিলে। তেতিয়া মাক-জীয়েকে দুয়ো ঘৰলৈ উভতি আহিল। এলাগীয়ে গিৰিয়েকক সকলো কথা কলে। গিৰিয়েকে এলাগীক, চম্পাক আৰু ওচৰ-চুবুৰীয়া মানুহ গোটাচেৰেকক লগত লৈ ধাননিলৈ গৈ চম্পাক সেইদৰে মাতিবলৈ দিয়াত চম্পাই আগৰদৰে মতাত ওচৰৰ হাবিৰপৰা আগৰ দৰে উত্তৰ পালে। সকলো মানুহে কোনে মাতিছে বুলি চাবলৈ হাবিৰ মাজলৈ সোমাই গ’ল, কিন্তু কাকো নেদেখিলে। তাৰ পিচত চম্পাৰ বাপেকে হাবিৰ ফালে চাই মাত লগালে, “যদি সঁচাকৈয়ে তোমাক চম্পাৱতীক লাগে, তেনেহলে তুমি যেই কি নোহোৱা ওলাই আহা।সত্যে সত্যে তিনি সইত খাই কৈছোঁ, চম্পাৱতীক তোমালৈ মই বিয়া দিম।” এই কথা শুনি হাবিৰ মাজৰ পৰা এটা বৰ ডাঙৰ অজগৰ সাপ ওলাই আহিল। সাপটো দেখি সকলো মানুহে ভয়ত পলাবলৈ ধৰাত চম্পাৰ বাপেকে সিহঁতক নপলাবলৈ কৈ সাহ দিলত একেলগে সকলোটি থুপ খালে। তাৰ পিচত সি অজগৰক মাতি তাৰ ঘৰলৈ নিলে। এলাগী আৰু জীয়েক দুয়ো ডিঙিত ধৰাধৰিকৈ কান্দিবলৈ ধৰিলে; এলাগীয়ে জীয়েকক অজগৰে সৈতে বিয়া নিদিবলৈ গিৰিয়েকক কাকুতি কৰিবলৈ ধৰিলে হয় কিন্তু লাগীৰ কথা শুনি গিৰিয়েকে তালৈ কাণ নকৰি কেঁচা পাণ, কেঁচা তামোল কাটি সাপলৈ চম্পাক বিয়া দি এটা সুকীয়া ঘৰত মাক-জীয়েক, জোঁৱায়েকক থাকিবলৈ ঠাই দিলে। সেইদিনা লাগীৰ আৰু আনন্দৰ সীমা নাই যে আজি ৰাতি চম্পাৱতীক অজগৰে খাই পেলাব। অজগৰক চম্পাৱতীৰে সৈতে একেটা খোটালিত থাকিবলৈ দিয়া হ’ল। চম্পাৱতীয়েও তাইক আজি অজগৰে গিলিব ভাবি ঈশ্বৰৰ চৰণত শৰণ লৈ শোকে বেজাৰে পৰি থাকিল। মাকে পিচদিনা ৰাতিপুৱাই, লৰালৰিকৈ উঠি চম্পাৱতীৰ ঘৰলৈ গৈ দেখে যে চম্পাৱতীৰ গা সোণৰ অলঙ্কাৰ-পাতিয়ে জকমকাব লাগিছে আৰু তাইৰ গা গোটেইটো সোণময় হৈ আছে, কিন্তু অজগৰ আৰু তাত নাই। মাকে চম্পাৱতীক জগালত তাই সাৰ পাই, নিজৰ গাত সোণৰ অলঙ্কাৰ পাতি ভৰি থকা দেখি তাইৰ আনন্দত পাৰ নোহোৱা হ’ল। ইফালে চম্পাৰ বাপেকে লাগীক লগত লৈ চম্পাৱতীক অজগৰে গিলিলে ভাবি চাবলৈ আহি দেখে যে, চম্পাৱতীৰ গা সোণৰ অলঙ্কাৰেৰে জক্‌মকাব লাগিছে। দেখিয়েই দুয়ো বিচুৰ্ত্তি হ’ল।

চম্পাৱতীৰ এনে হোৱা দেখি লাগীৰ হিংসা লাগি তেতিয়াই গিৰিয়েকক নিজৰ জীয়েকৰ নিমিত্তে এটা অজগৰ আনিবলৈ কুতৰিবলৈ ধৰিলে। গিৰিয়েকেও ঘৈণীয়েকৰ কথা শুনি লগত কিছুমান মানুহ লৈ ঘোৰ অৰণ্যলৈ গৈ, বিচাৰি এটা অজগৰ সাপ ধৰি ঘৰলৈ লৈ আহিল। কেঁচা পাণ, কেঁচা তামোল কাটি লাগীয়েও অজগৰেৰে সৈতে জীয়েকক বিয়া দিলে।

চম্পাৱতীক শুবলৈ দিয়াৰ দৰে লাগীয়েও নিজৰ জীয়েকক অজগৰৰ লগত শুবলৈ দিলে। লাগীৰ আনন্দত সীমা নাই, আজি জীয়েকে সোণৰ নতুন নতুন অলঙ্কাৰ পিন্ধিবলৈ পাব বুলি। আনন্দত মাক ৰাতি নুশুই জীয়েকে শোৱা খোটালিৰ কাষতে বহি আছিল। ইফালে ৰাতি অজগৰ সাপে লাগীৰ জীয়েকক তাইৰ ভৰিৰ ফালৰ পৰা গিলিবলৈ ধৰিলে। জীয়েকে মাকক ভিতৰৰপৰা ক’লে,—

আই মোৰ ভৰি কুটেকুটায়।”

বাহিৰৰপৰা মাকে কলে,—

আই মোৰ জোঁৱায়ে নেপুৰ পিন্ধায়।”

লাহে লাহে অজগৰে গিলি আনি কঁকাল পালেগৈ। জীয়েকে কলে,—

আই মোৰ ককাল কুটেকুটায়।”

মাকে কলে,—

আই মোৰ জোঁৱায়ে মেখেলা পিন্ধায়।”

তাৰ পিছত অজগৰে গিলি যেতিয়া বুকু পালেগৈ জীয়েকে মাত লগালে,—

আই মোৰ বুকু কুটেকুটায়।”

মাকে উত্তৰ দিলে,—

আই মোৰ জোঁৱায়ে ৰিহা পিন্ধায়।”

তাৰ পিছত অজগৰে গিলি ডিঙি পালত জীয়েকে মাতিলে,— “আই মোৰ ডিঙি কুটেকুটায়।” মাকে উত্তৰ দিলে,—

আই মোৰ জোঁৱায়ে মণি পিন্ধায়।”

 লাহে লাহে অজগৰে গিলি মূৰ পালত, জীয়েকৰ আৰু মাত নাইকিয়া হ’ল। মাকে ভাবিলে,– “মোৰ জীয়ে অলঙ্কাৰ-পাতি পাই আনন্দত টোপনি গৈছে।” ইয়াকে ভাবি মাকেও ৰং মনেৰে শু‍ই থাকিল। ৰাতিপুৱা মাকে টোপনিৰপৰা উঠি আনন্দ মনেৰে গৈ দেখে যে জীয়েক নাই, অজগৰটোহে খাই গেৰেলা হৈ পৰি আছে। তেতিয়া তাই কথাটে৷ বুজিব পাৰি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। কান্দোন শুনি গিৰিয়েক ওলাই আহি কি হ’ল বুলি সোধাত ঘৈণীয়েকে সকলো কথা ক’লত, সি ঢাচকৰে মাটিত পৰিল। এলাগী আৰু চম্পাৱতীয়েও কান্দিবলৈ ধৰিলে। গাঁৱৰ সকলো মানুহ আহি গিৰিয়েক-ঘৈণীয়েকক নিন্দি অজগৰৰ পেট ফালি জীয়েকক উলিয়াই শটো খৰি দিলে। ইয়াৰ পিচত গিৰিয়েক আৰু লাগীয়ে এলাগী আৰু চম্পাৱতীক সমূলি দেখিব নোৱাৰ৷ হ’ল। দিনে ৰাতিয়ে কেনেকৈ মাক-জীয়েকক মাৰিব পাৰিব ইয়াকেহে সিহঁতে ভাবিবলৈ ধৰিলে। এদিন ৰাতি দুয়ো হাতত তৰোৱাল লৈ মাক-জীয়েকক কাটিবলৈ যাওঁতেই চম্পাৱতীক বিয়া কৰোৱা অজগৰটোৱে হঠাৎ ওলাই আহি দুয়োকো গিলি থৈ চম্পাৱতীক আৰু মাকক টোপনিতে দাঙি লৈ এখন অৰণ্যৰ মাজৰ এটা ভাল পকি ঘৰত থলেগৈ। পিচদিন৷ মাক আৰু জীয়েকে উঠি অচিনাকি ঠাই দেখি ভয়ত কান্দিবলৈ ধৰিলে। সাপে কলে, – “ইয়াত তোমালোকৰ একো ভয় নাই; মই হে তোমালোকক ইয়ালৈ লৈ আহিলোঁ।” এই বুলি কৈ নিশাৰ ঘটনাটোৰ কথা সি কবলৈ ধৰিলে। তাৰ কথা শেষ হ’লত মাক আৰু জীৱেকে অজগৰক শলাগি তাতে ৰং মনেৰে থাকিল। সেই অৰণ্যৰ ঘৰতে মাক-জীয়েকে আৰু অজগৰ সুখেৰে খাই-বৈ থাকিবলৈ ধৰিলে। তাতে থাকোঁতে হঠাৎ এদিন মাকৰ জ্বৰ হৈ মৃত্যু হ’ল। অজগৰে আৰু জীয়েকে শোক কৰি কান্দি-কাটি মাকৰ সৎকাৰ কৰিলে। ইয়াৰ কিছুমান দিনৰ পিচত অজগৰ ফুৰিবলৈ ওলাই গ’লত, অকস্মাৎ এজনী বুঢ়ী আহি সেই ঘৰত ওলালহি। চম্পাৱতীয়ে বতহুদিন মানুহৰ মুখ দেখা নাছিল; সেই বাবে বুঢ়ীক দেখি আনন্দ মনেৰে আস্তবেস্তকৈ বহিবলৈ দি ক’ৰ মানুহ, ক’লৈ আহিছে বুলি সোধাত, বুঢ়ীয়ে কলে— “আই, তুমি যিজন অজগৰ সাপ পতি ৰূপে পাইছা, সেইজন এজন দেৱতা। তেওঁ সদায় নিশা তোমাক চিকুটি-বাকুটি সাৰ নোপোৱ৷ দেখিলে সাপৰ মোটটো পলাই থৈ দেৱতা ৰূপ ধৰি স্বৰ্গলৈ গুছি যায় আৰু তাতে দেৱতাবিলাকৰ সৈতে কথা পাতি থাকেগৈ। আই, যদি তোমাৰ অজগৰক তুমি দেৱতাৰূপে পাবলৈ আশা কৰা তেনেহলে আজি ৰাতি তুমি সাৰে থাকি চিকুটা-বাকোটা কৰিলে একো গম নোপোৱা দেখুৱাই টোপনি ভাও জুৰি থাকিবা। তেওঁ তোমাৰ টোপনি ভালকৈ আহিছে ভাবি সাপৰ মোটটো সলাই থৈ দেৱতাৰ লগত কথা পাতিবলৈ যাব; ইফালে তুমি উঠি সেই মোটটো তঁহজুইত পুৰি পেলাবা। মোটটো পুৰি পেলোৱা মাত্ৰকে তেওঁ গাৰ পোৰণিত থাকিব নোৱাৰি দেৱতাৰ মাজৰ পৰা গুচি আহি দেৱতা হৈয়েই তোমাৰ ওচৰ পাবহি। তেতিয়া তুমি লৰালৰিকৈ বিচনীৰে তেওঁক বিচি শুবলৈ দিবা আৰু লাহে লাহে তেওঁৰ টোপনি আহিব। ৰাতি পুৱালেই তুমি উঠি সেই থুলন্তৰ পুৰুষজনক ভালকৈ সেৱা-সৎকাৰ কৰি মালা দি বৰিবা। তেৱেঁই তোমাৰ অজগৰ স্বামী।” চম্পাৱতীয়ে বুঢ়ীৰ কথাত আনন্দিত হৈ তাইক এচৰু ৰূপ আৰু এচৰু সোণ দি বিদায় দিলে আৰু নিশা বুঢ়ীয়ে কোৱা মতে সকলো কৰাত এজন থুলন্তৰ পুৰুষ দেখিবলৈ পাই তেওঁৰ ভৰিত পৰি সেৱা কৰিলে। ইয়াৰ পিচত দুয়ো মনৰ সুখেৰে দিনৰ পিচত দিন কটাবলৈ ধৰিলে। এদিন গিৰিয়েক ফুৰিবলৈ যাওঁতে সেই বুঢ়ী আকৌ ওলালহি।চম্পাৱতীয়ে বুঢ়ীক দেখি লৰালৰিকৈ বহিবলৈ দি, কি কাৰণে আকৌ আহিছে বুলি সুধিলত, বুঢ়ীয়ে এইবাৰ ছলনা কৰি কবলৈ ধৰিলে,— “আই, তোমাৰ ভালৰ নিমিত্তে দু-আষাৰমান কথা কবলৈ আহিছোঁ। তুমি কাইলৈ দুপৰীয়া তেঁওঁক তোমাৰে সৈতে একেখন কাঁহীতে ভাত খাবলৈ কবা। তেওঁ তোমাৰ কথামতে তোমাৰ লগত যেতিয়া খাবলৈ বহিব তুমিও অলপো সংকোচ নকৰি তেওঁৰ লগতে খাবা। এইদৰে খালে আগতকৈ তেওঁৰ মৰম তোমালৈ বেছি হব আৰু তেওঁ তোমাক এৰি থাকিব নোৱাৰিব। খাই বৈ উঠি কবা যে মই আজি ভাত খাই থাকোতে আপোনাৰ মুখতে অনেক গাওঁ দেখাদি দেখিলো; এতেকে মোক ভালকৈ মুখ মেলি গোটেইখন পৃথিৱী দেখুৱাওক।” সেই কথাত তেওঁ তোমাৰ ওপৰত খং কৰি পানীত পৰি কব যে, “মোক লাগে নে, পৃথিৱী চাবলৈ লাগে?” তেতিয়া তুমি পৃথিৱী চাওঁ বুলি কবা। তোমাক তেতিয়া মুখ মেলি গোটেইখন পৃথিৱী দেখুৱাই পানীত বুৰ মাৰি—“মোক আৰু ছবছৰৰ পিছত দেখা পাবা” বুলি কব; কিন্তু সেই কথাত তুমি অলপো নিপিছলি নৈৰ পাৰত বহি থাকিবা; দেখিবা অলপ পৰৰ পিচত তেওঁ আকৌ তোমাৰ ওচৰলৈ আহিব।” চম্পাৱতীয়ে এই কথাত আনন্দিত হৈ ৰং মনেৰে বুঢ়ীক আগৰ দৰে সোণ এচৰুৱে, ৰূপ এচৰুৱে দি বিদায় দিলে। বুঢ়ীয়ে নিজৰ অভিপ্ৰায় সিদ্ধি হবৰ আগন্তুক দেখি হৰিষ মনেৰে ঘৰলৈ উলটি গ’ল। চম্পাৱতীয়ে বুঢ়ীয়ে কোৱা মতে পিছদিনা একেখন কাঁহীতে গিৰিয়েকৰে সৈতে খাবলৈ বহিল। গিৰিয়েকে—“তোমাৰ মতি গতি লাহে লাহে বেয়া হৈছে” বুলি কৈ সেই কাঁহীতে খালে। খাই বৈ উঠিলত চম্পাৱতীয়ে বুঢ়ীয়ে কোৱামতে—“আপোনাৰ লগত আজি ভাত খাওঁতে আপোনাৰ মুখৰ ভিতৰত অনেক গাওঁ থকাৰ নিচিনা দেখিলো, আপোনাৰ মুখখন মেলি তাত কি আছে মোক দেখুৱাওকচোন” বুলি কলত, গিৰিয়েকে চম্পাক কলে,—“তেনেহলে মোক আৰু তুমি দেখা নোপোৱা। ” চম্পাৱতীয়ে তেতিয়াও নুশুনাত অগত্যা তেওঁ নৈলৈ গৈ আকৌ এবাৰ চম্পাক কলে,—

মৰমৰ চম্পা ঐ।

কোৱা থিৰে কৰি, মোক লাগে নে, পৃথিৱী চাবা?”

চম্পাৱতীয়ে ক'লে—

চৰণে ধৰিছে৷, কাকুতি কৰিছোঁ দেউতা ঐ।

তোমাকে৷ লাগে পৃথিৱীও চাম।”


গিৰিয়েকে মুখখন মেলি চম্পাক পৃথিৱী দেখুৱাই এটি সোণৰ আঙঠি দি কবলৈ ধৰিলে— “মৰমৰ চম্পা, যি বুঢ়ীৰ কথা শুনি তুমি ইয়াকে কৰিলা, সেইজনী বুঢ়ী মোৰ আইৰ এজনী বেটী। মোৰ আই এজনী ৰাক্ষসী। তেওঁ মোক আন এজনী ছোৱালী বিয়া কৰিবলৈ কোৱাত মই নকৰি তোমাক বিয়া কৰিলত, যাতে তেওঁ তোমাক মোৰ লগৰ পৰা আঁতৰ কৰি লৈ গৈ এঠাইত খাব পাৰে, সেই চক্ৰান্ত কৰিয়েহে বুঢ়ীয়ে তোমাক ছলনা কৰিলে। তোমাক আয়ে খালে মই সেই ছোৱালীজনী বিয়া কৰিবলৈ বাধ্য হব লাগিব। এতেকে যি হ’ল হ’ল, তোমাক মোৰ সোণৰ আঙঠিটো দিলো। এই আঙঠিটো ভালকৈ ৰাখিবা। এইটো তোমাৰ হাতত থাকিলে আয়ে হে নেলাগে ৰাক্ষস-ৰাক্ষসী বা হিংসুক জন্তুৱেও তোমাক খাব নোৱাৰে। এই আঙঠিটো তুমি লগৰ পৰা এৰিলেই তোমাৰ মহা বিপদ মিলিব বুলি জানিবা। আৰু এটা কথা, এই আঙঠিটোৰ গুণতেই তুমি মোক ছবছৰৰ পিচত মোৰ ৰাক্ষসী আইৰ ঘৰত দেখা পাবা। এতিয়া মোৰ প্ৰতিজ্ঞা মতে মই আহিলোঁ। সাৱধান আঙঠিটো যেন নেহেৰায়।” এই বুলি কৈ চম্পাৰ গিৰিয়েকে পানীত বুৰ মাৰিলে। চম্পাৱতীয়ে তেতিয়াহে সকলো কথা বুজিব পাৰি কান্দিবলৈ ধৰিলে। তাৰ পিচত তেওঁ সেই ঘৰ-বাৰী এৰি আঙঠিটোকে বুকুত বান্ধি লৈ অৰণ্যে অৰণ্যে কান্দি কান্দি ফুৰিবলৈ ধৰিলে। গিৰিয়েকৰ মাক ৰাক্ষসীয়ে চম্পাক খাবৰ নিমিত্তে নানা ভেশছন কৰিলে, নানা চেলু বিচাৰিলে, কিন্তু আঙঠিটোৰ গুণত একো-প্ৰকাৰে চম্পাৰ ওচৰকে চাপিব নোৱাৰিলে। এইদৰে আজি কালিকৈ চম্পাৱতীক গিৰিয়েকে এৰি যোৱা ছবছৰত সোমালহি। এদিন চম্পাই অকস্মাৎ গিৰিয়েকেক দেখি লৰি গৈ গিৰিয়েকৰ ভৰি দুটাত সাবট মাৰি ধৰিলেগৈ। গিৰিয়েকে চম্পাক দেখি আনন্দত কান্দি পেলালে আৰু তাত দুয়ো থাকি সুখে-সন্তোষেৰে দিন কটাবলৈ ধৰিলে।

ইফালে ৰাক্ষসী মাকে বোৱাৰীয়েকক অহা দেখি বৰ খং উঠিল আৰু বোৱাৰীয়েকক তাই খাবলৈ নানা চেলু বিচাৰিবলৈ ধৰিলে। চম্পাৱতীয়ে গিৰিয়েকৰ ওচৰ পোৱা মাত্ৰকতে তাইৰ হাতৰ আঙঠিটো নাইকিয়া হ'ল। তথাপি পুতেক থকাত ৰাক্ষসীয়ে চম্পাক খাব নোৱাৰি, এদিন মনে মনে গিৰিয়েকে নজনাকৈ ৰাক্ষসীয়ে এখন চিঠিত—“মোৰ ঘাই শত্ৰু গৈছে, মাৰি-কাটি সকলোৱে খাই, মোলৈকো এভাগ মঙহ দি পঠিয়াবা।” বুলি দেখি চম্পাৱতীৰ হাতত সেই চিঠিখন দি এঘৰলৈ চম্পাৱতীক পঠিয়াই দিলে। চম্পাৱতীয়ে শাহুৱেকৰ আজ্ঞা মতে গিৰিয়েকে নজনাকৈ লৰি চিঠিখন দি আহিবলৈ গৈছে। এনেতে গিৰিয়েকে সকলো বুজিব পাৰি লৰালৰিকৈ গৈ চম্পাৱতীক পাছফালৰপৰা মাত লগালে,—

"মৰমৰ চম্পা ঐ!
ইমান বেগ দি নেলাগে যাব;
ক্ষন্তেক ৰোৱাচোন ঐ!"

চম্পাৱতীয়ে গিৰিয়েকৰ কথা শুনি ৰলত, গিৰিয়েকে চম্পাৱতীৰ হাতৰ পৰা চিঠিখন কাঢ়ি লৈ পঢ়ি অঁতাই খঙত বলিয়া হৈ চম্পাক আঁকোৱাল মাৰি ধৰি তেতিয়াই ঘৰলৈ গৈ মাকক সোধ-পোচ নোহোৱাকৈ চোকা তৰোৱালেৰে কাটি দোছোৱা কৰিলে। তাৰ পাছত দুয়ো সেই ঘৰ-বাৰী আৰু ৰাক্ষসৰ গাওঁ এৰি এখন সুকীয়াকৈ নগৰ পাতি মনৰ সুখেৰে সেই নগৰতে খাই-বৈ থাকিল।