কত আভা, কত প্ৰভা, মনোলোভা মনোৰমা,
কত কবি, কত ছবি, যাচে চুমা নিৰূপমা,
কত অলি, পৰি ঢলি, প্ৰাণ-ঢালি প্ৰেমে পমা,
মাতে সখি, আছোঁ ৰখি, আঁহা প্ৰিয়ে প্ৰিয়তমা!
ইয়াতো কবিৰ প্ৰাণ ইনাই-বিনাই,
ফুটুকা ফুলতো দেহি ফেঁটী সাপ পায়॥
কবি,
শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ
প্ৰেমে পূৰ;
হে চতুৰ, কাব্যচোৰ, কিয় টোকা
চকুলোৰ?
সৌ হিৰণ, ঢৌ-কিৰণ, মৌ-মিলন
নোহে দূৰ,
ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি
স্বৰ্গপূৰ।
– নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ,
সৌন্দৰ্য্য আপুনি হ’ব আপুনি প্ৰকাশ!
No comments:
Post a Comment