মনোৰমা
নোহোৱাঁ উৰ্ব্বশী স্বৰ্গৰ বিকাৰ
বিশ্ব জিনি থকা সৌন্দৰ্য্যৰ;
আঁচলত উৰা বিজুলী-আঁৰৰ
চঞ্চলতা মাথোঁ চমকৰ |
নোহোৱাঁ
মেনকা তপস্যা-ভঙ্গৰ;
আশ্ৰমত থকা হৰিণীৰ
চকুৱেদি যোৱা শান্তি-ৰসখিনি,
হৃদয় পমোৱা দুবৰিৰ |
নোহোৱাঁ
অলকা বিৰহী যক্ষৰ
অমৰাৱতীয়ে লাজ পোৱা
সিঁচৰতি হোৱা মুকুতা পোহৰ
হিয়াত মাথোঁ বাগৰি যোৱা
|
সখী স’তে ফুৰা
ঋষি-কন্যা তুমি
নোহোৱাঁ- মৃগয়া দুষ্মন্তৰ;
কোনো কালে শৰ-বিদ্ধ
নোহোৱা
হৰিণীৰ দৰে আশ্ৰমৰ |
নোহোৱাঁ
শোণিত-তপ্ত উষাৰ
অনিৰুদ্ধ-বিমোহন ৰূপ;
পদুম-পাতত তাৰে আলেখ্যটি,
সেয়েহে তোমাৰ প্ৰতিৰূপ |
নোহোৱা
সুন্দৰী ভীষ্মক-জীয়াৰী
দ্বাৰকাৰ কৃষ্ণ মোহ যোৱা;
ক্লান্ত হই অশ্ব পৰিল
যিঠাইত
দেখোঁ তাতে তুমি থিত
লোৱা |
যিখন নাৱেৰে সাউদ লখীন্দাৰে
বেহাল, বুৰিল লুইতত;
তাৰ ব’ঠাচটি লই
বাই আছা
উঠি বেউলাৰ উটা ভুৰত
|
বশিষ্ঠ
মুনিৰ আশ্ৰমত আজি
শেলাই ধৰিছে শিলৰ গাত;
বিচাৰি ফুৰিছা খুপি খুপি
তাতে
ক’ত আছে মুনি
তপস্যাত |
মদন-ৰতিৰ নোহোৱা সঙ্গনী,
ফুল-শৰ মাৰি মুগ্ধ
কৰা
যি নেত্ৰে কৰিলে ভষ্ম
মদনক,
যুগে যুগে তাতে জন্ম
ধৰা |
সৃষ্টিৰ
সকলো সৌন্দৰ্য্য মাজত
বিচাৰি তোমাক ভাগৰিলো;
সৌন্দৰ্য্যৰো তুমি দূৰৰ সপোন-
এই কথা আগে নাজানিলো
|
মনৰ আলোক-পুৰী জিনি
আছা
অৰূপা-সুন্দৰী মনোৰমা!
প্ৰাণেৰে পৰশ নাপাই তোমাৰ
গঢ়িছো মনতে তিলোত্তমা |
ওলমি থকা গোলাপীজামুৰ লগ্
নীলমণি ফুকন|| ১৯৩৩
কাহানিও
নিনাদিত হৈ নুঠা কিছুমান
শব্দৰ
হাতৰ এটা মুদ্ৰা
হে হৃদয়ৰ ভগা ডালত
ওলমি থকা
গোলাপী জামুৰ লগ্ন!
জুই জলি থকা নগৰৰ
ওপৰত উৰি ফুৰা
এটা সামুদ্ৰিক চৰাই
ক্ৰমশঃ মৰি অহা এটা
আঙুলি
বৰফ হৈ অহা এটা
জুৰি
অন্তৰৰো
অন্তৰ খহাই বৈ যোৱা
তপত লাভাৰ
আন্ধাৰৰ পাগলাদিয়া
ডিঙিলৈকে
সাগৰত ডুব গৈ থকা
দীঘ্ল এটা গান
হে হৃদয়ৰ ভগা ডালত
ওলমি থকা
গোলাপী জামুৰ লগ্ন!
বতাহৰ
শূষ্যতাৰ গভীৰত
নিশাৰ উন্মুক্ত বাঁহী
কাহানিও
নিনাদিত হৈ নুঠা কিছুমান
শব্দৰ
হাতৰ হে প্ৰাচীন-শীতলতা!
টোপনিতো তেওঁ মোক খেদি ফুৰিছিল
টোপনিতো
তেওঁ মোক খেদি ফুৰিছিল
তেওঁ বাৰু এতিয়া ক’ত আছে?
আছেনে
বাৰু তেওঁৰ মুখত
সেই উভলি পৰা এজোপা
গছ?
ওঁঠ দুখনিত আছেনে বৈ
পানী ৰঙা হোৱা দুখন
নৈ?
আছেনে
বাৰু তেওঁৰ দুচকুত
সেই দুটা ক’লা
ঘোঁৰা?
আজিও মোৰ নিতৌ নিশা
কলিজা গচকি ৰয়|
No comments:
Post a Comment