হোমেন বৰগোহাঞি

সাপ

হোমেন বৰগোহাঞি৷৷ ১৯৩১
       

কি দুঃসহ সুন্দৰ ৰাতি, উষ্ণ আৱেগ আৰু উত্তাপ,
ৰোমাঞ্চিত হয় মোৰ মন (যি মন লৈ মই খেলা কৰোঁ)
                                যেন এটি উজ্জ্বল সাপ
সোণালী যাৰ গাৰ ৰং, মৃত্যুৰ ক্ৰূৰ আৱেগ তাৰ দৃষ্টিত৷
(কেনেকৈ এই স্বপ্ন সফল আমাৰ এই বন্ধ্যা সৃষ্টিত?)
অনুভৱ হয় মুক্তিৰ বিপুল আনন্দ
মোৰ সত্তাত, মোৰ চেতনাত; জীৱনৰ অনায়াস ছন্দ
সৰ্পিল গতিৰে ভাহি যায় ৰাতিৰ অন্ধকাৰৰ নদীত
উদ্দাম, উত্তাল, অবাৰিত৷
উদ্মাদৰ দৰে মই ভাল পাওঁ ৰাতিৰ এই ৰক্তস্নাত অন্ধকাৰ,
যেনেকৈ ভাল পাওঁ এটি মন, আলকাতৰাৰ দৰে
                        গাৰ ৰং কোনো এক বেশ্যাৰ৷
স্বপ্নৰ অৰণ্যত বিচৰণশীল এটি উজ্জ্বল সোণালী সাপ
তাৰ চৌপাশ ঘেৰি সোণালী স্তব্ধতা, দুঃসহ বিস্ময়, আৰু উত্তাপ
অন্ধকাৰ আৰু অন্ধকাৰ৷
মই ভাল পাওঁ ৰাতিৰ দৰে সুন্দৰ এটি সাপ,
                        আৰু তাৰ অবাক অহঙ্কাৰঃ
আলকাতৰাৰ দৰে গাৰ ৰং কোনো এক বেশ্যাৰ
গলিত হৃদয় যেন, মৃত্যু আৰু সৌন্দৰ্য্যৰ এই সমাহাৰ৷

এই আশা, প্ৰেম আৰু সৰু সৰু মৃত্যুৰ
ধুলিৰে আকীৰ্ণ পথ | গধূলিৰ স্বপ্নালু চহৰ
তোমাৰ মুখৰ দৰে লাগে মোৰ অতিকে আপোন
কৰুণ আভাৰে দীপ্ত সূৰ্য্যাস্তৰ সোণালী মদৰ |

ঘৰে ঘৰে বন্তি জ্বলে; এই আশা, প্ৰেম, বেদনাৰ
অজগৰ অন্ধকাৰ হঠাতে নিবিড় হৈ আহে |
এই মৃত চহৰৰ সূৰ্য্যমূখী গলিৰ মূখত
আন্ধাৰ সুৰভি কাৰ এন্ধাৰত ভাপ হৈ ভাহে

তুচ্ছ সেই ইতিহাস | এই মন্দা বজাৰত তাৰ
দাম লে হব এটি চুটি গল্প এঘাৰ ফৰ্মাৰ
অথবা চনেট এটি, প্ৰাণৰ শলিতা পুৰি লিখা
প্ৰাণৰ আৰাম পূৰ্ব্বপ্ৰণয়িনী অমিতা বৰ্ম্মাৰ|

নাৰীৰ দেহৰ উম, ফুল, তৰা, ৰাতিৰ আকাশ
মহঙা দামেৰে কিনা সুকোমল তোমাৰ মঙহ
খুব বেছি দৰকাৰ জীৱনত ইবোৰ বস্তুৰ
পাৰে পূৰ্ণ তাৰে ঈশ্বৰৰ নিৰ্মম বিৰহ |


No comments:

Post a Comment