শ্ৰী তপন চন্দ্ৰ তালুকদাৰ

April 30, 2016 0 Comments

শ্ৰমিক দিৱস


বিশ্বৰ শ্ৰমজীৱি মানুহৰ শোষণ আৰু শোষিতৰ বিৰুদ্ধে একত্ৰিত হোৱা এক উৎসৱ মে দিৱস ৷ ১৮৮৬ চনত আমেৰিকাৰ চিকাগো চহৰত প্ৰথম আৰম্ভ হৈছিলে বসন্তোৎসৱৰ আলম লৈ....। আৰু আজি প্ৰায় মে দিৱসটো আন্তৰ্জাতিক দিৱস হিচাপে ৮০ খন দেশতে ৰাষ্ট্ৰীয় বন্ধ ঘোষণাৰে পালন কৰা হয়...।

১৮৮৬ চনত চিকাগো চহৰ যেতিয়া বসন্তোৎসৱৰ আনন্দত মছগুল হৈ আছিলে তেতিয়াই মালিক শ্ৰেণীৰ বিৰুদ্ধে একত্ৰিত হৈ পৰিছিল শ্ৰমিক সকল আৰু দাবী কৰিছিল সিহঁতৰ অধিকাৰ...। কৰ্মক্ষেত্ৰত সময় ৮ ঘণ্টাকৈ আৰু সপ্তাহত এদিনকৈ বন্ধ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা সেই মজদুৰ সকলৰ মাজত, মালিক শ্ৰেণীৰ হৈ কোনোবা অচিনাকী ব্যক্তিয়ে বোমা ফুটাই দিয়ে আৰু পুলিচে গুলীয়াই বহুতো শ্ৰমিকক হত্যা কৰে....। তেজেৰে ৰাঙলী চিকাগো চহৰৰ পথত শ্ৰমিকৰ মাতৃ-পত্নী-জীয়ৰী-পুত্ৰ সকলে পুনৰাই উলাই আহি, পথৰ তেজেৰে নিজৰ কাপোৰ ৰঙীন কৰি প্ৰতিবাদ কৰে আৰু প্ৰতিজ্ঞা কৰে যে “শোষণ আৰু শোষিতৰ বিৰুদ্ধে এই আন্দোলন অব্যাহত ৰাখিব যেতিয়ালৈকে, হত্যাকাৰী মালিক শ্ৰেণীৰ ক্ষমতাক ওফোৰাই দিব নোৱাৰে” । তেতিয়াৰ পৰাই শ্ৰমিকৰ তেজেৰে ৰাঙলী কৰা ৰঙেৰে ৰঙীন হৈ থাকিল শ্ৰমিকৰ পতাকা.........।

বিশ্বত পুজিবাদী সমাজব্যৱস্থাক ধ্বংস কৰি সাম্যবাদী সমাজ ব্যৱস্থাৰে সমাজক নিয়ন্ত্ৰণ কৰাৰ পণ লয় । ১৮৮৯ মে ত পেৰিচ আন্তৰাষ্ট্ৰীয় মহাসভাৰ দ্বিতীয় বৈঠকত শ্ৰমিকৰ কেচা তেজৰ স্মৃতিক সুৱৰি এটা প্ৰস্তাৱ লোৱা হল যে এই মে দিৱসক আন্তৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে পালন কৰা হওঁক...।আৰু তেতিয়াৰ পৰাই মে দিৱসতে বিশ্বৰ সকলো শ্ৰমিক ঐক্যবদ্ধ হোৱাৰ বাণী গুঞ্জৰিত হৈ উঠে ৷

১৮৯৩ চনত শোষণ বঞ্চনাৰ বিৰুদ্ধে বিশ্ববিখ্যাত কমিউনিষ্ট ফ্ৰেডেৰিক এংগেলচৰ নেতৃত্বত আন্তৰ্জাতিক শ্ৰমিক সংঘৰ অধিবেশন হয়৷ তাতে পুঁজিবাদী সমাজ ব্যৱস্থা ধ্বংস কৰি বিশ্বত সমাজবাদী শাসন ব্যৱস্থা স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ শ্ৰমজীৱি সকলেই এই সপোন সফল কৰি তুলিব লাগিব আৰু সেই ৰক্ত-ৰঞ্জিত লাল পতাকাই হ’ব বিশ্বৰ সমগ্ৰ শ্ৰমজীৱি মানুহৰ মুক্তি সংগ্ৰামৰ পতাকা ৷

এই লাল পতাকাৰ ৰঙা ৰং যেনেকৈ তেজৰ ৰং, ই নতুন আৰু বিশুদ্ধতাৰো প্ৰতীক৷ গতিকে নতুন শ্ৰেণীহীন, শোষণহীন সমাজ ব্যৱস্থা সমাজতন্ত্ৰবাদ তথা সাম্যবাদ প্ৰতিষ্ঠাৰ বাবে কঠোৰ আৰু দীঘলীয়া শ্ৰেণী সংগ্ৰামৰ সংকল্প বহন কৰে এই পতাকাৰ ৰঙা ৰঙে..........৷ কৃষক শ্ৰমিকৰ ঐক্যবদ্ধ প্ৰচেষ্টাইহে এই সপোনক বাস্তৱৰ পথলৈ নিব পাৰিব, সেয়ে এই পতাকাত হাতুৰী আৰু কাঁচি অংকন কৰা হৈছে.....৷ বিশ্বৰ পাঁচোখন মহাদেশৰ শোষিত শ্ৰমিক শ্ৰেণীক এক বিশ্ব কমিউনিষ্ট ভাতৃত্বৰে বান্ধি ৰখাৰ উদেশ্যৰে তাৰ প্ৰতীকি ৰূপ পাঁচ কোণীয়া তৰাটিও পতাকাত সন্নিবিষ্ট কৰা হৈছিল....৷

এই ঘটনাবহুল শ্ৰমিক সংগ্ৰামৰ ইতিহাস জুকিয়াবলৈ গ’লে দেখা যায় যে, যে ১৮৪৮ চনত প্ৰকাশ পোৱা মাৰ্ক্স-এংগেলচৰ বিশ্ব-বিখ্যাত "কমিউনিষ্ট মেনিফেষ্টো" প্ৰকাশ পোৱাৰ পৰাই বিশ্ব জুৰি শংকিত হৈ পৰিছিল, পুঁজিবাদৰ পূজাৰী মালিক তথা শাসক সকল ৷ এই ইস্তাহাৰ প্ৰকাশ হোৱাৰ পাছৰে পৰাই ধাৰাবাহিক ভাৱে শ্ৰমিক সকলক সংগঠিত কৰা তথা প্ৰতিবাদী সংগ্ৰাম গঢ় লৈ উঠাটো বিশ্বৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছিল ৷ সেই উদ্দেশ্যে ১৮৬৪ চনত ইংলেণ্ডত জন্ম হ’ল প্ৰথম ইণ্টাৰনেশ্বনেল ৱৰ্কিং মেনছ এছ’ছিয়েশ্বন, ই বিশ্বৰ প্ৰথমটো শ্ৰমিকৰ সংগঠিত ৰূপ বুলি পৰিগণিত হ’ল ৷

১৮৬৬ চনত আমেৰিকাত ৬০টা শ্ৰমিক ইউনিয়নে মিলিত হৈ গঠন কৰিলে নেচনেল লেবাৰ ইউনিয়ন । আৰু শ্ৰমিকক দাসত্বৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে দৈনিক আঠ ঘণ্টা শ্ৰমৰ সময় নিৰ্ধাৰণ কৰি দাবী উত্থাপন কৰিলে ৷ এই আন্দোলনে জংগী ৰূপ ধাৰণ কৰিলে....। ফলত ১৮৭৫চনত ১০জনকৈ শ্ৰমিকক ফাঁচি দিয়া হ’ল৷ আৰু ই এই আন্দোলনক যেন ঘিঁউহে ঢালিলে ৷

আমেৰিকান ফেডাৰেশ্বন অৱ লেবাৰ ইউনিয়ন ১৮৬৬ চনত ঘোষণা কৰিলে যে পহিলা মেৰ পৰা গোটেই দেশতে দৈনিক শ্ৰমৰ সময় হব আঠ ঘণ্টা ৷ লক্ষ লক্ষ শ্ৰমিকে এই দাবী তথা আন্দোলনলৈ সহাঁৰি দিলে ৷ প্ৰতিবাদত শ্ৰমিকৰ তেজৰ ঢল বৈ গ’ল ৷ কিন্তু অৱশেষত চৰকাৰ তথা পুঁজিবাদী কোম্পানী, মালিক সকলে এই দাবী মানি লবলৈ বাধ্য হ’ল ৷আৰু ভাৰততো এই মে দিৱস ১৯২৩ চনত প্ৰথম বাৰৰ বাবে পালন কৰা হয় কমিউনিষ্ট নেতা চিংগাৰবেলু চেট্টিয়াৰ ৰ নেতৃত্বত...। সেয়ে বিশ্বৰ ইতিহাসত শ্ৰমেৰে, নিজৰ ঘামেৰে দুবেলা দুমুঠি অৰ্জন কৰা লোক সকলৰ ঐক্যবদ্ধ আন্দোলনৰ প্ৰথমটো বিজয় ৰূপে মে’ দিৱস অতি তাৎপৰ্যপূৰ্ণ ৷ সংগঠিত ৰূপত শ্ৰমজীৱি ৰাইজক সামাজিক সুৰক্ষা প্ৰদান তথা সমাজ পৰিবৰ্তনৰ বাণীৰে সজাগতাৰ বাবে দেশে দেশে পালন কৰা এই দিৱসৰ বিশেষত্ব নতুন পুৰুষেও জানিব লাগিব, বুজিব লাগিব, আৰু সেই ইতিহাসৰ ভেটীতে নতুন যুগৰ নতুন সমাজ গঢ়াৰ বাটত সপোন দেখিব লাগিব ৷ আহক আমিও একত্ৰিত হৈ পুজিবাদৰ শোষণ আৰু শোষিতৰ বিৰুদ্ধে প্ৰতিবাদ কৰো.....। ইনক্লাৱ জিন্দাবাদ.....।

চয়নিকা দাস

April 29, 2016 0 Comments

মই সুখী মানুহ....আপুনি সুখীনে?


সুখী হ'বলৈ এখনি আকাশ লাগে, য'ত মুক্ত মনে ডেউকা মেলিব পাৰি৷ সুখী হ'বলৈ এখনি পথাৰ লাগে, সেউজীয়াৰ স'তে য'ত বাৰ্তালাপ কৰিব পাৰি৷ মই সুখী৷ সুখী হ'ব পৰাকৈ মোৰ দেউতাৰ বুকুত এখনি আকাশ আছে৷ য'ত মই উন্মুক্ত হৈ পাখি মেলোঁ মোৰ সপোনৰ স'তে৷ চপৰা- চপৰ ডাৱৰৰ স'তে কথা পাতোঁ, তৰা ফুলবোৰ দুহাতত লৈ মন খুলি হাহোঁ৷ সেইজীয়াৰ মাজত নিজকে হেৰুৱাই পেলাবলৈ মোৰ মাৰ বুকুত এখনি পথাৰ আছে৷ মাৰ বুকুৰ সেউজীয়াৰে লুটুৰি- পুটুৰি হৈ মই ভোগ কৰোঁ জীৱনৰ পৰম স্বাদ৷ এই আকাশ আৰু পথাৰে এদিন সুখী হোৱাৰ ঠিকনা এটি মোৰ হাতত গুজি দিছিল৷ হাতৰ মুঠিটো খুলি দেখিছিলো উৰি যোৱা পখিলা এটি, দুপৰীয়াৰ নিজানত কথা পাতি থকা প্ৰেমিক চৰাই হালি, চোতালৰ ৰ'দত দৌৰি ফুৰা গৰু পোৱালীটোৰ মৰমলগা হেম্বোলনি, পথাৰৰ সেউজীয়া, জোনাকৰ আলিংগন....পৃথিৱীখন আপোন হৈ পৰিল মোৰ৷
কেতিয়াবা জোনাকৰ স'তে কথা পাতো, কেতিয়াবা নৈখনৰ স'তে৷ কোমল কহুৱাবোৰ দুহাতেৰে চুই উথলি অহা মৰমবোৰ বাকি দি সুখত উফৰি পৰোঁ৷ পথাৰত নেজ জোকাৰি ঘাঁহ খাই থকা শান্ত গৰুবোৰলৈ চাই কেতিয়াবা পৰম সুখৰ সন্ধান পাওঁ৷ সন্ধিয়া বাটেৰে টিলিঙা বজাই পাৰ হৈ যোৱা মাছুৱৈ খুড়াৰ গান, গৰখীয়াজাকৰ খলকনি সকলো আপোন যেন লাগে আৰু সকোলোবোৰ হৈ পৰে মোৰ একো একোটা সুখৰ উৎস৷
কিতাপৰ সংগ লভিবৰে পৰা চিনাকি হৈছোঁ এক সৰগীয় সুখৰ স'তে৷ দোভাগ ৰাতি টোপনি ভাগি যোৱাকৈ মোৰ মূৰত কিতাপৰ পোক নাই৷ কিতাপৰ বোজা কঢ়িয়াবলৈ দেউতাই শিকোৱা নাই৷ কিতাপ মোৰ প্ৰিয় বন্ধু৷ দেউতাৰ কোঠাত ন- পুৰণি কিতাপৰ সুবাসে আমোলমলাই থাকে৷ কিতাপৰ মাজত ডুব গৈ থকা মোৰ মনটো সৃষ্টিৰ প্ৰৱল আগ্ৰহত সদায়ে ব্যাকুল হৈ থাকে৷ আৰু প্ৰতিটো সৃষ্টিৰ অন্তৰালত মই অনুভৱ কৰোঁ এক উমাল সুখৰ সান্নিধ্য৷
আপুনি কেতিয়াবা আকাশ চাই পাইছেনে? জোনাক নিশা তৰা গণি, নৈৰ স'তে কথা পাতি, সেউজীয়াৰ স'তে মিতিৰালি কৰি, আনৰ দুখত দুখী হৈ... পাইছে কেতিয়াবা? নে ৰঙ বিৰঙ লাইটৰ পোহৰত ডান্স, ডিস্কো, অফিচ, খোজে প্ৰতি প্ৰতিযোগিতা আৰু বাকচত তৰপে তৰপে বান্ধি থোৱা টকাৰ মাজতে পুহি ৰাখিছে সুখী হোৱাৰ বাসনা৷ অফিচত যন্ত্ৰৰ দৰে কাম কৰি, দিনে - নিশাই কেৱল টকা ঘটি জানো আপুনি সুখী হ'ব পাৰিছে? যদি আপোনাক উদাসীনতাই গ্ৰাস কৰিছে আহক নৈৰ স'তে কথা পাতো, চৰাইৰ স'তে গান গাওঁ৷ প্ৰতিযোগিতাৰ পিছত দৌৰিবলৈ এৰি কিতাপৰ পাতত জীৱনৰ সোৱাদ লওঁ৷ আহক আমি সুখী হওঁ৷ এখনি আকাশ আৰু এখনি পথাৰ হৈ সুখৰ সন্ধান বিলাওঁ৷

চয়নিকা দাস

ৰঞ্জুমনি মহন্ত

April 24, 2016 3 Comments

দুটা অনুভৱৰ স্তৱক

(১)

কোনে আহি কাণে কাণে
গাই যায় বসন্তৰ গান
কোনে মোৰ
অনুভৱক জোকাৰি
তুলি যায় সুমধুৰ তান
আঃ! প্ৰেম যেন
বসন্তৰেই অন্য নাম

(২)

কাৰ খোজত
মোৰ সপোনে সাৰ পায়
কোনে মোৰ
চেতনাক জাগ্ৰত কৰি
অনুভৱৰ ফুল সিঁচি থৈ যায়
মোৰ হিঁয়া জুৰি ফুলি আছে
দুখৰ খৰিকাজাই

ৰঞ্জুমণি মহন্ত ২৫/০৪/২০১৬

ৰঞ্জুমনি মহন্ত

April 24, 2016 0 Comments



বসন্ত-2


ফাগুনে নিঃস্ব কৰা
প্ৰকৃতিৰ বাবে এক
কুঁহিপতীয়া সম্ভাৱনা হৈ
বসন্ত আহে ।
খৰালিত শীৰ্ণ হোৱা
নৈ লৈও আনে
পূৰ্ণতাৰ সম্ভাৱনা ।
চহা পিতাইৰ দুচকুতো
বসন্তই সিচি দিয়ে
এপথাৰ সেউজীয়া ।
কিমান যে সম্ভাৱনা লৈ
বসন্ত আহে !
যেন সম্ভাৱনাৰেই
আন এটা নাম বসন্ত।
আৰু মোৰ বাবে ?
আচলতে তয়েই
মোৰ বাবেএক
বাসন্তী সম্ভাৱনা ।
তোৰ বাবেই দুচকুত
সপোনৰ ভৰ ।
দুখৰ দিনতো
সুখৰ সাজ পিন্ধি
তোৰ বাবেই গাই যাওঁ
জীৱনৰ স্বৰ।
ৰঞ্জুমণি মহন্ত ।


ৰঞ্জুমণি মহন্ত

April 24, 2016 0 Comments


এটা ভালপোৱাৰ ইলিজী

আজি মোৰ ভালপোৱাৰ মৃত্যু হল ।
ভালপোৱাৰেই ভৰত
ভালপোৱাৰ মৃত্যু ।
আঃ ভালপোৱা !
কিযে দুৰ্বল আছিলি তই !
মই দেখোন তেতিয়া
নদী হৈয়ে আছিলো
ভৰা নদী ।
মইতো বৈ যাবই খুজিছিলো ।
মইতো তোৰ বাবে
আকাশ হব খুজিছিলো
আগবঢ়ায়েতো দিছিলো
প্ৰসাৰিত দুহাত ।
বুকু ভৰাইতো ৰাখিছিলো
সূৰুযৰ সুবাস ,
সাঁচিয়েইতো ৰাখিছিলো
তৰা ভৰা আকাশ আৰু
ৰূপোৱালী জোনাক ।
আঃ ভালপোৱা !
কিযে লেহুকা আছিলি তই !
কিয়ে যে এক অজুহাতত
গুচি গলি ,
উলটি নাচাই ।
এতিয়া চাচোন ,
ৰ'দ আৰু জোনাকেৰে
মই কি কৰিম ?
মইতো মেঘ হৈয়েই
থাকিব লাগিব ।


কবিঃ ৰঞ্জুমণি মহন্ত । 31. 03. 2016


মিনাক্ষী মেচ

April 23, 2016 0 Comments

প্ৰিয় কবিলৈ

কবিঃমিনাক্ষী মেচ
পাৰ ভাঙি আহক
এজাক আবেগৰ বৰষুণ
সৰি পৰক শব্দাবিধান
তোমাৰ
ভাবনাৰ পানচৈ
ভাঁহি উঠক
স্পন্দিত কলিজাৰ
বন্দিত মেঘৰঞ্জনীৰ
নিতূল প্ৰতিচ্ছবি
সাৰ পাই উঠক
জোৎসনা বিধৌত
হিমশীতল এটি আধৰুৱা
প্ৰেমপ্ৰয়াসী কবিতা
দুহাত মেলি
আকোৱালি লম
প্ৰতিহত কৰি অধৰৰ
তৃষাহীন তিমিৰাছন্ন
অস্তমিত আভা....
কবি
ডুব যাওঁ
তোমাৰ
শব্দৰ সন্মোহনীত
মায়াময় তন্ময়তাৰে
যান্ত্ৰিক আত্মকেন্দ্ৰীক
পৃথিবীখন.....
( সকলো কবিৰ অমল হাতত )

ৰঞ্জুমনি মহন্ত

April 23, 2016 0 Comments

আকাশৰ কবিতা

(১)
আকাশে বাৰু কিদৰে জানিলে
মোৰ বুকুৰ বেথা
নে আকাশৰো আছে
পাই হেৰুওৱাৰ কিবা
গোপন কথা ৷

(২)
আজি আকাশৰ সতেই
কৰি ললো মোৰ চকুলোৰ
ভাগ বাটোৱাৰা ৷
হওক ক্ৰন্দসী আকাশ খনো
নামি আহক বৰষুন হৈ
চকুলোবোৰ ৷

( ৩)
আকাশেও কান্দে ৷
একাকাৰ হওক
আকাশৰ চকুলোৰ সতে
মোৰ তুমিহীনতাৰ অশ্ৰু ৷
বৈ যাওক নিৰবধি
মোৰ উদাস বুকুৱেদি
নিৰব ভালপোৱাৰ ফল্গু ৷
কবিঃৰঞ্জুমনি মহন্ত

নিবিড় অনুৰাগ মানস

April 22, 2016 0 Comments

নৱবর্ষত সুবাসনালৈ এখন চিঠি

কবিঃ-নিবিড় অনুৰাগ মানস
সৌৱা চোৱা সুবাসনা
নতুন চোলা পিন্ধি সময়ে
ঢৌ খেলি নাচিছে
তোমাৰ দৰেই ঢৌখেলা চুলিৰ মাজেৰে বিয়পি পৰিছে
ফিৰফিৰীয়া বতাহজাক
নিলাজ চকুৰ ফাঁকেৰে
সপোন নামৰ তৰা এটি
মোৰ কোচত ওমলি ফুৰিছে
নতুন চোলা পিন্ধিলেই
মনবোৰ জানো নতুন হয়
কি কলা সুবাসনা
মনবোৰ নতুন হলেই জানো
নতুন হয় সপোন অথবা সময়
ৰিক্ত উশাহ এটাই থমকি ৰয়
আলসুৱা বুকুৰ ছাঁত
নতুনৰ ছাতি দেখি
ছাতিটো মেলি নলবা সুবাসনা
বৰষুণত তিতিলেহে তোমাক ধুনীয়া দেখি
ৰঙা মানেইতো ৰং নহয়
ক'লাওটো ৰং
তথাপিও ৰঙাবোৰ ভাল পাই মানুহবোৰে
ক'লাবোৰ নিলগাই থয়
সিহতেতো নাজানে
ক'লাৰ মাজেৰেই বিয়পি আহে ৰঙাৰ সজীৱতা
সেয়ে কৈছো সুবাসনা
ছাতিটো নেমেলিবা
নেমেলিবা ছাতিটো

তপন চন্দ্ৰ তালুকদাৰ

April 22, 2016 0 Comments

এবুকু অনুভৱ

( তপন চন্দ্ৰ তালুকদাৰ)

নিজৰ অস্তিত্ব পাহৰি কেতিয়াবা নদীৰ মেটেকাৰো প্ৰেমত পৰো....! গছৰ বাকলি পিন্ধা মনটো এতিয়া তোমাৰ স’তে সাতুৰি যাব খোজো...। সেন্দুৰীয়া সপোনবোৰ তোমাৰ নদীৰ বালিচৰ...!

পথৰ ভিখাৰীয়ে জানো সপোন নেদেখে চন্দ্ৰত নিজৰ ঘৰ...! লেতেৰা মাটিতে গা-ঘেলাই অনুভৱ কৰো ময়ো তোমাৰ আলিঙ্গন....।। পাৰিবা জানো লব মোক অনুভৱত.....। থাকিব পাৰিবা জানো মোৰ কলিজাৰ মাজত...।

মই জানো অনুভৱৰ দৰে বাস্তৱ সুন্দৰ নহয়....। তথাপিওঁ যে তোমাৰ প্ৰেমত পৰিলো....। প্ৰেমৰ মাদকতা ভৰা হিয়াত তোমাকে বিচাৰি ফুৰো...।

ওচৰলৈ নাহিবা আৰু...! ভয় লাগে মোৰ....। মই যে পথভ্ৰস্ত এজন বিভ্ৰান্ত প্ৰেমিক...! মই জানো ভঙা কলিজা মোৰ আদৰি লব নোৱাৰিবা....।

তোমাৰ সহানুভূতিক মই প্ৰেম বুলি পুনৰ ভুল কৰিছো....। তুমি আতৰি যোৱা...! আতৰি যাওঁক মোৰ সকলো অনুভৱ.....! আতৰি যাওঁক মোৰ সকলো আৱেগ....। আতৰি যাওঁক মোৰ সকলো অস্তিত্ব....।

আকাশৰ সতে মিলি নিস্প্ৰভ এদিন হৈ যাব সকলো আৱেগ, অনুভৱ....। আৱেগে ডাৱৰ হব....। অনুভৱে বৰষুণ.....। মাটিতে অংকুৰিত হব....। প্ৰেমৰ শস্য.....। পৃথিৱী ধুনীয়া হব...। সেউজীয়া হব তোমাৰ সপোন....। সপোনবোৰ আকৌ লহপহকৈ ফুলিব....। মোৰে বুকুত......।

প্ৰতিভা মহন্ত

April 22, 2016 0 Comments

কাৰ স্পৰ্ধাত তুমি ভয়াৰ্ত

কবিঃ প্ৰতিভা মহন্ত

কাৰ স্পৰ্ধাত
তুমি ভয়াৰ্ত
মাতাল হোৱা
নৈ খনৰ স্পৰ্ধাত নে,
দুচকুত দেখা পোৱা
আকুলতাৰ স্পৰ্ধাত,
জাকৰুৱা এন্ধাৰৰ
বুকুত ভাঁহি অহা
জয়াল এক বাৰ্তাৰ
স্পৰ্ধাত চাগে....!!

কাৰ স্পৰ্ধাত
তুমি ভয়াৰ্ত
তোমাৰ প্ৰতিক নম্ৰতা
জানো,তথাপি তোমাৰ
চকুৰ নান্দনিকতাত
লুকাই আছে নিশ্চয়
স্পৰ্ধাৰ সাহসিকতা, প্ৰহৰে
প্ৰহৰে বাৰু বাঢ়িব ধৰিছে
নে স্পৰ্ধাৰ পৰিধি.....!

কাৰ স্পৰ্ধাত
তুমি ভয়াৰ্ত
নিমাও মাও সময়বোৰত
অকলশৰীয়া ঘৰবোৰৰ
মুধচত বহি ৰোৱা কবিতাৰ
দৰে আৰাওবোৰৰ স্পৰ্ধাত নে,
কিয় ? তোমাৰ বুকুতো জুন
জুনাই বাজে কবিতাৰ খুচুৰা

কাৰ স্পৰ্ধাত
তেন্তে তুমি ভয়াৰ্ত
তুমিয়েই কোৱা শব্দবোৰৰ
অৰ্থৰ বিদ্ৰোহৰ স্পৰ্ধাত নে,
চিনাকি পথাৰখনৰ
আথাউনিত প্ৰাপ্তিৰ
আত্মগোপনৰ স্পৰ্ধাত
নিশ্চয়.......!!

কনকলতা কলিতা

April 06, 2016 0 Comments

কবিতা


কবিতা !
তুমি ভালে আছানে পোজনী.?
এৰা মইও ভালে আছো !
সুদুৰ প্ৰান্তত তুমি
মই সীমান্তত
মোলৈ মনত পৰে নে ?
মোলৈ যেতিয়াই মনতপৰে
সৌ আকাশ খনলৈ চাবা
জিলিকি থকা
মোৰ হৃদয় দেখিবা
সেইখনেই মোৰ ঘৰ
আমাৰ ঘৰ,
তোমাৰ ঘৰ
আমি কম
এয়া আকাশ
মোৰ আকাশ
আমাৰ
কবিতাৰ আকাশ
কবিঃ কনকলতা কলিতা