মই সুখী মানুহ....আপুনি সুখীনে?
সুখী হ'বলৈ এখনি আকাশ লাগে, য'ত মুক্ত মনে ডেউকা মেলিব পাৰি৷ সুখী হ'বলৈ এখনি পথাৰ লাগে, সেউজীয়াৰ স'তে য'ত বাৰ্তালাপ কৰিব পাৰি৷ মই সুখী৷ সুখী হ'ব পৰাকৈ মোৰ দেউতাৰ বুকুত এখনি আকাশ আছে৷ য'ত মই উন্মুক্ত হৈ পাখি মেলোঁ মোৰ সপোনৰ স'তে৷ চপৰা- চপৰ ডাৱৰৰ স'তে কথা পাতোঁ, তৰা ফুলবোৰ দুহাতত লৈ মন খুলি হাহোঁ৷ সেইজীয়াৰ মাজত নিজকে হেৰুৱাই পেলাবলৈ মোৰ মাৰ বুকুত এখনি পথাৰ আছে৷ মাৰ বুকুৰ সেউজীয়াৰে লুটুৰি- পুটুৰি হৈ মই ভোগ কৰোঁ জীৱনৰ পৰম স্বাদ৷
এই আকাশ আৰু পথাৰে এদিন সুখী হোৱাৰ ঠিকনা এটি মোৰ হাতত গুজি দিছিল৷ হাতৰ মুঠিটো খুলি দেখিছিলো উৰি যোৱা পখিলা এটি, দুপৰীয়াৰ নিজানত কথা পাতি থকা প্ৰেমিক চৰাই হালি, চোতালৰ ৰ'দত দৌৰি ফুৰা গৰু পোৱালীটোৰ মৰমলগা হেম্বোলনি, পথাৰৰ সেউজীয়া, জোনাকৰ আলিংগন....পৃথিৱীখন আপোন হৈ পৰিল মোৰ৷
কেতিয়াবা জোনাকৰ স'তে কথা পাতো, কেতিয়াবা নৈখনৰ স'তে৷ কোমল কহুৱাবোৰ দুহাতেৰে চুই উথলি অহা মৰমবোৰ বাকি দি সুখত উফৰি পৰোঁ৷ পথাৰত নেজ জোকাৰি ঘাঁহ খাই থকা শান্ত গৰুবোৰলৈ চাই কেতিয়াবা পৰম সুখৰ সন্ধান পাওঁ৷ সন্ধিয়া বাটেৰে টিলিঙা বজাই পাৰ হৈ যোৱা মাছুৱৈ খুড়াৰ গান, গৰখীয়াজাকৰ খলকনি সকলো আপোন যেন লাগে আৰু সকোলোবোৰ হৈ পৰে মোৰ একো একোটা সুখৰ উৎস৷
কিতাপৰ সংগ লভিবৰে পৰা চিনাকি হৈছোঁ এক সৰগীয় সুখৰ স'তে৷ দোভাগ ৰাতি টোপনি ভাগি যোৱাকৈ মোৰ মূৰত কিতাপৰ পোক নাই৷ কিতাপৰ বোজা কঢ়িয়াবলৈ দেউতাই শিকোৱা নাই৷ কিতাপ মোৰ প্ৰিয় বন্ধু৷ দেউতাৰ কোঠাত ন- পুৰণি কিতাপৰ সুবাসে আমোলমলাই থাকে৷ কিতাপৰ মাজত ডুব গৈ থকা মোৰ মনটো সৃষ্টিৰ প্ৰৱল আগ্ৰহত সদায়ে ব্যাকুল হৈ থাকে৷ আৰু প্ৰতিটো সৃষ্টিৰ অন্তৰালত মই অনুভৱ কৰোঁ এক উমাল সুখৰ সান্নিধ্য৷
আপুনি কেতিয়াবা আকাশ চাই পাইছেনে? জোনাক নিশা তৰা গণি, নৈৰ স'তে কথা পাতি, সেউজীয়াৰ স'তে মিতিৰালি কৰি, আনৰ দুখত দুখী হৈ... পাইছে কেতিয়াবা? নে ৰঙ বিৰঙ লাইটৰ পোহৰত ডান্স, ডিস্কো, অফিচ, খোজে প্ৰতি প্ৰতিযোগিতা আৰু বাকচত তৰপে তৰপে বান্ধি থোৱা টকাৰ মাজতে পুহি ৰাখিছে সুখী হোৱাৰ বাসনা৷ অফিচত যন্ত্ৰৰ দৰে কাম কৰি, দিনে - নিশাই কেৱল টকা ঘটি জানো আপুনি সুখী হ'ব পাৰিছে? যদি আপোনাক উদাসীনতাই গ্ৰাস কৰিছে আহক নৈৰ স'তে কথা পাতো, চৰাইৰ স'তে গান গাওঁ৷ প্ৰতিযোগিতাৰ পিছত দৌৰিবলৈ এৰি কিতাপৰ পাতত জীৱনৰ সোৱাদ লওঁ৷ আহক আমি সুখী হওঁ৷ এখনি আকাশ আৰু এখনি পথাৰ হৈ সুখৰ সন্ধান বিলাওঁ৷

No comments:
Post a Comment