সম্পাদকীয়

আমাৰ অজানিতে ভুমুকি মৰা অসংখ্য বাস্তৱ আৰু অনুভৱৰ সমষ্টি মানুহৰ মন...। ঘাত-প্ৰতিঘাত, সুখ-দুখ, হাঁহি-কান্দোন, জয়-পৰাজয়, প্ৰেৰণা-প্ৰতাৰণা, ভাল-বেয়া আৰু জন্ম-মৃত্যু আদি আৱেগিকতাৰে ভৰপূৰ মানুহৰ জীৱন । কিমান শব্দৰে যে আমাৰ মনৰ ক্ৰীয়াত্মক দিশতো দাঙি ধৰিব বিচাৰো...। কিমান শব্দই সময়ৰ সোতত নতুন পোছাক পিন্ধিলে...! কিমান শব্দই আমাৰ অজানিতে সমাজৰ মাজৰ পৰা আতৰি গৈছে....! কিমান বিকৃত শব্দই থন ধৰি উঠিছে তাৰ সীমা সংখা নাই....! সংঘাতপূৰ্ণ জীৱনত এবুকু দুখে কোলাৰ কেঁচুৱাৰ দৰে আমনি কৰে...। শোকত ভগ্ন হয় হৃদয়...। দুখ-শোক পাতলাবলৈ শব্দৰ অনুসন্ধান এক স্বতস্ফুত...। কেতিয়া কি ৰূপ ধাৰণ কৰে তাৰ ঠিকনা নাই...। পৃথিৱীৰ সৰ্বোত্কৃষ্ট শিল্প হৈছে এক কবিতা...। মানুহৰ জীৱনত প্ৰাত্যাহিক যান্ত্ৰিকতাৰ পৰা আতৰাঁই ৰাখি অলপ হলেও শান্তনা দিবলৈ সক্ষম হয়....। সাধাৰণ বুলি ভবা একোটা লিখনিও কেতিয়াবা কাৰোবাৰ বাবে মহোষোধ হৈ উঠে....। এতিয়া চচিয়েল মিডিয়াৰ দিনত ফেচবুক বা অন্যান্য চচিয়েল নেটৱৰ্ক সমূহৰ মাজেৰে নতুন নতুন লিখনি সমূহে সদায় একো একোজন নতুন নতুন লিখক বা কবিক সমাজৰ ওচৰত চিনাকি কৰি দিয়ে...। তাৰ মাজৰ পৰা কিছু লিখনি আমাৰ এই সৰু ব্লগটোত উপস্থাপন কৰি মানুহৰ মাজত নতুনকৈ প্ৰকাশ কৰাৰ ইচ্ছাই আগুৱাই নিছে আপোনালোকৰ ওচৰলৈ...! আহক আমি সকলোৱে একেলগে আগবাঢ়ো "চেনেহী চিয়াঁহী" ৰ মাজেৰে....! আৰু চিনাকী দিওঁ এক নতুন দিগন্তৰ ।
"চেনেহী চিয়াহী" হৈছে এটা অসমীয়া ব্লগ..। য’ত অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ লগতে অসমীয়া ভাষাক বিশ্বমুখী কৰাৰ এক প্ৰচেষ্টা...। সকলো ন-পুৰণি লেখক-লেখিকাৰ লিখনি সমূহ (গল্প, অণু গল্প, কবিতা, অনুবাদমুলক গল্প / কবিতা ইত্যাদি) প্ৰকাশ কৰা হব...। লগতে লিখনি সমূহ অসমীয়া লিপিত লিখি tapanchandra999@gmail.com অথবা মোৰ ফেচবুকৰ ইনবস্কত পঠাব পাৰিব.....। সকলোৰে সহযোগিতা মোৰ কাম্য....। ধন্যবাদ....।

2 comments:

  1. ই আমাৰ বাবে বৰ সুখৰ খবৰ৷ আপুনি এটা বৰ ভাল কাম হাতত লৈছে৷ ইয়াত অংশ ল'বলৈ পালে নিশ্চয়কৈ সুখী হ'ম৷ ধন্যবাদ৷

    ReplyDelete
    Replies
    1. ধন্যবাদ অজিত মেধি ডাঙৰীয়া । নিশ্চয় আপোনালোকৰ সহযোগিতা আমাৰ কাম্য..।

      Delete

Comments system