প্ৰেম হ’ল কাৰোবাৰ প্ৰতি মায়া মমতা, অন্তৰঙ্গতা আৰু দায়বদ্ধতাৰ মিছিল, এক তীব্ৰ শক্তিশালী অনুভূতি। ভালপোৱা হৃদয়ত জাগিবলৈ কিছু সময় লাগে। মায়া-মোহৰ দৰে এইটো খুব দ্ৰুত হৈ নুঠে। হ্যাইলি নেইডিক, এজন স্যাইকোথেৰাপিষ্ট আৰু সম্পৰ্কৰ বিষেষজ্ঞ। তেখেতৰ মতে, ভালপোৱা হ’ল নিৰাপত্তা, সন্মান, শ্ৰদ্ধা আৰু প্ৰশংসাৰ এক অনুভূতি। এটা বান্ধোনৰ মাজেৰে দায়বদ্ধ আৰু নিৰাপদে থকাৰ অনুভূতি।
সেই মানুহ গৰাকী
ওচৰত থকা মানে মনত শান্তিবোধ অনুভৱ কৰা। মনটো শান্ত হৈ থকা। স্নিগ্ধ, শান্ত, নিৰাপদ,
আৰামদায়ক, উষ্ণ এক অভিজ্ঞতা হোৱা। তোমাৰ নিজকে লুকুৱাৰ কোনো চেষ্টা নাথাকিব। পাৰফেক্ট
বুলি আকৌ নিজকে বেলেগকৈ সজাবলৈ কোনো চেষ্টা নাথাকিব।
তোমাৰ শক্তি,
তোমাৰ দুৰ্বলতা সকলো তেওঁ জানিব। তোমাৰ ভুলবোৰ লুকুৱাৰ কোনো চেষ্টা নাথাকিব। মিছা কথাৰে,
ভাওঁ ধৰি নিজকে তাৰ সন্মুখত হিৰো অথবা হিৰোইন সজাবলৈ মন নাজাব। তাৰ সন্মুখত হীনমন্যতাত
নুভুগিব।
ভালপোৱাত কিছু
সময় দিলে হব। নিজ-কৰ্ম, পঢ়া-শুনা, সকলোৰে ক্ষতি কৰি, ঘণ্টাৰ পিছত ঘণ্টা ধৰি, ৰাতিৰ
পিছত ৰাতি সময় দিয়াৰ কোনো প্ৰয়োজন নাথাকিব। তাত কোনো দামী গিফট দিয়া অথবা ঘনে-ঘনে ঘূৰি
ফুৰিবলৈ নিনিলেও আনৰ ওচৰত গুছি যোৱাৰ কোনো ভয় নাথাকিব।
তাই বা তাৰ দুৰ্বলতা,
অথবা অপূৰ্ণতা দেখি তাৰ বা তাইৰ প্ৰতি মনোযোগ হেৰাই নাযায়। বৰং এইসকলোবোৰ গ্ৰহণ কৰি
তাৰ বা তাইৰ সৈতে দিন কটাবলৈ মন যাব। তাৰ বা
তাইৰ প্ৰতি ভালপোৱা হব। ভালপোৱা মাথো শৰীৰ
কেন্দ্ৰিক নহয়। ভালপোৱা তাৰ বা তাইৰ চেহেৰা, বয়স অথবা পোছাক কেন্দ্ৰিকো নহয়। তাৰ বা
তাইৰ চেহেৰা নষ্ট হৈ গলেও, সি বা তাই শকত বা
ধেপেচী হৈ গলেও, আগৰ দৰে হ’ট বা হেণ্ড’চাম নালাগিলেও, তাৰ বা তাইৰ প্ৰতি ভালপোৱা থাকিব।
সুন্দৰ পোছাকেৰে
সৈতে তাক বা তাইক যিমান ভালপোৱা হব, ক’লা-ম’লা, লেতেৰা-পেতেৰা, ধূলি মাকতিৰে সৈতেও
সিমানে ভালপোৱা থাকিব। কাৰণ তাৰ বা তাইৰ সুন্দৰ চেহেৰা বা শৰীৰটোক লৈ প্ৰেম হৈ নাযায়।
প্ৰেম হয় ভিতৰৰ মানুহজনক লৈ, আত্মাক লৈ!
ভালপোৱাত তাৰ
বা তাইৰ ভুলবোৰ দেখাই দিলে। আৰু সি বা তাই মনত কোনো সংকোচ নকৰাকৈ, নিজকে সংশোধন কৰি
এগৰাকী ভাল মানুহ হবলৈ চেষ্টা কৰিব। কাৰণ তাত অন্তৰ্নিহিত হৈ থাকিব ভালপোৱা।
ভালপোৱাত তুমি
জনা, তুমি বুজা সেই এজন ব্যাক্তিজন কাৰো পক্ষে এশ শতাংশ পাৰফেক্ট হোৱা সম্ভৱ নহয়। সকলোৰে
কিবা নহয় কিবা কম থাকিবই। তুমি সেইবোৰ লৈয়ে আগুৱাব লাগিব। দিনবোৰ এদিন এদিনকৈ পাৰ হব,
আৰু সম্বন্ধ আগতকৈ মজবুত হব। তোমাৰ উন্নতিত বাধা হৈ থিয় নিদিয়ে। বৰঞ্চ অনুপ্ৰেৰণা হৈ
পিছপিনে ঠিয় হৈ থাকিব। সাহস যোগাব।
নিজে সুখী হৈছে
নে নাই তাতকৈ বেছি গুৰুত্বপূৰ্ণ কথা হব আনজনক সুখী কৰিব পাৰিছে নে নাই। আনজনৰ সুবিধা-অসুবিধাৰ
কথাক লৈহে গুৰুত্ব দিব। কোনো কথা কোৱাৰ আগত বা গালি গালাজ কৰাৰ আগত চিন্তা কৰিব, আনজনৰ
কষ্ট হব নেকি? মানসিকভাৱে অথবা শাৰীৰিক কিবা ক্ষতি হব নেকি? কিবা বিচাৰিলেও ইজনে আনজনক
এইটো কথা চিন্তা কৰিব যে সেয়া পূৰণ কৰাৰ সামৰ্থ্য আছেনে নাই!
খুব সুন্দৰ এটা
উক্তি আছে- তোমাৰ যেতিয়া এটা ফুল ভাল লাগিব, তুমি তাক চিঙি লবা। কিন্তু তুমি যেতিয়া
ফুল ভালপাবা, তেতিয়া গছডালক প্ৰতিপালন হে কৰিবা।
শত সহস্ৰ বিপদ-আপদটো
ওচৰত থাকিব, আগুৱাই দিব, ভাঙি পৰিলে অনুপ্ৰেৰণা যোগাব, সাহস হৈ থিয় দি থাকিব। সৌন্দৰ্য
অথবা, টকা-পইছা, ধন সম্পত্তি থকা কাৰোবাক পালে ইজনে আনজনক এৰি আতৰি নোযোৱাৰ অপ্ৰকাশিত
প্ৰতিশ্ৰুতি হৈ পৰিব।
✍তপন চন্দ্ৰ তালুকদাৰ
𝗙𝗼𝗹𝗹𝗼𝘄 𝗺𝗲╰┈➤
No comments:
Post a Comment