আকাশৰ অভিমান

December 27, 2016 0 Comments

আকাশৰ অভিমান


গৌৰীস্মিতা নাথ

আজি আকাশখনে ওন্দোলাই  আছে
এনে লাগিছে যেন
মনত লৈ আছে গভীৰ দুখ
প্ৰকাশ কৰিব পৰা  নাই দুখৰ কথা
নিগৰাব পৰা নাই দুধাৰি চকুলো
হয়তো... বতাহৰ লগত
মনোমালিন্য ঘটিছে
হয়তো... বতাহে ধৰিছে জেদ
আঁ‌তৰাই নিয়া নাই
দুখ সদৃশ ডাৱৰবোৰক ।

সপোনৰ পৰিধি

December 27, 2016 0 Comments
সপোনৰ পৰিধি

পাপৰি বৰা     

মৰিচীকা কিমান দূৰ
সপোনবোৰ দুলি থাকে ,
দোলনাত দুলি থকা সপোনে
বিচাৰি যায় জীৱনৰ ৰং ৰূপ
কাহানিও নেদেখা এটি ৰং বিচাৰি !
সন্ধিয়াৰ আকাশত সপোনবোৰে
লুকাভাকু খেলে,
সাগৰৰ ঢৌ খেলি খেলি
সপোনবোৰে নাচি ফুৰে ।
সাগৰৰ সিপাৰৰ পাৰ
এতিয়াও পোৱা নাই ,
সাগৰৰ মুকুতা বিচাৰি থকোতেই
সপোনবোৰ দিকহাৰা হৈ যায়
পাৰ বিচাৰি থাকোতেই
সাগৰ খন গুচি যায়  বহু দূৰলৈ
তথাপিও সপোনবোৰ
আজি সময়ৰ অপেক্ষাত
পিছে সময়ো যেন আজি
সময়ৰ প্ৰতীক্ষাত!
তেতিয়াই সাৰ পাওঁ টোপনিৰ পৰা
আকৌ দুলি থাকে সপোনবোৰ
বাস্তৱৰ দোলনাত
মৰীচিকা খেদি খেদি
মুকুতা বিচাৰি বিচাৰি
সপোনবোৰৰ গাত যেন
এতিয়া ডেউকা গজিল।