মৰহা ফুলৰ সুবাস
Senehi Siyahi
March 14, 2023
0 Comments
স্মৃতিৰ শুকান পাতখিলা আজি
সজীৱ পাত হৈ গগণ ভেদিছে,
মৰহা ফুল পাহে আকৌ
প্ৰেমৰ সুবাস বিলাইছে,
সমস্ত বিষাদবোৰ আজি
সুখলৈ পৰিৱৰ্তিত হৈছে,
চকুৰ টোপালবোৰ আজি
মুখত হাঁহি হৈ বিৰিঙিছে,
ইমানদিনে নিস্তব্ধ হৈ থকা
হৃদয়ৰ পক্ষীটিয়েও প্ৰেমৰ
মলয়াত মতলীয়া হৈ
পৰাণৰ গীত জুৰিছে,
ইমানদিনে বন্ধ হৈ থকা
হৃদয়ৰ দুৱাৰখনেও প্ৰণাম জনাইছে ।
তুমি আহিলা বাবেই মোৰ
জীৱনে ন ৰূপ পালে
সদায় থাকিবা হৃদয়ত তুমি
আকৌ মৰহিব নিদিবা
প্ৰেমৰ কলিটি
ৰিম্পী ভঁৰাল