মেঘৰাম পায়েং

February 26, 2016 0 Comments

বাঁহনিডৰা

কবিঃ মেঘৰাম পায়েং ( ভ্ৰাম্যভাষঃ ৭৩৯৯৭৮৯২৭৮)
মৌচুমীৰ প্ৰথম চুম্বনতে
গৰ্ভ ফালি পোখা মেলে
মোৰ হেঁপাহৰ বাঁহৰ গজালি
মকাল বাঁহৰ গইৰহ গজালি
যেন টুনি জাক

নোদোকা নোদোক কৈ গজি উঠে
ভলুকা বাঁহৰ পুলি
জাকৈয়া ছোৱালীৰ
কলাফুলৰ দৰে
লাহী লাৱনি
জাতি বাঁহৰ পুলি
বাঁহনি ডৰাৰ ৰূপ অপৰূপত
পৰুৱাই পোৱা মানুহৰ দৰে
মই ঘূৰি থাকো, ঘূৰি থাকো

বাঁহৰ প্ৰাঞ্জল গজালি
মোৰ অপত্য প্ৰাণাধিক
জেওৰা ভাঙি ভাঙি প্ৰৱেশ কৰে
প্ৰাণহন্তা গাহৰি
আনকি পাকঘৰৰ
ৰান্ধনী নিচান হয়
বাঁহৰ পুলি ৷

বাঁহ আমাৰ প্ৰিয় বন্ধু
ঘৰ -নিৰন্তৰে তুমি
পৃথিৱীত ভূমিষ্ঠ হোৱাৰ পৰাই
তোমাক লগ পোৱা
আৰু আজীৱন লগ পাই থাকিম
আনকি অন্তিম শয্যাৰ সংগী তুমি ৷৷



চাৰ্জন আৰ মেগো

February 09, 2016 0 Comments

"শিলৰ মানুহ"

শিল কঠিন বুলি জানিও
বুকুৰ ভিতৰত আমি
হৃদয়ৰ সলনি কঢ়িয়াই লৈ ফুৰিছোঁ
এচটা শিল
শিলৰ মাজেৰে বৈ থকা
নিজৰাৰ গানটোকে
ভুল কৰিছোঁ শিলৰ বুলি
আৰু এনেকৈয়ে
বুকুৰ ভিতৰত
শিল এচটা কঢ়িয়াই কঢ়িয়াই
আমি মানুহবোৰ হৈ পৰিছোঁ
ক্ৰমশঃ শিল
শিলৰ দৰে কঠিন
শিলৰ দৰে মৌন
সকলো দেখিও সকলো শুনিও ৷
কবিঃ চাৰ্জন আৰ মেগো