"শিলৰ মানুহ"
শিল কঠিন বুলি জানিওবুকুৰ ভিতৰত আমি
হৃদয়ৰ সলনি কঢ়িয়াই লৈ ফুৰিছোঁ
এচটা শিল
শিলৰ মাজেৰে বৈ থকা
নিজৰাৰ গানটোকে
ভুল কৰিছোঁ শিলৰ বুলি
আৰু এনেকৈয়ে
বুকুৰ ভিতৰত
শিল এচটা কঢ়িয়াই কঢ়িয়াই
আমি মানুহবোৰ হৈ পৰিছোঁ
ক্ৰমশঃ শিল
শিলৰ দৰে কঠিন
শিলৰ দৰে মৌন
সকলো দেখিও সকলো শুনিও ৷
No comments:
Post a Comment