এখন অবুজ হিয়াৰ চিঠি
তুমি সুধিছিলা
হিয়াৰ বাৰু ৰং আছে নে?
উত্তৰত ক'ব খোজো এটাই বাক্য
মোৰ হিয়াৰ ৰং তোমাৰ জেতুকাবুলীয়া ৰঙেৰে ৰঞ্জিত
মোৰ হৃদয়ৰ প্ৰতিটো অংশত সযতনে অংকিত "তুমি"
তোমালৈ পত্ৰ লিখিবলৈ বহিয়েই শৰীৰৰ অংগ- প্ৰত্যংগবোৰ শিহৰিত হৈছে তোমাৰ প্ৰেমৰ ভাৱনাত। দুনয়নৰ আগত জিলিকি উঠিছে ঢৌ খেলোৱা চুলিৰে তোমাৰ হৰিণী কাজল চকুৰে সঙ্গীতৰ মূৰ্চ্ছনাৰ দৰে দেহ। আঃ...! মই যেন বৈ যাম তোমাৰ প্ৰেমৰ হৃদয় জুৰোৱা নৈত।
কামনা ভৰা ফাগুনৰ পছোৱাজাকত উৰি গৈ পৰিবলৈ মন যায় তোমাৰ ওচৰত । ভ্ৰমৰৰ গুঞ্জনে তুলিছে মৰমৰ গীত, আজুৰি আনিব বিচাৰে প্ৰিয়াক--। জানানে তোমাৰ ভাৱনাত উন্মত্ত হৈ থাকোঁতে প্ৰেমৰ প্ৰজাহতি পখিলা এটাই মোৰ গোটেই গাতে চুমিছিল-- মোৰ এনে লাগিছিল -তুমি আহি মোৰ হৃদয়ৰ বন্ধ দুৱাৰত খটখটাই প্ৰেমৰ ৰাগিনী তুলিছিলা। আচ্ছন্ন হৈ পৰিছিলো তোমাৰ ভাৱনাত।
যোৱা নিশা সপোনত তুমি আহি মোৰ কাণে কাণে কৈছিলা-- সোণ মই তোমাৰেই, মোৰ সকলো অনুভৱৰ মাজতে তুমি হাচনাহানাৰ সৌৰভৰ দৰে প্ৰেম গন্ধ বিলাই অনুভৱিত কৰি ৰাখিছা। তোমাৰ আৰু মোৰ প্ৰেম সৌ শৰতৰ সুবিমল তৰাবুলীয়া আকাশখনৰ দৰেই নিৰ্মল। কেতিয়াবা শৰতৰ জোনাকী সন্ধিয়া আকাশলৈ চাই চাই তোমাক দেখা পাওঁ জানা। তৰাবোৰৰ মাজত ৰূপোৱালী পোহৰ বিলোৱা তিৰবিৰাই থকা তৰাটো তুমি। তুমি হাঁহিলে বহুতেই কয় মুকুতা মণি সৰে বুলি। মোৰ মন ভৰি যায় যদিও ক'ৰ'বাত বিষাই যায়।
কবিতা কবিতা লগা তোমাৰ মৰমৰ এষাৰ মাততেই হিয়াই উল্লাসত নাচি উঠে। মোৰ মৰমৰ প্ৰতিটো বিন্দু কেৱল তোমাৰ নামত।
মনত আছেনে আমি যে আমাৰ ওচৰৰ মৰম কঢ়িওৱা নৈখনৰ পাৰে পাৰে খোজ কাঢ়িছিলোঁ- তোমাৰ প্ৰেম প্ৰেম লগা চাৱনিয়ে আজিও মোক লৈ যায় নৈখনলৈ। নৈখনৰ পাৰত থকা শিলছটাই আছিল আমাৰ গোপন প্ৰেমৰ সাক্ষী।
হৃদয়ৰ ভাষা খুব অবুজ, অবৈধ ভাৱে আহি যায় অ'। কিমান চিঠি লিখিলো...! চিঠিৰ প্ৰতিটো জাপত সোমাই থৈছো সাগৰ সদৃশ মৰম, ভালপোৱা আৰু প্ৰেম। চুব খুজিলেও চুব নোৱাৰা মৰমৰ এক অচিনাকি দূৰত্বত আছা তুমি।
আৰু লিখিব নোৱাৰা হৈছো.....! তোমাৰ ভালপোৱাৰ আৱেশত অৱৰুদ্ধ হৈ গৈছোঁ মই....। হৃদয় ভৰি আছে তোমাৰ আৱেগত, ভাষাত.....! কলমৰ গতি ৰুদ্ধ হৈ গৈছে।
প্ৰেমৰ দূৰত্ব
শত যোজন শত মাইল
নে হিয়াৰ পৰা হিয়ালৈ...!
আজিও জাপি থম এই পত্ৰখন হৃদয়ৰ পেৰাত।
পুনৰ মৰমেৰে
ইতি
তোমাৰ হিয়াৰ অস্পৰ্শিত এখন হিয়া
No comments:
Post a Comment