সামূহিক চিন্তা

অসমীয়া কবিতাত প্ৰগতিবাদী চিন্তাধাৰাৰ গতি যথেষ্ট প্ৰবাল । কাৰ্লমাৰ্ক্স আৰু ফ্ৰেডৰিখ এংগেলচৰ যুক্তিবাদী চিন্তাসমূহ এই ধাৰাৰ কবি সকলৰ আদৰ্শ লেনিন, প্লেখানভ, গৰ্কী আদিয়ে ইয়াৰ প্ৰচাৰ আৰু বিকাশত প্ৰভূত অৰিহণা যোগাইছিল ।

এই মতবাদৰ মতে সাহিত্য মানুহৰ স্বাভাৱিক শক্তি আৰু বহুকালৰ অধ্যৱসায়ৰ সংমিশ্ৰিত ফল । সাহিত্যত থকা উচিত এক সাৰ্বজনীনতা । দেশ-কাল সমাজৰ সীমা পাৰ হৈ সমগ্ৰ মানৱজাতিৰ কথা কোৱা উচিত ।

সাধাৰণতে পুঁজিবাদী সমাজখন মহত্ সাহিত্য সৃষ্টিৰ বাবে প্ৰতিকূল বুলি ভবা হয় যদিও এনে সমাজত সাহিত্যও পণ্য হিচাপেহে বিবেচিত । কিন্তু পুঁজিবাদী সমাজৰ শোষণ আৰু নিস্পেষণে যদি কোনো লেখকৰ মনত মানৱতাৰ আদৰ্শ জগাই তুলিব পাৰে, তেন্তে কোনো কোনো ক্ষেত্ৰত মহত্ সাহিত্যও সৃষ্টি হোৱা সম্ভৱ । এনে সাহিত্যই শোষিত শ্ৰেণীক গণ-আন্দোলনলৈ অনুপ্ৰাণিত কৰে আৰু সংগ্ৰামৰ ইচ্ছা জগাই তোলে ।

অসমীয়া কবিতাত মাৰ্ক্সবাদৰ আগমন ঘটা কবি সকল ভবানন্দ দত্ত (ৰাজপথ), অমূল্য বৰুৱা (বেশ্যা, কুকুৰ, কয়লা, আন্ধাৰৰ হাহাকাৰ), ধীৰেন্দ্ৰনাথ দত্ত (কাঠমিস্ত্ৰীৰ ঘৰ), হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (বিষ্ণুৰাভা এতিয়া কিমান ৰাতি), কেশৱ মহন্ত (সোণজিৰা মাহীৰ নাড়ি), ৰাম গগৈ(পথাৰ), হেমাংগ বিশ্বাস (কুল খুৰাৰ চোতাল, মঘাই ওজাৰ ঢোল), হীৰেন ভট্ট আদি । ইয়াৰ উপৰিও আৰু প্ৰগতিবাদী ধাৰণাটোত বিশ্বাসী বহুতো ভাল কবিতা ৰচিত কবি সকলৰ ভিতৰত ৰবীন্দ্ৰ সৰকাৰ, অৱনী চক্ৰৱৰ্তী, পুণ্ডৰীকাক্ষ ভঁৰালী, জ্ঞান পূজাৰী, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, ৰফিকূল হুছেইন, সনন্ত তাঁতী, সমীৰ তাঁতী, ৰাজু বৰুৱা আদি...।

আহক আমিওঁ আগবাঢ়ি যাওঁ জনতাৰ জয়গান বিচাৰি ...।
(senehisiyahi@gmail.com)

No comments:

Post a Comment

Comments system