Friday, 13 November 2015

বৰ্ণালী বৰুৱা


গছ ভালপোৱা ককাৰ খং

বৰ্ণালী বৰুৱা

বাচখন যাবলৈ তেতিয়াও কিছুসময় বাকী।অৱসাদে দুচকু জপাই আনিছে। এনেতে দুগৰাকী মহিলাৰ কথোপকথন কাণত পৰিল __
" বুজিছা , আজিকালি ল'ৰাতকৈ ছোৱালীয়েই ভাল অ'।বেলেগ এঘৰলৈ ওলাই গ'লেও মাক বাপেকৰ ঘৰখনলৈ কম চিন্তা কৰেনে ! আজিকালি ল'ৰাবোৰেতো মাক বাপেকক বুঢ়া হ'লেও নোচোৱা হ'ল। নাতিনী এজনী জন্ম হৈছে..ভাগ্য ভালেই তোমাৰ।"
আনগৰাকীয়ে উত্তৰ দিবলৈ নাপাওঁতেই গমগমীয়া পুৰুষ কণ্ঠ এটা শুনিলোঁ__
" ঠিকেই কৈছা।এই ল'ৰাবোৰৰ পৰা অলপো সুখ নাই বুজিছানে।ছোৱালীবোৰ ইমান ' অগিয়ানী ' নহয় হে "।
প্ৰথম গৰাকীৰ পাছত এইজন যাত্ৰীৰো ল'ৰা বিদ্বেষৰ কাৰণ জানিবলৈ কাণ দুখন স্বাভাৱিকতে থিয় হ'ল।
দেখিলোঁ বেচ তজবজীয়া ককা এজন।ধূতি পাঞ্জাৱী পৰিহিত , কান্ধত গামোচা।
তেওঁ কোৱা কথাবোৰৰ সাৰমৰ্ম এনেধৰণৰ __
ঘৰত সৰু পুতেকৰ বিয়া।দেউতাক দুদিন ঘৰত নাথাকোতে বিয়াৰ ৰভা দিবলৈ অসুবিধা হ'ব বুলি বাৰীৰ দুজোপা গছ পুতেকহঁতে কটাই পেলালে।পদূলি মূৰৰ বেলগছ জোপা আৰু নাৰিকল গছ এজোপা। নিজৰ সন্তানৰ দৰেই প্ৰতিপাল কৰা গছ দুজোপাৰ এনে দুখজনক পৰিণতি দেখি খঙে - দুখে একো নাই হৈ বুঢ়াই পুতেকহঁতক গালি পাৰিবলৈ ধৰিলে।ল'ৰাহঁতেও এনেকুৱা ' বাজে চেণ্টিমেণ্ট ' ধৰি ৰখা পুৰণি মনৰ দেউতাকক কথা শুনালে।মনৰ দুখত বুঢ়াই তেজপুৰত থকা বৰপুতেকৰ ঘৰ পালেগৈ।কিন্তু তাতো সেই একেই কথা। বৰপুতেকেও তেওঁৰ মনৰ পীড়া অনুভৱ নকৰিলে।বিয়াৰ সময়ত সৰু সুৰা কথাৰে ঘৰখনৰ পৰিৱেশ নষ্ট নকৰিবলৈহে ক'লে।
" মই আহিছোঁ তাৰ বিয়াখন ভালেৰে হৈ যাওক বুলি।নহ'লে ৰাইজে মোকেই দূষিব নহয়। আজি ইহঁতৰ মাক থকাহ'লে ......"
আধুনিক , যান্ত্ৰিক জীৱনত এই বুঢ়ামানুহজন , সময়ৰ সৈতে খাপ নোখোৱা এজন ' ইমপ্ৰেক্টিকেল ' মানুহ হয়তো।কিন্তু মানুহজনৰ সৰলতা আৰু প্ৰকৃতি প্ৰেমে মুগ্ধ কৰিলে।সেউজীয়া ভালপোৱাজনক , সেউজীয়াৰ অভাৱে কিমান কষ্ট দিয়ে সেয়া উপলব্ধি কৰিলোঁ।
সাহিত্যই সমাজ প্ৰতিফলিত কৰে।এই বুঢ়া মানুহজনেই জানো ভৱেন্দ্ৰ নাথ শইকীয়াৰ ' গছ ভালপোৱা ককা ' ( গছ ভালপোৱা ককাৰ খং কবিতাটিত উল্লেখ থকা ) জন নহয় ?
সঁচাই ,
" আমাৰ বাবে যদি শান্তি আছে
চিৰশিশু মানুহৰ মহা মূঢ়তাত
তামোলৰ পিকসনা ,
আইতাৰ জধলা চুমাত "।

No comments:

Post a Comment

Comments system