Thursday, 26 November 2015

অগস্ত্য বৰুৱা


পানবজাৰৰ আবেলি

কবিঃ অগস্ত্য বৰুৱা
নিজৰ লগত কথা পাতি পাতি
এক বিষণ্ণ আবেলি
বহি গ'লো
মহামায়াৰ চুকৰ টেবুলত
একাপ চাহ, মই আৰু কিছু সাঁচিপতীয়া সময়
আঙুলিৰ ফাকেৰে সৰকি যোৱা
বহু মায়াময় সময়ৰ পিছতো
একেই আছে
সেই আপোন আপোন লগা চিনাকি গোন্ধ
নাই কিন্তু আপোন মানুহ
কটন হোষ্টেলৰ কৰিডৰেদি
আহ-যাহ কৰা মোৰ সুহৃদবোৰ নাই
নাই বন্ধ গেটৰ কাষৰ লোহা বেকা কৰি আহ-যাহ কৰা ফুটাটো
একেই আছে হোষ্টেলটো
চিনাকি চিঞৰবোৰ নাই
ৰেল ষ্টেচনলৈ যোৱা বাটত থকা
চেলুন খন নাই
য'ত সকলো নৱাগতৰ
হৈছিল মোছ বিসৰ্জণ
চাহৰ দোকান কেইখন
গিলি পেলালে
একোটা বৃহৎ অট্টালিকাই
য'ত লাগি আছে
নৰহৰি কাইৰ ঘোলা দৃষ্টি
দীঘলী পুখুৰীৰ পাৰত
সুগন্ধ আছে
সেয়াতো অচিনাকি গোন্ধ
পুখুৰীটোলৈ চালো
সকলো একেই আছেনে বাৰু
এটা সুহুৰি মোক নোচোৱাকৈ
পাৰ হৈ
ৰজনজনাই গ'ল
পানবজাৰৰ আবেলি
স্থিতপ্ৰজ্ঞ হৈ ৰ'লো মই
সকলো সলনি হ'ল
একেই আছে মাথোঁ
চিৰন্তন
মাটি আৰু স্মৃতি ॥

No comments:

Post a Comment

Comments system