Monday, 23 November 2015

অভিজ্ঞান ফুলকোঁৱৰ

‎আঘোণ‬

কবিঃ অভিজ্ঞান ফুলকোঁৱৰ এমুঠি সপোন লৈ
অকলশৰীয়া পথাৰ খনৰ স‘তে
সাৰে থাকে আঘোণ
মোৰ কোঠালিত বগাই ফুৰে
কুঁৱলীৰ বগাৰঙী সৰীসৃপ…..
গা-ভাৰি পথাৰ এখনলৈ
নিমাত কেকঁনি এটাৰ লগত
কথা পাতে আঘোণীয়া বতাহে
নিয়ৰ সৰে সঘনে
টোপালে টোপালে বিয়পি পৰে
ৰাতিৰ আকাশৰ দুখ
মোৰ ভঁৰালত কুটকুটাই উঠে
পুৰণি বিৰিয়াৰ দাঁত
কান্ধত পিৰপিৰনি উঠে
শুই থকা মঙহৰ বিষ…।
বন কুকুৰাৰ মাতে উৰুৱাই আনে
জিকমিকাই থকা ধানৰ এখনি নদী
দুবৰিৰ পৰা ঠনঠনকৈ সৰে
হেজাৰ কণমানি বেলি
আঘোণ খোজে খোজে বাঢ়ে
কাঁচি ধৰাই ধৰাই
আনিবলৈ উদং ভঁৰালৰ মাত
নৰাৰ বুকুত সিঁচিবলৈ হিয়াভঙা বিষাদ।
মই উদং দৃষ্টিৰে চাওঁ
মোৰ মাজতো আঘোণ
চেঁচা এখিনি চেঁচা লগাকৈ পাৰ হৈ যায় কাণৰ কাষেদি|
কাৰোবাৰ বুকুত বিষাদ জাপি
সৰাপাতবোৰ হিয়াত সাঁচি
আঘোণে মিচিঁকিয়াই .......
আঘোণ সদায় অহা বাটেই ঘুৰি যায়,
আঘোণ সদায় অহা বাটেই ঘুৰি যায়।

1 comment:

  1. ধন্যবাদ তালুকদাৰ...নামটোত অলপমান ভুল ৰৈ গ’ল....চিয়াহী---চিঁয়াহী হ’ব

    ReplyDelete

Comments system