Monday, 23 November 2015

মনোজ নেওগ


সৰুফুল ফুলাৰ আগত
মনোজ নেওগ

সৰু কথা এটি তেওঁৰ বাবে মনতে লৈ আছিলো
তেওঁ মোক বুজাইছিল
'ডিভাইন কমেডী'
অনেক কথা... দিনবোৰ ,
বেকাৰ কাৰ্ল মাৰ্ক্স ঘূৰি ফুৰে
সুধি ফুৰে
'' পদপথত জীৱনৰ সন্ধান ক'ত ''
আৰু অনেক কথা ; কবিতাই মোক জুৰুলা কৰি আনিছিল
চেইণ্ট হেলেনাৰ সেই নিসংগ সম্ৰাটৰ দৰে

মনালীছাৰ হাঁহিত কি ফুল ফুলি থাকে ; জানানে ?
টিউলিপ নে কণকচম্পা...
তেওঁ মোক প্ৰায়েই সোধে
ভৰ জোনাকৰ তাজমহল নীলা হয় কিয়
প্ৰেম নে বিষাদ ইমানো নীলা হৈ জ্বলে
দুখন হিয়া উজলে এখন
ৰোমিঅ' - জুলিয়েট
জংকী - পানৈ
নীলা একুৰা জুই
জ্বলেনে বাৰু কৰবাত আজিয়ো প্ৰগলভতাৰ সিপাৰে
অশৰীৰি
প্ৰেম.....!

সৰু কথা এটি তেওঁৰ বাবে মনতে লৈ আছিলো
তেওঁ কৈ আছিল
নদীবোৰ উভতি নাহে কিয়
নীলা কিয় হয় সাগৰ
বুজিবলৈ জটিল
বুজাবলৈ আৰু অনেক জটিল প্ৰেমৰ কবিতাৰ দৰে
নীৰৱ
নীৰবতা
সৰু কথা
ইমানো জনাকৈ হয়তো তেওঁ একোৱেই নাজানে
সৰুফুল ফুলাৰ আগতে
ক্ষণিক উশাহবোৰ চেপি থয় ফুলৰ পাতে...।

No comments:

Post a Comment

Comments system