Friday, 13 November 2015

ৰেখা বি দাস

সংজ্ঞা মই নাজানো বাস্তৱৰ…


বাস্তৱ !
বাস্তৱ কি! হত্যা লুন্ঠন হৰলুকী অপবাদ নে অসত্যক সত্য কৰা কিছুমান অভিসন্ধি? মুল্যবৃদ্ধি হৈছে দোকানীয়েযি মন যায় তাকে দাম কৈছে নিৰবে বেগ ভৰাই মুল্য দিগুচি আহিব লগা হৈছে …কাক কব কোনে শুনিব !
নাজানে জানো !সকলোবোৰ
সভ্য সমাজৰ ব্যক্তিত্ব পূৰ্ণ
একো জন ভাৰতীয় নাগৰিক !
ভাৰততে হ'ব পাৰে এই সকলো
যত গণতন্ত্ৰৰ দৰে শাসন চলাৰ
পিছতো জাতিগত সংঘৰ্ষত লিপ্ত হৈ
হিংস্ৰ জন্তুৰ দৰে জপিয়াই পৰে
ইজনে সিজনৰ ওপৰত
বাস্তব !
বাস্তৱ কি ?
তুমি যদি উন্নতিৰ জখলাত
বগাব বিচাৰা
তোমাৰ বেৰপতিত
ধনৰ টোপোলা নাথাকিলে তুমি
তোমাৰ জীৱনৰ কোনোটো দিশত
আগুৱাই যাব নোৱাৰে
সেয়া শিক্ষা সাহিত্য সংস্কৃতি
যতেই যোৱা তোমাৰ বেৰ পটিত
ধনৰ ওজন আছে নে নাই ?
মুৰ্খ পুত্ৰই শিক্ষকতা কৰি
মুৰ্খ ছাত্ৰৰে সমাজ গঢ়াব
নহলে জ্ঞানীৰ শিক্ষকৰ আকাশ লংঘা মুল্যৰ বিনিময়ত শৰনাপন্ন হৈ
ঘৰুৱা শিক্ষক ৰাখি
সন্তানক শিক্ষিত কৰোৱা ।
খোজে খোজে দুুপৰ টেঙাৰ দৰে
গজি উঠা
বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ওচৰত
শিশু সকলক বনচাই বনাবলৈ
এৰি দিয়া
শিশুহ'তে খেল পথাৰ চিনি নাপায়
হাত যোৰ কৰিব নাজানে
অন্ধকোপত থাকি
ইজনে সিজনৰ কান্ধত ধৰি
শাৰী পাতি শৃখংলতাৰ বাহক নহয়
বিশৃংখলতা তাৰ বীজ সিঁচি যায় …
এইয়া বাস্তৱ !
বাস্তৱ !
সঁচা কথা ব্যক্ত কৰিব পাৰিনে
নোৱাৰি
বাস্তৱত নোৱাৰি
কাৰন সন্মুখৰ জন শক্তিশালী
হ'লে
তেওঁ বহু কিবা কিবি কৰিব পাৰে
যদিহে তেওঁৰ এই বাস্তৱতা পছন্দ নহয়…
বাস্তব !
মনে মনে সকলো চাই থাকিব
পাৰিব লাগিব
ৰাতিপুৱা সূৰ্য্য উদয় হ'ব
আৰু সন্ধিয়াৰ আকাশত সূৰ্য্যাস্ত হ'ব ।



(ৰেখা বি দাস)

No comments:

Post a Comment

Comments system