পতিত আৰু পতিতা
গলিটোলৈ এন্ধাৰ নমাৰ পৰত
পতিত প্ৰেমত পতিতা হৈ পৰা দেহ
আৰু লেলাউটিৰ আস্ফালনত…
এন্ধাৰ সুৰুঙাত জাগি উঠিছিল
তাইৰ এটি আসৰুৱা সপোন !!
গলিটোলৈ এন্ধাৰ নমাৰ পৰত
পতিত প্ৰেমত পতিতা হৈ পৰা দেহ
আৰু লেলাউটিৰ আস্ফালনত…
এন্ধাৰ সুৰুঙাত জাগি উঠিছিল
তাইৰ এটি আসৰুৱা সপোন !!
আৱৰ্ত সুখৰ সন্ধানত মৰীচিকাৰ বুকুত
দৰদামত হেৰাই পৰিছিল
তাইৰ জাগ্ৰত সপোন l
ক্ৰমশঃ ……
এলান্ধুৰ এনাজৰীত হেৰাই যোৱা এটি মাতত
খহি পৰা বুকুৰ কাচোন আৰু তাইৰ বৈৰাগী বীনৰ সুৰত
বাজি উঠিছিল এন্ধাৰৰ বুকুত
প্ৰতি নিশাত আলিংগনৰ কিৰিলি l
দৰদামত হেৰাই পৰিছিল
তাইৰ জাগ্ৰত সপোন l
ক্ৰমশঃ ……
এলান্ধুৰ এনাজৰীত হেৰাই যোৱা এটি মাতত
খহি পৰা বুকুৰ কাচোন আৰু তাইৰ বৈৰাগী বীনৰ সুৰত
বাজি উঠিছিল এন্ধাৰৰ বুকুত
প্ৰতি নিশাত আলিংগনৰ কিৰিলি l
প্ৰতি নিশাই তাই অসূয়া হৈ পৰিছিল ,
প্ৰতি নিশাই তাই পতিতা হৈ পৰিছিল
প্ৰতি নিশাই তাইৰ দেহৰ ভাজত
ক্ৰমে পতিত হৈ পৰিছিল এখন সমাজ l
নিশাটিৰ শেষত ……
গলিটোলৈ পোহৰ সোমাই আহোতেই
দোকমোকালিত ভাঙি উঠিছিল
তাইৰ বুকুত গেৰ্ ধৰা এটি নতুন সপোন l
প্ৰতি নিশাই তাই পতিতা হৈ পৰিছিল
প্ৰতি নিশাই তাইৰ দেহৰ ভাজত
ক্ৰমে পতিত হৈ পৰিছিল এখন সমাজ l
নিশাটিৰ শেষত ……
গলিটোলৈ পোহৰ সোমাই আহোতেই
দোকমোকালিত ভাঙি উঠিছিল
তাইৰ বুকুত গেৰ্ ধৰা এটি নতুন সপোন l
আজি
পোহৰত নগ্নতা ঢাকি তাই হাঁহে
এখন ভদ্ৰ সমাজ আৰু এখন চিনাকি মুখ
যাৰ ওঁঠত তাইৰ দেহৰ লুনীয়া সোৱাদ l
পোহৰত নগ্নতা ঢাকি তাই হাঁহে
এখন ভদ্ৰ সমাজ আৰু এখন চিনাকি মুখ
যাৰ ওঁঠত তাইৰ দেহৰ লুনীয়া সোৱাদ l
No comments:
Post a Comment