তুলসীপ্ৰিয়া বৰদলৈ

হাবিয়াস (৪)

কবিঃ তুলসীপ্ৰিয়া বৰদলৈ

হাঁহি উঠে…!
সতীত্ব, আবৰণ, নিষ্পাপ, নিষিদ্ধ, দুষ্প্ৰাপ্য……!!!
কোন .... কোন বাৰু ???
মইতো আবৰণৰ মাজত সতীত্ব কঢ়িয়াই ফুৰা 
নিষ্পাপ , নিষিদ্ধ কোনো দুষ্প্ৰাপ্য ৰমণী নহয়...
মোৰ ফিৰিঙতি দেহত 
জুইৰঙা তেজ.. এবাৰ চুই চাবা নেকি ?
ভঙা হৃদয়ৰ খিৰিকীৰ ফাকেৰে 
হাত খন মেলি দিয়া...
তোমাৰ এটা উশাহ লওতেই যেন এটা বছৰ পাৰ হ'ব..
তুমি উশৃংখল হৈ পৰিবা... তুমি মোৰ কোমলতাত
হেৰুৱাই পেলাবা নিজকে ...
আৰু মই 
মই মাথোঁ সৰল বিকৃত হাঁহি এটা মাৰিম..
কোনো কৈছে মই নিষ্পাপ !!!
সংযত কৰিব নিবিচাৰোঁ বগা চাদৰ ...
ভিজা চুলিৰ আগেদি বৈ যোৱা প্ৰতি টোপালে
মোক চুই যাওক ... 
মোৰ উন্মাদ আৰু উন্মনা মনত 
খলকনি তোলক অজান পৰশে ...
মইতো এনেকুৱাই...
বান্ধ ভগা তিস্তাৰ ঢলত বৈ শান্ত হৈ থিতাপি লোৱা 
এখন চঞ্চল নদী ....
লাজৰ আৱৰণ ফালি, মই লিখি গৈছোঁ 
বিষণ্ণ আৰু নিসংগ ৰাতিৰ স্বৰলিপি...
এবাৰ পাতবোৰ লুটিয়াই পঢ়িচোৱা মাথোঁ ...


No comments:

Post a Comment