Friday, 13 November 2015

অলকেশ কলিতা



তাই_বেশ্যা_নাছিল


অবচেতন মনে এতিয়াওঁ মাজে মাজে চেতন মনক কয়
তাই বেশ্যা নাছিল
বৈধ যুগ্ম জীৱনৰ এটি মিঠা সপোনৰ তাই বাস্তৱ
মৰমৰ আলসুৱা
যেন লহপহকৈ বাঢ়ি অহা কাননৰ তাই কুঞ্জলতা
আধুনিকতা তাইৰ বৰ প্ৰিয়
সেয়ে কিজানি সময়তকৈ সদায় দুখোজ আগবঢ়া
যিমানে চঞ্চলা
সিমানে অপৰূপা, নিৰ্ভিক আৰু প্ৰতিভাপূৰ্ণা
নদীৰ দৰে মাথোঁ বাধা নেওঁচি বৈ ভালপায়
তাইৰো আছে সাগৰত মিলাৰ এটি সপোন
তাই যেন উৰণীয়া পখী
উৰি ফুৰে সঁজাৰ বান্ধোন ভাঙি
তাইৰ লয়লাসত নাচি উঠে পুৱাৰ ৰজনী
তাইৰ কণ্ঠৰ কুঁকিল সুৰত প্ৰেমিক হয় ধৰণি
কিন্তু তাই বেশ্যা নাছিল
সংগোপন দুখৰ দেদ্দীপ্যমান বেথাৰ ভাণ্ডাৰ বুকুত বান্ধি
মাথোঁ বিলায় ফুৰিছে হাঁহিৰ ৰেঙণি
শুনিছা জানো কেতিয়াবা তাইৰ উচুপনি,
কিয় শুনিবা
কোনেওঁ নুশুনে
মচিছা জানো কেতিয়াবা তাইৰ বৈ অহা চকুলো মালা
কিহৰ প্ৰয়োজন
মাথোঁ তাই আনৰ সুখৰ সমভাগি
বৰ উচ্চ আকাংক্ষী
উকা হৃদয় পালেই চতিয়াই প্ৰেমৰ অনুভূতি
তাই কিন্তু বেশ্যা নাছিল
হৈ পৰিছে তাই বহুতৰ আজৰি সময় অতিবাহিত কৰা এবিধ অত্যাধুনিক সামগ্ৰী
এতিয়া তাই নায়িকা বহু জনৰ প্ৰেম কাহিনিৰ
কিন্তু তাই বেশ্যা নাছিল
তাই জোনাক বিলায়
প্ৰেমৰ একাঁজলি সঁহাৰি বিছাৰি ফুৰা প্ৰেমিকক
আকৌ নিসংগ ৰাতি তায়ে নিজকে সোধে জোনাকীক কোনেওঁ নুসোধে কিয় জোনাকীয়ে বিছাৰে কি
বাধ্যতাৰ বান্ধোনৰ মাজত কেতিয়াবা তাই চটফটাই ডেউকা ভঙা পখীৰ দৰে
পাহৰি যায় উল্লাসত তাই
মুক্ত আকাশৰো যে অদৃশ্যমান আছে এডাল সীমাৰেখা
প্ৰতি গধুলি অস্তমিত সুৰুযে তানি আজুৰি আনে তাইক স্ব বাহলৈ বুলি
প্ৰতি পুৱা ফুলে হৈ তাই আনৰ বাবে সুগন্ধি পাপৰি
আকৌ মৰহি যায় প্ৰতি গধুলি
মৰহা ফুলৰ জানো কোনোবাই বিছাৰে সুবাস
নে মৰহা ফুলে কাৰোবাৰ সৌষ্ঠব বঢ়াই
তথাপিওঁ কয় অবচেতন মনে তাই কিন্তু বেশ্যা নাছিল
তাই কাৰোৱাৰ একান্ত আপোন
কাৰোবাৰ বাস্তৱ জীৱনৰ সপোন
উজাগৰী নিশা এতিয়াওঁ উচুপে সেই নৈ পৰীয়া মাতাল প্ৰেমিক জনে তাইৰ অনুপস্থিতিৰ শোকত
তেনেকৈ তাই উচুপে নিশাৰ নিৰবতাৰ কোলাহ'লৰ মাজত
সকলো থাকিওঁ আজি যেন কোনো নাই তাইৰ কাষত
তাইৰ মৌসনা হাঁহিৰ লক্ষ্যধিক প্ৰেমিক
কিন্তু তাই চকুলো মচিবৰ সময়ত সিহঁতৰ নাই যে আজৰি
তাই প্ৰেমৰ ৰাগীনি
সকলোকে বিলাই সম ভাবে তাইৰ হৃদয় খনি
কিন্তু এতিয়াওঁ অবচেতন মনে কয় চেতন মনক
তাই কিন্তু বেশ্যা নাছিল বুলি

কবিঃ অলকেশ কলিতা

No comments:

Post a Comment

Comments system