Friday, 13 November 2015

ৰঘুনাথ চৌধাৰী

নিঃকিন

কবি:-ৰঘুনাথ চৌধাৰী  
................................................... 
দুখ-দৈন্য জীৱন সম্বল 
নিৰ্যাতন মোৰ প্ৰভুৰ আশিস 
সদানন্দ ৰূপ-ধ্ৰুৱ-জ্যোতি 
জ্বলে অন্তৰত অহৰ্নিহ ।
.
প্ৰবৃতিৰ গুপ্ত অনুচৰে যেৱে
ৰুদ্ধ দুৱাৰত কৰে কৰাঘাত
নিৰ্বিকাৰ চিত্তে কৰোঁ প্ৰত্যাখ্যান
শেষ নৌ হঁওতেই জীৱন-নাট ।
.
দেৱতাৰ স্নেহ নাপাওঁ কদাপি
মই যে লাঞ্ছিত মানুহ অধম ,
লভোঁ যেন পুনু দুৰ্ল্লভ জনম ।

No comments:

Post a Comment

Comments system