শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মোৰ অনুভৱ
নানা তীৰ্থৰ পানীত স্নান কৰি, ধাতু শিল মাটিৰ নানাধৰণৰ মূৰ্তি পূজা কৰি কোনোবা দিনা হয়তো আমি পাপমুক্ত হব পাৰোঁ; কিন্তু ভক্ত সাধু, প্ৰকৃতাৰ্থত মহন্ত এজনৰ দৰ্শন মাত্ৰই শুদ্ধি হোৱা যায় “দৰ্শনাদেৱ হি সাধবঃ ।” এই ক্ষেত্ৰত মহাপুৰুষৰ বাণীও মন কৰিবলগীয়া-
যত নদী নদ-------সিয়ো তীৰ্থ হয়
-----শিলাৰ প্ৰতিমাদেৱ ।-------
তেসম্বে পৱিত্ৰ------কৰৈ যেৱে পুনু
-----বহুকাল কৰে সেৱ ।।------
দেখিলে মাত্ৰকে-----ভকতে পৱিত্ৰ
----কৰৈ লোক নিৰন্তৰ ।------
দেৱেতীৰ্থ জানা ------ভকতজনৰ
------অনেক মহদন্তৰ-----(কীৰ্ত্তন-ঘোষা)
নকৰিবা সেৱা সখী আন দেৱতাৰ ।
নুহি যেন আমাৰ ভকতি ব্যভিচাৰ ।।
(ভাগৱত, একাদশ- ২৫০)
অন্য দেৱী দেৱ------নকৰিবা সেৱ
-----নাখাইবা প্ৰসাদ তাৰ ।-----
মূৰ্তিকো নচাইবা------গৃহো নপশিবা
----ভক্তি হৈব ব্যভিচাৰ ।।-----
(ভাগৱত, দ্বিতীয় স্কন্ধ- ১২৪)
নুহি যেন আমাৰ ভকতি ব্যভিচাৰ ।।
(ভাগৱত, একাদশ- ২৫০)
অন্য দেৱী দেৱ------নকৰিবা সেৱ
-----নাখাইবা প্ৰসাদ তাৰ ।-----
মূৰ্তিকো নচাইবা------গৃহো নপশিবা
----ভক্তি হৈব ব্যভিচাৰ ।।-----
(ভাগৱত, দ্বিতীয় স্কন্ধ- ১২৪)
অনাচাৰ কৰি অপৰাধী মোৰ নুহি ।
আন দেৱ পূজে যিটো সেহি মোৰ দ্ৰোহী ।।
অৰ্জ্জুনক গীতাত কহিলা হৰি সাচ ।
অপদেৱতাক পূজি হুইবে পিশাচ ।।
প্ৰেতৰ লগত ফুৰিবেক পূজা খাই ।
আউৰ শত জন্মতো তাহাৰ গতি নাই ।।
(ভাগৱত, একাদশ)
আন দেৱ পূজে যিটো সেহি মোৰ দ্ৰোহী ।।
অৰ্জ্জুনক গীতাত কহিলা হৰি সাচ ।
অপদেৱতাক পূজি হুইবে পিশাচ ।।
প্ৰেতৰ লগত ফুৰিবেক পূজা খাই ।
আউৰ শত জন্মতো তাহাৰ গতি নাই ।।
(ভাগৱত, একাদশ)
ৰান্ধৈ গৰু মাংস চাণ্ডালিনী সুৰা দিয়া ।
মনুষ্যৰ মুণ্ডে আছে তাহাঙ্ক ঢাকিয়া ।।
পুছিলন্ত ইন্দ্ৰে আতি দেখি বিপৰীত ।
আতো কৰি কোন বস্তু আছে অপৱিত্ৰ ।।
চাণ্ডালিনী বোলে ইন্দ্ৰ কথা নতু বুঝা ।
হৰি বিনে কৰে যিটো আন দেৱ পূজা ।।
তাৰ চৰণৰ ধূলা পৰিবেক ডৰে
জানি আনি দিলো আমি ঢাকন উপৰে ।।
(ভগৱত , দশম- ১২৯০৭-০৮)
অন্য দেৱ-দেৱতা পূজা উচিতনে অনুচিত, এই কথা বুজিবলৈ ইয়াতকৈ আৰু স্পষ্ঠ ভাষাৰ প্ৰয়োজন নাই...।
মনুষ্যৰ মুণ্ডে আছে তাহাঙ্ক ঢাকিয়া ।।
পুছিলন্ত ইন্দ্ৰে আতি দেখি বিপৰীত ।
আতো কৰি কোন বস্তু আছে অপৱিত্ৰ ।।
চাণ্ডালিনী বোলে ইন্দ্ৰ কথা নতু বুঝা ।
হৰি বিনে কৰে যিটো আন দেৱ পূজা ।।
তাৰ চৰণৰ ধূলা পৰিবেক ডৰে
জানি আনি দিলো আমি ঢাকন উপৰে ।।
(ভগৱত , দশম- ১২৯০৭-০৮)
অন্য দেৱ-দেৱতা পূজা উচিতনে অনুচিত, এই কথা বুজিবলৈ ইয়াতকৈ আৰু স্পষ্ঠ ভাষাৰ প্ৰয়োজন নাই...।
কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ ।
কৰে ধৰ্ম্ম কৰ্ম্ম পূৰ্ব পুৰুষ আচাৰ ।।
মইসে ইশ্বৰ মোক নকৰিৱ সেৱ ।
হাস ছাগ কাটি যিটো পূজে আন দেৱ ।।
জানিবাহা সি হি জন ৰাজস অসুৰ ।
হিয়াত থাকন্তে মই তাহাৰ বিদূৰ ।।
(ভাগৱত, একাদশ)
কৰে ধৰ্ম্ম কৰ্ম্ম পূৰ্ব পুৰুষ আচাৰ ।।
মইসে ইশ্বৰ মোক নকৰিৱ সেৱ ।
হাস ছাগ কাটি যিটো পূজে আন দেৱ ।।
জানিবাহা সি হি জন ৰাজস অসুৰ ।
হিয়াত থাকন্তে মই তাহাৰ বিদূৰ ।।
(ভাগৱত, একাদশ)
হেনয় কৃষ্ণক এৰি কিনো লোক অন্ধ ।
আন দেৱ ধৰ্ম্মকেসে কৰয় প্ৰৱন্ধ ।।
(ভাগৱত, দশম)
আন দেৱ ধৰ্ম্মকেসে কৰয় প্ৰৱন্ধ ।।
(ভাগৱত, দশম)
অন্য দেৱ পূজা কিন্তু নিষেধ সৱাৰ ।
শুনিয়োক কহোঁ আৱে যেন ফল তাৰ ।।
বলি দিয়া সকামে যে আন দেৱ পূজে ।
ভক্তি ভ্ৰষ্ট হুয়া দুনাই সংসাৰত মজে...।।
(সাত্বত তন্ত্ৰ)
শুনিয়োক কহোঁ আৱে যেন ফল তাৰ ।।
বলি দিয়া সকামে যে আন দেৱ পূজে ।
ভক্তি ভ্ৰষ্ট হুয়া দুনাই সংসাৰত মজে...।।
(সাত্বত তন্ত্ৰ)
যিটো দুষ্টে পশু মাৰি পূজে দেৱগণ ।
সিয়ো যে স্বৰ্গক যাইবে নৰ্কে যাইব কোন ।।
(সাত্বত তন্ত্ৰ)
সিয়ো যে স্বৰ্গক যাইবে নৰ্কে যাইব কোন ।।
(সাত্বত তন্ত্ৰ)
এতেকেসে অন্য পূজা আদি যত যত ।
ঋষিৰ বিধান সৱে এৰায়া সমস্ত ।।
সন্ত গুৰু উপদেশ ধৰিয়া মনত ।
কেৱল ভজিৱে কৃষ্ণ চৰণ পদ্মত ।।
(সাত্বত তন্ত্ৰ)
ঋষিৰ বিধান সৱে এৰায়া সমস্ত ।।
সন্ত গুৰু উপদেশ ধৰিয়া মনত ।
কেৱল ভজিৱে কৃষ্ণ চৰণ পদ্মত ।।
(সাত্বত তন্ত্ৰ)
কৃতে যদ্ধ্যায়তো বিষ্ণুং ত্ৰেতায়াং যজতো মখৈঃ
দ্বাপৰে পৰিচৰ্য্যায়াং কলৌ তদ্ধৰিকীৰ্ত্তনাত্ ।।
অৰ্থাত্ সত্য যুগত বিষ্ণুৰ ধ্যান, ত্ৰেতাত বহুবিধ যজ্ঞৰ দ্বাৰাই ভগৱন্তৰ অৰ্চনা আৰু দ্বাপৰত পৰিচৰ্যাৰ পৰা যি যি লাভ হয়, তত্সমস্তফল কলি যুগত কেৱল নাম-কীৰ্তনতেই লাভ হয় ।।
দ্বাপৰে পৰিচৰ্য্যায়াং কলৌ তদ্ধৰিকীৰ্ত্তনাত্ ।।
অৰ্থাত্ সত্য যুগত বিষ্ণুৰ ধ্যান, ত্ৰেতাত বহুবিধ যজ্ঞৰ দ্বাৰাই ভগৱন্তৰ অৰ্চনা আৰু দ্বাপৰত পৰিচৰ্যাৰ পৰা যি যি লাভ হয়, তত্সমস্তফল কলি যুগত কেৱল নাম-কীৰ্তনতেই লাভ হয় ।।
মহাপুৰুষ জনাই প্ৰচাৰ কৰা শুদ্ধ সনাতন ধৰ্ম যে আগৰ পৰাই চলি আছিল । কিন্তু বহু বিভক্ত আৰু অশিক্ষিত হোৱা বাবে সাধাৰণ মানুহে তাক বুজাত কিছু কষ্ট হৈছিল..। হিন্দু সনাতন ধৰ্মৰ মূল গ্ৰন্থ কেইখনৰ পৰা বুটলি আনি আমাক সুস্পষ্ট ভাষাত বুজাই দি যি মহত বৰদান অসমীয়া জাতিটোৰ বাবে দি থৈ গল , সেই কীৰ্তন-ঘোষা, ভাগৱত, আদি অবহেলিত কৰি অসমীয়া জাতিটোৰ সন্মান লাঘৱ কৰিছো ....। মহাপুৰুষ জনাৰ “এক শৰণ হৰি নাম ধৰ্ম” সকলোৱে বুজিবলৈ বা জানিবলৈ তেৰাৰ গ্ৰন্থ সমূহ অধ্যায়ন কৰাটো জৰুৰী...। জানি বুজি লোৱা শুদ্ধ ধৰ্ম নাম....।
(আশা কৰো বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বাপৰ গ্ৰন্থ সমগ্ৰ, লগতে ময়ূৰ বৰা দেৱৰ জাতিভেদ প্ৰথা আৰু শংকৰদেৱ, ব্ৰাহ্মণ্যবাদৰ কলীয়া ডাৱৰ আৰু অসম, আদি কিতাপ সমূহ পঢ়িলে কিছু কথা আপোনালোকে অতি সহজে বুজি পাব । যে কেইজনমান মুষ্টিমেয় মানুহৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়তে যে দেৱ-দেৱতাৰ পূজা সমূহ পৰম্পৰা নাম দি চলাই আছে...।)
(আশা কৰো বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বাপৰ গ্ৰন্থ সমগ্ৰ, লগতে ময়ূৰ বৰা দেৱৰ জাতিভেদ প্ৰথা আৰু শংকৰদেৱ, ব্ৰাহ্মণ্যবাদৰ কলীয়া ডাৱৰ আৰু অসম, আদি কিতাপ সমূহ পঢ়িলে কিছু কথা আপোনালোকে অতি সহজে বুজি পাব । যে কেইজনমান মুষ্টিমেয় মানুহৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়তে যে দেৱ-দেৱতাৰ পূজা সমূহ পৰম্পৰা নাম দি চলাই আছে...।)
No comments:
Post a Comment