জ্যোতিৰ্ম্ময়ী দাস

.. মোৰ যে কিমান হেপাহ.. ....................................... সময়বোৰ ধৰি ৰাখিব নোৱাৰি মুহূৰ্তে মুহূৰ্তে অতীত হৈ যায়..। ধৰি ৰাখিব নোৱাৰিলোঁ তোমাৰ আৰু মোৰ সিদিনা নৈ পাৰৰ .. বেলি পৰোঁ পৰোঁ পৰৰ মুহূৰ্তবোৰ...। নৈৰ সিটো পাৰে হেৰাই যাব ধৰা বেলি... হেঙুলীয়া আকাশ ...। মোৰ প্ৰতি থকা তোমাৰ ... অধিক মনোযোগিতাৰ বিপৰীতে মোৰ আছিল... অমনোযোগী , চঞ্চল মন...। বাৰে বাৰে.. চকু থৰ হৈছিল... পানীৰ তলৰ হেঙুলীয় াবোৰত... যেন.....! আৰু এখন আকাশ লুইতৰ বুকুত...। যেন....! দুয়ো জপিয়াই পৰিম.. হাতে হাত ধৰি...! আকাশখন সিঁচৰিত হৈ পৰিব পানীৰ তলত...!! দুয়ো হাতেৰে আজলি ভৰাই বুটলিম... হেঙুলীয়াবোৰ...! সপোনবোৰ .... হেপাঁহ বোৰ....!!! মোৰ যে কিমান হেপাঁহ !!!!

No comments:

Post a Comment