Sunday, 15 November 2015

অজন্তা তালুকদাৰ


‎পথাৰ‬, আঘোণ আৰু অলপ কথা

কবিঃ অজন্তা তালুকদাৰ

যেতিয়াই দেখো আঁচল পাতি
জিলমিলাই ৰৈ থাকে তাই
নীলগুৰিবোৰ আকাশলৈ সিঁচি
সোনোৱালী আঘোণৰ সোণগুটি চটিয়াই
বুকুখন গধুৰ কৰি লয়
তাত তল ভৰি সৰি ৰয় ল'ৰালিৰ স্মৃতি
তাই পথাৰ, তাতে আঘোণ
এতিয়া তাই
নিৰহ-নিপানী যৌৱন দাপোণ
মোৰ দৰে সেইজনো
আজি তাইৰ মোহতে আকুল
সোণগুটিৰ স'তে হেনো বুটলি আছে
শৈশৱ যৌৱন জীৱন অংকুৰ
পৰা হ'লে
পৰা হ'লে হেনো টুকি ল'লেহেঁতেন
বুকুৰ মেঘচপৰাৰে মেৰিয়াই
গোটেই পথাৰখন
আৰু জীৱনৰ স'তে কৰিলেহেঁতেন
অভিনয়বিহীন অভিনৱ সংগম
আঘোণী বেলিৰ মাজ তলতে
তেওঁ আজি সেই তামৰঙী পথৰুৱা প্ৰেমৰ প্ৰেমিক
হয় যদি হওক আজি তেওঁ সংগীবিহীন
হালি-জালি পথাৰখন যে
বুকুৰ ভিতৰলৈকে বৈ আহিছে ঢৌ খেলি
বুকুৰ ভিতৰখন আজি তুলনাবিহীন
নি:শব্দে সেইজন পথাৰৰ প্ৰেমিক
পথাৰখনো যে তলে তলে হৈ উঠিছে অভিসাৰী
মানুহ যাৰ আদিম অতিথি !

No comments:

Post a Comment

Comments system