Tuesday, 24 November 2015

প্ৰণৱ কুমাৰ বৰ্মন

সর্বানন্দ সোণোৱাল

( কবিঃ প্ৰণৱ কুমাৰ বৰ্মন )বোপা
তোৰ মুখলৈকে পৰম আশাৰে চাই আছোঁ
ভৰষাৰ থ'লী আন আৰু কোনো নাই
কিমান মৰমৰ তই আমাৰ
কিমান আতোলতোলকৈ তোক তুলিছোঁ
পৰুৱাই খাবলৈ দিয়া নাই, চিলনীয়ে থপিয়াবলৈ দিয়া নাই
সকলোৱে হাঁহিছিল তোক জংঘলী জনজাতি বুলি
বোপা,
মাৰ বান্ধি আমি কৈছোঁ
তই মানুহ
আমাৰ আটাইতকৈ চেনেহৰ সৰল পুতাই
বোপা,
আমাৰ গাঁৱৰ বাটবোৰ বানে খান্দিছে,
পুঠি-খলিহনা দুই এটা খাইছোঁ
আমাৰ গাঁৱৰ বাটবোৰ
ঠিকাদাৰ- ইঞ্জিনীয়াৰ- নেতাই খাল খান্দি ঘঁৰিয়াল চপাইছে
বহুদিন ক’লৈকো যাব পৰা নাই বোপা,
ঘাঁহ ভৰা বোকাৰ বাটবোৰ দিব পাৰিবি ওভতাই ?
যিবোৰত শিপা গজে মানুহৰ
যি বাটেদি থৈলা লৈ পঢ়াশালিলৈ গৈছিলি তই
বোপা, তই যে কৈছিলি
টকৌ পাতৰ ঘৰটো গুচাই এটি পকী ঘৰ দিবি,
সেই ঘৰটো নেতা এজনে নিজৰ নামত নি চহৰত সাজিলে দালান
স্কুলখনো গোহালি হ’ল
মাষ্টৰে দৰমহা নাপায়
বোপা,
পানীখোৱা পুখুৰীত তেল ওলাল
কোম্পালীয়ে (ক’ম্পেনীয়ে) দেৱালেৰে ঘেৰিলে
খাবলৈ পানীটুপি নাই,
সোৱণশিৰীখনো সোণৰ দুৱাৰেৰে ভেটিব খুজিছে ৰজাই
নদীখন হত্যা নকৰিবি বোপাই
বিএ পাছ কৰা ল’ৰাটোৰ চাকৰি নাই
ৰাতি ৰাতি ঘৰলৈ নহা হ’ল
নহা হ’ল মানে, দেখাদেখিয়েই নাই
মানৰ দেশত বুকুত বাৰুদ বান্ধি আছে বুলি ক’লে কোনোবাই
তাক ঘৰলৈ ঘুৰাই আনি দে বোপাই,
সিতো তোৰেই সৰু ভাই
ছোৱালীকণে চহৰৰ অফিচত কিবাকিবি কৰে
কি কৰে নাজানো
বু-বু-বা-বা শুনো,
দেৰিকৈ উভতিলেও বা উভতি নাহিলেও একো এটা ক’ব নোৱাৰোঁ,
আমাৰ গণতন্ত্ৰইতো চৰিত্ৰ নষ্ট কৰিবলৈ শিকায়
বোপা,
সীমাৰ সিপাৰৰ পৰা ৰাতি গুলিবোৰ আহে
ওচৰৰ দুই এটা ঘৰ সদায় জ্বলে
তই ক’লে জানোচা সিহঁতে নুগুলিয়ায়
ঘৰবোৰ নজ্বলায়
তয়ে আমাৰ শেষ ভৰষা,
তই হে ঘৰৰ ল’ৰা
বাকীবোৰ পৰ যেন হ’ল
দেশখন লুটি খায়
বোপা,
তোৰ লাৱনি হাঁহিভৰা সৰল মুখখনিলৈ চাই
লঘোণত থাকিলেও ভাল লাগি যায়
তই যে কৈছিলি,
দেশখন আমাৰ নিজৰে ভূমিপুত্ৰৰ হ’ব
বাহিৰা বণিয়াৰ ইয়াত কাম নাই
পথাৰবোৰ পথাৰ হৈ থাকিব
নদীবোৰ নদীৰ দৰে বৈ থাকিব
জন্তু-জানোৱাৰবোৰ জংঘলত ঘূৰি ফুৰিব
বেদখল নচলিব
পেটত কোনেও গামোচা বান্ধিব নালাগিব
আনৰ কাঢ়ি আনে নোৱাৰিব খাব
সকলোৰে একেটি জাত
ইমান সুৰীয়া মাতৰ মাজতো
একেটি সুৱদি মাত
বৰ আশাৰে সেই দিনলৈ ৰৈ আছোঁ
বজাৰত বিক্ৰী হৈ থকা দেশখনক চাই থাকিবলৈ
সাহে নুকুলায়
দেশখন বচাবলৈ তই পাৰিবি
তই পাৰিবি বোপাই
ক পাৰিবি নে নাই ??

No comments:

Post a Comment

Comments system