Friday, 13 November 2015

ৰক্তিম শৰ্মা


ড০ মামনি ৰয়চম গোস্বামী

ৰক্তিম শৰ্মা

শীতৰ ওৰণি গুচাই
কোনো এক বিন্দুত শেষ হোৱা ৰাতি
যন্ত্ৰনাত দহি দহি
আকাশৰ পৰা তৰা এটি খহি পৰিল ;
অৰণ্যৰ বুকু জ্বলি জ্বলি স্তব্ধ হৈ পৰিল
শান্তিৰ হকে যোৱা এটি সমদল।
তুমি কোন ,
হে সমদলৰ আগশাৰীত ঠিয় হোৱা সুনয়না ?
তুমিটো সমাজৰ অন্যায় সহি সহি
পাতাল সাধি লোৱা সীতা নোহোৱা,
তুমিতো জোৱান অৱ আৰ্ক
নতুবা মোৰ দেশৰ জয়মতী।
দতাল হাতীৰ হাওদাত বহি
তোমাৰ তামৰ তৰোৱালখনত কেতিয়াবা শাণ দিছিলানে থেংফাখ্ৰী ?
মোৰ দেশৰ অলিয়ে গলিয়ে এতিয়াও ৰাধেশ্যামীৰ ভিৰ।
তুমিটো জানাই,
শীতৰ সেমেকা ৰাতি
এতিয়াও অৰণ্যৰ পৰা উভটি অহা নাই মোৰ সহোদৰ ভাই।
এটি শুকুলা ঘোৰাই পূবৰ দুৱাৰত থমকি ৰল।
আজি সূৰ্য উঠা নাই,
মাথো তোমাৰ কপালৰ তেজৰঙা ফোটটোত
জিলিকি উঠিছে জগতৰ সমস্ত জ্যোতি,
তুমি সূৰ্য
তুমি মামনি ৰয়চম গোস্বামী।
যেন এটি গায়ত্ৰী মন্ত্ৰই লুইতৰ বুকুৱেদি বৈ আহি
কণ্ঠৰুদ্ধ কৰে আমাৰ !
জি়ঞ্জিৰামৰ পাৰতো শুনো তাৰ প্ৰতিধ্বনি
দহি দহি শেষ হোৱা এটি কবিতাৰ ছন্দ হেৰাই যোৱাৰ যন্ত্ৰণা।
মোৰ প্ৰিয় কবিয়ে কোৱাৰ দৰে...
‘’
এটি গীত শেষ হল
এটি সুৰ শেষ হল
এটি সূৰ্য হেৰাই গল...।‘’
হাস্পাটালৰ নিজান কোঠাত
নিয়তিৰ চিত্ৰকৰে এখনি ছবি আকি গ
যাৰ ফ্ৰেমত হাত থৈ উচুপি উঠা দিন
মোৰ দেশৰ মানুহৰ বুকুৱে বুকুৱে
নিদাৰুন সময়ৰ পক্ষ্যাঘাট।
শীতৰ দিনবোৰ আতৰি যোৱা নাই
সুসময়ৰ আলোকত ফুলি উঠা নাই
আঘোণৰ চোতাল।
ছিন্নমস্তাৰ দৰে আমিবোৰ ৰৈ আছো
বুকুত যন্ত্ৰনা।
এটি সূৰ্য উদয় হওঁক
এটি সুৰৰ জন্ম হওঁক
এবুকু ৰদালি স্বপ্নত বিভোৰ হওঁক
এন্ধাৰৰ বাট কাটি
এক নতুন দিনৰ যাত্ৰা।
আহক আমি পদুলি মুখত ৰুই থও এজোপা নাহৰ
যাৰ নাম হওঁক ড০ মামনি ৰয়চম গোস্বামী


No comments:

Post a Comment

Comments system