Wednesday, 18 November 2015

নিভাৰাণী চৌধুৰী

অমানিশা

নিভাৰাণী চৌধুৰী
বহুদিন হ'ল
আইৰ স'তে বহল চোতালখনত
একেলগে নবহা
কাকিনী তামোলৰ চিৰিলি পাতত
টোকোৰা চৰাইৰ
ওলমি থকা বাহবোৰ লেখি লেখি
আইৰ স'তে চুপতি নমৰা।
আয়ে কয়-তোক জেঠো মেটৰত দিম
মই কওঁ-আই বৰ ভাল
ৰজাঘৰীয়া প্ৰজাঘৰীয়াৰ
উচ্ছিষ্ট আৰু জাবৰৰ
সিয়েই দেখোন সদ্গতি লগায়
তাৰ দৰে স্বচ্ছ
আৰু কোন আই!
আয়ে কয়-তোক কানাই গৰখীয়ালৈ দিম
মই কওঁ -আই কানাইৰ বাঁহীৰ সুৰে
মোক মতলীয়া কৰে
কানাই অবিহনে
ভৰুণ পথাৰ উদং হ'ব
তহঁতৰ ভঁৰালবোৰ মুখ মেলি ৰ'ব
কানাইতকৈ লায়ক বৰ কোন আই!
আয়ে কয়-তোক গোপাল ভাড়ীত দিম
মই কওঁ-আই গোপাল ভাড়ী নমস্য
চ্যুট- টাই পিন্ধাহঁত
তাৰ কাষত নত'
গোপাল ভাড়ীৰ সুঠাম শৰীৰ
মই ৰ' লাগি চাওঁ আই
গোপাল ভাড়ী মোৰ
বৰ হ'ব পায়।
মোৰ চুলিত খেলা খেলি
আয়ে মিচিকিয়াই হাঁহে
আইৰ মিঠা হাঁহিত
ডালিম ফুল ফুলে।
আইৰ তিৰবিৰীয়া দুচকুত
সুখ বিচাৰোতে
সিদিনা দেখিলো
আইৰ হাঁহিটো হেৰাল
চোতালৰ তুলসীজোপাৰ কাষত
পিতাইক থোৱাৰ পাছত
আইৰ ঘোলা দুচকুত দুখৰ কৰাল।
আইৰ ঘৰৰ বহল চোতালৰ
পূৰ্ণিমাৰ জোনটোত
এচমকা ডাৱৰ বাৰুকৈয়ে শিপাল।

No comments:

Post a Comment

Comments system