Friday, 13 November 2015

পৰাগ পিংকু

ভুল নুবুজিব আমি হোজা মানুহ

আপোনাৰ ওচৰ পালে
ভুল হোৱাৰ ভয়তে
হর্থাতে আমি ভুল কৰি পেলাওঁ 
বহু কথাই আমি নাজানো।

দুখ মানে
সুখী হোৱাৰ আখৰা
আৰু সুখ মানে
দুখলৈ ভয় কৰা ।
দুখী হ'লেই ঈশ্বৰ কণা
সুখত জিলিকে গোঁসাই থাপনা
ভালৰ দিনত অমাৰ ইয়াত বিহু পাতে
লখিমী মাতে
সকলোৱে একেলগে নাচে ।
ভুল নুবুজিব
লাজ বুলিলে ইয়াত
মোৰ আইয়ে
ভৰিৰ সৰু গাঠি ঢাকে।
ভনীৰ বুকুৰ গামোচাত
যুগ যোৰা শ্লীলতা ।
ভালপোৱা বুলি
কোনো দুৱাৰত দাং মাৰি
সংঞ্জা বদলোৱা নহয় ।
ভাল পাওঁ বুলিলে ইয়াত
হাজাৰটা বাঁহী বাজে
ওৰে ৰাতি থৌকি বাথৌ মন একোটা
আৰু নঙলাত এষাৰ মাতৰ বাবে ৰৈ থকা কানবোৰত
কতজনী কেতেকীয়ে বিনাই
হাতীখোজীয়া বাতিত ঢাকি থোৱা
পকা জলপান এবাতি
কিমানবাৰ উদঙায় চাই ।
আমি হোজা মানুহ
পিতাইৰ লেঙুটিত
সাতামপুৰুষীয়া শাওনৰ দাগ
চকুৰ ওপৰে তলে
ভোক আৰু পথাৰৰ ভাস্কয্য
চহকী পিতাই সান্তনা আৰু পথাৰেৰে
কত পথাৰ
শুকান
সেউজীয়া
বোকাদিয়া
বটা পৰা
সোনালী
চেনেহ ভৰা পথাৰ ।
ঠিক আইৰ দৰে
যিদিনা চৰু জ্বলে
নাখাইয়ো এমুঠি দিয়ে ।
ঘাম সৰাবলৈ নাপালে
মোৰ পিতায়ে ভাত নাপায়
আমিও
নপানীৰ মাছৰ দৰে উজায় অহা
এজাক সমাজিক লৈ হোজা মানুহ ।
এচিচা কেৰাচিনৰ বাবেই
আমাৰ ভালে ৰাতি আন্ধাৰ
কেতিয়াবা কোনোবাই কয়
আপোনাৰ চহৰত বোলে
তেলত তিতি মানুহ জ্বলে
ঘৰ জ্বলে
মটৰ গাড়ী জ্বলে
শিশু মাতৃ আৰু ভ্ৰুণ জ্বলে
যৌৱনেৰে যৌৱন আৰু বার্ধক্য জ্বলে
আনকি হিংসাত সেন্দুৰ আৰু সেওঁতাও জ্বলে
মাঘৰ বিহুত
আমাৰ ইয়াতো জ্বলে
মানুহ নহয়
মেজি আৰু ভোক
ভেলাঘৰত মষিমুৰ হয় অপ্ৰীতি
বুকুৰ পৰা বুকুলৈ চেনেহৰ চেনেহ বিয়পে
কেঁচা পকা নমনা জুইত জাহ যায়
দুখ আৰু হিংসা
গজি উঠে
বহাগ বুলি এক নতুন আশা ।
হোজা মানুহৰ সেউজীয়া আশা ।
বোকাত লুটুৰি পুটুৰি হয়
নাঙল বোৰ
কলাফুল আৰু বাহুবোৰ
বাঢ়নী পানীত
এজাক সেউজীয়া সপোন আহে
এজাক সপোন ধুইয়ো নিয়ে ।
লাহে লাহে সংক্ৰমন হয়
অভাব আৰু দুখ
কাতিত আমি উত্‍সৱ পাতো
ভোকৰ উত্‍সৱ
কঙাল কঙাল কাতি
আৰু ভোকৰ উৰুঙা ৰাতিৰ উত্‍সৱ
আঘোনেই আমাৰ শেষ লক্ষ্য ।
কলেৰাত ভাই ভনী কাল হয়
এডিঙি বানপানীত আমি
পানীৰ খাবলৈ নাপাই কান্দো ।
ভুল নুবুজিব আমি হোজা মানুহ
চহৰৰ তালত আমাৰ তাল নাবাজিলেও
মৃত্যুত আমিও কান্দো
আপোনাৰ দৰেই ।
হোজা হ'লেও
বর্বৰতাত উলংগ হোৱা ভনীয়ে
চহৰত লাজ লাজ বুলি
হিয়া ঢাকুৰিলে
তেজ আমাৰো উতলে
নিৰবে সহি যোৱাৰ ভুল তেতিয়াই হয়
ভুল নুবুজিব ।
পৰাগ পিংকু

No comments:

Post a Comment

Comments system