মৃত্যুবৰ্ষ সূচনা/১
টুকুৰা-টুকুৰ কণ্টকদীৰ্ণ সন্ধ্যাস্থবিৰ মৃত্যুকাতৰ
নৈৰ ভঙাগড়া ভূলতে চুমা খাওঁতে তুমি উচুপি উঠা
ঠুনুকা অবয়ব ভাঙি অংকুৰিত আত্ৰাণিৰ দৰে সেই মুখ
ঠুনুকা অবয়ব ভাঙি অংকুৰিত আত্ৰাণিৰ দৰে সেই মুখ
তোমাৰ মুখৰ জড়তা ভাঙি কেতিয়াবা কাচিৎ জোন উঠে
শ্ৰুতিকটু শব্দ কৰি কেতিয়াবা থিতাতে ভাগি যায় তৰঙ্গ
শ্ৰুতিকটু শব্দ কৰি কেতিয়াবা থিতাতে ভাগি যায় তৰঙ্গ
আঁৰ-বেৰ আৰ্চী খহি পৰে খেপিয়াই চোৱা কাষৰতে
আকাশখন কোনোবা এজনৰ দৰে হৈ আছেনে আন্ধাৰ
আকাশখন কোনোবা এজনৰ দৰে হৈ আছেনে আন্ধাৰ
অথবা এলান্ধু হৈ ফাঁচিকাঠত ওলমি আছে তোমাৰ মুখ
কণ্টকদীৰ্ণ সন্ধ্যাস্থবিৰ উন্মাদ মূলোচ্ছেদ
তোমাৰ মুখনি সংক্ৰমিত মৃত্যুয়ে ছাটি ধৰিছে
তোমাৰ মুখনি সংক্ৰমিত মৃত্যুয়ে ছাটি ধৰিছে
No comments:
Post a Comment