Wednesday, 18 November 2015

প্ৰিয়াক্ষী প্ৰিয়দৰ্শিনী শইকীয়া


ৰজস্বলাৰ বিষ ক'ত
( প্ৰিয়াক্ষী প্ৰিয়দৰ্শিনী শইকীয়া )

সেই দিনটোৰ কথা। তাই বুজা নাছিল তাই কৰবাত গজালৰ ওপৰত বঢ়িছিল নেকি। কটা ঠাই কণত বিষো হোৱা নাই । তাই মাকক নাপাই বাতৰি কাকত পঢ়ি থকা দেউতাকক চকু ঢুলঢুলীয়া কৰি কৈছিল গৈ ' পিতা মোৰ কিবা এটা হৈছে ।' তাৰ পাছত , দেউতাকৰ চিঞৰ; উধাতু খাই অহা মাক আৰু মাকৰ কান্দোন । মাকে কন্দা দেখি তাইও তত ধৰিব নোৱাৰি ফেঁকুৰি ফেঁকুৰি কান্দি দিছিল। এই যে ওচৰৰ বৰমা , আইতা, খুড়ী হ'তে অলপ সময়ৰ পাছতেই ভৰাই পেলাইছিল তাঁহাতৰ ঘৰ...ঠিক সেইদিনাৰ পৰাই তাই বুকুত কঢ়িয়াই লৈ ফুৰিছে সেই বিষটো। তাইক আঁচুতীয়া কৰি ৰখা হৈছিল। ককায়েকে চানা চোবাই চোবাই মৰমতে তাইলৈ চকলেট এটা দলিয়াই দিছিল...' মায়ে তোক চানা খাবলৈ নিদিয়ে .., এইটো ল'। তলত বঢ়ি অতিষ্ঠ হোৱা তাই কোনোবা নথকা যেন পালেই মনে মনে কাষৰ চকীখনত অলপ সময়ৰ বাবে বঢ়ি লৈছিল গৈ..। মাকে শিকাই দিয়াৰ মতেই তাই শিকিছিল নিয়মবোৰ। নুবুজাকৈয়েই তাই আঁঠু লৈছিল এটা প্ৰতিকীৰ আগত...এটা তামোল পুলি।
তাই বুজিছিল সেইদিনাৰ পৰা যেন কিবা এটা সলনি হৈছে । তাইৰ শৰীৰৰ পৰিৱৰ্তনৰ লগতে পৰিৱৰ্তন হৈ আহিছিল তাইৰ ওচৰৰ কিছুমান মানুহ। ৰিমু হঁতৰ কলেজত পঢ়ি থকা মোমায়েকে আগতে তাইক মতা মনত নপৰে। কিন্তু তাইক দেখা পালেই লৰাটোৱে বৰ ধুনীয়াকৈ হাঁহি এটা মৰা হৈছিল । এইযে নুবুজা হাঁহিবোৰ তাইৰ বাবে আছিল এটা বিষ। প্ৰতি মাহে তাই আৰু মাকৰ মাজত এখন যুদ্ধ লাগে। মাকে তাইক তিনিদিন এটা সীমাৰ মাজত ৰাখে। তাই যে অস্পৃশ্য কিহৰ বাবে???
নিয়মবোৰে তাইক মেৰিয়াই আবুৰ কৰি ডাঙৰ কৰিলে, নাপায় বোলা বোৰ জুকিয়াই চাওঁতে চাওঁতেই তাইও এদিন মাক হ'ল আৰু তাইৰ বিষবোৰ আইতাকৰ পৰা তাইৰ মাক, মাকে তাইৰ কোলাত দিয়া 'কণাই' টোৰ দৰেই তাই তাইৰ জীয়েকৰ বুকুত বিয়পাই দিলে সেই বিষটো।
আপোনালোকে গল্প বুলি পঢ়ি আছে? তাই মাত্র আপোনাৰেই � ছোৱালী অথবা ভন্টি। এতিয়া শুনক তাইৰ বিষটো নোহোৱা কৰিবলৈ আপুনি কৰিবলগীয়া কৰণীয় খিনি.-
১/ ঋতুমতী হলে সৰু হৈ থকা ছোৱালী জনীক সেইয়াযে স্বাভাৱিক সেইটো বুজাওক। অযথা নিয়মৰ হেঁচাত তাইক মানসিক কষ্ট নিদিব। আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন পুৰুষকে তাইৰ লগত এজনী সৰু ছোৱালী হিচাবে আচৰণ কৰিবলৈ শিকাওক।
২/ সমাজৰ আগত তাইযে ঋতুমতী হ'ল সেইয়া প্ৰচাৰ কৰাৰ প্ৰয়োজন নাই। তাইক পণ্য কৰি নেপেলাব।
৩/ আগৰ দিনত ডিচপজেবল নেপকিনৰ ব্যৱহাৰ নাছিল , সেয়েহে মহিলা সকল এই নিৰ্দিষ্ট দিন কেইটাত বাহিৰলৈ ওলাব নোৱাৰিছিল । এনে অৱস্থাত চাফ চিকুণ হৈ থাকিলে বহুত ক্ষেত্ৰত স্বাস্থ্য ভালে ৰাখিব পাৰি, যিটো আজিৰ দিনত তেনেই সহজ। তাইক অত নুচুবি তত নুচুবি কৰি থকাতকৈ পৰিস্কাৰ হৈ থকাত সহযোগ কৰক।
৪/ আচলতে এই দিন কেইটাত মন ভালে ৰখা বহুত জৰুৰী। তাইৰ মানসিক সন্তুষ্টিত গুৰুত্ব দিয়ক।
৫/ তাইক প্ৰয়োজনত কৰবাত যোৱাত বাধা নিদিব । তাইযে ল'ৰাৰ পৰা পৃথক এই কথাই তাইৰ মানসিক দৃঢ়তা কমাব পাৰে ।
৬/ যিমানেই আপুনি তাইৰ মনটোক বুজিবলৈ চাব, তাইৰ ওচৰ চাপিব। 'মোক কোনেও নুবুজে' এই উপলব্ধিয়ে আবেগিকভাৱে তাইক দূৰ্বল কৰে আৰু বহু ক্ষেত্ৰত তাই বেয়া মানুহৰ ফান্দত পৰিব পাৰে। মনত ৰাখিব অলপ আবেগৰ বাবেই তাই সৰ্বস্ব হেৰুৱাব লগাও হ'ব পাৰে।

No comments:

Post a Comment

Comments system