যাজ্ঞসেনী
কবিঃ দীপাঞ্জলি পাঠকমেৰুদণ্ডহীন মূৰবোৰ
কান্ধৰ পৰা নামি যোৱাৰ পৰত
সিঁহতে জুইৰে খেলিছিল
চ'ৰাঘৰৰ মজিয়াত টানি ধুঁহি বহুৱাইছিল
এখনীয়া কাপোৰে ঢকা
বিধূতি জ্বালামুখীটো
মৃত আত্মাৰ ঠেৰেঙা মঙহ সেকিবলৈ
পাকে পাকে খুলি পৰা আঁচলৰ আৰ্তনাদে
চকুলোৰে পাঠ কৰিছিল সিঠাইত
নপুংসক ৰাতিৰ বিৰ্য্যহীনতাৰ কাহিনী
খহি পৰিছিল সম্ভ্ৰম
উলংগ হৈছিল পূৰাতন মৰ্যদা
শিৰৰ পৰা গেলিছিল
কোৱাভাতুৰীয়া সেন্দুৰৰ অহংকাৰ
অধোনত শিৰত সিঁহতৰ
বহিছিল কোন
শিখণ্ডী নে বৃহণ্ণলা
হতচকিত সময়ৰ
বিজলুৱা ওঁঠেৰে সৰি পৰিছিল শ্লেষ
ছিঃ ছিঃ ছিঃ
ধৰ্মভীৰু ধৰ্মাত্মা
খুলি পৰা কালৰাত্ৰিৰ
চুলিৰ অন্ধকাৰত সিদিনা
ফণা মেলি ধৰিছিল
এশডাল ফেটি সাপ ।
No comments:
Post a Comment