এটা ভালপোৱাৰ ইলিজী
আজি মোৰ ভালপোৱাৰ মৃত্যু হল ।ভালপোৱাৰেই ভৰত
ভালপোৱাৰ মৃত্যু ।
আঃ ভালপোৱা !
কিযে দুৰ্বল আছিলি তই !
মই দেখোন তেতিয়া
নদী হৈয়ে আছিলো
ভৰা নদী ।
মইতো বৈ যাবই খুজিছিলো ।
মইতো তোৰ বাবে
আকাশ হব খুজিছিলো
আগবঢ়ায়েতো দিছিলো
প্ৰসাৰিত দুহাত ।
বুকু ভৰাইতো ৰাখিছিলো
সূৰুযৰ সুবাস ,
সাঁচিয়েইতো ৰাখিছিলো
তৰা ভৰা আকাশ আৰু
ৰূপোৱালী জোনাক ।
আঃ ভালপোৱা !
কিযে লেহুকা আছিলি তই !
কিয়ে যে এক অজুহাতত
গুচি গলি ,
উলটি নাচাই ।
এতিয়া চাচোন ,
ৰ'দ আৰু জোনাকেৰে
মই কি কৰিম ?
মইতো মেঘ হৈয়েই
থাকিব লাগিব ।
কবিঃ ৰঞ্জুমণি মহন্ত ।
31. 03. 2016
No comments:
Post a Comment