পুষ্প-কাননত আছিল এজুপি
ধুনীয়া শেৱালি ফুল,
ধীৰ বতাহত হৈছিল ধৰা
গোন্ধতে আমোলমোল।
আকাশী নর্তকী খঞ্জনী অপ্সৰা
বিচিত্র কাচোনে কাচি,
বিহৰ-বিধুৰা প্ৰকৃতিবালাক
দিছিল অমিয়া যাচি।
নিষ্ঠুৰ নিদাঘ আহিল যিদিনা
সকলো পৰিল জয়,
সৰি গ'ল ফুল উৰি গ'ল পখী
জগত বিষাদময়।
আকৌ এদিন আহিব শৰৎ
হাঁহিব শেৱালি পাহি,
ঠেও ধৰি ধৰি কৰিব নর্তন
খঞ্জনী পখীটি আহি।
হ’ব কুসুমিত কুসুমাভৰণা
কুসুম কাননখনি,
ধীৰ সমীৰণে কুসুমে কুসুমে
দিব পৰিমল সানি।
কিন্তু মোৰ সেই মানস কুসুম
গৈছে যিদিনা সৰি,
সৌন্দর্য-পৰাগশূন্য হিয়াখনি
নুঠে আৰু ঠন ধৰি।
No comments:
Post a Comment