কেশৱ মহন্ত

        আঘোণৰ কুঁৱলী

কেশৱ মহন্ত (১৯২৬)

আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি,
একোকে নমনি৷
কুঁৱলী নথকা লে দেখিলোহেঁতেন বা
পতা-সোণ-বৰণীয়া ধানৰ আঁচল,
দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ
আঙুলিয়ে মুঠি মৰা
কেচ্ কেচ্ চিকমিক খৰ কাচিবোৰ,
দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ
ওপৰলেতুলিবৰে সময় নোপোৱা৷
দেখিলোহেঁতেন বা পতা-সোণ পথাৰত
লঘু পৰিহাসময়
হাঁহিবোৰ তেউ-হালধীয়া!
অলপ দূৰৰপৰা নোচোৱাৰ ভাও ধৰি
চাবওতো পাৰিলোহেঁতেন
এইজাক দাৱনীৰ মাজতে আছিলেনেকি
সেউতীও মোৰ?
আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি,
একোকে নমনি৷

তথাপিও নোৱাৰিনে গম বাৰু
এমোকোৰা তামোলৰ পিক্-ৰঙা ওঁঠে ওঁঠে
সোতৰ বছৰ হোৱামোক তোল আঘোণ
ডালিমী দাঁতত
ডাঙৰি বন্ধাৰ লগ বিচাৰি, ৰিৰিঙা
তেল আৰু হালধিৰ
যাঃবুলি ঠেলা মৰা খিল্-খিল্ হাঁহি?

আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি৷

আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে
মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,
কাম আছে,
আঘোণৰ পথাৰত কাম আৰু কাম৷
আঘোণৰ আকাশেদি কোনোবা বিললে
মন কাঢ়ি বন-হাঁহ জাকি মাৰি ল৷
আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,
ৰাগি আছে,
আঘোণৰ আকাশত ৰাগি আৰু ৰাগি৷

আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা,
মন-হাঁহ খেদি খেদি বন শেষ
আঘোণৰ কুঁৱলীয়ে বাট ভেটি লে৷

(বৌদেউ,
আপুনিযে কৈছিলে সেউতীৰ কথা!
মোৰ কথা সেউতীক কৈছিল জানো?)
আঘোণৰ কুঁৱলীত ধাননি লুকালে
আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে
আঘোণৰ কুঁৱলীতে সেউতী হেৰালে
ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল….


No comments:

Post a Comment