মই হেনো পাগলী
ভুল নুবুজিবি.....! সেয়াইটো পুৰুষ....!
তই মই সকলো মিছা...। প্ৰেমৰ নামত আলিঙ্গনে ভুল....। পুৰুষৰ বীৰ্য্যৰে ভৰুণ কৰা মোৰ মন মাথো বাসনা....। কামনাত মত্ত হৈ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি......! মাথো এটুকুৰা মঙহ উপভোগ কৰিবলৈ মিছা প্ৰতিশ্ৰুতি.....। সকলো মিছা...! পুৰুষ সদায় পুৰুষে...! সিহঁতে নুবুজে নাৰীৰ মমতাময়ী মনৰ কথা....।
তই কিয় পোশা মেলিলি মোৰ উদৰত....। দেখিছ কেনেকৈ তোক কবৰ দিবলৈ যো-জা কৰিছে...। সমাজ-সংস্কাৰ সকলো যেন প্ৰেমতকৈও মূল্যবান হৈ পৰিছে...!
ডাক্তৰ জনে সোমাই আহিছিলে যেতিয়া তেতিয়ালৈ নাৰী ৰূপে নাৰীৰ হত্যাকাৰী সকলে মোক পূজাৰ বলিৰ দৰে সজাই ৰাখিছিলে.....। বাহিৰত উদ্বিগ্নতাৰে বিভিন্ন ৰূপেৰে মোৰ আত্মীয় সকলে ৰৈ আছিলে, মা-দেউতা, দাদা, ভাইটি ৰূপে...। আৰু সেই আৱেগৰ ঢল বোৱাই অনা প্ৰেমিকজন আজিলৈকে দ্বিতীয়বাৰলৈ দেখা পোৱাই নাই...। যিদিনাই গম পালে মোৰ গৰ্ভত তাৰ বীৰ্য্যই পোশা মেলিছে, তাৰ পিছত সকলো আৱেগ অনুভৱ পেলাই প্ৰেমিক ৰূপী পুৰুষজন একেবাৰে দানৱ ৰূপ ধাৰণ কৰিলে....। যেন প্ৰেমৰ আৱেগ সকলো মাদকতা, যৌৱনৰ উচ্ছলতা যেন সকলো মোৰে ভুল আছিলে....!
আঃ মোৰ তুলাৰ দৰে ছোৱালীজনী...! তই যে কেতিয়াও পৃথিৱীৰ পোহৰ দেখিবলৈ নেপাবি....। যি গৰ্ভত তই ভগৱানলৈ স্তুতিৰ সাজেৰে সাজ মেলিছিলি সেই গৰ্ভই আজি তোৰ বলিশাল হ’ল...। তোৰ যে তুলাৰ দৰে দেহটো এবাৰ হাতেৰে চুই চাবলৈ, বুকুত সোমোৱাই বুকুৰ দুগ্ধ পান কৰাবলৈ বৰ মন আছিলে....। নিচুকনি গীত গাই-গাই তোক নিচুকাই থাকিবলৈ, তোৰ চকু আৰু কপালত চুমা আকি দিবলৈ...। উফঃ আৰু মই নোৱাৰো চিন্তা কৰিব, মূৰটো যে আচন্দ্ৰাই কৰিছে....। সকলো যেন ধোৱা ধোৱা দেখিছো....। নাই নাই কোনো ওচৰত নাই....। আপোন বুলি আজি সকলো কালশতৰু মোৰ....।
ডাক্তৰ জনে যে হাতত চুৰিখন তুলি লৈ একেবাৰে দানৱ ৰূপ ধাৰণ কৰিছে....। পুৰুষৰ সম্ভোগৰ শিহৰণ থলীৰে যেতিয়া চুৰিখন আগুৱাই গৈছিলে তই ছাগে বুজি পাইছিলি, তোৰ যে মৃত্যু আসন্ন....। তয়ো কুচি-মুছি মোৰ বুকুলৈ উজাই আহিছিলি...। উফঃ কি যন্ত্ৰণা.....! মই , মইযে পিছলৈ একো গমে নোপোৱা হৈ গৈছিলো....। কেনেকৈ তোৰ হাত-ভৰিবোৰ টুকুৰা-টুকুৰকৈ কাটি-কাটি মোৰ পাপৰ স্থলীৰ পৰা বাহিৰ কৰি আনিছিলে....। আৰু তই ছাগে তেতিয়া সচাকৈ বৰ যন্ত্ৰণা অনুভৱ কৰিছ ন....! ভৰি এখন কটাৰ পিছত তই ছাগে ছটফটাই আছিলি মোৰ পেটত....! তাৰ পিছত আনখন ভৰি....! হাত, পেট, বুকু আৰু তাৰ মাজত থকা কলিজাটো....! উফঃ নোৱাৰো আৰু ....! নোৱাৰো আৰু ভাবিব...। মোৰ দুচকুৰে দুৰ্ভাগ্যৰ গৰ্ভ বিদাৰি বানপানী আহিছে আজি....। কোনে বুজিব মোক...! সকলো দেখোন সমাজ, সংস্কাৰ-সংস্কৃতি, নীতি-নিয়ম বজাই ৰখাৰ নামত হত্যাকাৰী হৈ পৰিছে....। মোৰ বুকু ফাটি গ’ল, কলিজা পুৰি গ’ল...। কোনোৱে গমকে নাপালে....। সকলোৰে মন কংক্ৰিটৰ অট্টালিকাৰ দৰে...। সেই অট্টালিকাবোৰৰ মাজত মই, মই কিয় জুপুৰি হৈ পৰিলো....।
সকলোৱে কয় মই পাগলী হৈছো....! পাগলী...! এই পাগলীৰো যে এটা মন আছিলে.....! য’ত বিশ্বাস আছিলে, প্ৰেম আছিলে, সপোন আছিলে....। আৰু এই সমাজে কোনোদিন নুবুজিলে এই পাগলীৰ মনৰ যন্ত্ৰণা....।
অই তহত ক’ত গৈছ....। আহঃ....! আহঃ...! মোৰ উদং কলিজা পুৰি খা...। মোৰ উদং বক্ষৰে নিগৰি থকা তেজৰ নদীত এবাৰ গা তিয়াই চা...! মই, মই নহওঁ পাপিনী....! প্ৰকৃতি প্ৰদত্ত ৰক্তিম ছায়া, প্ৰেমৰ ৰঙেৰে বলোৱা মোৰ প্ৰেমিক কলিজা....! অৰ্থহীন..! অৰ্থহীন সকলো প্ৰেম....! কোনে কৈছিলে প্ৰেম ভগৱানৰ দান...। এয়াই আছিলনে..? মোৰ কপালত বিধাতাৰ লেখন...! নাই , নাই আৰু নকৰো...। নকৰো কেতিয়াওঁ শিলৰ পূজা....! শিলে নুবুজে মানুহৰ প্ৰেমিক মনৰ ব্যথা...।
গুপুতে কেনেকৈ গুজি দিলে প্ৰেম মোৰ কলিজাত...। অহঃ সেইজন প্ৰেমিক আছিল...! প্ৰেমৰ মাজেৰে মোৰ শৰীৰৰ পূজা কৰিলে...। মই পাগলী...! মই বুজিয়ে নেপালো.....। প্ৰেমক যে ধৰি ৰাখিব নোৱাৰে শৰীৰে...। তথাপিও যে তাক সাৱটি আছিলো...। বুকুৰ মাজত, আত্মাৰ সুবাস ঘনীভূত কৰি....। সেইযে প্ৰথম সাৱটি ধৰিছিলে নীলাচলৰ বুকুৰে নামি লুইতক সাক্ষী কৰি, দুটি শিলৰ মাজত...! কি যেন অনিৰ্বাচনীয় দেহৰ সুবাস পাইছিলো....। উঃ একেবাৰে সি হৃদয়ৰ অতুলনীয় সত্তাৰ অতলস্পৰ্শী মৰ্মভূমি চুইছিল...। মইযে পাগল হৈ গৈছিলো তাক পাবলৈ...। অস্থিৰ অথচ অভিনবত্বহীন....।
কিন্তু...! জীৱনৰ হিচাপ-নিকাচ কৰোতে কেতিয়াবা ভুল হৈ যায়....। সেয়াই মোৰো হল....। জীৱনটোতো এতিয়া ভুলেৰেই ভৰা, কম্পমান দীপশিখা...! প্ৰেম ভুল, হৃদয় ভুল, অনুভৱ ভুল....। সকলো ভুল, মাথো ভুল....!
মই পাগলী, মই পাগলী, মই পাগলী.....! যৌৱনৰ সৌন্দৰ্য্য পান কৰি প্ৰাপ্তিৰ বন্যাত উটি ভাহি, আকুলতাৰে সাৱটি সঘনাই চুমা খোৱা, মোৰ প্ৰতিশ্ৰুতিৰ প্ৰেমিকজন....! ক’ত এতিয়া তুমি...? চোৱা, আমাৰ প্ৰেমক জীয়াই ৰাখিবলৈ মই কিমান চেষ্টা কৰিছিলো.....। তুমিহীনতাত ভুগিওঁ মই অকলে জীয়াই ৰাখিব বিচাৰিছিলো....। আজি চাৰি-পাচ মাহ ধৰি মই অকলে যুঁজি আছিলো....। তোমাৰ স’তে, মা-দেউতা, দাদা-ভাইটি, সমাজৰ নীতি নিয়মৰ বিপৰীতে....। তুমিও বুজিয়ে নেপালা মোক, মাতৃত্বৰ সুবাস পোৱাৰ আনন্দই মোক কি সুখানুভূতিৰে আনন্দময় কৰি তুলিছিলে...। কিন্তু সকলোৱে যেতিয়া বাধাৰ দুৰ্জ্জেয় শক্তি হৈ থিয় দিয়াত মই অকলে কি কৰিব পাৰো, কোৱা...! কোৱা…? মোৰ প্ৰেমানুভূতি ভুল আছিলে নেকিন....? তোমাক ভালপাওঁ বাবেতো শৰীৰ দিছিলো....। তুমি যে কৈছিলা সেই বন্ধ কোঠালীত মোক বুকুত সাৱটি...। আকাঙ্খা বিজড়িত সৌন্দৰ্য্যতীৰ্থ মোৰ বগা বহল পেটটোত উপবিষ্ট সুগভীৰ নাভি কমলৰ আৱৰণমুক্ত সৌন্দৰ্য্যৰ কলেবৰখিনিয়ে তোমাক দুষ্ট কৰি তোলে....। তোমাৰ দুষ্টতাই মোৰ অনুভৱক বাৰুকৈয়ে জোকাৰি গৈছিলে...। মোৰ ভালপোৱাক তুমি কেতিয়াও বিশ্বাসঘাটকতা নকৰো বুলি দিয়া প্ৰতিশ্ৰুতি আজি সকলো অসাৰ....!
তথাপিওঁ মই পন লৈছিলো, মোৰ সচা ভালপোৱাক মই জীয়াই ৰাখিবলৈ । এই পৃথিৱীত চিনাকী দিবলৈ । নাই, নাই মই নোৱাৰিলো...! মোৰ দুৰ্ভগীয়া নিঃসঙ্গ জীৱনৰ কাৰুণ্যৰ চকুলোৰে তোমাৰ বিচ্ছেদজনিত সমস্ত অনাদৰ অৱহেলাকে বুকুত সাৱটি মই বলিশালত প্ৰৱেশ কৰিছিলো । বলি দিছিলো সেইদিনা মোৰ সকলো বিশ্বাস, অনুভৱ, অনুভূতিৰ । সকলোৱে সেইদিনা চকুত ধৰা দিছিলে একো একোজন দানৱ হৈ...। প্ৰেমৰ নামত মাথো প্ৰতাৰনাৰে শূন্য কোলা মোৰ ভৰাই দিলা...।
মোৰ আৰ্তনাদ কোনে শুনিব, সমাজৰ নীতি নিয়মেৰে বন্ধা ওৱালৰ মাজত মই অকলে ছটফটাই আছো এতিয়া.....।
সকলোৱে কয় মই হেনো পাপ কৰিছো....। মই হেনো ভুল কৰিছো....। কাৰোবাক প্ৰকৃত হৃদয়েৰে ভালপোৱাতো জানো পাপ ? প্ৰেমৰ অতুলনীয় অনুভূতিক অনুভৱ কৰাটো জানো পাপ ? প্ৰেমৰ পৱিত্ৰতাক বিশ্বাস কৰি নিজক বিসৰ্জন দিয়াটো জানো পাপ...? মোৰ স্বতন্ত্ৰ ৰক্ষা কৰি সতীত্বক অক্ষুণ্ণ ৰাখিবলৈ তোমাৰ অকনো সাহস নহলনে....? মোৰ ভালপোৱাক জোকাৰি, হৃদয়ত জোৱাৰ তোলা প্ৰেমিকজন নহয় জানো তুমি...! আজি মোক অকলশৰীয়া কৰি পলাইছা যে....। কোৱা মোৰ ক’ত ভুল হৈছিলে...?
অহঃ, তুমি দিয়া সেই উপহাৰবোৰৰ মাজত গাঠিথোৱা মিছা সপোনবোৰ এতিয়াও সযতনে আছে...। তুমি দৰা হৈ আহিবা...। মোৰ শিৰত সেন্দুৰেৰে সজাবা...। মই কইনা হম...। সকলোৱে উৰুলি দিব....! অহঃ উৰুলি দিব...। দিয়া আকৌ উৰুলি, মই আজি কইনা হৈছো নহয়....! আমাৰ বিয়া হ’ব....!(হা-হা-হা-হা....।) মই মা হম...।মা...! তুমি দেউতা হবা...। ক’ত গ’ল সেই সপোনবোৰ মোৰ....। মই হেনো পাগলী ওঁ.....! পাগলী...। অহঃ মই পাগলী হৈছো আজি...। তোমাৰ প্ৰেমত....! মোক ঘুৰাই দিব পাৰিবা, মোৰ বিশ্বাস, মোৰ ভালপোৱা....। মোৰ পৱিত্ৰতা...! মোক ঘূৰাই দিয়া মোৰ পেটৰ সন্তান...! মই অকলে জীয়াই থাকিম....। মই অকলে জীয়াই ৰাখিম...। অইঃ কি চাই আছ....। মই পাগলী হৈছো...। পাগলী...। প্ৰতাৰণাৰ কাইটেৰে আচোৰা মোৰ কলিজা আজি তেজেৰে ৰাঙলী....! মই হেনো পাগলী....। পাগলী....।
No comments:
Post a Comment