Friday, 22 January 2016

ৰঞ্জুমণি মহন্ত


তুমি কেনে আছা

( কবিঃ ৰঞ্জুমণি মহন্ত ) কেনে আছা ...?
কেনে আছা তুমি ...?
আজি বহুদিন হল
তোমাৰ খবৰ নৰখা,
কথাটো নাছিল এনে হোৱাৰ ...
তেতিয়াটো তোমাৰ কোনো কথাই
অজানা নাছিল মোৰ বাবে
ভাল লগা আৰু বেয়া লগা ।

জীৱনৰ ৰংবোৰ
তুমি যেতিয়া হেৰুৱাই পেলাইছিলা,
মই ৰঙেৰে উপচাই দিব খুজিছিলো তোমাক
তুমি যেতিয়া হাঁহি হেৰুৱাই পেলাইছিলা
মই হাঁহিৰে সজাব খুজিছিলো তোমাক ।
ডগমগীয়া তোমাৰ সেওঁতা
যেতিয়া উকা হৈ পৰিছিল
মই পুনৰ ৰঙাব খুজিছিলো ।

কথা আছিল আমি দুয়ো
একেলগে বাট বোলাৰ
আৰু নিবিচৰাকৈয়ে
এদিন আমাৰ যাত্ৰা পথ
বেলেগ হৈছিল

তাৰপিছত-

তাৰপিছত আৰু সোধাই নহল কোনো দিন
তুমি কেনে আছা
ভালপোৱা নে এতিয়াও জোনাক ?
প্ৰিয় নে এতিয়াও তোমাৰ
কিনকিন বৰষুণ ?
একোৱেই সোধা নহল।

আৰু আজি -
এই বিয়লি বেলাত ৰৈ
বাৰে বাৰে তোমালৈ মনত পৰিছে
এৰা ! খবৰেই ৰখা নহল তোমাৰ
তুমি কেনে আছা বাৰু ?
ভালে আছানে ?

No comments:

Post a Comment

Comments system