দুখ আৰু শূন্যতা
দুখঃ- কিযে দুটি আখৰে গঠিত এক শিহৰণ তোলা শব্দ । এই শব্দটোৰ পৰা পৃথিৱীৰ কোনো মানুহে বঞ্চিত নহয় নেকি বাৰু ? মাথোঁ মোৰহে দুখ আছে নেকি বাৰু ? অনবৰতে মোৰ পিছে পিছে ,, আগে আগে সংৰক্ষিত এলেকাৰ দৰে কাঁটা তাঁৰে আৱৰি আছে । মই ইমান চেষ্টা কৰো দুখৰ পৰা পলাই থাকো বুলি কিন্তু কিয় মোৰ লগ নেৰে বুজিব নাপাওঁ । মোক অনবৰতে শত্ৰু দৰে আক্ৰমণ কৰে , সাপে ভেকুলী গিলাৰ দৰে দুখবোৰে গিলি পেলাই ,, এতিয়া যেন মই শিক্ষকৰ একান্ত বাধ্য ছাত্ৰৰ দৰে দুখৰ বাধ্য হৈ পৰিছো ।গাধয়ে যেনেকৈ বোজা কঢ়িয়াই ফুৰে মইও সেইদৰে বুকুত এসোপা যন্ত্ৰণাৰ বীজ কঢ়িয়াই ফুৰিছো । মোৰ ঠুনুকা হৃদয় খনি ভাগি চূৰ্ণ বিচূৰ্ণ হৈছে ,, মৰোৰ বালিৰ দৰে জীৱন হৈছে , তথাপিও দুখবোৰ বেয়া নালাগে ,, মোৰ হৃদয়ত যিমানেই বেদনা বীজ সিচিব পাৰে ,, হৃদয় জ্বলাব পাৰে ,, উজাগৰে কটোৱাব পাৰে সিমানেই দুখৰ আনন্দ হাঁহি ফুটি । মই যে দুখক গিলি গিলি নীলকন্ঠি হৈ পৰিছো , এক বুজাব নোৱাৰা অসহ্য যন্ত্ৰণা হৃদয়ত ....
এই দুখৰ বীজ কিমান দিনলৈ সহ্য কৰিম ।কত ঋতু , কত দিন , কত বছৰ পৰা হৈ গৈছে , কোনোৱে নাই মোৰ কাষত আজি , মোক প্ৰেৰণা উৎসাহ দিবলৈ , দুখৰ দিনবোৰত সাৰ নামানিবা বুলি কবলৈ । মোৰ জীৱন শূন্যতা , সেই শূন্যতাক তোমাৰ বাহিৰে আনে কোনেও কেতিয়াও স্পর্শ কৰিব নোৱাৰে ।
সুখ মানুহে বিচাৰিলেই নাপায় ,, দুখকো খেদি দিব পৰা নাযায় ,, সুখ মাটিৰ তলত পোৱা ধন নহয় খান্দি লৈ আনিবলৈ ,, দুখক চৰাই দৰে উৰুৱাই দিবও নোৱাৰা ,, দিন ৰাতি দৰে আমাৰ জীৱনলৈ সুখ দুখ আহি থাকে আৰু গৈ থাকে , তথাপিও সকলোৱে বিচাৰে অকণমান আশাৰ ৰেঙণি , মইও বিচাৰো কিন্তু নাই ,, মই মাথোঁ হেৰাই গৈছো জীৱনৰ বুকুত দুখৰ ঢৌ হৈ । কিয় বাৰু এনে হয় , দুখ বোৰে মোৰ জীৱনত যিমানে গভীৰৰ পৰা গভীৰতালৈ প্ৰবেশ কৰিছে সিমানেই মোৰ হৃদয়ত এটা বিৰাট আকাৰৰ শূণ্য হৈ পৰিছে । কিযে যন্ত্ৰণা ... দুখৰ লগতে এটা বিৰাট শূণ্য.......!
কিয় বাৰু এনে হয়, ডায়েৰী পাতটো দুখেৰে সৰ্জিত, পূৱাৰ সুৰুযে আনে দুখৰ বতৰা , আচলতে ভুল মোৰ নেকি ? কিয় বাৰু মই বুজি নাপাওঁ প্ৰকৃত জন্মৰ অৰ্থ , কি বিচাৰো মই , কি পোৱা নাই ? কিহলৈ পৰিণত হৈছো ? নাজানোঁ, একো নাজানোঁ, মাথোঁ দুখেৰে ভৰা, মাথোঁ হৃদয়ত আছে দুখ আৰু শূন্যতা ....।
বাস্তৱজ্যোতি গগৈ
যোৰহাট , খনামুখ
07040954841
No comments:
Post a Comment