Sunday, 29 November 2015

হীৰেন ভট্টাচাৰ্য

বাঁহীৰ মাত

কৱিঃ হীৰেন ভট্টাচাৰ্য

এন্ধাৰেৰে যাওঁতে - যাওঁতে
পোহৰৰ শংখ নিনাদ
শুনিলো অকস্মাত |
বজ্ৰৰ বাবে থোৱা মোৰ হাড়ত
অনুভৱ কৰিলো বাঁহীৰ মাত |
বাঁহীটো তেজত , হাড়ৰ মাজত
লুকাই আছিল অতকাল | তাত
থুপাই থৈছিলো সময়ৰ কিছুমান
শুকান পাত |
পাতবোৰ আঁতৰাই দিলে কোনে ?
কাৰ বাৰু সিখনি স্নিগ্ধ হাত |


Thursday, 26 November 2015

অগস্ত্য বৰুৱা


পানবজাৰৰ আবেলি

কবিঃ অগস্ত্য বৰুৱা
নিজৰ লগত কথা পাতি পাতি
এক বিষণ্ণ আবেলি
বহি গ'লো
মহামায়াৰ চুকৰ টেবুলত
একাপ চাহ, মই আৰু কিছু সাঁচিপতীয়া সময়
আঙুলিৰ ফাকেৰে সৰকি যোৱা
বহু মায়াময় সময়ৰ পিছতো
একেই আছে
সেই আপোন আপোন লগা চিনাকি গোন্ধ
নাই কিন্তু আপোন মানুহ
কটন হোষ্টেলৰ কৰিডৰেদি
আহ-যাহ কৰা মোৰ সুহৃদবোৰ নাই
নাই বন্ধ গেটৰ কাষৰ লোহা বেকা কৰি আহ-যাহ কৰা ফুটাটো
একেই আছে হোষ্টেলটো
চিনাকি চিঞৰবোৰ নাই
ৰেল ষ্টেচনলৈ যোৱা বাটত থকা
চেলুন খন নাই
য'ত সকলো নৱাগতৰ
হৈছিল মোছ বিসৰ্জণ
চাহৰ দোকান কেইখন
গিলি পেলালে
একোটা বৃহৎ অট্টালিকাই
য'ত লাগি আছে
নৰহৰি কাইৰ ঘোলা দৃষ্টি
দীঘলী পুখুৰীৰ পাৰত
সুগন্ধ আছে
সেয়াতো অচিনাকি গোন্ধ
পুখুৰীটোলৈ চালো
সকলো একেই আছেনে বাৰু
এটা সুহুৰি মোক নোচোৱাকৈ
পাৰ হৈ
ৰজনজনাই গ'ল
পানবজাৰৰ আবেলি
স্থিতপ্ৰজ্ঞ হৈ ৰ'লো মই
সকলো সলনি হ'ল
একেই আছে মাথোঁ
চিৰন্তন
মাটি আৰু স্মৃতি ॥

দীপাঞ্জলি পাঠক

যাজ্ঞসেনী

কবিঃ দীপাঞ্জলি পাঠক

মেৰুদণ্ডহীন মূৰবোৰ
কান্ধৰ পৰা নামি যোৱাৰ পৰত
সিঁহতে জুইৰে খেলিছিল
চ'ৰাঘৰৰ মজিয়াত টানি ধুঁহি বহুৱাইছিল
এখনীয়া কাপোৰে ঢকা
বিধূতি জ্বালামুখীটো
মৃত আত্মাৰ ঠেৰেঙা মঙহ সেকিবলৈ
পাকে পাকে খুলি পৰা আঁচলৰ আৰ্তনাদে
চকুলোৰে পাঠ কৰিছিল সিঠাইত
নপুংসক ৰাতিৰ বিৰ্য্যহীনতাৰ কাহিনী
খহি পৰিছিল সম্ভ্ৰম
উলংগ হৈছিল পূৰাতন মৰ্যদা
শিৰৰ পৰা গেলিছিল
কোৱাভাতুৰীয়া সেন্দুৰৰ অহংকাৰ
অধোনত শিৰত সিঁহতৰ
বহিছিল কোন
শিখণ্ডী নে বৃহণ্ণলা
হতচকিত সময়ৰ
বিজলুৱা ওঁঠেৰে সৰি পৰিছিল শ্লেষ
ছিঃ ছিঃ ছিঃ
ধৰ্মভীৰু ধৰ্মাত্মা
খুলি পৰা কালৰাত্ৰিৰ
চুলিৰ অন্ধকাৰত সিদিনা
ফণা মেলি ধৰিছিল
এশডাল ফেটি সাপ ।

Wednesday, 25 November 2015

বিশাল অনুৰাগ

বিদ্ৰোহদ্ৰুম 
(কবিঃ বিশাল অনুৰাগ)
বুদ্ধ,
তোমাক অনুসৰণ কৰি নেৰিলোঁ ঘৰ
জানিছিলোঁ,
বুদ্ধিদ্ৰুমৰ ছাঁত নাছিল আইৰ আঁচলৰ বা
তোমাৰ বাণীত নাতৰিল মায়া
ছায়া হোৱাৰ হেঁপাহ আছিল পিতাৰ
জন্মত সোণৰ চামুচ নাছিল মুখত
অভাৱ মোৰ জীৱনৰ আদিপাঠ
তুমি পাই বিচাৰিছিলা
মই হেৰুৱাই আঁজুৰিছোঁ
ত্যাগৰ সংজ্ঞা কি নুবুজোঁ
পেটৰ তাড়নাত পিষ্ট জীৱন
বুদ্ধ,
মোৰ ৰক্ত-ঘামেৰে গজিছে এজোপা বৃক্ষ
কি নাম দিওঁ তাৰ
কি নাম ?

মিনাক্ষী মেচ


ৰাধা মই বিহৰিণী
হে প্ৰাণধন কৃষ্ণ
ক্ৰমশঃ মই দহিছো
পুনঃ উজ্জ্বলি উঠিছোঁ
তোমাৰ প্ৰেমৰ শিখাত
ৰাধা মই বিৰহিণী
বিকভানু গোৱালীৰ জী
অতিন্দ্ৰীয় প্ৰেমেৰে বুৰাই
কৰিলা উন্মাদিনী,
তুমি সৰ্বস্থিত
তুমি নিয়ন্তা
তুমি বিধাতা
তুমি সৃষ্টি স্থিতিৰ আকৰ
কলংকিনি ৰাধা নামেৰে খ্যাতি
প্ৰেমৰ অম্লান অনুৰাগেৰে
মাদকতা পুৰাই
কৰিলা বিমোহিনী
শ্যামলী সেউজীয়া বৃন্দাবন,
বাঁহীৰ মূৰ্চ্ছনাৰে মোহি
শত সহস্ৰ ৰামধেনুৰ ৰঙেৰে ৰঙাই
কৰিলা তোমাৰ ৰাসলীলা,
তোমাৰ প্ৰেমত বলিয়া
ষোল্লশ গোপীৰ হৃদয়ৰ আহূতি
কেনেকৈ তেজিলা কানাই
তৃষ্ণাৰ্ত্ত প্ৰাণৰ আকুতি
হে প্ৰিয়তম,
তোমাৰ প্ৰেম মোৰ অক্ষয় বন্তি
জগতে জাননী
আমাৰ প্ৰেম হাজাৰ সূৰ্য্যৰ জ্যোতি......!
(কবিঃ মিনাক্ষী মেচ)

Tuesday, 24 November 2015

প্ৰণৱ কুমাৰ বৰ্মন

সর্বানন্দ সোণোৱাল

( কবিঃ প্ৰণৱ কুমাৰ বৰ্মন )বোপা
তোৰ মুখলৈকে পৰম আশাৰে চাই আছোঁ
ভৰষাৰ থ'লী আন আৰু কোনো নাই
কিমান মৰমৰ তই আমাৰ
কিমান আতোলতোলকৈ তোক তুলিছোঁ
পৰুৱাই খাবলৈ দিয়া নাই, চিলনীয়ে থপিয়াবলৈ দিয়া নাই
সকলোৱে হাঁহিছিল তোক জংঘলী জনজাতি বুলি
বোপা,
মাৰ বান্ধি আমি কৈছোঁ
তই মানুহ
আমাৰ আটাইতকৈ চেনেহৰ সৰল পুতাই
বোপা,
আমাৰ গাঁৱৰ বাটবোৰ বানে খান্দিছে,
পুঠি-খলিহনা দুই এটা খাইছোঁ
আমাৰ গাঁৱৰ বাটবোৰ
ঠিকাদাৰ- ইঞ্জিনীয়াৰ- নেতাই খাল খান্দি ঘঁৰিয়াল চপাইছে
বহুদিন ক’লৈকো যাব পৰা নাই বোপা,
ঘাঁহ ভৰা বোকাৰ বাটবোৰ দিব পাৰিবি ওভতাই ?
যিবোৰত শিপা গজে মানুহৰ
যি বাটেদি থৈলা লৈ পঢ়াশালিলৈ গৈছিলি তই
বোপা, তই যে কৈছিলি
টকৌ পাতৰ ঘৰটো গুচাই এটি পকী ঘৰ দিবি,
সেই ঘৰটো নেতা এজনে নিজৰ নামত নি চহৰত সাজিলে দালান
স্কুলখনো গোহালি হ’ল
মাষ্টৰে দৰমহা নাপায়
বোপা,
পানীখোৱা পুখুৰীত তেল ওলাল
কোম্পালীয়ে (ক’ম্পেনীয়ে) দেৱালেৰে ঘেৰিলে
খাবলৈ পানীটুপি নাই,
সোৱণশিৰীখনো সোণৰ দুৱাৰেৰে ভেটিব খুজিছে ৰজাই
নদীখন হত্যা নকৰিবি বোপাই
বিএ পাছ কৰা ল’ৰাটোৰ চাকৰি নাই
ৰাতি ৰাতি ঘৰলৈ নহা হ’ল
নহা হ’ল মানে, দেখাদেখিয়েই নাই
মানৰ দেশত বুকুত বাৰুদ বান্ধি আছে বুলি ক’লে কোনোবাই
তাক ঘৰলৈ ঘুৰাই আনি দে বোপাই,
সিতো তোৰেই সৰু ভাই
ছোৱালীকণে চহৰৰ অফিচত কিবাকিবি কৰে
কি কৰে নাজানো
বু-বু-বা-বা শুনো,
দেৰিকৈ উভতিলেও বা উভতি নাহিলেও একো এটা ক’ব নোৱাৰোঁ,
আমাৰ গণতন্ত্ৰইতো চৰিত্ৰ নষ্ট কৰিবলৈ শিকায়
বোপা,
সীমাৰ সিপাৰৰ পৰা ৰাতি গুলিবোৰ আহে
ওচৰৰ দুই এটা ঘৰ সদায় জ্বলে
তই ক’লে জানোচা সিহঁতে নুগুলিয়ায়
ঘৰবোৰ নজ্বলায়
তয়ে আমাৰ শেষ ভৰষা,
তই হে ঘৰৰ ল’ৰা
বাকীবোৰ পৰ যেন হ’ল
দেশখন লুটি খায়
বোপা,
তোৰ লাৱনি হাঁহিভৰা সৰল মুখখনিলৈ চাই
লঘোণত থাকিলেও ভাল লাগি যায়
তই যে কৈছিলি,
দেশখন আমাৰ নিজৰে ভূমিপুত্ৰৰ হ’ব
বাহিৰা বণিয়াৰ ইয়াত কাম নাই
পথাৰবোৰ পথাৰ হৈ থাকিব
নদীবোৰ নদীৰ দৰে বৈ থাকিব
জন্তু-জানোৱাৰবোৰ জংঘলত ঘূৰি ফুৰিব
বেদখল নচলিব
পেটত কোনেও গামোচা বান্ধিব নালাগিব
আনৰ কাঢ়ি আনে নোৱাৰিব খাব
সকলোৰে একেটি জাত
ইমান সুৰীয়া মাতৰ মাজতো
একেটি সুৱদি মাত
বৰ আশাৰে সেই দিনলৈ ৰৈ আছোঁ
বজাৰত বিক্ৰী হৈ থকা দেশখনক চাই থাকিবলৈ
সাহে নুকুলায়
দেশখন বচাবলৈ তই পাৰিবি
তই পাৰিবি বোপাই
ক পাৰিবি নে নাই ??

লোচন কৌশিক


মোৰ হোষ্টেলৰ প্ৰেয়সী
(কবিঃ লোচন কৌশিক)
মোৰ প্ৰেমিকাৰ ঠিকনা
মোৰ পৰা এশ মিটাৰ
অথবা যিমান থাকে চকুৰ পৰা চকুৰ দুৰত্ব
তাই নিতৌ পুৱা হোষ্টেলৰ চাদত আহি চুলি মেলে
আৰু মই ঊইলচৰ পেকেটত কবিতা লিখোঁ
তাই মোৰ পিনে চাই এবাৰ মিচিকিয়াই হাঁহে
আৰু মই চিগাৰেটৰ ধোঁৱাৰে আকাশ সাজোঁ
.
তাই কলেজলৈ বুলি ৰিক্সাত উঠিলেই
মই সুহুৰি এটা মাৰি গৈ পাওঁ খিড়িকীৰ কাষত
তেতিয়া খিড়িকী কবি হয়
আৰু তাই যেন খিড়িকীখনে লিখা কবিতা
মই শিল্পী হৈ বুকুৰ কেনভাছত আঁকো
তাইৰ চাদৰৰ প্ৰতিটো ভাঁজ
তাইৰ চকুৰ উচ্চ অঞ্চলৰ ঘাঁহনি
.
কোন আছিল আপোনাৰ ৰুমমেট
ৰবি ঠাকুৰ নে চক্ৰেটিছ
কীটছ নে হীৰু দা
আচৰিত নহ'ব
মোৰ ৰুমমেট
শতিকাৰ দুজনী শ্ৰেষ্ঠ প্ৰেয়সী !
সেই যে জীৱনানন্দৰ বনলতা সেনৰ নাম শুনিছেনে আপুনি ?
আৰু সেইজনী সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈ !
সস্তীয়া সুৰাত সুবাস বিলাই
দুজনীয়ে নিতৌ ৰাতি মোক সোধে
কোন তোমাৰ প্ৰেয়সী ?
মই কওঁ বি বৰুৱা কলেজৰ নিহাৰীকা ! নিহাৰীকা দাস !!
সাগৰিকাই বিয়েৰৰ পিয়লা বাকি দি সোধে
তাই দেখাত জোনৰ দৰেনে ?
মই কওঁ নহয় !
তাই দেখাত পৃথিবীৰ দৰে
যাক চুবলৈ জোনৰ হেঁপাহ থাকি যায় !
তাই বেলি ভিউৰ উদয় হোৱা বেলিৰ দৰে
যাক দেখি মাতাল হয় উজানবজাৰৰ ঘাট !
বনলতাই ঊইলচৰ পেকেট মোৰ পিনে আগুৱাই সোধে
তাই ভাল পায়নে তোমাক ?
মই কওঁ তাই মোক ভাল পালেই চোন সকলো শেষ !
আমি তিনিজনে বহি লিখা
আধালিখা কবিতাবোৰৰ কি হ'ব
দুৰৰ পৰা তাইৰ লচপচ চাই
ঊইলচৰ পেকেটত অঁকা ছবিবোৰৰ কি হ'ব
কি হ'ব মোৰ কোঠাত বাহ লোৱা প্ৰেমীক চৰাইৰ !
মই আকৌ তাইক কওঁ
হাওড়াৰ পৰা শিয়ালদহ যিমান বাট
সেই বাটেদি গ'লেই নিহাৰীকা আৰু তাইৰ ভালপোৱা……!!!!

হীৰেন ভট্টাচাৰ্য


নতুন পাঠ

(কবিঃ হীৰেন ভট্টাচাৰ্য) কবিতা পঢ়ি পাহৰিব পাৰি
পাহৰিব পাৰি কিছু দুখ ,
আনকি গ্লানি ।
কবিতা জীরনৰ অন্য
বিষয়-কুশল ,অন্য প্রত্যাশা,'
শব্দ সংঘ ভাঙি তিৰবিৰ
বন তুলসীৰ
উজাৰি লুকুরা সুগন্ধি
দীঘল উপত্যকা ...

Monday, 23 November 2015

অভিজ্ঞান ফুলকোঁৱৰ

‎আঘোণ‬

কবিঃ অভিজ্ঞান ফুলকোঁৱৰ এমুঠি সপোন লৈ
অকলশৰীয়া পথাৰ খনৰ স‘তে
সাৰে থাকে আঘোণ
মোৰ কোঠালিত বগাই ফুৰে
কুঁৱলীৰ বগাৰঙী সৰীসৃপ…..
গা-ভাৰি পথাৰ এখনলৈ
নিমাত কেকঁনি এটাৰ লগত
কথা পাতে আঘোণীয়া বতাহে
নিয়ৰ সৰে সঘনে
টোপালে টোপালে বিয়পি পৰে
ৰাতিৰ আকাশৰ দুখ
মোৰ ভঁৰালত কুটকুটাই উঠে
পুৰণি বিৰিয়াৰ দাঁত
কান্ধত পিৰপিৰনি উঠে
শুই থকা মঙহৰ বিষ…।
বন কুকুৰাৰ মাতে উৰুৱাই আনে
জিকমিকাই থকা ধানৰ এখনি নদী
দুবৰিৰ পৰা ঠনঠনকৈ সৰে
হেজাৰ কণমানি বেলি
আঘোণ খোজে খোজে বাঢ়ে
কাঁচি ধৰাই ধৰাই
আনিবলৈ উদং ভঁৰালৰ মাত
নৰাৰ বুকুত সিঁচিবলৈ হিয়াভঙা বিষাদ।
মই উদং দৃষ্টিৰে চাওঁ
মোৰ মাজতো আঘোণ
চেঁচা এখিনি চেঁচা লগাকৈ পাৰ হৈ যায় কাণৰ কাষেদি|
কাৰোবাৰ বুকুত বিষাদ জাপি
সৰাপাতবোৰ হিয়াত সাঁচি
আঘোণে মিচিঁকিয়াই .......
আঘোণ সদায় অহা বাটেই ঘুৰি যায়,
আঘোণ সদায় অহা বাটেই ঘুৰি যায়।

বিশাল অনুৰাগ


যমুনালৈ কিমান বাট

কবিঃ বিশাল অনুৰাগ
চাউলৰ খৰাহিত খেপিয়াই তোলা সুখ
মোৰ আঙুলিত সোলোক-ঢোলোক হোৱাৰে পৰা
জালী-গাঁতৰ দৰে হ'ল বুকুখন ।
অ' মোৰ বোবা সময়
মই নিজানত কাক মাৰি থৈ আহিলোঁ
তইতো জানই
মোৰ ভিতৰৰ মই ।
জীৱন বুলিলেই তই বাদ নপৰ
তই বুলিলেই এটা প্ৰতিবাদী সমদল পাৰ হৈ যায় বুকুৰ কাষেৰে
আকাশ বতাহ কঁপাই
কিছুপৰ থৰ লাগি ৰৈ যাওঁ
হৃদয়ৰ কিছু যুক্তি আছিল তোক বিচৰাৰ
বেপৰোৱা তই
মোৰ বুকুত টোকৰ এটা মাৰি শ্ল'গান দি গুচি যাৱ
জীৱনৰ ওচৰত তোৰ বহুত দাবী
অৱশ্যেই তই ঠিকা লোৱা নাই মোক সুখী কৰাৰ
তথাপি তই বুকুৰ কাষেৰেই গগন কঁপাই গলি
আস্ !
তই যোৱাৰ পিছতেই কাঁহ পৰি জীণ গ'ল
হৰি মোৰ ঐ
নিতাল মাৰিলে বুকুৰ মউ মাখিজাক ।
অতীত নামৰ শোক তই মোহাৰি দিছিলি
মই চুমা এটা মাথোঁ দিব খুজিছিলোঁ জীৱনক
বিদ্ৰুপৰ একোটা ধাৰে চুমাটোক অবৈধ বুলি কয়
কাক কওঁ কাক কওঁ
কপালৰ কত ৰেখা ছাঁই হৈ গ'ল
বৈধ এখন পৃথিৱীৰ জুইত ।
তাত শিলে আঁঠু লয় শিলৰ আগত
ঠেকা খাই জুই জ্বলে
জুই শিলৰ আদিম শিল্প
মই শুকান বিৰিখ
পুৰি ছাঁই হওঁ হওঁ মোৰ দেহ-দেউল..
তই নদী
তই বৈ যা
মোৰ ওপৰেৰে বৈ যা
শৰীৰ ভাঙি ওলায় আহক
মন্ত্ৰমুগ্ধ এটি গজালি
জালী-গাঁত যেন মোৰ বুকুত পাগ উঠক মিঠা ৰস
তোৰ বুকুত খেপিয়াই তুলি আনো জীয়াই থকাৰ হেঁপাহ
হৰি মোৰ ঐ
যমুনালৈ কিমান বাট ?

দীপ্তি দেউৰী বৰা


শেষ ঠিকনা
কবিঃ দীপ্তি দেউৰী বৰা

মোৰ চাইকেলৰ কেৰিয়াৰত উঠিবানে অনুপমা
তোমাক মই জীৱন দেখুৱাম ৷
বিলাসিতাৰ শেষ প্ৰান্তত যি জীৱন মানুহে বিচাৰে
যি প্ৰাপ্তিত মানুহে বিচাৰি লয় শেষ ঠিকনা ৷
মোৰ চাইকেলৰ কেৰিয়াৰত উঠাচোন অনুপমা ৷

মনোজ নেওগ


সৰুফুল ফুলাৰ আগত
মনোজ নেওগ

সৰু কথা এটি তেওঁৰ বাবে মনতে লৈ আছিলো
তেওঁ মোক বুজাইছিল
'ডিভাইন কমেডী'
অনেক কথা... দিনবোৰ ,
বেকাৰ কাৰ্ল মাৰ্ক্স ঘূৰি ফুৰে
সুধি ফুৰে
'' পদপথত জীৱনৰ সন্ধান ক'ত ''
আৰু অনেক কথা ; কবিতাই মোক জুৰুলা কৰি আনিছিল
চেইণ্ট হেলেনাৰ সেই নিসংগ সম্ৰাটৰ দৰে

মনালীছাৰ হাঁহিত কি ফুল ফুলি থাকে ; জানানে ?
টিউলিপ নে কণকচম্পা...
তেওঁ মোক প্ৰায়েই সোধে
ভৰ জোনাকৰ তাজমহল নীলা হয় কিয়
প্ৰেম নে বিষাদ ইমানো নীলা হৈ জ্বলে
দুখন হিয়া উজলে এখন
ৰোমিঅ' - জুলিয়েট
জংকী - পানৈ
নীলা একুৰা জুই
জ্বলেনে বাৰু কৰবাত আজিয়ো প্ৰগলভতাৰ সিপাৰে
অশৰীৰি
প্ৰেম.....!

সৰু কথা এটি তেওঁৰ বাবে মনতে লৈ আছিলো
তেওঁ কৈ আছিল
নদীবোৰ উভতি নাহে কিয়
নীলা কিয় হয় সাগৰ
বুজিবলৈ জটিল
বুজাবলৈ আৰু অনেক জটিল প্ৰেমৰ কবিতাৰ দৰে
নীৰৱ
নীৰবতা
সৰু কথা
ইমানো জনাকৈ হয়তো তেওঁ একোৱেই নাজানে
সৰুফুল ফুলাৰ আগতে
ক্ষণিক উশাহবোৰ চেপি থয় ফুলৰ পাতে...।

Wednesday, 18 November 2015

নিভাৰাণী চৌধুৰী

অমানিশা

নিভাৰাণী চৌধুৰী
বহুদিন হ'ল
আইৰ স'তে বহল চোতালখনত
একেলগে নবহা
কাকিনী তামোলৰ চিৰিলি পাতত
টোকোৰা চৰাইৰ
ওলমি থকা বাহবোৰ লেখি লেখি
আইৰ স'তে চুপতি নমৰা।
আয়ে কয়-তোক জেঠো মেটৰত দিম
মই কওঁ-আই বৰ ভাল
ৰজাঘৰীয়া প্ৰজাঘৰীয়াৰ
উচ্ছিষ্ট আৰু জাবৰৰ
সিয়েই দেখোন সদ্গতি লগায়
তাৰ দৰে স্বচ্ছ
আৰু কোন আই!
আয়ে কয়-তোক কানাই গৰখীয়ালৈ দিম
মই কওঁ -আই কানাইৰ বাঁহীৰ সুৰে
মোক মতলীয়া কৰে
কানাই অবিহনে
ভৰুণ পথাৰ উদং হ'ব
তহঁতৰ ভঁৰালবোৰ মুখ মেলি ৰ'ব
কানাইতকৈ লায়ক বৰ কোন আই!
আয়ে কয়-তোক গোপাল ভাড়ীত দিম
মই কওঁ-আই গোপাল ভাড়ী নমস্য
চ্যুট- টাই পিন্ধাহঁত
তাৰ কাষত নত'
গোপাল ভাড়ীৰ সুঠাম শৰীৰ
মই ৰ' লাগি চাওঁ আই
গোপাল ভাড়ী মোৰ
বৰ হ'ব পায়।
মোৰ চুলিত খেলা খেলি
আয়ে মিচিকিয়াই হাঁহে
আইৰ মিঠা হাঁহিত
ডালিম ফুল ফুলে।
আইৰ তিৰবিৰীয়া দুচকুত
সুখ বিচাৰোতে
সিদিনা দেখিলো
আইৰ হাঁহিটো হেৰাল
চোতালৰ তুলসীজোপাৰ কাষত
পিতাইক থোৱাৰ পাছত
আইৰ ঘোলা দুচকুত দুখৰ কৰাল।
আইৰ ঘৰৰ বহল চোতালৰ
পূৰ্ণিমাৰ জোনটোত
এচমকা ডাৱৰ বাৰুকৈয়ে শিপাল।

শ্ৰী তপন চন্দ্ৰ তালুকদাৰ

শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মোৰ অনুভৱ



কাবেৰী কছাৰী ৰাজকোঁৱৰ

প্ৰত্যাবৰ্তন
(অনুপ চেতিয়া মহাশয় সমীপেষু)
হেজাৰ নিসংগ নিৰ্জন ৰাতি কেনেদৰে
পাৰ হৈছিল নাজানো....
কাৰাগাৰৰ সময় দীঘলৰ পৰা দীঘলতৰ
আঘোনৰ সোনালী ধানৰ মালিতা...
ৰবাব টেঙাৰ ৰঙা জিম চিঠি পালে উত্তৰ
দিম...দিনৰ মাদকতাত তামৰঙী প্ৰলেপ
সূৰ্য দিনৰ গান ...
স্বাধীনতা.এখন স্বদেশ সেউজ অসমভূমি...

কবিঃ  কাবেৰী কছাৰী ৰাজকোঁৱৰ

প্ৰিয়াক্ষী প্ৰিয়দৰ্শিনী শইকীয়া


ৰজস্বলাৰ বিষ ক'ত
( প্ৰিয়াক্ষী প্ৰিয়দৰ্শিনী শইকীয়া )

সেই দিনটোৰ কথা। তাই বুজা নাছিল তাই কৰবাত গজালৰ ওপৰত বঢ়িছিল নেকি। কটা ঠাই কণত বিষো হোৱা নাই । তাই মাকক নাপাই বাতৰি কাকত পঢ়ি থকা দেউতাকক চকু ঢুলঢুলীয়া কৰি কৈছিল গৈ ' পিতা মোৰ কিবা এটা হৈছে ।' তাৰ পাছত , দেউতাকৰ চিঞৰ; উধাতু খাই অহা মাক আৰু মাকৰ কান্দোন । মাকে কন্দা দেখি তাইও তত ধৰিব নোৱাৰি ফেঁকুৰি ফেঁকুৰি কান্দি দিছিল। এই যে ওচৰৰ বৰমা , আইতা, খুড়ী হ'তে অলপ সময়ৰ পাছতেই ভৰাই পেলাইছিল তাঁহাতৰ ঘৰ...ঠিক সেইদিনাৰ পৰাই তাই বুকুত কঢ়িয়াই লৈ ফুৰিছে সেই বিষটো। তাইক আঁচুতীয়া কৰি ৰখা হৈছিল। ককায়েকে চানা চোবাই চোবাই মৰমতে তাইলৈ চকলেট এটা দলিয়াই দিছিল...' মায়ে তোক চানা খাবলৈ নিদিয়ে .., এইটো ল'। তলত বঢ়ি অতিষ্ঠ হোৱা তাই কোনোবা নথকা যেন পালেই মনে মনে কাষৰ চকীখনত অলপ সময়ৰ বাবে বঢ়ি লৈছিল গৈ..। মাকে শিকাই দিয়াৰ মতেই তাই শিকিছিল নিয়মবোৰ। নুবুজাকৈয়েই তাই আঁঠু লৈছিল এটা প্ৰতিকীৰ আগত...এটা তামোল পুলি।
তাই বুজিছিল সেইদিনাৰ পৰা যেন কিবা এটা সলনি হৈছে । তাইৰ শৰীৰৰ পৰিৱৰ্তনৰ লগতে পৰিৱৰ্তন হৈ আহিছিল তাইৰ ওচৰৰ কিছুমান মানুহ। ৰিমু হঁতৰ কলেজত পঢ়ি থকা মোমায়েকে আগতে তাইক মতা মনত নপৰে। কিন্তু তাইক দেখা পালেই লৰাটোৱে বৰ ধুনীয়াকৈ হাঁহি এটা মৰা হৈছিল । এইযে নুবুজা হাঁহিবোৰ তাইৰ বাবে আছিল এটা বিষ। প্ৰতি মাহে তাই আৰু মাকৰ মাজত এখন যুদ্ধ লাগে। মাকে তাইক তিনিদিন এটা সীমাৰ মাজত ৰাখে। তাই যে অস্পৃশ্য কিহৰ বাবে???
নিয়মবোৰে তাইক মেৰিয়াই আবুৰ কৰি ডাঙৰ কৰিলে, নাপায় বোলা বোৰ জুকিয়াই চাওঁতে চাওঁতেই তাইও এদিন মাক হ'ল আৰু তাইৰ বিষবোৰ আইতাকৰ পৰা তাইৰ মাক, মাকে তাইৰ কোলাত দিয়া 'কণাই' টোৰ দৰেই তাই তাইৰ জীয়েকৰ বুকুত বিয়পাই দিলে সেই বিষটো।
আপোনালোকে গল্প বুলি পঢ়ি আছে? তাই মাত্র আপোনাৰেই � ছোৱালী অথবা ভন্টি। এতিয়া শুনক তাইৰ বিষটো নোহোৱা কৰিবলৈ আপুনি কৰিবলগীয়া কৰণীয় খিনি.-
১/ ঋতুমতী হলে সৰু হৈ থকা ছোৱালী জনীক সেইয়াযে স্বাভাৱিক সেইটো বুজাওক। অযথা নিয়মৰ হেঁচাত তাইক মানসিক কষ্ট নিদিব। আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন পুৰুষকে তাইৰ লগত এজনী সৰু ছোৱালী হিচাবে আচৰণ কৰিবলৈ শিকাওক।
২/ সমাজৰ আগত তাইযে ঋতুমতী হ'ল সেইয়া প্ৰচাৰ কৰাৰ প্ৰয়োজন নাই। তাইক পণ্য কৰি নেপেলাব।
৩/ আগৰ দিনত ডিচপজেবল নেপকিনৰ ব্যৱহাৰ নাছিল , সেয়েহে মহিলা সকল এই নিৰ্দিষ্ট দিন কেইটাত বাহিৰলৈ ওলাব নোৱাৰিছিল । এনে অৱস্থাত চাফ চিকুণ হৈ থাকিলে বহুত ক্ষেত্ৰত স্বাস্থ্য ভালে ৰাখিব পাৰি, যিটো আজিৰ দিনত তেনেই সহজ। তাইক অত নুচুবি তত নুচুবি কৰি থকাতকৈ পৰিস্কাৰ হৈ থকাত সহযোগ কৰক।
৪/ আচলতে এই দিন কেইটাত মন ভালে ৰখা বহুত জৰুৰী। তাইৰ মানসিক সন্তুষ্টিত গুৰুত্ব দিয়ক।
৫/ তাইক প্ৰয়োজনত কৰবাত যোৱাত বাধা নিদিব । তাইযে ল'ৰাৰ পৰা পৃথক এই কথাই তাইৰ মানসিক দৃঢ়তা কমাব পাৰে ।
৬/ যিমানেই আপুনি তাইৰ মনটোক বুজিবলৈ চাব, তাইৰ ওচৰ চাপিব। 'মোক কোনেও নুবুজে' এই উপলব্ধিয়ে আবেগিকভাৱে তাইক দূৰ্বল কৰে আৰু বহু ক্ষেত্ৰত তাই বেয়া মানুহৰ ফান্দত পৰিব পাৰে। মনত ৰাখিব অলপ আবেগৰ বাবেই তাই সৰ্বস্ব হেৰুৱাব লগাও হ'ব পাৰে।

Monday, 16 November 2015

কৌস্তভমণি শইকীয়া দত্ত

সময়
(কথা-কবিতা)
মনত পৰেতো তোমাৰ ? উপহাৰ দিছিলা মোক নিটোল এটি ঘড়ী.. কৈছিলা- সময় অনিৰুদ্ধ, মইহে ৰুদ্ধ তোমাৰ প্ৰেমত...। বুকুৰ পাৰ ভাঙি বৈছিল সুখৰ বন্যা । অকনমানি.. সোণালী..ক'লা ডায়েল.. বৰ ধুনীয়া, পিছে নাছিল তাত সময়ৰ বাৰটা দাগ । অতি মসৃণকৈ ঘূৰিছিল সময়ৰ কাঁটা....। 'এনেয়ে অকনমানি, ঘণ্টাৰ দাগো নাই- মইনো সময় কেনেকৈ চাম?' তুমি ব্যতিব্যস্ত হৈ কৈছিলা- 'মৰমে সময়ৰ দাগ নাৰাখে, তুমি এনেকৈয়ে সময় পাৰ কৰিবা, গমেই নাপাবা । তোমাৰ লাহী হাতত মই সময় হৈ ৰ'ম... অনিৰুদ্ধ সময় আৰু ৰুদ্ধ মই ।'বহুদিন হ'ল ।
এতিয়াও ৰুদ্ধ তুমি । এতিয়াও ৰুদ্ধ মই । পিছে তুমি চোৱাচোন- এয়া মোৰ জীৱনত এটি দুটিকৈ সময়ৰ দ কৈ কাটখোৱা দাগ... মচি দিবানে আহি ( কচমেটিক্ চাৰ্জাৰী ?) নে উপহাৰ দিবা মোক সময়ৰ দাগ কটা নতুন ঘড়ী?

কৌস্তভমণি শইকীয়া দত্ত

উত্পল জোনাক হাজৰিকা


চিলা
কবিঃ উত্পল জোনাক হাজৰিকা
নিতিতা মাটিৰ আঁহ চিঙি
আজুৰিলে নেৰাই
সোঁততে হেৰাব বুলি ভবা
এপিয়ন চেনেহৰ এঠা
তোক
মোক
হেঁপাহৰ গাখীৰতি ওঁঠ
আঁহতৰ তলত
ফুৰফুৰাই পাবি
এজোলোকা বগৰি জেঙৰ ছাঁ

ৰঞ্জন বর্মন


পৰিবৰ্তন

ৰঞ্জন বর্মন

বহু দিনৰ পিছত আজি উভতি আহিছো
গাঁৱৰ পুৰণি ঘৰখনলৈ
মাটি খান্দি বিচাৰিছো সোণোৱালী শৈশৱ, ল’ৰালি


সেই সোণোৱালী ধাননি
উভতনি গো-বাটৰ ধূলিৰে আকাশ উদুলি-মুদুলি
নদীৰ বকুত মাৰ যোৱা ৰান্ধনি বেলি
ৰাতি ৰৈ ৰৈ বজা বাঁহপাতৰ বাঁহী
আনকি আইতাৰ মুখৰ সেই ৰাঙলী হাঁহি
সকলো একেই আছে

একেই আছে
গাঁৱৰ সোঁ-মাজৰ নামঘৰ, ৰাস্তা, স্কুলঘৰ
আজিও নামঘৰৰ ডবাৰ মাতত গাঁৱলৈ ৰাতি নামে
কুকুৰা চৰাইৰ ডাকত ৰাতি পুৱাই
সকলো একেই আছে পূৰ্ব্বতে যিদৰে আছিল

কিন্তু…
একে নাই
গাঁৱৰ ঘৰবোৰৰ আয়তন একে নাই
এৰা…সৰু জুপুৰি ঘৰবোৰ ডাঙৰ হ’ল…বহল হ’ল…
আৰু মানুহৰ মনবোৰ ঘৰবোৰৰ তুলনাত বৰ ঠেক হ’ল...


Sunday, 15 November 2015

মিনাক্ষী মেচ


আমৃত্যু এই প্ৰেম

মোক ভৰুণ কৰি তোলা
তোমাৰ মৰমত / হেঁপাহত
নি:শেষ হ'ব নিদিবা
হতাশাৰ অন্ধকাৰত;

মোক জী উঠিব দিয়া

তোমাৰ আকুলতাত
পান কৰি তোমাৰ
মন-সৰোবৰৰ স্নিগ্ধতাত সুন্দৰতাত;
হৃদয়ত প্ৰস্ফুটিত হোৱা
প্ৰেম পখীৰ স্পন্দনৰ মাদকতাত
অংকুৰিত কৰিব দিয়া
জীৱনৰ মাধুৰ্য্যতা;

নক'বা কেতিয়াও--

" তোমাৰ অবিহনে
জীয়াই থাকিব নোৱাৰিম !"

যদি কোৱা তেনে জানি থোৱা

"তোমাৰ প্ৰতি মোহভঙ্গ হ'ব মোৰ !"
মোৰ বিশ্বাস -
"প্ৰেম" আমৃত্যু"
প্ৰেম" সৰগীয়,"
প্ৰেম" ক্ষণস্থাযী নহয়।‌।‌।‌।‌

কবিঃ মিনাক্ষী মেচ

নিকুমণি শইকীয়া


ধাৰাবাহিকতা

কবিঃ নিকুমণি শইকীয়া

ক্ৰমাত্‍
আন্ধাৰে গ্ৰাস কৰি আনিছে
চিনাকী চহৰখন ,
লোডশ্বেডিংত অভ্যস্থ মানুহ বোৰ
শব্দৰ প্ৰদুষণ
গমিব পাৰি
এক অঘোষিত প্ৰতিযোগিতা চলিছে
ক্লান্তিৰ প্ৰলেপ নাই
যদিও
ভগৰুৱা ৰাজপথত
ধৰুৱা জীৱন
ধাৰাবাহিকতাত হেচি ঠেলি
আগবাঢ়ে
বেচিজিল এক জীৱন্ত
অথচ তিক্ত পদ্ধতি
জীয়াই থকা
আওমৰণে মৰা ভয়ত ।
ধাৰাবাহিকতাতে
সামৰি লয়
আন এক
ধাৰাবাহিকতা ।

অজন্তা তালুকদাৰ


‎পথাৰ‬, আঘোণ আৰু অলপ কথা

কবিঃ অজন্তা তালুকদাৰ

যেতিয়াই দেখো আঁচল পাতি
জিলমিলাই ৰৈ থাকে তাই
নীলগুৰিবোৰ আকাশলৈ সিঁচি
সোনোৱালী আঘোণৰ সোণগুটি চটিয়াই
বুকুখন গধুৰ কৰি লয়
তাত তল ভৰি সৰি ৰয় ল'ৰালিৰ স্মৃতি
তাই পথাৰ, তাতে আঘোণ
এতিয়া তাই
নিৰহ-নিপানী যৌৱন দাপোণ
মোৰ দৰে সেইজনো
আজি তাইৰ মোহতে আকুল
সোণগুটিৰ স'তে হেনো বুটলি আছে
শৈশৱ যৌৱন জীৱন অংকুৰ
পৰা হ'লে
পৰা হ'লে হেনো টুকি ল'লেহেঁতেন
বুকুৰ মেঘচপৰাৰে মেৰিয়াই
গোটেই পথাৰখন
আৰু জীৱনৰ স'তে কৰিলেহেঁতেন
অভিনয়বিহীন অভিনৱ সংগম
আঘোণী বেলিৰ মাজ তলতে
তেওঁ আজি সেই তামৰঙী পথৰুৱা প্ৰেমৰ প্ৰেমিক
হয় যদি হওক আজি তেওঁ সংগীবিহীন
হালি-জালি পথাৰখন যে
বুকুৰ ভিতৰলৈকে বৈ আহিছে ঢৌ খেলি
বুকুৰ ভিতৰখন আজি তুলনাবিহীন
নি:শব্দে সেইজন পথাৰৰ প্ৰেমিক
পথাৰখনো যে তলে তলে হৈ উঠিছে অভিসাৰী
মানুহ যাৰ আদিম অতিথি !

নিবেদিতা হাজৰিকা


কবিতা
কবিঃ নিবেদিতা হাজৰিকা

(১)
শিলাময় পাহাৰৰ ওপৰেৰে বাট বুলি বুলি
মই যেতিয়া ক্লান্ত হৈছিলোঁ
তুমি ৰঙা পতাকা খন জোকাৰি মাতিছিলা
আৰু দেখুৱাই দিছিলা জীৱনলৈ যোৱাৰ বাট,
দূৰৰ আকাশত তেতিয়া চিক্ মিক্ দুটি
তৰাৰ আলাপ !
(২)
হালধীয়া, বেঙুনীয়া ফুলবোৰৰ মাজেৰে গৈ গৈ
আমি এখন নদী পালোঁ
চকুপানীৰ ;
দুওঁঠৰ উজ্জ্বলতাৰে তুমি চকুপানীবোৰ শুহি ল’লা
আৰু পাতি দিলা বুকুত মোৰ
এখনি ব্যকুল শস্যভূমি !

মাচুমা খান

মৃত্যু

তোমাৰ প্ৰেমত পৰিবলৈ মন নাই অকনো ,
জীৱনৰ বিলাসী প্ৰেমিকা হৈ পাৰ কৰিব মন মোৰ আৰু কেবাটাওঁ বসন্ত ৷
ধাৰ্য্য কৰি নিদিবা মোৰ বাবে
কিছু পলৰ আনন্দ ,
জীৱনক উপভোগ কৰি
পৰাজয় কৰিব বিচাৰো
হেৰাই যোৱাৰ সেই আতুৰতা ৷
অনামিকাত ধৰি
কোনোবাই দেখুৱাব নেকি
তোমাক পৰাজয় কৰাৰ
বাট ?
তোমাৰ সতে হেৰাই গ'লে
কাৰোৱাৰ বুকুৰ এফাল হৈ পৰিব শূণ্য ,
হাজাৰ প্ৰতিশ্ৰুতিয়ে কৰিব
প্ৰতাৰণা কাৰোবাৰ নিৰ্ভেজাল মৰমক ৷
মৃত্যু...
তুমি পাহৰি যোৱা মোক
কিছু সময়ৰ বাবে ,
মোক পুনৰ হৈ পৰিব দিয়া
জীৱন উপভোগৰ বিলাসী প্ৰেমিকা ৷

মাচুমা খান

Saturday, 14 November 2015

ডা০ভূপেন শইকীয়া


চেনেহী চিয়াহি

চিয়াহি আজি এক নষ্টালজিয়া
পাহৰিব ধৰা চিয়াহি কলম
দিস্তা কাগজত শুৱনি আখৰেৰে ভৰাব খোজা পৃষ্ঠা
সময়ত গতিবানত যেন উটি যাব ধৰিছে
চিয়াহি কলমৰ যুগ হয়তো নাহিব আকৌ দুনাই
আজি যি নতুন সেয়াও হয়তো হব পুৰণি কালিলৈ
সেয়ে এয়া মাথো মৰমৰ স্মৰণ চিনাকী চিয়াহি তোমাক আখৰৰ মাজেৰে !



ডা০ভূপেন শইকীয়া

Friday, 13 November 2015

অলকেশ কলিতা



তাই_বেশ্যা_নাছিল


অবচেতন মনে এতিয়াওঁ মাজে মাজে চেতন মনক কয়
তাই বেশ্যা নাছিল
বৈধ যুগ্ম জীৱনৰ এটি মিঠা সপোনৰ তাই বাস্তৱ
মৰমৰ আলসুৱা
যেন লহপহকৈ বাঢ়ি অহা কাননৰ তাই কুঞ্জলতা
আধুনিকতা তাইৰ বৰ প্ৰিয়
সেয়ে কিজানি সময়তকৈ সদায় দুখোজ আগবঢ়া
যিমানে চঞ্চলা
সিমানে অপৰূপা, নিৰ্ভিক আৰু প্ৰতিভাপূৰ্ণা
নদীৰ দৰে মাথোঁ বাধা নেওঁচি বৈ ভালপায়
তাইৰো আছে সাগৰত মিলাৰ এটি সপোন
তাই যেন উৰণীয়া পখী
উৰি ফুৰে সঁজাৰ বান্ধোন ভাঙি
তাইৰ লয়লাসত নাচি উঠে পুৱাৰ ৰজনী
তাইৰ কণ্ঠৰ কুঁকিল সুৰত প্ৰেমিক হয় ধৰণি
কিন্তু তাই বেশ্যা নাছিল
সংগোপন দুখৰ দেদ্দীপ্যমান বেথাৰ ভাণ্ডাৰ বুকুত বান্ধি
মাথোঁ বিলায় ফুৰিছে হাঁহিৰ ৰেঙণি
শুনিছা জানো কেতিয়াবা তাইৰ উচুপনি,
কিয় শুনিবা
কোনেওঁ নুশুনে
মচিছা জানো কেতিয়াবা তাইৰ বৈ অহা চকুলো মালা
কিহৰ প্ৰয়োজন
মাথোঁ তাই আনৰ সুখৰ সমভাগি
বৰ উচ্চ আকাংক্ষী
উকা হৃদয় পালেই চতিয়াই প্ৰেমৰ অনুভূতি
তাই কিন্তু বেশ্যা নাছিল
হৈ পৰিছে তাই বহুতৰ আজৰি সময় অতিবাহিত কৰা এবিধ অত্যাধুনিক সামগ্ৰী
এতিয়া তাই নায়িকা বহু জনৰ প্ৰেম কাহিনিৰ
কিন্তু তাই বেশ্যা নাছিল
তাই জোনাক বিলায়
প্ৰেমৰ একাঁজলি সঁহাৰি বিছাৰি ফুৰা প্ৰেমিকক
আকৌ নিসংগ ৰাতি তায়ে নিজকে সোধে জোনাকীক কোনেওঁ নুসোধে কিয় জোনাকীয়ে বিছাৰে কি
বাধ্যতাৰ বান্ধোনৰ মাজত কেতিয়াবা তাই চটফটাই ডেউকা ভঙা পখীৰ দৰে
পাহৰি যায় উল্লাসত তাই
মুক্ত আকাশৰো যে অদৃশ্যমান আছে এডাল সীমাৰেখা
প্ৰতি গধুলি অস্তমিত সুৰুযে তানি আজুৰি আনে তাইক স্ব বাহলৈ বুলি
প্ৰতি পুৱা ফুলে হৈ তাই আনৰ বাবে সুগন্ধি পাপৰি
আকৌ মৰহি যায় প্ৰতি গধুলি
মৰহা ফুলৰ জানো কোনোবাই বিছাৰে সুবাস
নে মৰহা ফুলে কাৰোবাৰ সৌষ্ঠব বঢ়াই
তথাপিওঁ কয় অবচেতন মনে তাই কিন্তু বেশ্যা নাছিল
তাই কাৰোৱাৰ একান্ত আপোন
কাৰোবাৰ বাস্তৱ জীৱনৰ সপোন
উজাগৰী নিশা এতিয়াওঁ উচুপে সেই নৈ পৰীয়া মাতাল প্ৰেমিক জনে তাইৰ অনুপস্থিতিৰ শোকত
তেনেকৈ তাই উচুপে নিশাৰ নিৰবতাৰ কোলাহ'লৰ মাজত
সকলো থাকিওঁ আজি যেন কোনো নাই তাইৰ কাষত
তাইৰ মৌসনা হাঁহিৰ লক্ষ্যধিক প্ৰেমিক
কিন্তু তাই চকুলো মচিবৰ সময়ত সিহঁতৰ নাই যে আজৰি
তাই প্ৰেমৰ ৰাগীনি
সকলোকে বিলাই সম ভাবে তাইৰ হৃদয় খনি
কিন্তু এতিয়াওঁ অবচেতন মনে কয় চেতন মনক
তাই কিন্তু বেশ্যা নাছিল বুলি

কবিঃ অলকেশ কলিতা

ড০ প্ৰফুল্ল ডেকা


দীপাৱলী(১)


দীপান্বিতাৰ প্ৰোজ্বলিত বন্তিৰ শিখাত
এন্ধাৰৰ গুপুত প্ৰেম
আতচ-বাজীৰ ব্যস্ততাৰ মাজত
নীৰৱতাৰ অপেক্ষা
উখল-মাখল ইয়াত... তাত
তোমাৰে মোৰে হিয়াত
সংঘাত তেনেহলে ক’ত
তোমাৰে মোৰে মাজত, নে
ইচ্ছা অনিচ্ছাৰ এন্ধাৰ পোহৰত...।



দীপাৱলী... (২)


নিঃশব্দে তুমি শুই পৰিছিলা
মোৰ কাষৰতেই
তোমাৰ গভীৰ উশাহৰ শব্দই
মোক জাননী দিছিল
কিমান নিশ্চিন্ত তুমি
মোৰ উপস্থিতিত...
যেন আজলী হৰিণী
জিৰণি লৈছে নিজৰাৰ পাৰত
তোমাৰ দুচকুৰ পাহিত
এতিয়া অভিমানী স্বপ্ন
সেয়েহে মই তোমাক নজগাও
বাহিৰত এতিয়া ৰ’দৰ দীপালী
তথাপিও তোমাক নজগাও...।।



ড০ প্ৰফুল্ল ডেকা

পূৰ্বালি শৰ্মা বৰদলৈ

অনুতাপ

 কিয়, কিয় এনে হয়?
 দুয়োৰে সিৰত দেখোঁ একেই তেজ বয়?
 অথচ তই ওখ ,
মই চাপৰ
 তই মালিক,
মই চাকৰ
একেখন আকাশৰ তলতেই কিয় তই আপোন মই পৰ??


দুখ

কলিজাখন ৰৌ ৰৌৱাই জ্বলে
কাৰ জানো পদূলিত
আহিনৰ শেৱালি সৰে!
আওপুৰণি দুখ এটাই
বাৰে বাৰে
 উশাহবোৰক অসহায় কৰে
 আপোনেই হওক বা পৰ
এতিয়া আৰু কোনে কাৰ দুখ বুজে?
 সৰা শেৱালি
দুবৰিৰ বুকুতেই মৰহে
প্ৰতিপল প্ৰতিদিনে।।


সখী তোৰ দুখত

নজোন ওলোৱাৰ দিনাই
তইদেখোন জোনজনী হৈ
পৈয়েৰৰ ঘৰ গছকিছিলি!
এতিয়া পিছে কেনে আছ?
শুনিছো তই বোলে এলাগী হ'লি?
 বংশটো আগুৱাব নোৱাৰি
 চুৱাপাতনিতে ঘৰ সাজিলি??


এতিয়া আৰু বৰষুণৰ গান ভাল নালাগে

 এতিয়া আৰু বৰষুণৰ গান
ভাল নালাগে,
বানে ধোৱা গাওঁখন
গৃহহীন মানুহবোৰ
দেখাৰ পিছতো গাব পাৰি জানো
বৰষুণৰ গান??

বৰষুণ ভালপোৱাৰ গান??




(কবিঃ পূৰ্বালি শৰ্মা বৰদলৈ)

বৰ্ণালী বৰুৱা


গছ ভালপোৱা ককাৰ খং

বৰ্ণালী বৰুৱা

বাচখন যাবলৈ তেতিয়াও কিছুসময় বাকী।অৱসাদে দুচকু জপাই আনিছে। এনেতে দুগৰাকী মহিলাৰ কথোপকথন কাণত পৰিল __
" বুজিছা , আজিকালি ল'ৰাতকৈ ছোৱালীয়েই ভাল অ'।বেলেগ এঘৰলৈ ওলাই গ'লেও মাক বাপেকৰ ঘৰখনলৈ কম চিন্তা কৰেনে ! আজিকালি ল'ৰাবোৰেতো মাক বাপেকক বুঢ়া হ'লেও নোচোৱা হ'ল। নাতিনী এজনী জন্ম হৈছে..ভাগ্য ভালেই তোমাৰ।"
আনগৰাকীয়ে উত্তৰ দিবলৈ নাপাওঁতেই গমগমীয়া পুৰুষ কণ্ঠ এটা শুনিলোঁ__
" ঠিকেই কৈছা।এই ল'ৰাবোৰৰ পৰা অলপো সুখ নাই বুজিছানে।ছোৱালীবোৰ ইমান ' অগিয়ানী ' নহয় হে "।
প্ৰথম গৰাকীৰ পাছত এইজন যাত্ৰীৰো ল'ৰা বিদ্বেষৰ কাৰণ জানিবলৈ কাণ দুখন স্বাভাৱিকতে থিয় হ'ল।
দেখিলোঁ বেচ তজবজীয়া ককা এজন।ধূতি পাঞ্জাৱী পৰিহিত , কান্ধত গামোচা।
তেওঁ কোৱা কথাবোৰৰ সাৰমৰ্ম এনেধৰণৰ __
ঘৰত সৰু পুতেকৰ বিয়া।দেউতাক দুদিন ঘৰত নাথাকোতে বিয়াৰ ৰভা দিবলৈ অসুবিধা হ'ব বুলি বাৰীৰ দুজোপা গছ পুতেকহঁতে কটাই পেলালে।পদূলি মূৰৰ বেলগছ জোপা আৰু নাৰিকল গছ এজোপা। নিজৰ সন্তানৰ দৰেই প্ৰতিপাল কৰা গছ দুজোপাৰ এনে দুখজনক পৰিণতি দেখি খঙে - দুখে একো নাই হৈ বুঢ়াই পুতেকহঁতক গালি পাৰিবলৈ ধৰিলে।ল'ৰাহঁতেও এনেকুৱা ' বাজে চেণ্টিমেণ্ট ' ধৰি ৰখা পুৰণি মনৰ দেউতাকক কথা শুনালে।মনৰ দুখত বুঢ়াই তেজপুৰত থকা বৰপুতেকৰ ঘৰ পালেগৈ।কিন্তু তাতো সেই একেই কথা। বৰপুতেকেও তেওঁৰ মনৰ পীড়া অনুভৱ নকৰিলে।বিয়াৰ সময়ত সৰু সুৰা কথাৰে ঘৰখনৰ পৰিৱেশ নষ্ট নকৰিবলৈহে ক'লে।
" মই আহিছোঁ তাৰ বিয়াখন ভালেৰে হৈ যাওক বুলি।নহ'লে ৰাইজে মোকেই দূষিব নহয়। আজি ইহঁতৰ মাক থকাহ'লে ......"
আধুনিক , যান্ত্ৰিক জীৱনত এই বুঢ়ামানুহজন , সময়ৰ সৈতে খাপ নোখোৱা এজন ' ইমপ্ৰেক্টিকেল ' মানুহ হয়তো।কিন্তু মানুহজনৰ সৰলতা আৰু প্ৰকৃতি প্ৰেমে মুগ্ধ কৰিলে।সেউজীয়া ভালপোৱাজনক , সেউজীয়াৰ অভাৱে কিমান কষ্ট দিয়ে সেয়া উপলব্ধি কৰিলোঁ।
সাহিত্যই সমাজ প্ৰতিফলিত কৰে।এই বুঢ়া মানুহজনেই জানো ভৱেন্দ্ৰ নাথ শইকীয়াৰ ' গছ ভালপোৱা ককা ' ( গছ ভালপোৱা ককাৰ খং কবিতাটিত উল্লেখ থকা ) জন নহয় ?
সঁচাই ,
" আমাৰ বাবে যদি শান্তি আছে
চিৰশিশু মানুহৰ মহা মূঢ়তাত
তামোলৰ পিকসনা ,
আইতাৰ জধলা চুমাত "।

ৰক্তিম শৰ্মা


ড০ মামনি ৰয়চম গোস্বামী

ৰক্তিম শৰ্মা

শীতৰ ওৰণি গুচাই
কোনো এক বিন্দুত শেষ হোৱা ৰাতি
যন্ত্ৰনাত দহি দহি
আকাশৰ পৰা তৰা এটি খহি পৰিল ;
অৰণ্যৰ বুকু জ্বলি জ্বলি স্তব্ধ হৈ পৰিল
শান্তিৰ হকে যোৱা এটি সমদল।
তুমি কোন ,
হে সমদলৰ আগশাৰীত ঠিয় হোৱা সুনয়না ?
তুমিটো সমাজৰ অন্যায় সহি সহি
পাতাল সাধি লোৱা সীতা নোহোৱা,
তুমিতো জোৱান অৱ আৰ্ক
নতুবা মোৰ দেশৰ জয়মতী।
দতাল হাতীৰ হাওদাত বহি
তোমাৰ তামৰ তৰোৱালখনত কেতিয়াবা শাণ দিছিলানে থেংফাখ্ৰী ?
মোৰ দেশৰ অলিয়ে গলিয়ে এতিয়াও ৰাধেশ্যামীৰ ভিৰ।
তুমিটো জানাই,
শীতৰ সেমেকা ৰাতি
এতিয়াও অৰণ্যৰ পৰা উভটি অহা নাই মোৰ সহোদৰ ভাই।
এটি শুকুলা ঘোৰাই পূবৰ দুৱাৰত থমকি ৰল।
আজি সূৰ্য উঠা নাই,
মাথো তোমাৰ কপালৰ তেজৰঙা ফোটটোত
জিলিকি উঠিছে জগতৰ সমস্ত জ্যোতি,
তুমি সূৰ্য
তুমি মামনি ৰয়চম গোস্বামী।
যেন এটি গায়ত্ৰী মন্ত্ৰই লুইতৰ বুকুৱেদি বৈ আহি
কণ্ঠৰুদ্ধ কৰে আমাৰ !
জি়ঞ্জিৰামৰ পাৰতো শুনো তাৰ প্ৰতিধ্বনি
দহি দহি শেষ হোৱা এটি কবিতাৰ ছন্দ হেৰাই যোৱাৰ যন্ত্ৰণা।
মোৰ প্ৰিয় কবিয়ে কোৱাৰ দৰে...
‘’
এটি গীত শেষ হল
এটি সুৰ শেষ হল
এটি সূৰ্য হেৰাই গল...।‘’
হাস্পাটালৰ নিজান কোঠাত
নিয়তিৰ চিত্ৰকৰে এখনি ছবি আকি গ
যাৰ ফ্ৰেমত হাত থৈ উচুপি উঠা দিন
মোৰ দেশৰ মানুহৰ বুকুৱে বুকুৱে
নিদাৰুন সময়ৰ পক্ষ্যাঘাট।
শীতৰ দিনবোৰ আতৰি যোৱা নাই
সুসময়ৰ আলোকত ফুলি উঠা নাই
আঘোণৰ চোতাল।
ছিন্নমস্তাৰ দৰে আমিবোৰ ৰৈ আছো
বুকুত যন্ত্ৰনা।
এটি সূৰ্য উদয় হওঁক
এটি সুৰৰ জন্ম হওঁক
এবুকু ৰদালি স্বপ্নত বিভোৰ হওঁক
এন্ধাৰৰ বাট কাটি
এক নতুন দিনৰ যাত্ৰা।
আহক আমি পদুলি মুখত ৰুই থও এজোপা নাহৰ
যাৰ নাম হওঁক ড০ মামনি ৰয়চম গোস্বামী


দিপাংকৰ ডেকা

আৱৰ্ত সুখৰ সন্ধানত মৰীচিকাৰ বুকুত
দৰদামত হেৰাই পৰিছিল
তাইৰ জাগ্ৰত সপোন l
ক্ৰমশঃ ……
এলান্ধুৰ এনাজৰীত হেৰাই যোৱা এটি মাতত
খহি পৰা বুকুৰ কাচোন আৰু তাইৰ বৈৰাগী বীনৰ সুৰত
বাজি উঠিছিল এন্ধাৰৰ বুকুত
প্ৰতি নিশাত আলিংগনৰ কিৰিলি l
প্ৰতি নিশাই তাই অসূয়া হৈ পৰিছিল ,
প্ৰতি নিশাই তাই পতিতা হৈ পৰিছিল
প্ৰতি নিশাই তাইৰ দেহৰ ভাজত
ক্ৰমে পতিত হৈ পৰিছিল এখন সমাজ l
নিশাটিৰ শেষত ……
গলিটোলৈ পোহৰ সোমাই আহোতেই
দোকমোকালিত ভাঙি উঠিছিল
তাইৰ বুকুত গেৰ্ ধৰা এটি নতুন সপোন l
আজি
পোহৰত নগ্নতা ঢাকি তাই হাঁহে
এখন ভদ্ৰ সমাজ আৰু এখন চিনাকি মুখ
যাৰ ওঁঠত তাইৰ দেহৰ লুনীয়া সোৱাদ l

নিভাৰাণী চৌধুৰী

ক্ৰমবিকাশ

নিভাৰাণী চৌধুৰী  

সিন্ধু উপত্যকাত 
সভ্যতাৰ ক্ৰমবিকাশ
বল্কলধাৰী মানৱৰ দেহত
সভ্যতাৰ ৰঙীন বসন।
পৰুৱাৰ দৰে লানি পাতি পাতি
আদিম মানৱৰ শতযোজনৰ 
যাযাবৰী যাত্ৰা ।
পৰ্বতৰ কন্দৰে কন্দৰে কুৰুকি কুৰুকি 
কালৰাত্ৰি শীতৰ প্ৰৱলতাক প্ৰত্যাহ্বান 
বতাহ আগচাৰে।
লজ্জা থাকিও লজ্জাহীনতা
পৰ হৈও বুকুৰ কুটুম
আদিম মানুহবোৰ,
ক্ষুধাগ্ৰস্থতাত বিতত হৈও
ক্ষুধা নিবৃত্তিত 
কণ কণ অংশৰ অংশীদাৰ,
আদিম মানৱৰ
আদিম অনুভৱবোৰ
একেটি মুঠিতে বন্ধা
মুঠি মুঠি সুখ
মুঠি মুঠি মৰমৰ লাৰু বান্ধছিল
আদিম মানৱে।
শ শ পদযাত্ৰা
এতিয়া স্বপ্ন
যুগে যুগে ক্ৰমবিকাশ মানৱৰ,
বিজ্ঞানৰ ,
সাহিত্যৰ ,
ইতিহাসৰ অৰ্বুদ পৃষ্ঠাৰ ।
ক্ৰমবিকাশ নহ'ল মানৱীয় চেতনাৰ 
সুচিন্তাৰ,
সহানুভূতি
আৰু সুহৃদয়তাৰ।
অনুভৱৰ মুঠি খুলি খুলি
অধঃপতিত হ'
মানৱ সমাজ,
সূৰ্যমুখী বাটত
কলীয়া ডাৱৰৰ আচ্ছাদন
ক্ৰমবিকাশক ভ্ৰুকুটি
অদৃশ্য দানৱৰ
সকলো পাইও যেন
বহুত কিবা হেৰাই গ'ল।


তুলসীপ্ৰিয়া বৰদলৈ

হাবিয়াস (৪)

কবিঃ তুলসীপ্ৰিয়া বৰদলৈ

হাঁহি উঠে…!
সতীত্ব, আবৰণ, নিষ্পাপ, নিষিদ্ধ, দুষ্প্ৰাপ্য……!!!
কোন .... কোন বাৰু ???
মইতো আবৰণৰ মাজত সতীত্ব কঢ়িয়াই ফুৰা 
নিষ্পাপ , নিষিদ্ধ কোনো দুষ্প্ৰাপ্য ৰমণী নহয়...
মোৰ ফিৰিঙতি দেহত 
জুইৰঙা তেজ.. এবাৰ চুই চাবা নেকি ?
ভঙা হৃদয়ৰ খিৰিকীৰ ফাকেৰে 
হাত খন মেলি দিয়া...
তোমাৰ এটা উশাহ লওতেই যেন এটা বছৰ পাৰ হ'ব..
তুমি উশৃংখল হৈ পৰিবা... তুমি মোৰ কোমলতাত
হেৰুৱাই পেলাবা নিজকে ...
আৰু মই 
মই মাথোঁ সৰল বিকৃত হাঁহি এটা মাৰিম..
কোনো কৈছে মই নিষ্পাপ !!!
সংযত কৰিব নিবিচাৰোঁ বগা চাদৰ ...
ভিজা চুলিৰ আগেদি বৈ যোৱা প্ৰতি টোপালে
মোক চুই যাওক ... 
মোৰ উন্মাদ আৰু উন্মনা মনত 
খলকনি তোলক অজান পৰশে ...
মইতো এনেকুৱাই...
বান্ধ ভগা তিস্তাৰ ঢলত বৈ শান্ত হৈ থিতাপি লোৱা 
এখন চঞ্চল নদী ....
লাজৰ আৱৰণ ফালি, মই লিখি গৈছোঁ 
বিষণ্ণ আৰু নিসংগ ৰাতিৰ স্বৰলিপি...
এবাৰ পাতবোৰ লুটিয়াই পঢ়িচোৱা মাথোঁ ...


Comments system