Tuesday, 27 December 2016

আকাশৰ অভিমান

আকাশৰ অভিমান


গৌৰীস্মিতা নাথ

আজি আকাশখনে ওন্দোলাই  আছে
এনে লাগিছে যেন
মনত লৈ আছে গভীৰ দুখ
প্ৰকাশ কৰিব পৰা  নাই দুখৰ কথা
নিগৰাব পৰা নাই দুধাৰি চকুলো
হয়তো... বতাহৰ লগত
মনোমালিন্য ঘটিছে
হয়তো... বতাহে ধৰিছে জেদ
আঁ‌তৰাই নিয়া নাই
দুখ সদৃশ ডাৱৰবোৰক ।

সপোনৰ পৰিধি

সপোনৰ পৰিধি

পাপৰি বৰা     

মৰিচীকা কিমান দূৰ
সপোনবোৰ দুলি থাকে ,
দোলনাত দুলি থকা সপোনে
বিচাৰি যায় জীৱনৰ ৰং ৰূপ
কাহানিও নেদেখা এটি ৰং বিচাৰি !
সন্ধিয়াৰ আকাশত সপোনবোৰে
লুকাভাকু খেলে,
সাগৰৰ ঢৌ খেলি খেলি
সপোনবোৰে নাচি ফুৰে ।
সাগৰৰ সিপাৰৰ পাৰ
এতিয়াও পোৱা নাই ,
সাগৰৰ মুকুতা বিচাৰি থকোতেই
সপোনবোৰ দিকহাৰা হৈ যায়
পাৰ বিচাৰি থাকোতেই
সাগৰ খন গুচি যায়  বহু দূৰলৈ
তথাপিও সপোনবোৰ
আজি সময়ৰ অপেক্ষাত
পিছে সময়ো যেন আজি
সময়ৰ প্ৰতীক্ষাত!
তেতিয়াই সাৰ পাওঁ টোপনিৰ পৰা
আকৌ দুলি থাকে সপোনবোৰ
বাস্তৱৰ দোলনাত
মৰীচিকা খেদি খেদি
মুকুতা বিচাৰি বিচাৰি
সপোনবোৰৰ গাত যেন
এতিয়া ডেউকা গজিল।

Wednesday, 17 August 2016

আন্ধাৰৰ হাহাকাৰ – অমূল্য বৰুৱা


অমূল্য বৰুৱা৷৷ ১৯২২-১৯৪
আন্ধাৰৰ হাহাকাৰ
হেমন্তৰ সেমেকা সন্ধিয়া
পশ্চিমৰ আকাশৰ এক প্ৰান্তৰত জলা
শেহৰ পোহৰে চুমে
কোলাহল ধৰণীৰ মৌন অন্ধকাৰ৷
শীতল পৰশ পাওঁ পাওঁ
পাত-সৰা গছবোৰ
পৃথিৱীৰ ওপৰত থিয় হই
হা হতোস্মিৰ সুৰে আৰ্ত্তনাদ কৰি
প্ৰকাশিছে অন্তৰত গভীৰ হতাশা ৷
সিহঁতৰ হতস্তম্ভ জীৱনৰ কৰুণ ট্ৰেজেডি;
দুদিন পিছতে যেন মৃত্যুৰ কৰাল গ্ৰাসে ধৰিব আৱৰি৷
আকাশৰ পূব প্ৰান্তৰত
কিবা এটা চাঞ্চল্যৰ মৃদুল স্পন্দন,
জীৱন-সৃষ্টিৰ এটা নতুন উল্লাস!
নীলিম আকাশ
দূৰ-দূৰান্তৰ জিনি নীলা ৰং ঢলা ৷
তাৰ মাজে মাজে

ইপিনে সিপিনে
এটুকুৰা দুটুকুৰা ছিগা-ভগা ক’লা ডাৱৰৰ
শক্তিহীন চাব৷
অদূৰতে ডাৱৰৰ অলপ পিছতে
আঁৰ লই লই জলে ৰূপালী জ্যোতিৰ শিখা
জনহীন প্ৰান্তৰৰ
দেশহীন, মাটিহীন
শূন্যৰ কোলাত উঠা
নৱমীৰ নতুন জোনটো৷
হাঁহি হাঁহি পাৰ ভাঙি ঢালি দিব খোজে তাৰ
জোনাকৰ ঢল৷
তলৰ পৃথিৱী হয়
অলপ পোহৰ৷
খাল বিল
নৈ জান, জুৰি
ঘিণ লগা গোন্ধত অত্কাৰ
মহানগৰীৰ দাঁতিয়েদি বৈ যোৱা যত
ড্ৰেইন আৰু নৰ্দ্দমাৰ জল৷
খন্তেক উজলি উঠে
নিজ ৰূপ ঢাকি আন্ধাৰৰ আঁচলত
জিল জিল কৰি৷

আকাশৰ মহোত্সৱ-
অকল জোনেই নহয়,
ৰাশি ৰাশি তৰাবৃন্দ
ৰাশি ৰাশি নক্ষত্ৰৰ আলোক-উত্স;
সজায় দীপালী যেন
সৰ্ব্বব্যাপ্ত মহাদিগন্তৰ
কক্ষে কক্ষে
উকি মাৰি মাৰি৷
মই যাওঁ পৃথিৱীৰ মাটিৰ মানুহ
মাটিয়েদি খোজ কাঢ়ি কাঢ়ি
বাস্তৱৰ বিকৃত বিপদে ঢকা
মোৰ প্ৰতিকৃতি
সেই অন্ধকাৰ বাটটোত
অকলে অকলে;
শান্তিহীন, শ্ৰান্তিহীন
মহাসমৰৰ দাৱানলে পোৰা
পৃথিৱীৰ শ্মশানত
ভয় লগা স্পিৰিটৰ দৰে৷
শক্তিৰ কঁপনি উঠে
অন্তৰৰ আঁহে আঁহে,
বিদ্ৰোহ-অগনি জলে চকুৰ শিখাত,
বিদগ্ধ বিধ্বস্ত স্তূপত মোৰ
নতুন সৃষ্টিৰ
প্ৰতিজ্ঞাৰ অটল বিশ্বাস থাপি;
ভাবৰ বুকুত
মুহূৰ্ত্তৰ ভিতৰতে গুৰি কৰি
লক্ষ লক্ষ শতাব্দীৰ so-called সভ্যতাৰ বিলাস-বৈভৱ
এবাৰ জোনটো ঢাকে৷
পৃথিৱীৰ বুভুক্ষিত, হতভগা দলে
চেপি ৰখা হাই-উৰুমিৰ
নাকত লাগেহি মোৰ তপত নিশ্বাস
বিকৃত গোন্ধৰ কিৱা নৱ আৱিষ্কাৰ!
সিহঁতৰ খকা-খুন্দা লাগি যায়
আন্ধাৰৰ আৰালত গছৰ তলত
-কোনোবা মানৱৰ প্ৰসাদৰ
উচ্ছিষ্ট যচা প্ৰসাদৰ বাবে
দানৱৰ হিংস্ৰ তীব্ৰ ক্ষুধা!
মোৰ ভৱিষ্যৰ সমাজৰ সংস্কাৰ কৰা,
নতুন জগত গঢ়া
বিদ্ৰোহ কল্পনা যায় মিলি
সিহঁতৰ জৰাকীৰ্ণ কায়াৰ ছায়াত৷
হায়,
সৰু সৰু অশৃঙ্খল
মানুহৰ জীৱনেৰে সিহঁতো এজাক৷
নিষ্পেষিত, ৰুক্ষ, শুষ্ক অনাথৰ দল!
সিহঁতে হাঁহে
বিকৃত চিয়ঁৰ মাৰি
আন্ধাৰৰ শূন্যতাত
সিহঁতৰ বগা দাঁতবোৰ নিকটায়৷
তাৰ পিছত-অসম্ভৱ!
ধূলিৰ জোঁৱাৰ তুলি
মুঠি মুঠি জাবৰৰ হোলি খেলি খেলি
প্ৰচণ্ড ধুমুহা তোলে
মাৰ কাট খা’ৰ
ভয়ঙ্কৰ হুলস্থূল৷
এনেতে
জীৱনৰ অতিৰিক্ত মমতাৰ অন্ধতাত
জোনৰ পোহৰে সানে চেকা৷
জোনটো ওলায়৷
সিহঁত নিস্তব্ধ হই যায় !!
সিহঁতৰ আন্ধাৰ
হাঁহিৰ হুঙ্কাৰ
নৃত্য-প্ৰহেলিকা?
সিহঁতৰ জীৱনৰ অধিকাৰ
আন্ধাৰৰ আসুৰিক বৰ্ব্বৰতা,
নীচতা, দীনতা,
প্ৰেতাত্মাৰ গোপন অভিসন্ধি
তল পৰি যায়৷
ধৰণীৰ আনন্দৰ পোহৰত যেন
এইখন মৰা দানৱৰ সাৰশূন্য দেশ৷
জোনৰ পোহৰে
সিহঁতৰ নিৰ্ম্মম নগ্নতা ঢাকি
মাৰ যোৱা বাস্তৱৰ আন্ধাৰত তৰে
সৌন্দৰ্য্যৰ মৰীচিকাময় জিলমিল চিকুণ সপোন৷
আৰু মই?
বাস্তৱৰ ৰহস্যৰ আত্ম-বিস্মৃতিত পৰি
থাকোঁ চাই
সিহঁতৰ ক’লা লেতেৰা জীৱনবোৰ
সিহঁতৰ আন্ধাৰৰ হাহাকাৰ
আৰু
জোনাকৰ পৰিহাস৷

Friday, 8 July 2016

সাগৰ দেখিছা ?

সাগৰ দেখিছা ?

                                                    দেৱকান্ত বৰুৱা

সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই,
শুনিছোঁ তথাপি,
নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা আছে দূৰ
দিগন্ত বিয়াপি ।
মোৰ ই অন্তৰ খনি সাগৰৰ দৰে নীলা, বেদনাৰে –
দেখা নাই তুমি ?
উঠিছে মৰিছে য’ত বাসনাৰ লক্ষ ঢউ তোমাৰেই
স্মৃতি – সীমা চুমি ।
শুনা নাই? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ
উতলা সঙ্গীত ?
বুজা নাই? অনুভৱো কৰা নাই ফুলনিত বসন্তৰ
কোমল ইঙ্গিত?
দেখিছাতো ৰামধেনু? বাৰিষাৰ ডাৱৰত পোহৰৰ
মোহন গৌৰৱ;
প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত দেখিছানে
ৰঙৰ উছৱ ?
মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ
হিয়া ভগা মাত?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ
বুকুৰ সম্বাদ!
মই জানো, তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া!
তুমি জানা মাথোঁ
তুমি তুমি, মই মই| তুমিতো নাজানা-হায়, কিয় বাৰু
কিয় আমি গাথোঁ
জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা? মিলনৰ
কাৰেঙ সোনালী
সাজোঁ কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি? হৃদয়ৰ
ৰঙা তেজ ঢালি
প্ৰতিমাৰ পখালোঁ চৰণ কিয়? তুমি নুবুজিবা সখি!
কিনো বেদনাত
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ
বিফল সন্ধ্যাত!
সন্ধিয়া আহিছে নামি? থক হেৰা নেলাগে জ্বলাব চাকি;
দুটি নয়নৰ
সহজ প্ৰভাৰে আজি নাশিবা তিমিৰ তুমি অন্ধকাৰ
মোৰ জগতৰ।

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি


                                                 ড. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?
তুমি সাৰে আছা, সাৰে আছো আমি
আৰু সাৰে আছে প্ৰীতি।
বিহুৰ তলীত চিফুং বাঁহীৰ কৰুণ সুৰ;
বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে।
জনতাৰ চকু চকুৰ পানীৰে পূৰ।
মাজনিশা কোনে ৰাজআলিয়েদি আক্ষেপ কৰি যায়,
'বিষ্ণুৰাভা নাই।'
নিজান চেলত তুমি সাৰে আছা
সাৰে আছে ক্ৰুৰ ইটাৰ দেৱাল
বন্দী তোমাৰ কন্ঠৰ সুৰ
নাচোনৰ লয়লাস।
তুমি সাৰে আছা, সাৰে আছে আৰু
জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি।
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?
বিহু পথাৰত ৰৈ আছো আমি
ৰৈ আছে এয়া মনোৰমা সখী
ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি
হেজাৰ জনৰ অবিৰাম ফুৰুলি
সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি,
'কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হ'ব?
বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব?'
প্ৰাণহীন আজি গীত-মাত-সুৰ
প্ৰাণহীন বিহুতলী
বন্দী শিল্পীৰ বেদনাত জাগে
ৰঙা জীৱনৰ উন্মাদনা
সঁচা আবেগৰ ৰোল।
মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে,
'কল্লোল বন্ধু, জীৱনৰ কল্লোল।
ডাচ কেপিটেল এঘাৰ পৃষ্ঠা বাকী।'
মাজনিশা কোন ত্ৰিনয়নে পঢ়ে
'পোহৰ পোহৰ উদয়াচলত ৰবি।
নৱ জীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ'ল সাক্ষী।'
বিষ্ণুৰাভা আকৌ তুলিকা লোৱা
ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি
যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান
অখ্যাতজনৰ আশা আবেগৰ বোল।
ইটাৰ দেৱালত জিলিকি উঠিছে ডাচ কেপিটেলৰ সপোন।
শেষনিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়
'অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা'
তুমি সাৰে আছা, আৰু সাৰে আছে
তোমাৰ তুলিকা জীৱনৰ চিৰসখী
তুমি য'ত আছা সৰু কাৰাগাৰ
থিয় একোখনি ইটাৰ দেৱাল,
আমি য'ত আছো বৰ পোতাশাল
শত নাগপাশে বন্ধা।
তোমাৰে আমাৰে বিহু সম্মিলন হ'বলৈ বেলি নাই।
হিয়া হালধিৰে দেহ মন ধুই
আমি গোট খাম নৱ জীৱনৰ পুৱা।
বিষ্ণুৰাভা সৌৱা ঘূৰণীয়া বেলি
ৰঙা মুখ ফুটে সঁচা আবেগত
মুক্তিৰ কঁপনি।
শেষনিশা সেয়া অখ্যাতজনৰ সমদল সমাগত
সমস্বৰ ফুটে, 'পোহৰ, পোহৰ,
উদয়াচলত ৰবি।'

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি


                                                 ড. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?
তুমি সাৰে আছা, সাৰে আছো আমি
আৰু সাৰে আছে প্ৰীতি।
বিহুৰ তলীত চিফুং বাঁহীৰ কৰুণ সুৰ;
বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে।
জনতাৰ চকু চকুৰ পানীৰে পূৰ।
মাজনিশা কোনে ৰাজআলিয়েদি আক্ষেপ কৰি যায়,
'বিষ্ণুৰাভা নাই।'
নিজান চেলত তুমি সাৰে আছা
সাৰে আছে ক্ৰুৰ ইটাৰ দেৱাল
বন্দী তোমাৰ কন্ঠৰ সুৰ
নাচোনৰ লয়লাস।
তুমি সাৰে আছা, সাৰে আছে আৰু
জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি।
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?
বিহু পথাৰত ৰৈ আছো আমি
ৰৈ আছে এয়া মনোৰমা সখী
ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি
হেজাৰ জনৰ অবিৰাম ফুৰুলি
সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি,
'কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হ'ব?
বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব?'
প্ৰাণহীন আজি গীত-মাত-সুৰ
প্ৰাণহীন বিহুতলী
বন্দী শিল্পীৰ বেদনাত জাগে
ৰঙা জীৱনৰ উন্মাদনা
সঁচা আবেগৰ ৰোল।
মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে,
'কল্লোল বন্ধু, জীৱনৰ কল্লোল।
ডাচ কেপিটেল এঘাৰ পৃষ্ঠা বাকী।'
মাজনিশা কোন ত্ৰিনয়নে পঢ়ে
'পোহৰ পোহৰ উদয়াচলত ৰবি।
নৱ জীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ'ল সাক্ষী।'
বিষ্ণুৰাভা আকৌ তুলিকা লোৱা
ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি
যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান
অখ্যাতজনৰ আশা আবেগৰ বোল।
ইটাৰ দেৱালত জিলিকি উঠিছে ডাচ কেপিটেলৰ সপোন।
শেষনিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়
'অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা'
তুমি সাৰে আছা, আৰু সাৰে আছে
তোমাৰ তুলিকা জীৱনৰ চিৰসখী
তুমি য'ত আছা সৰু কাৰাগাৰ
থিয় একোখনি ইটাৰ দেৱাল,
আমি য'ত আছো বৰ পোতাশাল
শত নাগপাশে বন্ধা।
তোমাৰে আমাৰে বিহু সম্মিলন হ'বলৈ বেলি নাই।
হিয়া হালধিৰে দেহ মন ধুই
আমি গোট খাম নৱ জীৱনৰ পুৱা।
বিষ্ণুৰাভা সৌৱা ঘূৰণীয়া বেলি
ৰঙা মুখ ফুটে সঁচা আবেগত
মুক্তিৰ কঁপনি।
শেষনিশা সেয়া অখ্যাতজনৰ সমদল সমাগত
সমস্বৰ ফুটে, 'পোহৰ, পোহৰ,
উদয়াচলত ৰবি।'

Thursday, 30 June 2016

‎পুৰণা‬ চোলাবোৰ


‎পুৰণা‬ চোলাবোৰ



পুৰণা চোলাবোৰ দেখিলে সময়বোৰ উজাই আহিব খোজে
উজাই আহিব খোজে বহু গাপমৰা সোঁৱৰণি
এই চোলাবোৰ যে সৰাপাতৰ নিচিনাই
মনে মনে জাপি ৰাখে উঁৱলি যোৱা সময়ৰ পাণ্ডলিপি
এই যে সাৱতি লৈছিল সি
মই গম নোপোৱাকৈ মোৰ বাৰ যোৰা কামিহাঁড়
বতাহ ঢাকি লুকুৱাই ৰাখিছিল মোৰ উশাহ
নতুনৰ পৰা পুৰণি হোৱাৰ বেদনা সাঁচি
লিপিত খাই আছিল মোৰ গাত
আশা ৰুবৰ বাবে
সপোন সিঁচাৰ বাবে
মোৰ হিয়াৰ এশটা বানপানী টুকি
মোৰ তেজৰ হাজাৰটা উম সহি
সাৰে আছিল যি অহোৰাত্ৰি,
সেই পুৰণিচোলাবোৰ যেতিয়া দেখো
অনামী দুখ এমুঠিয়ে বাহৰ পাতেহি মোৰ চোতালত
গুটিধান খোৱা বালিমাহিৰ দৰে
ফিচিকি যোৱা গাঁঠিবোৰৰ মাজত বাৰে বাৰে অনুভৱ কৰো
বিষাদ নৈৰ কেঁকনি
সেই যে আজি পূৰণি চোলাবোৰে বিচাৰিও সাৱতি ৰাখিব নোৱাৰে মোৰ বাঢ়ি যোৱা শৰীৰ
নতুন আৰু দামী চোলাবোৰৰ জিকমিকনিত হেৰাই যায় পুৰণি চোলাবোৰৰ দিন
আলনাৰ এচুকত নতুবা কোনোবা পুৰণি ফটোত কেনেবাকৈ সাৰে ৰয়
ধুলি আৰু এলান্ধু বোৰৰ লগত
মোৰ কথা ভাৱি
কঢ়িয়াই কঢ়িয়াই বাদুলীপৰা নিশাৰ নিমাত উচুপনি
পুৰণা চোলাবোৰ দেখিলে নৈ এখন উজাই আহে চকুলৈ
মোৰ দুৰ্ভিক্ষৰ দিনত এদিন যি মোৰ সহচৰ আছিল
মোৰ ভোকাতুৰ পেটৰ যি ছাঁ আছিল
সেই চোলাবোৰৰ কাষত আজি যেন মই এক ক্ষমাহীন অপৰাধী
দুখৰ কবিতাৰে সুখৰ ৰাতিবোৰ যেনেকৈ জীপালহৈ থাকে
মইও সেই পুৰণি চোলাবোৰলৈ চাই এটাই মাথো চিন্তা পিন্ধি লও আজি যে
দুখত থকা বাবেই মই সুখী
কিয়নো সেই মজিয়া মোচা পুৰণা চোলাবোৰে জানে
মই দুখতহে অতীতলৈ ঢাপলি মেলো।


( অভিজ্ঞান ফুলকোঁৱৰ )

‎পুৰণা‬ চোলাবোৰ


‎পুৰণা‬ চোলাবোৰ



পুৰণা চোলাবোৰ দেখিলে সময়বোৰ উজাই আহিব খোজে
উজাই আহিব খোজে বহু গাপমৰা সোঁৱৰণি
এই চোলাবোৰ যে সৰাপাতৰ নিচিনাই
মনে মনে জাপি ৰাখে উঁৱলি যোৱা সময়ৰ পাণ্ডলিপি
এই যে সাৱতি লৈছিল সি
মই গম নোপোৱাকৈ মোৰ বাৰ যোৰা কামিহাঁড়
বতাহ ঢাকি লুকুৱাই ৰাখিছিল মোৰ উশাহ
নতুনৰ পৰা পুৰণি হোৱাৰ বেদনা সাঁচি
লিপিত খাই আছিল মোৰ গাত
আশা ৰুবৰ বাবে
সপোন সিঁচাৰ বাবে
মোৰ হিয়াৰ এশটা বানপানী টুকি
মোৰ তেজৰ হাজাৰটা উম সহি
সাৰে আছিল যি অহোৰাত্ৰি,
সেই পুৰণিচোলাবোৰ যেতিয়া দেখো
অনামী দুখ এমুঠিয়ে বাহৰ পাতেহি মোৰ চোতালত
গুটিধান খোৱা বালিমাহিৰ দৰে
ফিচিকি যোৱা গাঁঠিবোৰৰ মাজত বাৰে বাৰে অনুভৱ কৰো
বিষাদ নৈৰ কেঁকনি
সেই যে আজি পূৰণি চোলাবোৰে বিচাৰিও সাৱতি ৰাখিব নোৱাৰে মোৰ বাঢ়ি যোৱা শৰীৰ
নতুন আৰু দামী চোলাবোৰৰ জিকমিকনিত হেৰাই যায় পুৰণি চোলাবোৰৰ দিন
আলনাৰ এচুকত নতুবা কোনোবা পুৰণি ফটোত কেনেবাকৈ সাৰে ৰয়
ধুলি আৰু এলান্ধু বোৰৰ লগত
মোৰ কথা ভাৱি
কঢ়িয়াই কঢ়িয়াই বাদুলীপৰা নিশাৰ নিমাত উচুপনি
পুৰণা চোলাবোৰ দেখিলে নৈ এখন উজাই আহে চকুলৈ
মোৰ দুৰ্ভিক্ষৰ দিনত এদিন যি মোৰ সহচৰ আছিল
মোৰ ভোকাতুৰ পেটৰ যি ছাঁ আছিল
সেই চোলাবোৰৰ কাষত আজি যেন মই এক ক্ষমাহীন অপৰাধী
দুখৰ কবিতাৰে সুখৰ ৰাতিবোৰ যেনেকৈ জীপালহৈ থাকে
মইও সেই পুৰণি চোলাবোৰলৈ চাই এটাই মাথো চিন্তা পিন্ধি লও আজি যে
দুখত থকা বাবেই মই সুখী
কিয়নো সেই মজিয়া মোচা পুৰণা চোলাবোৰে জানে
মই দুখতহে অতীতলৈ ঢাপলি মেলো।


( অভিজ্ঞান ফুলকোঁৱৰ )

Wednesday, 29 June 2016

উপলব্ধি

উপলব্ধি

বহু যোজন দূৰত্ব
তোমাৰ আৰু মোৰ
অনুভৱৰ মাজত --৷
উপলব্ধি হ'ল তেতিয়া
যেতিয়া ভাৱৰীয়াৰ মুখাখন পিন্ধি
প্ৰবেশ কৰিলো
পুনৰ সেই এৰি অহা ঘাটত
নিমিষতে পালো সমাধান ৷৷

এখনি নিষিদ্ধ উপত্যকা
য'ত তোমাৰ অবাধ প্ৰবেশ
সুখৰ পম খেদি
প্ৰেমত পৰা বাৰে বাৰে ৷৷

তোমাৰ আছে এখন কবি হৃদয়
লিখা কবিতা-অকবিতা
হৃদয়বান হোৱাৰ অভিনয়ত
মূল্যহীন হৈ পৰে মানৱতা ৷৷
হৃদয় কি মূল্যহীন...?
নে তোমাৰ বাবে এগৰাকী বেশ্যা ?
যাক কিনা- বেচা কৰা বস্তুৰ দৰে
কামিজ সলোৱাৰ দৰে সলোৱা প্ৰেয়সী ।
চিনাকী যেন লগা ছবিখনে অচিনাকী ৰূপ ল'লে
জুইৰ শিখাত তপ্ত হ'ল হৃদয়
অনুভৱৰ নদীখন বৈ আহি
হঠাতে সলালে তাৰ গতি ৷

উপলব্ধি হ'ল জানা
মায়া উপজিল তোমালৈ
তোমাৰ দৰিদ্ৰ হৃদয় খনলৈ
দিলো বিসৰ্জন প্ৰেমক
এৰি থৈ অহা ঘাটতে
কুশলে থাকা তুমি
কুশলে থাকক তোমাৰ অনুভৱ --৷৷
কালচুম বিবি

জীয়া শিলৰ ইতিহাস

জীয়া শিলৰ ইতিহাস


নৈৰ শিলবোৰ,
নৈৰ মৰমত ,
নৈয়ে নজাকৈয়ে
ঘূৰণীয়া হয় ।

নৈ শুকাই গ'লে,
সেই মৰমৰ সাঁচতে
নিৰৱে পৰি ৰয়,
কোনোবাই যদি হাতত
তুলি লয়,
সুযোগ পালেই নৈৰ
খবৰ কৰে ,
সুধে 'আজিকালি কোন দিশে বয় ?"
চকুলো টুকে
নৈয়ে দিয়া মৰমৰ কথা কৈ ।
ঠিক মোৰ হৃদয়ৰ দৰেই
শিলৰো থাকে চোন
কিছু ইতিহাস !!
মোৰ মৃত হৃদয়েও
কান্দি উঠে শুনি
এই জীয়া শিল বোৰক
কৰা সময়ৰ পৰিহাস !!!
কাকলি বৰদলৈ

Tuesday, 17 May 2016

উপাসনা বৰা


এজাক প্ৰেমৰ বৰষুণ


✍ উপাসনা বৰা , তেজপুৰ
সুমথিৰা বেলিটোৱে
লুকা-ভাকু খেলি থকা সময়টোতে
এটা ফোন ক'ল আহিছিল
সেই সময়ত আকাশত ডাৱৰে
মুখ ওন্দোলাই আছিল
অলপ পাছতেই এজাক অপ্ৰত্যাশিত বৰষুণ আহিছিল
বৰষুণ জাকক দেখি আকৌ এবাৰ
নতুনকৈ প্ৰেমত পৰিব মন গৈছিল
বিষাদৰ ৰাগিত মাতাল হৈ থকা
মনটোক বৰষুণ জাকত ধুই দিবলৈ !!
কিমান দিন যে হ'ল
বৰষুণত নিতিতা
কৃষ্ণচূড়াৰ সুবাস নোলোৱা অথবা
সাগৰৰ পাৰত নবহা !!
আজি মোৰ বুকুত এটোপাল
দুটোপাল,বহু টোপাল
বৰষুণ সৰিছিল মোৰ বুকুত
বৰষুণ জাকে মোৰ উৱলি যোৱা
মনটোক ন-কইনাৰ দৰে
ধুৱাই দিলে
এটা সপোনে পোখা মেলিছিল
মোৰ সেমেকা হৃদয়ত !!


Thursday, 12 May 2016

তপন চন্দ্ৰ তালুকদাৰ


মই হেনো পাগলী

ভুল নুবুজিবি.....! সেয়াইটো পুৰুষ....! তই মই সকলো মিছা...। প্ৰেমৰ নামত আলিঙ্গনে ভুল....। পুৰুষৰ বীৰ্য্যৰে ভৰুণ কৰা মোৰ মন মাথো বাসনা....। কামনাত মত্ত হৈ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি......! মাথো এটুকুৰা মঙহ উপভোগ কৰিবলৈ মিছা প্ৰতিশ্ৰুতি.....। সকলো মিছা...! পুৰুষ সদায় পুৰুষে...! সিহঁতে নুবুজে নাৰীৰ মমতাময়ী মনৰ কথা....। তই কিয় পোশা মেলিলি মোৰ উদৰত....। দেখিছ কেনেকৈ তোক কবৰ দিবলৈ যো-জা কৰিছে...। সমাজ-সংস্কাৰ সকলো যেন প্ৰেমতকৈও মূল্যবান হৈ পৰিছে...!
ডাক্তৰ জনে সোমাই আহিছিলে যেতিয়া তেতিয়ালৈ নাৰী ৰূপে নাৰীৰ হত্যাকাৰী সকলে মোক পূজাৰ বলিৰ দৰে সজাই ৰাখিছিলে.....। বাহিৰত উদ্বিগ্নতাৰে বিভিন্ন ৰূপেৰে মোৰ আত্মীয় সকলে ৰৈ আছিলে, মা-দেউতা, দাদা, ভাইটি ৰূপে...। আৰু সেই আৱেগৰ ঢল বোৱাই অনা প্ৰেমিকজন আজিলৈকে দ্বিতীয়বাৰলৈ দেখা পোৱাই নাই...। যিদিনাই গম পালে মোৰ গৰ্ভত তাৰ বীৰ্য্যই পোশা মেলিছে, তাৰ পিছত সকলো আৱেগ অনুভৱ পেলাই প্ৰেমিক ৰূপী পুৰুষজন একেবাৰে দানৱ ৰূপ ধাৰণ কৰিলে....। যেন প্ৰেমৰ আৱেগ সকলো মাদকতা, যৌৱনৰ উচ্ছলতা যেন সকলো মোৰে ভুল আছিলে....!
আঃ মোৰ তুলাৰ দৰে ছোৱালীজনী...! তই যে কেতিয়াও পৃথিৱীৰ পোহৰ দেখিবলৈ নেপাবি....। যি গৰ্ভত তই ভগৱানলৈ স্তুতিৰ সাজেৰে সাজ মেলিছিলি সেই গৰ্ভই আজি তোৰ বলিশাল হ’ল...। তোৰ যে তুলাৰ দৰে দেহটো এবাৰ হাতেৰে চুই চাবলৈ, বুকুত সোমোৱাই বুকুৰ দুগ্ধ পান কৰাবলৈ বৰ মন আছিলে....। নিচুকনি গীত গাই-গাই তোক নিচুকাই থাকিবলৈ, তোৰ চকু আৰু কপালত চুমা আকি দিবলৈ...। উফঃ আৰু মই নোৱাৰো চিন্তা কৰিব, মূৰটো যে আচন্দ্ৰাই কৰিছে....। সকলো যেন ধোৱা ধোৱা দেখিছো....। নাই নাই কোনো ওচৰত নাই....। আপোন বুলি আজি সকলো কালশতৰু মোৰ....।
ডাক্তৰ জনে যে হাতত চুৰিখন তুলি লৈ একেবাৰে দানৱ ৰূপ ধাৰণ কৰিছে....। পুৰুষৰ সম্ভোগৰ শিহৰণ থলীৰে যেতিয়া চুৰিখন আগুৱাই গৈছিলে তই ছাগে বুজি পাইছিলি, তোৰ যে মৃত্যু আসন্ন....। তয়ো কুচি-মুছি মোৰ বুকুলৈ উজাই আহিছিলি...। উফঃ কি যন্ত্ৰণা.....! মই , মইযে পিছলৈ একো গমে নোপোৱা হৈ গৈছিলো....। কেনেকৈ তোৰ হাত-ভৰিবোৰ টুকুৰা-টুকুৰকৈ কাটি-কাটি মোৰ পাপৰ স্থলীৰ পৰা বাহিৰ কৰি আনিছিলে....। আৰু তই ছাগে তেতিয়া সচাকৈ বৰ যন্ত্ৰণা অনুভৱ কৰিছ ন....! ভৰি এখন কটাৰ পিছত তই ছাগে ছটফটাই আছিলি মোৰ পেটত....! তাৰ পিছত আনখন ভৰি....! হাত, পেট, বুকু আৰু তাৰ মাজত থকা কলিজাটো....! উফঃ নোৱাৰো আৰু ....! নোৱাৰো আৰু ভাবিব...। মোৰ দুচকুৰে দুৰ্ভাগ্যৰ গৰ্ভ বিদাৰি বানপানী আহিছে আজি....। কোনে বুজিব মোক...! সকলো দেখোন সমাজ, সংস্কাৰ-সংস্কৃতি, নীতি-নিয়ম বজাই ৰখাৰ নামত হত্যাকাৰী হৈ পৰিছে....। মোৰ বুকু ফাটি গ’ল, কলিজা পুৰি গ’ল...। কোনোৱে গমকে নাপালে....। সকলোৰে মন কংক্ৰিটৰ অট্টালিকাৰ দৰে...। সেই অট্টালিকাবোৰৰ মাজত মই, মই কিয় জুপুৰি হৈ পৰিলো....।
সকলোৱে কয় মই পাগলী হৈছো....! পাগলী...! এই পাগলীৰো যে এটা মন আছিলে.....! য’ত বিশ্বাস আছিলে, প্ৰেম আছিলে, সপোন আছিলে....। আৰু এই সমাজে কোনোদিন নুবুজিলে এই পাগলীৰ মনৰ যন্ত্ৰণা....।
অই তহত ক’ত গৈছ....। আহঃ....! আহঃ...! মোৰ উদং কলিজা পুৰি খা...। মোৰ উদং বক্ষৰে নিগৰি থকা তেজৰ নদীত এবাৰ গা তিয়াই চা...! মই, মই নহওঁ পাপিনী....! প্ৰকৃতি প্ৰদত্ত ৰক্তিম ছায়া, প্ৰেমৰ ৰঙেৰে বলোৱা মোৰ প্ৰেমিক কলিজা....! অৰ্থহীন..! অৰ্থহীন সকলো প্ৰেম....! কোনে কৈছিলে প্ৰেম ভগৱানৰ দান...। এয়াই আছিলনে..? মোৰ কপালত বিধাতাৰ লেখন...! নাই , নাই আৰু নকৰো...। নকৰো কেতিয়াওঁ শিলৰ পূজা....! শিলে নুবুজে মানুহৰ প্ৰেমিক মনৰ ব্যথা...। গুপুতে কেনেকৈ গুজি দিলে প্ৰেম মোৰ কলিজাত...। অহঃ সেইজন প্ৰেমিক আছিল...! প্ৰেমৰ মাজেৰে মোৰ শৰীৰৰ পূজা কৰিলে...। মই পাগলী...! মই বুজিয়ে নেপালো.....। প্ৰেমক যে ধৰি ৰাখিব নোৱাৰে শৰীৰে...। তথাপিও যে তাক সাৱটি আছিলো...। বুকুৰ মাজত, আত্মাৰ সুবাস ঘনীভূত কৰি....। সেইযে প্ৰথম সাৱটি ধৰিছিলে নীলাচলৰ বুকুৰে নামি লুইতক সাক্ষী কৰি, দুটি শিলৰ মাজত...! কি যেন অনিৰ্বাচনীয় দেহৰ সুবাস পাইছিলো....। উঃ একেবাৰে সি হৃদয়ৰ অতুলনীয় সত্তাৰ অতলস্পৰ্শী মৰ্মভূমি চুইছিল...। মইযে পাগল হৈ গৈছিলো তাক পাবলৈ...। অস্থিৰ অথচ অভিনবত্বহীন....।

কিন্তু...! জীৱনৰ হিচাপ-নিকাচ কৰোতে কেতিয়াবা ভুল হৈ যায়....। সেয়াই মোৰো হল....। জীৱনটোতো এতিয়া ভুলেৰেই ভৰা, কম্পমান দীপশিখা...! প্ৰেম ভুল, হৃদয় ভুল, অনুভৱ ভুল....। সকলো ভুল, মাথো ভুল....!

মই পাগলী, মই পাগলী, মই পাগলী.....! যৌৱনৰ সৌন্দৰ্য্য পান কৰি প্ৰাপ্তিৰ বন্যাত উটি ভাহি, আকুলতাৰে সাৱটি সঘনাই চুমা খোৱা, মোৰ প্ৰতিশ্ৰুতিৰ প্ৰেমিকজন....! ক’ত এতিয়া তুমি...? চোৱা, আমাৰ প্ৰেমক জীয়াই ৰাখিবলৈ মই কিমান চেষ্টা কৰিছিলো.....। তুমিহীনতাত ভুগিওঁ মই অকলে জীয়াই ৰাখিব বিচাৰিছিলো....। আজি চাৰি-পাচ মাহ ধৰি মই অকলে যুঁজি আছিলো....। তোমাৰ স’তে, মা-দেউতা, দাদা-ভাইটি, সমাজৰ নীতি নিয়মৰ বিপৰীতে....। তুমিও বুজিয়ে নেপালা মোক, মাতৃত্বৰ সুবাস পোৱাৰ আনন্দই মোক কি সুখানুভূতিৰে আনন্দময় কৰি তুলিছিলে...। কিন্তু সকলোৱে যেতিয়া বাধাৰ দুৰ্জ্জেয় শক্তি হৈ থিয় দিয়াত মই অকলে কি কৰিব পাৰো, কোৱা...! কোৱা…? মোৰ প্ৰেমানুভূতি ভুল আছিলে নেকিন....? তোমাক ভালপাওঁ বাবেতো শৰীৰ দিছিলো....। তুমি যে কৈছিলা সেই বন্ধ কোঠালীত মোক বুকুত সাৱটি...। আকাঙ্খা বিজড়িত সৌন্দৰ্য্যতীৰ্থ মোৰ বগা বহল পেটটোত উপবিষ্ট সুগভীৰ নাভি কমলৰ আৱৰণমুক্ত সৌন্দৰ্য্যৰ কলেবৰখিনিয়ে তোমাক দুষ্ট কৰি তোলে....। তোমাৰ দুষ্টতাই মোৰ অনুভৱক বাৰুকৈয়ে জোকাৰি গৈছিলে...। মোৰ ভালপোৱাক তুমি কেতিয়াও বিশ্বাসঘাটকতা নকৰো বুলি দিয়া প্ৰতিশ্ৰুতি আজি সকলো অসাৰ....! তথাপিওঁ মই পন লৈছিলো, মোৰ সচা ভালপোৱাক মই জীয়াই ৰাখিবলৈ । এই পৃথিৱীত চিনাকী দিবলৈ । নাই, নাই মই নোৱাৰিলো...! মোৰ দুৰ্ভগীয়া নিঃসঙ্গ জীৱনৰ কাৰুণ্যৰ চকুলোৰে তোমাৰ বিচ্ছেদজনিত সমস্ত অনাদৰ অৱহেলাকে বুকুত সাৱটি মই বলিশালত প্ৰৱেশ কৰিছিলো । বলি দিছিলো সেইদিনা মোৰ সকলো বিশ্বাস, অনুভৱ, অনুভূতিৰ । সকলোৱে সেইদিনা চকুত ধৰা দিছিলে একো একোজন দানৱ হৈ...। প্ৰেমৰ নামত মাথো প্ৰতাৰনাৰে শূন্য কোলা মোৰ ভৰাই দিলা...।

মোৰ আৰ্তনাদ কোনে শুনিব, সমাজৰ নীতি নিয়মেৰে বন্ধা ওৱালৰ মাজত মই অকলে ছটফটাই আছো এতিয়া.....। সকলোৱে কয় মই হেনো পাপ কৰিছো....। মই হেনো ভুল কৰিছো....। কাৰোবাক প্ৰকৃত হৃদয়েৰে ভালপোৱাতো জানো পাপ ? প্ৰেমৰ অতুলনীয় অনুভূতিক অনুভৱ কৰাটো জানো পাপ ? প্ৰেমৰ পৱিত্ৰতাক বিশ্বাস কৰি নিজক বিসৰ্জন দিয়াটো জানো পাপ...? মোৰ স্বতন্ত্ৰ ৰক্ষা কৰি সতীত্বক অক্ষুণ্ণ ৰাখিবলৈ তোমাৰ অকনো সাহস নহলনে....? মোৰ ভালপোৱাক জোকাৰি, হৃদয়ত জোৱাৰ তোলা প্ৰেমিকজন নহয় জানো তুমি...! আজি মোক অকলশৰীয়া কৰি পলাইছা যে....। কোৱা মোৰ ক’ত ভুল হৈছিলে...?

অহঃ, তুমি দিয়া সেই উপহাৰবোৰৰ মাজত গাঠিথোৱা মিছা সপোনবোৰ এতিয়াও সযতনে আছে...। তুমি দৰা হৈ আহিবা...। মোৰ শিৰত সেন্দুৰেৰে সজাবা...। মই কইনা হম...। সকলোৱে উৰুলি দিব....! অহঃ উৰুলি দিব...। দিয়া আকৌ উৰুলি, মই আজি কইনা হৈছো নহয়....! আমাৰ বিয়া হ’ব....!(হা-হা-হা-হা....।) মই মা হম...।মা...! তুমি দেউতা হবা...। ক’ত গ’ল সেই সপোনবোৰ মোৰ....। মই হেনো পাগলী ওঁ.....! পাগলী...। অহঃ মই পাগলী হৈছো আজি...। তোমাৰ প্ৰেমত....! মোক ঘুৰাই দিব পাৰিবা, মোৰ বিশ্বাস, মোৰ ভালপোৱা....। মোৰ পৱিত্ৰতা...! মোক ঘূৰাই দিয়া মোৰ পেটৰ সন্তান...! মই অকলে জীয়াই থাকিম....। মই অকলে জীয়াই ৰাখিম...। অইঃ কি চাই আছ....। মই পাগলী হৈছো...। পাগলী...। প্ৰতাৰণাৰ কাইটেৰে আচোৰা মোৰ কলিজা আজি তেজেৰে ৰাঙলী....! মই হেনো পাগলী....। পাগলী....। তপন চন্দ্ৰ তালুকদাৰ

Wednesday, 11 May 2016

কল্যাণ কুমাৰ নাথ

তেওঁ


কবিঃ কল্যাণ কুমাৰ নাথ
তেওঁ এটা মৌনতাৰ কবিতা
মোৰ কলিজাৰ সাফৰ খুলি পঢ়িব খোজো
বুজি নাপাওঁ
আক বাক ছন্দ!
এৰি অহা অতীতৰ হেঁপাহবোৰ সামৰি
মই কুৰুকি কুৰুকি সোমাই যাওঁ
সেই কবিতাৰ ভিতৰলৈ
মোৰ সমস্ত চেষ্টাক ধূলিস্যাৎ কৰি
তেওঁ অটল হৈ ৰয়
নিজৰ মৌনতাৰ ভংগীত
নিৰাশাৰে সামৰো মোৰ অভিযান
তেওঁৰ ওঁঠত ভাঁহে
বিশ্বজয়ৰ উল্লাস!

বিভা বৈশ্য


কৃষ্ণচুড়াৰ অন্তৰঙ্গ আলাপ



আজি আবেলিকৈ আহিবা
গো-বাটৰ ধুলি উৰাৰ আগতে
লৈ আহিবা কৃষ্ণচুড়াৰ
ৰঙা বোল একলহ
মনৰ উকা কেনভাছত
সানি দুয়ো হ'ম ৰাঙলী
তাৰ পাছত...
তোমাৰ ব্যস্ততাৰ সোণালী পিয়লাত
পি খাম এপিয়লা প্ৰেমৰ আপং
সোণাৰুৰ খিল খিল হাঁ‌হিত
উদ্বাউল হৈ পৰিব
নিৰ্লজ সন্ধ্যাৰ
নিৰাভৰণ প্ৰেমৰ উপত্যকা
শিলে শিলে ঠেকা খাই
চিটিকি পৰিব
এজাঁৰৰ সেই পুৰণিকলীয়া বেজাৰ
আমি দুয়ো কোচ ভৰাই বুটলিম
তলসৰা তৰাৰ গুটি গুটি চকুলো
পুৱতিনিশা কাণপাতি শুনিম
দুবৰিৰ সৈতে তলসৰা বকুলৰ
অন্তৰংগ আলাপ
আহিবাচোন আজি আবেলি!
ৰাধাচুড়াৰ বুকুত আকিম
এখন ব্ৰজধামৰ নিটোল ছবি
আমি বিলীন হৈ যাম
সেই চিৰপৰিচিত নৈ খনত
যাৰ দুয়োপাৰে
পাৰ ভঙা সপোনবোৰৰ
পিছে পিছে
দৌৰি ফুৰিছিলো আমি
আহিবাচোন আজি আবেলি!
কবিঃ বিভা বৈশ্য

ৰঞ্জুমণি মহন্ত

অনুভৱৰ ভগ্নাংশ

কবিঃ ৰঞ্জুমণি মহন্ত
(১)
তুমি গলাগৈ,
যিহেতু তুমি যাম বুলি
ভাবিয়েই আছিলা ।
মোৰ অনুভৱে অনুভৱে
এতিয়া বৈ আছা
নদী হৈ ।

(২)
মোৰ বিদীৰ্ণ হিয়াত
তুমি চালেই দেখিবা
দুখৰ চেকুৰা ।
মগ্ন অনুভৱত
শব্দৰ আঁচলেৰে ঢকা
মোৰ বিষন্ন কবিতা ।

সুৰেশ বৰা


চহা

(১)
নিশাৰ নিজান ভাঙি কেতেকীয়ে বিনাই ,
উৰি - উৰি বিষাদৰে গান গাই ।
বুকুখন বৰকৈ বিষায় ।।

(২)
ঘিটমিট আন্ধাৰত এজাক
জোনাকীয়ে পাতে পোহৰৰ মেলা ।
স্মৃতি সজীৱ হয়
জোনাকীৰ পাছত দৌৰা ল'ৰালিৰ খেলা ।।

(৩)
এজাৰ ফুলিলে মনলৈ বেজাৰ নামে ।
এজাৰ ফুলে হেনো বাৰিষাৰ বানপানীক লগতে আনে ।।

(৪)
ভালপোৱাৰ বজাৰত মৰম আজিকালি তেনেই খন্তেকীয়া ।
উদং প্ৰেমৰ মোনা লৈ
মানুহৰ হৃদয় আজিও দুখীয়া ।।
কবিঃ সুৰেশ বৰা

Thursday, 5 May 2016

গীতালি বৰুৱা বৰদলৈ

অভীপ্সা

(কবিঃ গীতালি বৰুৱা বৰদলৈ)
চকুত চকুৰ গভীৰ চাৱনিৰ মাথো এটি লহমা
আৰু এক অনামী শিহৰণত মোৰ স্তব্ধ নয়ন !
চকুযুৰিৰ চুম্বকীয়ত্বৰ অৱগাহনত আছন্ন হৈ ৰঁও
প্ৰতি ক্ষণ , প্ৰতি নিয়ত ..... !


এতিয়া অজ্ঞাতসাৰেই,
এঙেৰুৱা সময়বোৰে গতি সলাই,
বুকুজুৰি বৈ থকা নদীখনেও সুঁতি সলাই
শাশ্বত , অবিনশ্বৰ প্ৰেমৰ দিশত....!


চকুৱে হেনো মিছা নকয়......
সেইয়াই যদি সঁচা,
তোমাৰ বুকুতো উঠেনে
হাজাৰ ভাৱৰ বুৰবুৰণিৰ অজান পুলকতা....
মুখ ফুটাই নকলেও বুজানে
তোমাৰ পৰা মোলৈ ৰোৱা এই দূৰত্বত
বুকুত তৰপে তৰপে জমা হোৱা
অদমনীয়, অসহনীয় বিৰহৰ বেদনাৰ বেথা !


আহিবা এদিন বহাগৰ হেঙুলীয়া আবেলি ,
এজাক ভালপোৱাৰ ৰিমঝিম বৰষুণত ভিজি দুয়ো
শৰীৰৰ প্ৰতি বিন্দুত বিয়পাম সুখকৰ শীতলতা,
সেউজীয়া আলোকেৰে জিলিকি উঠিব হৃদয়
আৰু এই সীমাহীন প্ৰাপ্তিৰ সাক্ষী হৈ ৰ'ব আকাশ আৰু বতাহ !!

Monday, 2 May 2016

শ্ৰী তপন চন্দ্ৰ তালুকদাৰ


দেশদ্ৰোহী কোন.....? জে. এন. ইউ...!

ফলি এচ নাৰিমন (Fali Sam Nariman) চুপ্ৰিম কোৰ্টৰ এজন ছিনিয়ৰ উকীল । ইণ্ডিয়ান এক্সপ্ৰেচ ত প্ৰকাশিত তেখেতৰ এটি লিখনিৰ আধাৰত দণ্ডবিধি আইন, ১২৪ নং অনুচ্ছেদৰ জড়িয়তে দেশদ্ৰোহৰ পৰিভাষাৰ ওপৰত খুব সুন্দৰকৈ বৰ্ণনা কৰিছে যে- যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে ভাৰতখন টুকুৰা-টুকুৰা কৰা কথা কয় বা কৰিম বুলি কয়, যি ভাৰতৰ পক্ষত নহয়, তেন্তে সেইসকল লৰা-ছোৱালীৰ অভিভাৱকক যিকোনো ব্যক্তিয়ে এই কথাটো জনায় সিহঁতক মানসিক ভাৱে পৰীক্ষা কৰাব কব লাগে । নিশ্চিত ভাৱে সিহঁতে যিকোনো ভুল বা বেয়া সংগৰ প্ৰভাৱত পৰিছে, সিহঁতৰ লক্ষ্য বিভ্ৰান্ত কৰিছে অথবা তেনেকুৱা কৰিবলৈ উচ্ছাস যোগাইছে , যিটো সিহঁতে প্ৰকৃততে কৰিব নেলাগে । কিন্তু তাৰ বিনিময়ত সিহঁতক জেললৈ পঠোৱা বা দেশদ্ৰোহী আখ্যা দিয়াটো জৰুৰী নহয়...।
শব্দৰ উপযুক্ত ব্যৱহাৰ নোহোৱাৰ ফলত কি হব পাৰে, ইয়াৰ উপযুক্ত উদাহৰণ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ঘটনাটোৰ পিছত গোটেই দেশতে দেখিব পোৱা গৈছে। দেশদ্ৰোহ শব্দটোৰ কিমান ভুল ব্যৱহাৰ ভৰতীয় জনতা পাৰ্টি (বিজেপি) য়ে কৰিব পাৰে, সেইটো প্ৰত্যক্ষভাৱে সকলোৱে দেখা পাইছে । আৰু সেইবাবে শব্দৰ ভুল ব্যৱহাৰৰ বাবে পৰমবীৰ চক্ৰৰ সন্মানেৰে সন্মানিত কৰিব লাগে । দেশদ্ৰোহ শব্দটোৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টি অথবা তাৰ আনুষাংগিক সংগঠনৰ পৰিভাষা যদি দেশৰ পৰিভাষা হৈ যায়, তেন্তে আমি মানি লোৱা উচিত যে আমি শব্দ বুজিব নেজানো আৰু তাৰ অন্তৰালত অন্তৰ্নিহিত অৰ্থও বুজিব নেজানো ।

আমি লাহে লাহে দেশখনক অৰাজকতাৰ পিনে পিনে ঠেলি দিছো অথবা সেই সকল ব্যক্তিয়ে চেষ্টা কৰিছে, যি সকলে শব্দৰ ভুল ব্যৱহাৰ কৰিছে। অথবা ভুল সংজ্ঞা নিৰূপণ কৰিব বিচাৰিছে। যদি, এই সংগঠন সমূহৰ পৰিভাষাৰে দেশদ্ৰোহ শব্দটোৰ বিশ্লেষণ কৰো, তেন্তে সকলোতকৈ ডাঙৰ দেশদ্ৰোহী সংগঠন সেইটোয়ে, যাৰ মন্ত্ৰীত্বৰে চৰকাৰ গঠন হৈছে, আৰু সেইখন ৰাজ্যত হোৱা বেছিভাগ প্ৰতিবাদী কাৰ্য্যসূচীত পাকিস্তানৰ পতাকা উৰুৱাই, পাকিস্তান জিন্দাবাদ (ধ্বনি) শ্লোগান দিয়ে। আই এচ আই এচ (ISIS) ৰ দৰে উগ্ৰ সন্ত্ৰাসবাদী সংগঠনৰ পতাকা পৰ্য্যন্ত উৰুৱাই । চৰকাৰক ভেঙুচালি কৰে ।

হয়,  মই জম্মু-কাশ্মীৰৰ কথাকে কব  বিচাৰো । তাত বিজেপিৰ লগত মিত্ৰতা কৰিয়ে চৰকাৰ গঠন কৰিছে। তাত বিজেপিৰ মন্ত্ৰীয়ে চৰকাৰী সকলো সা-সুবিধা লৈই জীৱন যাপন কৰি আছে । তাৰ পিছত এইবোৰক কি বুলি কদেশদ্ৰোহ বুলি কমনে, প্ৰশাসনৰ বিফলতা বুলি ক?

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ঘটনাৰ লগত যদি আমি তাৰ তুলনা কৰি চাওঁ তেন্তে তাতকৈ ডাঙৰ দেশদ্ৰোহ বেলেগ হবই নোৱাৰে । যিখন ৰাজ্যত বিজেপিৰ সন্মিলিত চৰকাৰ আছে তাত পাকিস্তানৰ পতাকা উৰুৱাই বিক্ষোভ প্ৰদৰ্শন কৰে । মই একমত নহয় যে তাত বিজেপিয়ে দেশদ্ৰোহৰ কাম কৰা নাই । তাত প্ৰশাসনক ভালকৈ পৰিচালনা কৰিব পৰা নাই । তাৰ মন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ জনসাধাৰণক সেই বিশ্বাস দিব পৰা নাই যে চৰকাৰ বা প্ৰশাসন সদায় জনসাধাৰণৰ সুবিধাৰ বাবেহে । জনসাধাৰণৰ সকলো সমস্যা সকলো দুঃখ ৰ সমাধান কৰিবলৈ চৰকাৰ সদায় প্ৰতিজ্ঞাবদ্ধ ।
ইয়াৰ পিছতো যদি আমি বিশ্লেষণ কৰো দেশদ্ৰোহী কোন…?” তেন্তে আৰু এটা কথা উনুকিয়াব পাৰি । মহাত্মাগান্ধীৰ হত্যাকাৰী নাথুৰাম গডছে আৰু সাংসদভৱন আক্ৰমণকাৰী আফজন গুৰু দুয়োজনকে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত দোষী সাব্যস্ত কৰি ফাচী দিয়া হৈছিলে । তেন্তে কেনেকৈ আজিৰ তাৰিখত এজন ছহীদ হব পাৰ....? কেনেকৈ কিহৰ ভিত্তিত নাথুৰাম গডছেক ছহীদ ঘোষণা কৰিব বিচাৰে বিজেপিৰ পিতৃ সংগঠন আৰ এছ এছ (RSS)  য়ে বা তাৰ আনুষাংগিক সংগঠন সমূহে । আৰু দেশৰ প্ৰধানমন্ত্ৰী জনক, যিজনে মহাত্মা গান্ধীৰ স্মশানথলীত মাল্যাৰ্পন কৰা দেখা যায়, সেই একেজন নৰেন্দ্ৰ মোডী কে জাতিৰ পিতা গৰাকীৰ হত্যাকাৰী নাথুৰাম গডছেৰ মৃত্যু তিথিতো মাল্যাৰ্পন কৰি দুমুখীয়া চৰিত্ৰ লোৱা দেখা যায় । এতিয়া প্ৰশ্ন হল দেশদ্ৰোহী কোন...?”

দ্বিতীয় কথাটো  হল যদি এই দেশদ্ৰোহ শব্দটোৰ ব্যৱহাৰে হয় তেন্তে কৃষকৰ ক্ষেত্ৰতো ব্যৱহাৰ হোৱা উচিত আছিল । যত প্ৰাথমিকভাৱেও কৃষকৰ কথা কোৱা নহয়, যি সকলে কৃষকৰ আত্মহত্যাৰ বিষয়টো চিন্তাৰ কোনো কাৰণ নহয় বুলি ভাৱে বা কব খোজে, সেই দায়িত্বজ্ঞানহীন ৰাজনৈতিক দলৰ অধ্যক্ষ অথবা প্ৰধানমন্ত্ৰীজনৰ মূৰত কোনো চিন্তাৰ ৰেখা দেখাও পোৱা নেযায় । এজন সাংসদে যদি কয় কৃষক সকলৰ আত্মহত্যা হেনো ফেশ্বন...! আৰু তেনেকুৱা, দায়িত্বজ্ঞানহীন সংসদীয় ক্ষমতাত থকা সাংসদক যদি দলৰ পৰা বহিস্কাৰ নকৰে অথবা অধ্যক্ষই দলত আলোচনা নকৰে, তেন্তে তাতকৈ ডাঙৰ দেশদ্ৰোহী আৰু কোনো নাই । আমাৰ কৃষক সকলে দেশখনক জীয়াই থকাত আৰু আৰ্থিকভাৱে শক্তিশালী, সমৃদ্ধিশালী কৰি ৰখাত অৰিহণা যোগাই আহিছে । কিন্তু তাৰ পৰিৱৰ্তে কৃষকসকলৰ পৰিয়াল স্বাস্থ্য আৰু ভৱিষ্যত সাধাৰণ ভাৱেও সুৰক্ষিত নহয় । আৰু কৃষক সকলে যি উত্পাদন কৰিছে তাৰো সঠিক মূল্য নাপায় । তাৰ পিছতো কোনো সংগঠন বনাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বা নিজৰ অধিকাৰ দাবী কৰিবলৈ কোনো আন্দোলনৰ কাৰ্য্যসূচী হাতত নলয় দুঃখ মনেৰে কৃষি কৰ্মতে মন নিয়োগ কৰি আহিছে । আৰু দেশখনক সমৃদ্ধিশালী কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে । চৰকাৰৰ সেইটো দায়িত্ব আছিল যে কৃষকসকলৰ অভাৱ-অভিযোগ আতৰাই কিছু হলেও কষ্ট, দুঃখৰ পৰা পৰিত্ৰাণ পোৱাকৈ আচনি যুগুতোৱা । কিন্তু সেহতীয়া আচনিটো সেইটো দেখা পৰিলক্ষিত নহল। আগৰ চৰকাৰখনে কি কৰিছিলে বুলি প্ৰশ্ন তুলি সমালোচনা কৰাতকৈ বৰ্তমানৰ চৰকাৰে কি আচনি হাতত লৈছে কৃষিকৰ্মৰ উন্নতিৰ বাবে বা কৃষক সকলৰ বাবে সেইটোহে আলোচনাৰ বিষয় । কিন্তু সময়ত দুয়োখন চৰকাৰে কৃষকবিৰোধী মনোভাৱ প্ৰকাশ কৰাটো স্পষ্ট হৈ পৰিছে। বৰ্তমান চৰকাৰৰ আৰ্থিক বাজেটত কতো কৃষকৰ বাবে আচনিৰ উল্লেখ নাই । আৰু মোৰ সম্পূৰ্ণ বিশ্বাস হৈছে যে নৰেন্দ্ৰ মোডী চৰকাৰখনৰ যি আগন্তুক বাজেট আহিব তাতো হয়তো কৃষক সকলৰ বাবে একো নাথাকিব ।

যিবিলাক আঁচনি কৃষকৰ নামত ঢোলে-ডগৰে বজাই মানুহৰ মাজত প্ৰচাৰ কৰা দেখা গৈছে, সেই আঁচনি সমূহৰ পৰাও কৃষকসকলৰ কিবা লাভান্বিত হব বুলি মনে নধৰে । কিছুদিন আগতে লখনৌ (Lucknow) ত হোৱা এখন কৃষক সন্মিলনত কৃষক সকলে মনৰ ক্ষোভ এনেকৈ বৰ্ণনা কৰিছিল যে- আমি আগতেও আত্মহত্যা কৰিব লগা হৈছিলে আৰু এতিয়াও...! এইকাৰণে মোৰ প্ৰথম অনুৰোধ যে যিখন জিলাত কৃষকে আত্মহত্যা কৰিব তাৰ প্ৰশাসন অথবা জিলাধিপতিক দেশদ্ৰোহী আখ্যা দি জেললৈ প্ৰেৰণ কৰিব লাগে । যিখন ৰাজ্য চৰকাৰৰ অধীনত কৃষকে আত্মহত্য কৰে তাৰ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক দেশদ্ৰোহী আইনৰ অধীনত ৰাখি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰক । কিন্তু এনেকুৱা এখন আইন হয়তো কোনেও বলৱত্ নকৰিব । কাৰণ কৃষকৰ তেজশুহি খাবলৈ সকলোৱে জানে কিন্তু জীৱন দিবলৈ কোনেও শিকা নাই ।
লখনৌ (Lucknow) ত হোৱা কৃষক মঞ্চ সন্মিলনত এটা গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পাইছে যে জন-ধন আচনিখনৰে ভাৰত চৰকাৰে যিমান টকা সংগ্ৰহ কৰিছে সেই টকাখিনি দেশৰ কৰ্পোৰেট গোষ্ঠীৰ ঋণ মাফ কৰি দিয়াত ব্যৱহাৰ কৰিছে । যিমানখিনি টকা দেশৰ দুখীয়া-দৰিদ্ৰ কৃষক জনসাধাৰণে বেংকত জমা কৰিছে, তাৰপৰা সেই বেংকটো লাভান্বিত হৈছে আৰু চৰকাৰে সেই চতুৰ প্ৰৱঞ্চক কৰ্পোৰেট গোষ্ঠীক সহায় কৰিছে । যিয়ে বেংকৰ পৰা চৰকাৰী সহায়ক ঋণলৈ উভতাই নিদিয়ে । তেনেকুৱা কামত বেংকৰ মেনেজাৰৰ পৰা মন্ত্ৰী বিষয়া, ডাঙৰ উদ্যোগপতি সকল জড়িত হৈ পৰে । যি সকলে চৰকাৰৰ অধীনত ঋণ গ্ৰহণ কৰি, ব্যৱসায়ৰ মন্দা অৱস্থা দেখুৱাই ঋণৰ পৰা পৰিত্ৰাণ লৈই আকৌ ঋণ গ্ৰহণ কৰি ।

সেয়েহে মই ভাবো শব্দৰ ব্যৱহাৰ ভাৰতীয় জনতা পাৰ্টিয়ে হওঁক বা কংগ্ৰেছে হওঁক, বহুত ভাবি-গুণী ব্যৱহাৰ কৰা উচিত । অথবা সেই দল সমূহে দেখুৱাই দিয়াৰ দৰে যদি শব্দৰ ব্যৱহাৰ হয় তেন্তে এই দেশখনত আৰু কোনো দেশভক্ত জীয়াই নাথাকিব । ভাৰতীয় জনতা পাৰ্টিয়ে জনসাধাৰণৰ মনৰ দুঃখ, আসোৱাহ সমূহ আতৰ কৰিব দূৰৰ কথা, সেই সমূহ আতৰ কৰিব পৰাকৈ কোনো আচনিয়ে বাজেটত অন্তৰ্ভুক্ত নকৰিলে ।

ভাৰতীয় জনতা পাৰ্টিক আন এটা কাৰণত ধন্যবাদ দিব লাগিব । যে সমগ্ৰ ভাৰতত পৰিৱৰ্তনৰ এক নতুন চেতনা জগায়, আশাৰ তুষাৰপাত কৰিছিল । কোনো ধৰণৰ বিচাৰ বিবেচনা নকৰাকৈ অচ্ছে দিনৰ সপোন দেখুৱাইছিল । গোটেই ভাৰতখন বিদেশীমুক্ত হব বুলি যি প্ৰচাৰ কৰিছিল । বিশেষকৈ অসমত দিয়া নিৰ্বাচনী ভাষণত সেই কথাটো স্পষ্টকৈ প্ৰকাশ কৰিছিল । কংগ্ৰেছৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে জনসাধাৰণে বিকল্প হিচাপে বাচনি কৰিছিল বিজেপিক । সকলো জাতি-ধৰ্মৰ জনসাধাৰণে কিছু হলেও সুখ-স্বাচ্ছান্দ্য উভতি অহাৰ আশাত নৰেন্দ্ৰ মো়ডীৰ অচ্ছে দিনৰ সুৰতে সুৰ মিলায় বিশ্বাস সহকাৰে গ্ৰহণ কৰিছিল । কিন্তু সেই অচ্ছে দিন? দিনক দিনে দেশত সাম্প্ৰদায়িক মতা-মতেৰে অসহিষ্ণুতাৰ পৰিৱেশ গঢ়ি উঠিছে । বিজেপি চৰকাৰৰ আগমনৰ লগে লগে ধৰ্মৰ পৰা আদি কৰি জাত-পাত, উচ্চ-নীচ সকলো যেন মূৰ তুলি পুনৰাই ব্ৰাহ্মণ্যবাদক আদৰণি জনাইছে । যিকোনো ৰাজহুৱা অনুষ্ঠানত সাম্প্ৰদায়িক মতামত দিয়াত ধৰ্মগুৰু সকল এখোপ আগবাঢ়ি গৈছে । এতিয়া যেন ধৰ্মৰ ৰাজনীতিয়ে এক প্ৰকাৰ তুংগত উঠিছে।


মোৰ এতিয়াও বিশ্বাস আছে যে নৰেন্দ্ৰ মোডীয়ে সকলো জনসাধাৰণৰ মনৰ আসোৱাহ সমূহ আতৰ কৰিব পাৰিব । আৰু দেশৰ অৰ্থনীতিত এক চমকপ্ৰদ পৰিৱৰ্তন আনিব পাৰিব । কাৰণ দেশৰ জনসাধাৰণে তেখেতক বাচনি কৰিছে । তেখেতে ইয়াৰ আৰম্ভণি দেশৰ কৃষক সকলক লগত লৈ কৃষি ব্যৱস্থাক মুখ্য হিচাপে গ্ৰহণ কৰি আগবাঢ়িব লাগিব। আৰু দেশৰ গ্ৰামীণ ঠাই সমূহক উদ্যোগীক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ লগতে, কেঁচা সামগ্ৰী সমূহৰ বজাৰ সুনিষ্চিত কৰিব পাৰিব লাগিব । তাৰ বাবে দেশৰ যথেষ্ট বিনিয়োগ কৰাৰ প্ৰয়োজন নাই ।  ১.১৪ লাখ কৌটি টকা সেই বেইমান উদ্যোগপতি সকলৰ ঋণ মাফ কৰি দিয়াৰ তুলনাতকৈ যদি এবাৰ দেশৰ কৃষক সকলৰ জীৱনশৈলী পৰিৱৰ্তনৰ বাবে অতি কমেও তাৰ আধা অংশও খৰচ কৰি চাই । তাৰ পিছত কৃষক সকলে নিজকে নিজে পৰিৱৰ্তন কৰি উলিয়াই আনিব দৰিদ্ৰতাৰ মাজৰ পৰা । 

শ্ৰী তপন চন্দ্ৰ তালুকদাৰ
নলবাৰী, অসম

Sunday, 1 May 2016

মিনাক্ষী মেচ



কুন্তী



তীক্ষ্ণ আলোকৰ মাজত ক্ৰমে
দৃশ্যমান হৈ উঠিছিল সূৰ্য্য-নাৰায়ন
কুমাৰী কুন্তীৰ আৱাহনত
ঋষিৰ বৰত প্ৰাপ্ত অমোঘ মন্ত্ৰ
মনত উতসুকতা
অজ্ঞাত মন্ত্ৰৰ প্ৰৱলতা,
প্ৰয়োগৰ প্ৰয়োজনীয়তা,
কঠোৰ নিয়মানুবদ্ধতা
ফুল কোমল হৃদয়ৰ মনৰ পুলকানুভূতি
ৰোধিব পৰা নাছিল
আশ্বস্ত হ’ব পৰাকৈ পৈনত নাছিল কুন্তী
খিৰিকিৰে সোমাই অহা কুহূমীয়া অংশুমালীৰ
স্পৰ্শই জাগ্ৰত কৰিলে আৱাহনৰ স্পৃহাক
স্বতঃস্ফুৰ্তভাৱেই উচ্চাৰিত হ’ল
সেই মন্ত্ৰ কুন্তীৰ কণ্ঠত
পলকতে উতকণ্ঠাৰ অন্ত
সন্মুখত স্বয়ং আদিত্য
ভয়ত কঁপি উঠিছিল কুমাৰী কুন্তী
প্ৰকাশ কৰিছিল সবিনয়ে মনৰ স্পৃহাক
আৰু নিজৰ মূঢ়তাক
নিয়মৰ সালসলনি নহয়
ভীতিগ্ৰস্ত আচম্বিত কুন্তীৰ
সকলো আৱেদনেই বিফল হ’ল
কুমাৰী মাতৃত্বৰ বোজা
বহন কৰাৰ বাধ্যকতাত
দেৱতাই কৰিব নোৱাৰা একোৱেই নাই
তেনে ঈশ্বৰ সদৃশ সূৰ্য্যনাৰায়ন
কিয় অপাৰগ হৈছিল
ফুল কোমল কুন্তীৰ
মানসিকতা বুজি পোৱাত
নে পুৰুষত্বৰ ৰিপুজয়ত বিফল হৈছিল ??
নে “এই অমোঘ মন্ত্ৰৰ প্ৰয়োগ বিফল কৰিব নোৱাৰি”-
বুলি কৈ মদনৰ পুষ্প বাণত আক্ৰান্ত হৈ
নিজৰ দুৰ্বলতাক ঢাকি ৰাখিছিল (?)
হয়তুবা

হয়তুবা নাৰীৰ কমনীয়তাৰে
প্ৰয়োভৰা কুন্তীৰ ৰূপত মোহান্ধ হৈছিল !!
ফলস্ৰুতিত আবেগৰ ধুমুহাই
কলংকিত কৰি গল কুন্তীক
কুমাৰী মাতৃত্বৰ বোজাৰে.....।
কবিঃমিনাক্ষী মেচ, 
শিৱসাগৰ


Saturday, 30 April 2016

শ্ৰী তপন চন্দ্ৰ তালুকদাৰ

শ্ৰমিক দিৱস


বিশ্বৰ শ্ৰমজীৱি মানুহৰ শোষণ আৰু শোষিতৰ বিৰুদ্ধে একত্ৰিত হোৱা এক উৎসৱ মে দিৱস ৷ ১৮৮৬ চনত আমেৰিকাৰ চিকাগো চহৰত প্ৰথম আৰম্ভ হৈছিলে বসন্তোৎসৱৰ আলম লৈ....। আৰু আজি প্ৰায় মে দিৱসটো আন্তৰ্জাতিক দিৱস হিচাপে ৮০ খন দেশতে ৰাষ্ট্ৰীয় বন্ধ ঘোষণাৰে পালন কৰা হয়...।

১৮৮৬ চনত চিকাগো চহৰ যেতিয়া বসন্তোৎসৱৰ আনন্দত মছগুল হৈ আছিলে তেতিয়াই মালিক শ্ৰেণীৰ বিৰুদ্ধে একত্ৰিত হৈ পৰিছিল শ্ৰমিক সকল আৰু দাবী কৰিছিল সিহঁতৰ অধিকাৰ...। কৰ্মক্ষেত্ৰত সময় ৮ ঘণ্টাকৈ আৰু সপ্তাহত এদিনকৈ বন্ধ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা সেই মজদুৰ সকলৰ মাজত, মালিক শ্ৰেণীৰ হৈ কোনোবা অচিনাকী ব্যক্তিয়ে বোমা ফুটাই দিয়ে আৰু পুলিচে গুলীয়াই বহুতো শ্ৰমিকক হত্যা কৰে....। তেজেৰে ৰাঙলী চিকাগো চহৰৰ পথত শ্ৰমিকৰ মাতৃ-পত্নী-জীয়ৰী-পুত্ৰ সকলে পুনৰাই উলাই আহি, পথৰ তেজেৰে নিজৰ কাপোৰ ৰঙীন কৰি প্ৰতিবাদ কৰে আৰু প্ৰতিজ্ঞা কৰে যে “শোষণ আৰু শোষিতৰ বিৰুদ্ধে এই আন্দোলন অব্যাহত ৰাখিব যেতিয়ালৈকে, হত্যাকাৰী মালিক শ্ৰেণীৰ ক্ষমতাক ওফোৰাই দিব নোৱাৰে” । তেতিয়াৰ পৰাই শ্ৰমিকৰ তেজেৰে ৰাঙলী কৰা ৰঙেৰে ৰঙীন হৈ থাকিল শ্ৰমিকৰ পতাকা.........।

বিশ্বত পুজিবাদী সমাজব্যৱস্থাক ধ্বংস কৰি সাম্যবাদী সমাজ ব্যৱস্থাৰে সমাজক নিয়ন্ত্ৰণ কৰাৰ পণ লয় । ১৮৮৯ মে ত পেৰিচ আন্তৰাষ্ট্ৰীয় মহাসভাৰ দ্বিতীয় বৈঠকত শ্ৰমিকৰ কেচা তেজৰ স্মৃতিক সুৱৰি এটা প্ৰস্তাৱ লোৱা হল যে এই মে দিৱসক আন্তৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে পালন কৰা হওঁক...।আৰু তেতিয়াৰ পৰাই মে দিৱসতে বিশ্বৰ সকলো শ্ৰমিক ঐক্যবদ্ধ হোৱাৰ বাণী গুঞ্জৰিত হৈ উঠে ৷

১৮৯৩ চনত শোষণ বঞ্চনাৰ বিৰুদ্ধে বিশ্ববিখ্যাত কমিউনিষ্ট ফ্ৰেডেৰিক এংগেলচৰ নেতৃত্বত আন্তৰ্জাতিক শ্ৰমিক সংঘৰ অধিবেশন হয়৷ তাতে পুঁজিবাদী সমাজ ব্যৱস্থা ধ্বংস কৰি বিশ্বত সমাজবাদী শাসন ব্যৱস্থা স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ শ্ৰমজীৱি সকলেই এই সপোন সফল কৰি তুলিব লাগিব আৰু সেই ৰক্ত-ৰঞ্জিত লাল পতাকাই হ’ব বিশ্বৰ সমগ্ৰ শ্ৰমজীৱি মানুহৰ মুক্তি সংগ্ৰামৰ পতাকা ৷

এই লাল পতাকাৰ ৰঙা ৰং যেনেকৈ তেজৰ ৰং, ই নতুন আৰু বিশুদ্ধতাৰো প্ৰতীক৷ গতিকে নতুন শ্ৰেণীহীন, শোষণহীন সমাজ ব্যৱস্থা সমাজতন্ত্ৰবাদ তথা সাম্যবাদ প্ৰতিষ্ঠাৰ বাবে কঠোৰ আৰু দীঘলীয়া শ্ৰেণী সংগ্ৰামৰ সংকল্প বহন কৰে এই পতাকাৰ ৰঙা ৰঙে..........৷ কৃষক শ্ৰমিকৰ ঐক্যবদ্ধ প্ৰচেষ্টাইহে এই সপোনক বাস্তৱৰ পথলৈ নিব পাৰিব, সেয়ে এই পতাকাত হাতুৰী আৰু কাঁচি অংকন কৰা হৈছে.....৷ বিশ্বৰ পাঁচোখন মহাদেশৰ শোষিত শ্ৰমিক শ্ৰেণীক এক বিশ্ব কমিউনিষ্ট ভাতৃত্বৰে বান্ধি ৰখাৰ উদেশ্যৰে তাৰ প্ৰতীকি ৰূপ পাঁচ কোণীয়া তৰাটিও পতাকাত সন্নিবিষ্ট কৰা হৈছিল....৷

এই ঘটনাবহুল শ্ৰমিক সংগ্ৰামৰ ইতিহাস জুকিয়াবলৈ গ’লে দেখা যায় যে, যে ১৮৪৮ চনত প্ৰকাশ পোৱা মাৰ্ক্স-এংগেলচৰ বিশ্ব-বিখ্যাত "কমিউনিষ্ট মেনিফেষ্টো" প্ৰকাশ পোৱাৰ পৰাই বিশ্ব জুৰি শংকিত হৈ পৰিছিল, পুঁজিবাদৰ পূজাৰী মালিক তথা শাসক সকল ৷ এই ইস্তাহাৰ প্ৰকাশ হোৱাৰ পাছৰে পৰাই ধাৰাবাহিক ভাৱে শ্ৰমিক সকলক সংগঠিত কৰা তথা প্ৰতিবাদী সংগ্ৰাম গঢ় লৈ উঠাটো বিশ্বৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছিল ৷ সেই উদ্দেশ্যে ১৮৬৪ চনত ইংলেণ্ডত জন্ম হ’ল প্ৰথম ইণ্টাৰনেশ্বনেল ৱৰ্কিং মেনছ এছ’ছিয়েশ্বন, ই বিশ্বৰ প্ৰথমটো শ্ৰমিকৰ সংগঠিত ৰূপ বুলি পৰিগণিত হ’ল ৷

১৮৬৬ চনত আমেৰিকাত ৬০টা শ্ৰমিক ইউনিয়নে মিলিত হৈ গঠন কৰিলে নেচনেল লেবাৰ ইউনিয়ন । আৰু শ্ৰমিকক দাসত্বৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে দৈনিক আঠ ঘণ্টা শ্ৰমৰ সময় নিৰ্ধাৰণ কৰি দাবী উত্থাপন কৰিলে ৷ এই আন্দোলনে জংগী ৰূপ ধাৰণ কৰিলে....। ফলত ১৮৭৫চনত ১০জনকৈ শ্ৰমিকক ফাঁচি দিয়া হ’ল৷ আৰু ই এই আন্দোলনক যেন ঘিঁউহে ঢালিলে ৷

আমেৰিকান ফেডাৰেশ্বন অৱ লেবাৰ ইউনিয়ন ১৮৬৬ চনত ঘোষণা কৰিলে যে পহিলা মেৰ পৰা গোটেই দেশতে দৈনিক শ্ৰমৰ সময় হব আঠ ঘণ্টা ৷ লক্ষ লক্ষ শ্ৰমিকে এই দাবী তথা আন্দোলনলৈ সহাঁৰি দিলে ৷ প্ৰতিবাদত শ্ৰমিকৰ তেজৰ ঢল বৈ গ’ল ৷ কিন্তু অৱশেষত চৰকাৰ তথা পুঁজিবাদী কোম্পানী, মালিক সকলে এই দাবী মানি লবলৈ বাধ্য হ’ল ৷আৰু ভাৰততো এই মে দিৱস ১৯২৩ চনত প্ৰথম বাৰৰ বাবে পালন কৰা হয় কমিউনিষ্ট নেতা চিংগাৰবেলু চেট্টিয়াৰ ৰ নেতৃত্বত...। সেয়ে বিশ্বৰ ইতিহাসত শ্ৰমেৰে, নিজৰ ঘামেৰে দুবেলা দুমুঠি অৰ্জন কৰা লোক সকলৰ ঐক্যবদ্ধ আন্দোলনৰ প্ৰথমটো বিজয় ৰূপে মে’ দিৱস অতি তাৎপৰ্যপূৰ্ণ ৷ সংগঠিত ৰূপত শ্ৰমজীৱি ৰাইজক সামাজিক সুৰক্ষা প্ৰদান তথা সমাজ পৰিবৰ্তনৰ বাণীৰে সজাগতাৰ বাবে দেশে দেশে পালন কৰা এই দিৱসৰ বিশেষত্ব নতুন পুৰুষেও জানিব লাগিব, বুজিব লাগিব, আৰু সেই ইতিহাসৰ ভেটীতে নতুন যুগৰ নতুন সমাজ গঢ়াৰ বাটত সপোন দেখিব লাগিব ৷ আহক আমিও একত্ৰিত হৈ পুজিবাদৰ শোষণ আৰু শোষিতৰ বিৰুদ্ধে প্ৰতিবাদ কৰো.....। ইনক্লাৱ জিন্দাবাদ.....।

Friday, 29 April 2016

চয়নিকা দাস


মই সুখী মানুহ....আপুনি সুখীনে?


সুখী হ'বলৈ এখনি আকাশ লাগে, য'ত মুক্ত মনে ডেউকা মেলিব পাৰি৷ সুখী হ'বলৈ এখনি পথাৰ লাগে, সেউজীয়াৰ স'তে য'ত বাৰ্তালাপ কৰিব পাৰি৷ মই সুখী৷ সুখী হ'ব পৰাকৈ মোৰ দেউতাৰ বুকুত এখনি আকাশ আছে৷ য'ত মই উন্মুক্ত হৈ পাখি মেলোঁ মোৰ সপোনৰ স'তে৷ চপৰা- চপৰ ডাৱৰৰ স'তে কথা পাতোঁ, তৰা ফুলবোৰ দুহাতত লৈ মন খুলি হাহোঁ৷ সেইজীয়াৰ মাজত নিজকে হেৰুৱাই পেলাবলৈ মোৰ মাৰ বুকুত এখনি পথাৰ আছে৷ মাৰ বুকুৰ সেউজীয়াৰে লুটুৰি- পুটুৰি হৈ মই ভোগ কৰোঁ জীৱনৰ পৰম স্বাদ৷ এই আকাশ আৰু পথাৰে এদিন সুখী হোৱাৰ ঠিকনা এটি মোৰ হাতত গুজি দিছিল৷ হাতৰ মুঠিটো খুলি দেখিছিলো উৰি যোৱা পখিলা এটি, দুপৰীয়াৰ নিজানত কথা পাতি থকা প্ৰেমিক চৰাই হালি, চোতালৰ ৰ'দত দৌৰি ফুৰা গৰু পোৱালীটোৰ মৰমলগা হেম্বোলনি, পথাৰৰ সেউজীয়া, জোনাকৰ আলিংগন....পৃথিৱীখন আপোন হৈ পৰিল মোৰ৷
কেতিয়াবা জোনাকৰ স'তে কথা পাতো, কেতিয়াবা নৈখনৰ স'তে৷ কোমল কহুৱাবোৰ দুহাতেৰে চুই উথলি অহা মৰমবোৰ বাকি দি সুখত উফৰি পৰোঁ৷ পথাৰত নেজ জোকাৰি ঘাঁহ খাই থকা শান্ত গৰুবোৰলৈ চাই কেতিয়াবা পৰম সুখৰ সন্ধান পাওঁ৷ সন্ধিয়া বাটেৰে টিলিঙা বজাই পাৰ হৈ যোৱা মাছুৱৈ খুড়াৰ গান, গৰখীয়াজাকৰ খলকনি সকলো আপোন যেন লাগে আৰু সকোলোবোৰ হৈ পৰে মোৰ একো একোটা সুখৰ উৎস৷
কিতাপৰ সংগ লভিবৰে পৰা চিনাকি হৈছোঁ এক সৰগীয় সুখৰ স'তে৷ দোভাগ ৰাতি টোপনি ভাগি যোৱাকৈ মোৰ মূৰত কিতাপৰ পোক নাই৷ কিতাপৰ বোজা কঢ়িয়াবলৈ দেউতাই শিকোৱা নাই৷ কিতাপ মোৰ প্ৰিয় বন্ধু৷ দেউতাৰ কোঠাত ন- পুৰণি কিতাপৰ সুবাসে আমোলমলাই থাকে৷ কিতাপৰ মাজত ডুব গৈ থকা মোৰ মনটো সৃষ্টিৰ প্ৰৱল আগ্ৰহত সদায়ে ব্যাকুল হৈ থাকে৷ আৰু প্ৰতিটো সৃষ্টিৰ অন্তৰালত মই অনুভৱ কৰোঁ এক উমাল সুখৰ সান্নিধ্য৷
আপুনি কেতিয়াবা আকাশ চাই পাইছেনে? জোনাক নিশা তৰা গণি, নৈৰ স'তে কথা পাতি, সেউজীয়াৰ স'তে মিতিৰালি কৰি, আনৰ দুখত দুখী হৈ... পাইছে কেতিয়াবা? নে ৰঙ বিৰঙ লাইটৰ পোহৰত ডান্স, ডিস্কো, অফিচ, খোজে প্ৰতি প্ৰতিযোগিতা আৰু বাকচত তৰপে তৰপে বান্ধি থোৱা টকাৰ মাজতে পুহি ৰাখিছে সুখী হোৱাৰ বাসনা৷ অফিচত যন্ত্ৰৰ দৰে কাম কৰি, দিনে - নিশাই কেৱল টকা ঘটি জানো আপুনি সুখী হ'ব পাৰিছে? যদি আপোনাক উদাসীনতাই গ্ৰাস কৰিছে আহক নৈৰ স'তে কথা পাতো, চৰাইৰ স'তে গান গাওঁ৷ প্ৰতিযোগিতাৰ পিছত দৌৰিবলৈ এৰি কিতাপৰ পাতত জীৱনৰ সোৱাদ লওঁ৷ আহক আমি সুখী হওঁ৷ এখনি আকাশ আৰু এখনি পথাৰ হৈ সুখৰ সন্ধান বিলাওঁ৷

চয়নিকা দাস

Sunday, 24 April 2016

ৰঞ্জুমনি মহন্ত

দুটা অনুভৱৰ স্তৱক

(১)

কোনে আহি কাণে কাণে
গাই যায় বসন্তৰ গান
কোনে মোৰ
অনুভৱক জোকাৰি
তুলি যায় সুমধুৰ তান
আঃ! প্ৰেম যেন
বসন্তৰেই অন্য নাম

(২)

কাৰ খোজত
মোৰ সপোনে সাৰ পায়
কোনে মোৰ
চেতনাক জাগ্ৰত কৰি
অনুভৱৰ ফুল সিঁচি থৈ যায়
মোৰ হিঁয়া জুৰি ফুলি আছে
দুখৰ খৰিকাজাই

ৰঞ্জুমণি মহন্ত ২৫/০৪/২০১৬

ৰঞ্জুমনি মহন্ত




বসন্ত-2


ফাগুনে নিঃস্ব কৰা
প্ৰকৃতিৰ বাবে এক
কুঁহিপতীয়া সম্ভাৱনা হৈ
বসন্ত আহে ।
খৰালিত শীৰ্ণ হোৱা
নৈ লৈও আনে
পূৰ্ণতাৰ সম্ভাৱনা ।
চহা পিতাইৰ দুচকুতো
বসন্তই সিচি দিয়ে
এপথাৰ সেউজীয়া ।
কিমান যে সম্ভাৱনা লৈ
বসন্ত আহে !
যেন সম্ভাৱনাৰেই
আন এটা নাম বসন্ত।
আৰু মোৰ বাবে ?
আচলতে তয়েই
মোৰ বাবেএক
বাসন্তী সম্ভাৱনা ।
তোৰ বাবেই দুচকুত
সপোনৰ ভৰ ।
দুখৰ দিনতো
সুখৰ সাজ পিন্ধি
তোৰ বাবেই গাই যাওঁ
জীৱনৰ স্বৰ।
ৰঞ্জুমণি মহন্ত ।


ৰঞ্জুমণি মহন্ত



এটা ভালপোৱাৰ ইলিজী

আজি মোৰ ভালপোৱাৰ মৃত্যু হল ।
ভালপোৱাৰেই ভৰত
ভালপোৱাৰ মৃত্যু ।
আঃ ভালপোৱা !
কিযে দুৰ্বল আছিলি তই !
মই দেখোন তেতিয়া
নদী হৈয়ে আছিলো
ভৰা নদী ।
মইতো বৈ যাবই খুজিছিলো ।
মইতো তোৰ বাবে
আকাশ হব খুজিছিলো
আগবঢ়ায়েতো দিছিলো
প্ৰসাৰিত দুহাত ।
বুকু ভৰাইতো ৰাখিছিলো
সূৰুযৰ সুবাস ,
সাঁচিয়েইতো ৰাখিছিলো
তৰা ভৰা আকাশ আৰু
ৰূপোৱালী জোনাক ।
আঃ ভালপোৱা !
কিযে লেহুকা আছিলি তই !
কিয়ে যে এক অজুহাতত
গুচি গলি ,
উলটি নাচাই ।
এতিয়া চাচোন ,
ৰ'দ আৰু জোনাকেৰে
মই কি কৰিম ?
মইতো মেঘ হৈয়েই
থাকিব লাগিব ।


কবিঃ ৰঞ্জুমণি মহন্ত । 31. 03. 2016


Saturday, 23 April 2016

মিনাক্ষী মেচ


প্ৰিয় কবিলৈ

কবিঃমিনাক্ষী মেচ
পাৰ ভাঙি আহক
এজাক আবেগৰ বৰষুণ
সৰি পৰক শব্দাবিধান
তোমাৰ
ভাবনাৰ পানচৈ
ভাঁহি উঠক
স্পন্দিত কলিজাৰ
বন্দিত মেঘৰঞ্জনীৰ
নিতূল প্ৰতিচ্ছবি
সাৰ পাই উঠক
জোৎসনা বিধৌত
হিমশীতল এটি আধৰুৱা
প্ৰেমপ্ৰয়াসী কবিতা
দুহাত মেলি
আকোৱালি লম
প্ৰতিহত কৰি অধৰৰ
তৃষাহীন তিমিৰাছন্ন
অস্তমিত আভা....
কবি
ডুব যাওঁ
তোমাৰ
শব্দৰ সন্মোহনীত
মায়াময় তন্ময়তাৰে
যান্ত্ৰিক আত্মকেন্দ্ৰীক
পৃথিবীখন.....
( সকলো কবিৰ অমল হাতত )

ৰঞ্জুমনি মহন্ত


আকাশৰ কবিতা

(১)
আকাশে বাৰু কিদৰে জানিলে
মোৰ বুকুৰ বেথা
নে আকাশৰো আছে
পাই হেৰুওৱাৰ কিবা
গোপন কথা ৷

(২)
আজি আকাশৰ সতেই
কৰি ললো মোৰ চকুলোৰ
ভাগ বাটোৱাৰা ৷
হওক ক্ৰন্দসী আকাশ খনো
নামি আহক বৰষুন হৈ
চকুলোবোৰ ৷

( ৩)
আকাশেও কান্দে ৷
একাকাৰ হওক
আকাশৰ চকুলোৰ সতে
মোৰ তুমিহীনতাৰ অশ্ৰু ৷
বৈ যাওক নিৰবধি
মোৰ উদাস বুকুৱেদি
নিৰব ভালপোৱাৰ ফল্গু ৷
কবিঃৰঞ্জুমনি মহন্ত

Friday, 22 April 2016

নিবিড় অনুৰাগ মানস


নৱবর্ষত সুবাসনালৈ এখন চিঠি

কবিঃ-নিবিড় অনুৰাগ মানস
সৌৱা চোৱা সুবাসনা
নতুন চোলা পিন্ধি সময়ে
ঢৌ খেলি নাচিছে
তোমাৰ দৰেই ঢৌখেলা চুলিৰ মাজেৰে বিয়পি পৰিছে
ফিৰফিৰীয়া বতাহজাক
নিলাজ চকুৰ ফাঁকেৰে
সপোন নামৰ তৰা এটি
মোৰ কোচত ওমলি ফুৰিছে
নতুন চোলা পিন্ধিলেই
মনবোৰ জানো নতুন হয়
কি কলা সুবাসনা
মনবোৰ নতুন হলেই জানো
নতুন হয় সপোন অথবা সময়
ৰিক্ত উশাহ এটাই থমকি ৰয়
আলসুৱা বুকুৰ ছাঁত
নতুনৰ ছাতি দেখি
ছাতিটো মেলি নলবা সুবাসনা
বৰষুণত তিতিলেহে তোমাক ধুনীয়া দেখি
ৰঙা মানেইতো ৰং নহয়
ক'লাওটো ৰং
তথাপিও ৰঙাবোৰ ভাল পাই মানুহবোৰে
ক'লাবোৰ নিলগাই থয়
সিহতেতো নাজানে
ক'লাৰ মাজেৰেই বিয়পি আহে ৰঙাৰ সজীৱতা
সেয়ে কৈছো সুবাসনা
ছাতিটো নেমেলিবা
নেমেলিবা ছাতিটো

তপন চন্দ্ৰ তালুকদাৰ


এবুকু অনুভৱ

( তপন চন্দ্ৰ তালুকদাৰ)

নিজৰ অস্তিত্ব পাহৰি কেতিয়াবা নদীৰ মেটেকাৰো প্ৰেমত পৰো....! গছৰ বাকলি পিন্ধা মনটো এতিয়া তোমাৰ স’তে সাতুৰি যাব খোজো...। সেন্দুৰীয়া সপোনবোৰ তোমাৰ নদীৰ বালিচৰ...!

পথৰ ভিখাৰীয়ে জানো সপোন নেদেখে চন্দ্ৰত নিজৰ ঘৰ...! লেতেৰা মাটিতে গা-ঘেলাই অনুভৱ কৰো ময়ো তোমাৰ আলিঙ্গন....।। পাৰিবা জানো লব মোক অনুভৱত.....। থাকিব পাৰিবা জানো মোৰ কলিজাৰ মাজত...।

মই জানো অনুভৱৰ দৰে বাস্তৱ সুন্দৰ নহয়....। তথাপিওঁ যে তোমাৰ প্ৰেমত পৰিলো....। প্ৰেমৰ মাদকতা ভৰা হিয়াত তোমাকে বিচাৰি ফুৰো...।

ওচৰলৈ নাহিবা আৰু...! ভয় লাগে মোৰ....। মই যে পথভ্ৰস্ত এজন বিভ্ৰান্ত প্ৰেমিক...! মই জানো ভঙা কলিজা মোৰ আদৰি লব নোৱাৰিবা....।

তোমাৰ সহানুভূতিক মই প্ৰেম বুলি পুনৰ ভুল কৰিছো....। তুমি আতৰি যোৱা...! আতৰি যাওঁক মোৰ সকলো অনুভৱ.....! আতৰি যাওঁক মোৰ সকলো আৱেগ....। আতৰি যাওঁক মোৰ সকলো অস্তিত্ব....।

আকাশৰ সতে মিলি নিস্প্ৰভ এদিন হৈ যাব সকলো আৱেগ, অনুভৱ....। আৱেগে ডাৱৰ হব....। অনুভৱে বৰষুণ.....। মাটিতে অংকুৰিত হব....। প্ৰেমৰ শস্য.....। পৃথিৱী ধুনীয়া হব...। সেউজীয়া হব তোমাৰ সপোন....। সপোনবোৰ আকৌ লহপহকৈ ফুলিব....। মোৰে বুকুত......।

প্ৰতিভা মহন্ত

কাৰ স্পৰ্ধাত তুমি ভয়াৰ্ত

কবিঃ প্ৰতিভা মহন্ত

কাৰ স্পৰ্ধাত
তুমি ভয়াৰ্ত
মাতাল হোৱা
নৈ খনৰ স্পৰ্ধাত নে,
দুচকুত দেখা পোৱা
আকুলতাৰ স্পৰ্ধাত,
জাকৰুৱা এন্ধাৰৰ
বুকুত ভাঁহি অহা
জয়াল এক বাৰ্তাৰ
স্পৰ্ধাত চাগে....!!

কাৰ স্পৰ্ধাত
তুমি ভয়াৰ্ত
তোমাৰ প্ৰতিক নম্ৰতা
জানো,তথাপি তোমাৰ
চকুৰ নান্দনিকতাত
লুকাই আছে নিশ্চয়
স্পৰ্ধাৰ সাহসিকতা, প্ৰহৰে
প্ৰহৰে বাৰু বাঢ়িব ধৰিছে
নে স্পৰ্ধাৰ পৰিধি.....!

কাৰ স্পৰ্ধাত
তুমি ভয়াৰ্ত
নিমাও মাও সময়বোৰত
অকলশৰীয়া ঘৰবোৰৰ
মুধচত বহি ৰোৱা কবিতাৰ
দৰে আৰাওবোৰৰ স্পৰ্ধাত নে,
কিয় ? তোমাৰ বুকুতো জুন
জুনাই বাজে কবিতাৰ খুচুৰা

কাৰ স্পৰ্ধাত
তেন্তে তুমি ভয়াৰ্ত
তুমিয়েই কোৱা শব্দবোৰৰ
অৰ্থৰ বিদ্ৰোহৰ স্পৰ্ধাত নে,
চিনাকি পথাৰখনৰ
আথাউনিত প্ৰাপ্তিৰ
আত্মগোপনৰ স্পৰ্ধাত
নিশ্চয়.......!!

Wednesday, 6 April 2016

কনকলতা কলিতা

কবিতা


কবিতা !
তুমি ভালে আছানে পোজনী.?
এৰা মইও ভালে আছো !
সুদুৰ প্ৰান্তত তুমি
মই সীমান্তত
মোলৈ মনত পৰে নে ?
মোলৈ যেতিয়াই মনতপৰে
সৌ আকাশ খনলৈ চাবা
জিলিকি থকা
মোৰ হৃদয় দেখিবা
সেইখনেই মোৰ ঘৰ
আমাৰ ঘৰ,
তোমাৰ ঘৰ
আমি কম
এয়া আকাশ
মোৰ আকাশ
আমাৰ
কবিতাৰ আকাশ
কবিঃ কনকলতা কলিতা

Tuesday, 29 March 2016

উপাসনা বৰা



সেন্দুৰ


মোৰ শিৰৰ সেন্দুৰখিনি আঠ বছৰে
পুৱাৰ বেলিটো হৈ
জিলিকি আছিল আপোনাৰ বাবে


কিন্তু আজি
আপুনি মোৰ শিৰৰ সেন্দুৰখিনি মচি
স্বামী থাকি বিধৱা সজালে মোক!


এবছৰেই হ'ল
পোনাটিক নেদেখা
এই এবছৰ যেন এটা যুগ!


আপুনি ক’লেই কি হতে পাহৰো তাক
কিমান দিন তাৰ বাবে দলং পাৰ হোৱা নাছিলোঁ
বেণী গুঠা নাছিলোঁ, ভোক থাকিলেও উদৰপুৰি খোৱা নাছিলোঁ
ৰাতি ৰাতি শুৱা নাছিলোঁ


কিদৰে পাহৰি গ’ল আপুনি
অগ্নিক সাক্ষী কৰি দিয়া প্ৰতিশ্ৰুতিবোৰ
অলপো কুণ্ঠাবোধ নকৰিলে! কাঠগঢ়াত
আছাৰি আছাৰি আমাৰ সম্পৰ্কৰ সূতাডাল চিঙিবলে?


ভুল নুবুজিব
মহাপ্ৰলয়ত সকলো শেষ হৈ গলেও
মোৰ বুকুত সদায় থাকিব
আপোনাৰ আৰু পোনাটিৰ বাবে ভালপোৱা।

উপাসনা বৰা ।
বালিপৰা ( শোণিতপুৰ )

Thursday, 17 March 2016

মানসজ্যোতি



‎শিলৰ ঈশ্বৰ‬


ধোঁৱাত দুলি থকা মন্দিৰটোৰ
শিলচটাকে তাই ঈশ্বৰ মানিছিল
কোনেও নুশুনা গানবোৰ ঈশ্বৰক শুনাইছিল,


বুকুৰ বাগিচাৰ পাতবোৰ সৰিছিল
সৰাপাতৰ খৰাঙত শিলৰ ঈশ্বৰ গলিছিল
তাইৰ চকুলোবোৰ ধুই নিছিল


মন্দিৰৰ টিলিঙা বজোৱা বতাহজাকত ফাগুন নামিছিল


লাহে লাহে গানবোৰ পুৰাণত পৰিছিল
শিলৰ ঈশ্বৰত শেলুৱৈ গজিছিল
নীলা শিয়ালৰ সাধুটোৰ দৰে


প্ৰাৰ্থনাবোৰ পূৰাবলৈ ঈশ্বৰৰ বল নাছিল,
"পাতসৰা ঋতুৰ পুনাৰাবৃত্তি"
সকলোৱে একেলগে চিঞৰিছিল
বোবা ঈশ্বৰ
স্থিতপ্ৰজ্ঞ ঈশ্বৰ
শিলৰ ঈশ্বৰ


তেওঁ আৰু এপাহ হালধীয়া ফুল
উত্তৰঃ শিলৰ ঈশ্বৰ
( কবিঃ মানসজ্যোতি )

কবিতা চৌধুৰী


এখন অবুজ হিয়াৰ চিঠি

তুমি সুধিছিলা
হিয়াৰ বাৰু ৰং আছে নে?
উত্তৰত ক'ব খোজো এটাই বাক্য
মোৰ হিয়াৰ ৰং তোমাৰ জেতুকাবুলীয়া ৰঙেৰে ৰঞ্জিত
মোৰ হৃদয়ৰ প্ৰতিটো অংশত সযতনে অংকিত "তুমি"
তোমালৈ পত্ৰ লিখিবলৈ বহিয়েই শৰীৰৰ অংগ- প্ৰত্যংগবোৰ শিহৰিত হৈছে তোমাৰ প্ৰেমৰ ভাৱনাত। দুনয়নৰ আগত জিলিকি উঠিছে ঢৌ খেলোৱা চুলিৰে তোমাৰ হৰিণী কাজল চকুৰে সঙ্গীতৰ মূৰ্চ্ছনাৰ দৰে দেহ। আঃ...! মই যেন বৈ যাম তোমাৰ প্ৰেমৰ হৃদয় জুৰোৱা নৈত। কামনা ভৰা ফাগুনৰ পছোৱাজাকত উৰি গৈ পৰিবলৈ মন যায় তোমাৰ ওচৰত । ভ্ৰমৰৰ গুঞ্জনে তুলিছে মৰমৰ গীত, আজুৰি আনিব বিচাৰে প্ৰিয়াক--। জানানে তোমাৰ ভাৱনাত উন্মত্ত হৈ থাকোঁতে প্ৰেমৰ প্ৰজাহতি পখিলা এটাই মোৰ গোটেই গাতে চুমিছিল-- মোৰ এনে লাগিছিল -তুমি আহি মোৰ হৃদয়ৰ বন্ধ দুৱাৰত খটখটাই প্ৰেমৰ ৰাগিনী তুলিছিলা। আচ্ছন্ন হৈ পৰিছিলো তোমাৰ ভাৱনাত।
যোৱা নিশা সপোনত তুমি আহি মোৰ কাণে কাণে কৈছিলা-- সোণ মই তোমাৰেই, মোৰ সকলো অনুভৱৰ মাজতে তুমি হাচনাহানাৰ সৌৰভৰ দৰে প্ৰেম গন্ধ বিলাই অনুভৱিত কৰি ৰাখিছা। তোমাৰ আৰু মোৰ প্ৰেম সৌ শৰতৰ সুবিমল তৰাবুলীয়া আকাশখনৰ দৰেই নিৰ্মল। কেতিয়াবা শৰতৰ জোনাকী সন্ধিয়া আকাশলৈ চাই চাই তোমাক দেখা পাওঁ জানা। তৰাবোৰৰ মাজত ৰূপোৱালী পোহৰ বিলোৱা তিৰবিৰাই থকা তৰাটো তুমি। তুমি হাঁহিলে বহুতেই কয় মুকুতা মণি সৰে বুলি। মোৰ মন ভৰি যায় যদিও ক'ৰ'বাত বিষাই যায়। কবিতা কবিতা লগা তোমাৰ মৰমৰ এষাৰ মাততেই হিয়াই উল্লাসত নাচি উঠে। মোৰ মৰমৰ প্ৰতিটো বিন্দু কেৱল তোমাৰ নামত। মনত আছেনে আমি যে আমাৰ ওচৰৰ মৰম কঢ়িওৱা নৈখনৰ পাৰে পাৰে খোজ কাঢ়িছিলোঁ- তোমাৰ প্ৰেম প্ৰেম লগা চাৱনিয়ে আজিও মোক লৈ যায় নৈখনলৈ। নৈখনৰ পাৰত থকা শিলছটাই আছিল আমাৰ গোপন প্ৰেমৰ সাক্ষী।
হৃদয়ৰ ভাষা খুব অবুজ, অবৈধ ভাৱে আহি যায় অ'। কিমান চিঠি লিখিলো...! চিঠিৰ প্ৰতিটো জাপত সোমাই থৈছো সাগৰ সদৃশ মৰম, ভালপোৱা আৰু প্ৰেম। চুব খুজিলেও চুব নোৱাৰা মৰমৰ এক অচিনাকি দূৰত্বত আছা তুমি।
আৰু লিখিব নোৱাৰা হৈছো.....! তোমাৰ ভালপোৱাৰ আৱেশত অৱৰুদ্ধ হৈ গৈছোঁ মই....। হৃদয় ভৰি আছে তোমাৰ আৱেগত, ভাষাত.....! কলমৰ গতি ৰুদ্ধ হৈ গৈছে।
প্ৰেমৰ দূৰত্ব শত যোজন শত মাইল
নে হিয়াৰ পৰা হিয়ালৈ...!
আজিও জাপি থম এই পত্ৰখন হৃদয়ৰ পেৰাত।
পুনৰ মৰমেৰে
ইতি
তোমাৰ হিয়াৰ অস্পৰ্শিত এখন হিয়া


Wednesday, 16 March 2016

নাংচেং নিভা গগৈ


বিধবাৰ সাজ পিন্ধাৰ দিনা

(উছর্গাঃ এগৰাকী বান্ধৱীলৈ। যিয়ে তেওঁৰ বিবাহৰ এবছৰ পিছতেই বিধবাৰ সাজ পিন্ধে ।)

আজি আপোনাৰ দেহত ঢাকি ধৰা কপাহী চাদৰ খনৰ বৰণৰ দৰেই মোৰ দেহটো মেৰিয়াই ধৰিলো,
যিটো বৰণ আপোনাৰ প্ৰিয় নাছিল,
আপোনাৰ পৰা অহা আপোন গোন্ধটোও আজি আপোনাৰ সৈতে পুৰি পেলাব,
আপোনাৰ আত্মীয়ই উশাহবোৰ ক'ত পেলাই দিলে বাৰু
মোৰ উশাহৰ সৈতে লগ নোপোৱা হ'ব আজিৰ তাৰিখৰ পৰা
আপোনাৰ হাতৰ স্পর্শত জাগি উঠা মোৰ শিঁহৰনবোৰ,
 হৃদয়ৰ ঝংকাৰ তথা আৱেগিক ভাৱনাবোৰ
আপোনাৰ সৈতে এদিন মাটি হ'ব
এদিন বতাহৰ লগত ধূলিময় হৈ মোৰ দেহত মল হৈ লাগিব
আপুনি চকু মুদি আকৌ নেমেলিলে
মই চকু মেলি আপোনাৰ সৈতে কথা পাতিম দিবানিশে,
আপোনাৰ চেঁচা দেহটো মোৰ উত্তপ্ত হৈ থকা হৃদয়ত নিতৌ উম লব ,
মই জাগি থাকিম ,
অনুভৱ কৰিম ,
প্ৰেমালাপ কৰিম প্ৰতি ক্ষণে
আপোনাৰ শেতা পৰা দুগালত শূণ্যতে চুমা আঁকিম আপুনি নজনাকৈয়ে
,
মোৰ গর্ভত আপোনাৰ পৰা পোৱা মাতৃত্বৰ গর্বক সামৰি ল'ম মোৰ উকা দুহাতে ,
দেহৰ আৰু মনৰ অলঙ্কাৰ খুলি আপোনাৰ সৈতে পথালো ,
ফুটুছাই বৰণৰ পোহৰত আহিব নিতৌ ,
আপোনাক শূণ্যতে আলিঙ্গন কৰিম ,
এতিয়া যে শূণ্যতে উলমি থাকিব মোৰ ভূত-ভৱিষ্যত ...

কবিঃ নাংচেং নিভা গগৈ



মৌচুমী বৰুৱা


ফাগুনৰ অন্তিম বেলাত

কবিঃ মৌচুমী বৰুৱা
তিৰবিৰ সপোনবোৰ
হেৰুৱাৰ পৰা
মলয়া এছাটি হৈ
তাকেই বিচাৰি ফুৰিছো ..
জীৱন -আশাৰ অলিয়ে গলিয়ে
সেউজ আঙুলিৰ ফাঁকে ফাঁকে,
সৰাপাতৰ ভাঁজে ভাঁজে ।
জানোচা বিচাৰি পাওঁ
অন্ধ দুচকুতো এপলক
সপোন জ্যোতি ..
জঠৰ ওঁঠত ৰৱণৰ ৰাগ
জীৱন বাটত প্ৰশান্তিৰ মাত
ফাগুনৰ এই অন্তিম বেলাত।


Monday, 14 March 2016

ভৱজ্যোতি বৰুৱা


ফাগুনৰ চিন্তা

কবিঃ ভৱজ্যোতি বৰুৱা এতিয়া মৰমীয়াল বৰষুণ এজাক লাগে,
চোতালৰ বগৰি জোপাত সাৱতি
ফাগুনৰ বতাহজাকক জিৰাবলৈ ।
শুকান ওঠত
এটোপাল পানী পৰিলে
চকুযুৰিয়ে চাই ৰ'ব বসন্তক
ন-সেউজীয়াৰ মাজৰ কুলিজনীৰ সৈতে
একেথৰে যৌৱন শেষ নোহোলৈকে ।
মাথো আবতৰীয়া কেতেকীলৈহে ভয়,
যানোচা হৃদয়ত ৰাধাৰ সৈতে ফাকু খেলোতে
মাজ নিশালৈ তাই হিংস্ৰ হৈ
বগৰিজোপাত গায় বিচ্ছেদৰ গান ।

ড০ প্ৰণীতা শইকীয়া

মন বননি

কবিঃ ড০ প্ৰণীতা শইকীয়া তুমি সিদিনা মোক কলম উপহাৰ দিলা।
মই হাতত তুলি ললো তুমি দিয়া উপহাৰ।
হাতত উঠিল নীলা!!
নীলা কলমেৰে বহুতো মনৰ ছবি আকিলো
নীলা কলমেৰে বহুতো প্ৰেমৰ গীত ৰচিলো
নীলা কলমেৰে আবেগত নাটৰ ৰচনা কৰিলোঁ
বিনন্দীয়া পৃথিবীত সাঁতুৰি ফুৰিলো।
দেহ মন প্ৰাণ ধুৱাই দিলোঁ
দেহ মন প্ৰাণ নোৱাই ললো
কলমৰ নীলা চিয়াহী খিনি নিমিষতে হৈ পৰিল মোৰ অতি মৰমৰ
মোৰ অতি চেনেহৰ
মোৰ অতিকে আপোন
কলমৰ নীলা চিয়াহী খিনি সাক্ষী হৈ ৰল
অনাবিল আনন্দৰ!
আমাৰ প্ৰেমৰ....
যত আছে সচাঁ মৰম
সজল মৰম
এবুকু নিষ্পাপ জীয়া মৰম!

বাস্তৱ জ্যোতি গগৈ


তুমি হব বিচৰা নেকি মোৰ পত্নী

কবিঃ বাস্তৱ জ্যোতি গগৈ
তুমি হব বিচৰা নেকি মোৰ পত্নী
মোৰ সতে সুখ দুখৰ সংসাৰ
পাতিব বিচৰা নেকি
বিশ্বাসে ভৰাই যাব বিচৰা নেকি
অনাগত দিনবোৰ
কিন্ত এটা কথা
তুমি আৰু মই
জোন তৰা মিতিৰালি দৰে
হব লাগিব
কজলা ডাৱৰে আৱৰা হলে নহব
ঢল পুৱাতে উঠি চোতাল সাৰি
তুলিব লাগিব পুখুৰী পানী
ৰুবগৈ লাগিব দ- মাটি ভূই
দাবগৈ লাগিব
আঘোণৰ সোণালী ধান
কিন্ত জোকলৈ ভয় কৰিলে নহব
বোকা পানী দেখি
মূৰে কপালে হাত দিলে নহব
তেতিয়া থাকিব লাগিব
ভোকৰ পুখুৰীত নামি
যদি হয় আমাৰ
মৰমৰ এটি বৰ্ণমালা
তেতিয়া শিকাব লাগিব তুমিযে
জীৱনৰ যোগ বিয়োগ নেওঁতা
নিজৰ ভৰিত থিয় হব বাবে
দিব লাগিব উপদেশ
বেয়া নকৰিবা
আনৰ নানিবা বুলি
মৰমৰ মাতেৰে কোলাত তুলি
খুৱাব লাগিব বুকুৰ উশাহ
মাৰিব নোৱাৰিবা গালত এটি চৰ
জীৱনৰ প্ৰতিটো পল অনুপল অভিজ্ঞতা
কব লাগিব
একেখন আকাশৰ তলতে
থাকিব লাগিব
এতিয়া তুমি হব বিচৰা নেকি
মোৰ পত্নী ...।


Friday, 26 February 2016

মেঘৰাম পায়েং


বাঁহনিডৰা

কবিঃ মেঘৰাম পায়েং ( ভ্ৰাম্যভাষঃ ৭৩৯৯৭৮৯২৭৮)
মৌচুমীৰ প্ৰথম চুম্বনতে
গৰ্ভ ফালি পোখা মেলে
মোৰ হেঁপাহৰ বাঁহৰ গজালি
মকাল বাঁহৰ গইৰহ গজালি
যেন টুনি জাক

নোদোকা নোদোক কৈ গজি উঠে
ভলুকা বাঁহৰ পুলি
জাকৈয়া ছোৱালীৰ
কলাফুলৰ দৰে
লাহী লাৱনি
জাতি বাঁহৰ পুলি
বাঁহনি ডৰাৰ ৰূপ অপৰূপত
পৰুৱাই পোৱা মানুহৰ দৰে
মই ঘূৰি থাকো, ঘূৰি থাকো

বাঁহৰ প্ৰাঞ্জল গজালি
মোৰ অপত্য প্ৰাণাধিক
জেওৰা ভাঙি ভাঙি প্ৰৱেশ কৰে
প্ৰাণহন্তা গাহৰি
আনকি পাকঘৰৰ
ৰান্ধনী নিচান হয়
বাঁহৰ পুলি ৷

বাঁহ আমাৰ প্ৰিয় বন্ধু
ঘৰ -নিৰন্তৰে তুমি
পৃথিৱীত ভূমিষ্ঠ হোৱাৰ পৰাই
তোমাক লগ পোৱা
আৰু আজীৱন লগ পাই থাকিম
আনকি অন্তিম শয্যাৰ সংগী তুমি ৷৷



Tuesday, 9 February 2016

চাৰ্জন আৰ মেগো


"শিলৰ মানুহ"

শিল কঠিন বুলি জানিও
বুকুৰ ভিতৰত আমি
হৃদয়ৰ সলনি কঢ়িয়াই লৈ ফুৰিছোঁ
এচটা শিল
শিলৰ মাজেৰে বৈ থকা
নিজৰাৰ গানটোকে
ভুল কৰিছোঁ শিলৰ বুলি
আৰু এনেকৈয়ে
বুকুৰ ভিতৰত
শিল এচটা কঢ়িয়াই কঢ়িয়াই
আমি মানুহবোৰ হৈ পৰিছোঁ
ক্ৰমশঃ শিল
শিলৰ দৰে কঠিন
শিলৰ দৰে মৌন
সকলো দেখিও সকলো শুনিও ৷
কবিঃ চাৰ্জন আৰ মেগো

Friday, 22 January 2016

ৰঞ্জুমণি মহন্ত


তুমি কেনে আছা

( কবিঃ ৰঞ্জুমণি মহন্ত ) কেনে আছা ...?
কেনে আছা তুমি ...?
আজি বহুদিন হল
তোমাৰ খবৰ নৰখা,
কথাটো নাছিল এনে হোৱাৰ ...
তেতিয়াটো তোমাৰ কোনো কথাই
অজানা নাছিল মোৰ বাবে
ভাল লগা আৰু বেয়া লগা ।

জীৱনৰ ৰংবোৰ
তুমি যেতিয়া হেৰুৱাই পেলাইছিলা,
মই ৰঙেৰে উপচাই দিব খুজিছিলো তোমাক
তুমি যেতিয়া হাঁহি হেৰুৱাই পেলাইছিলা
মই হাঁহিৰে সজাব খুজিছিলো তোমাক ।
ডগমগীয়া তোমাৰ সেওঁতা
যেতিয়া উকা হৈ পৰিছিল
মই পুনৰ ৰঙাব খুজিছিলো ।

কথা আছিল আমি দুয়ো
একেলগে বাট বোলাৰ
আৰু নিবিচৰাকৈয়ে
এদিন আমাৰ যাত্ৰা পথ
বেলেগ হৈছিল

তাৰপিছত-

তাৰপিছত আৰু সোধাই নহল কোনো দিন
তুমি কেনে আছা
ভালপোৱা নে এতিয়াও জোনাক ?
প্ৰিয় নে এতিয়াও তোমাৰ
কিনকিন বৰষুণ ?
একোৱেই সোধা নহল।

আৰু আজি -
এই বিয়লি বেলাত ৰৈ
বাৰে বাৰে তোমালৈ মনত পৰিছে
এৰা ! খবৰেই ৰখা নহল তোমাৰ
তুমি কেনে আছা বাৰু ?
ভালে আছানে ?

Tuesday, 19 January 2016

বাস্তৱজ্যোতি গগৈ


দুখ আৰু শূন্যতা

দুখঃ- কিযে দুটি আখৰে গঠিত এক শিহৰণ তোলা শব্দ । এই শব্দটোৰ পৰা পৃথিৱীৰ কোনো মানুহে বঞ্চিত নহয় নেকি বাৰু ? মাথোঁ মোৰহে দুখ আছে নেকি বাৰু ? অনবৰতে মোৰ পিছে পিছে ,, আগে আগে সংৰক্ষিত এলেকাৰ দৰে কাঁটা তাঁৰে আৱৰি আছে । মই ইমান চেষ্টা কৰো দুখৰ পৰা পলাই থাকো বুলি কিন্তু কিয় মোৰ লগ নেৰে বুজিব নাপাওঁ । মোক অনবৰতে শত্ৰু দৰে আক্ৰমণ কৰে , সাপে ভেকুলী গিলাৰ দৰে দুখবোৰে গিলি পেলাই ,, এতিয়া যেন মই শিক্ষকৰ একান্ত বাধ্য ছাত্ৰৰ দৰে দুখৰ বাধ্য হৈ পৰিছো ।

গাধয়ে যেনেকৈ বোজা কঢ়িয়াই ফুৰে মইও সেইদৰে বুকুত এসোপা যন্ত্ৰণাৰ বীজ কঢ়িয়াই ফুৰিছো । মোৰ ঠুনুকা হৃদয় খনি ভাগি চূৰ্ণ বিচূৰ্ণ হৈছে ,, মৰোৰ বালিৰ দৰে জীৱন হৈছে , তথাপিও দুখবোৰ বেয়া নালাগে ,, মোৰ হৃদয়ত যিমানেই বেদনা বীজ সিচিব পাৰে ,, হৃদয় জ্বলাব পাৰে ,, উজাগৰে কটোৱাব পাৰে সিমানেই দুখৰ আনন্দ হাঁহি ফুটি । মই যে দুখক গিলি গিলি নীলকন্ঠি হৈ পৰিছো , এক বুজাব নোৱাৰা অসহ্য যন্ত্ৰণা হৃদয়ত ....

এই দুখৰ বীজ কিমান দিনলৈ সহ্য কৰিম ।কত ঋতু , কত দিন , কত বছৰ পৰা হৈ গৈছে , কোনোৱে নাই মোৰ কাষত আজি , মোক প্ৰেৰণা উৎসাহ দিবলৈ , দুখৰ দিনবোৰত সাৰ নামানিবা বুলি কবলৈ । মোৰ জীৱন শূন্যতা , সেই শূন্যতাক তোমাৰ বাহিৰে আনে কোনেও কেতিয়াও স্পর্শ কৰিব নোৱাৰে ।

সুখ মানুহে বিচাৰিলেই নাপায় ,, দুখকো খেদি দিব পৰা নাযায় ,, সুখ মাটিৰ তলত পোৱা ধন নহয় খান্দি লৈ আনিবলৈ ,, দুখক চৰাই দৰে উৰুৱাই দিবও নোৱাৰা ,, দিন ৰাতি দৰে আমাৰ জীৱনলৈ সুখ দুখ আহি থাকে আৰু গৈ থাকে , তথাপিও সকলোৱে বিচাৰে অকণমান আশাৰ ৰেঙণি , মইও বিচাৰো কিন্তু নাই ,, মই মাথোঁ হেৰাই গৈছো জীৱনৰ বুকুত দুখৰ ঢৌ হৈ । কিয় বাৰু এনে হয় , দুখ বোৰে মোৰ জীৱনত যিমানে গভীৰৰ পৰা গভীৰতালৈ প্ৰবেশ কৰিছে সিমানেই মোৰ হৃদয়ত এটা বিৰাট আকাৰৰ শূণ্য হৈ পৰিছে । কিযে যন্ত্ৰণা ... দুখৰ লগতে এটা বিৰাট শূণ্য.......!

কিয় বাৰু এনে হয়, ডায়েৰী পাতটো দুখেৰে সৰ্জিত, পূৱাৰ সুৰুযে আনে দুখৰ বতৰা , আচলতে ভুল মোৰ নেকি ? কিয় বাৰু মই বুজি নাপাওঁ প্ৰকৃত জন্মৰ অৰ্থ , কি বিচাৰো মই , কি পোৱা নাই ? কিহলৈ পৰিণত হৈছো ? নাজানোঁ, একো নাজানোঁ, মাথোঁ দুখেৰে ভৰা, মাথোঁ হৃদয়ত আছে দুখ আৰু শূন্যতা ....।

বাস্তৱজ্যোতি গগৈ
যোৰহাট , খনামুখ
07040954841

Friday, 8 January 2016

বিনু ফুকন

নাৰী আৰু শালীনতা

নাৰী শব্দটোৱেই বৰ মোহনীয় |সেয়েহে নাৰীক এপাহ ফুলৰ লগত তুলনা কৰা হয় |ফুলৰ কোমলতা ,ফুলৰ সৌন্দৰ্য্যতা ,ফুলৰ মনোমোহা ৰং ,ফুলৰ বংশ বৃদ্ধিৰ গুণ সকলো খিনি নাৰী শব্দৰ লগত সন্নিবিষ্ট |ফুলে যেনেকৈ নানা ৰঙৰ সফুঁৰা মেলি এখন বাগিছা শুৱনি কৰি দৃষ্টিনন্দন কৰি তোলে ,থিক তেনেকৈ পৃথিৱীৰ প্ৰতি খন ঘৰ নাৰীয়েহে জাতিষ্কাৰ কৰে |

নাৰী বলিষ্ঠ শক্তিৰ অধিকাৰী |সেয়েহে নাৰীক এগৰাকী দেৱীৰ লগত তুলনা কৰে |নাৰীয়ে এখন সুস্থ সমাজ গঠন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে |নেত্ৰী ৰূপে ,মাতৃ ৰূপে, জীয়াৰী ৰূপে ,বিভিন্ন পদক্ষেপ লৈ সমাজলৈ অৰিহণা যোগাই সমাজ শৃঙ্খলিত কৰিব পাৰে |সেয়েহে সম্ৰাট নেপোলিয়ানে কৈছিল …..মোক এগৰাকী মাতৃ দিয়া ,মই এটা জাতি দিম |মহাত্মা গান্ধী ,স্বামী বিবেকান্দ আদি মহান ব্যক্তি সকলেও নাৰীৰ বিষয়ে যুগমীয়া মন্তব্য্ আগবঢ়াই থৈ গৈছে |

শালীনতা নাৰীৰ বিভূষণ |শালীনতাই নাৰী গৰাকীক প্ৰকাশ কৰে |নাৰীৰ ৰূপ ,ব্যক্তিত্ব ,মনোবৃত্তি ইত্যাদি |গতিকে প্ৰ্ৰত্যক গৰাকী নাৰীয়েই আচাৰ ব্যৱহাৰ ,কথা বতৰা, আচৰণ ,সাজ পোছাক সকলোতেই শালীনতা বজাই ৰখা উচিত |সাজ পোছাক সমাজ আৰু্ সুবিধা অনুসৰি যিয়েই নিপিন্ধক লাগে পোছাক যোৰ মাৰ্জিত হোৱা উচিত |আপচু সাজ পোছাক পৰিধানে সমাজত বিৰূ্প প্ৰতিক্ৰিয়া সৃষ্টি কৰে |গতিকেই শালীনতা বজাই ৰখাটো নাৰীৰ অতি প্ৰয়োজন বুলি ভাবো |

Thursday, 7 January 2016

মিনাক্ষী মেচ


স্বাগতম্ নৱবৰ্ষ

তুমি আঁহা বক্ষ ভৰাই
ব্ৰহ্মাণ্ডৰ সমস্ত প্ৰজ্ঞাৰ সফুঁৰা লৈ
প্ৰতিটো ঋতুক কৰি তুলিবা সুন্দৰ সৃষ্টিৰ প্ৰতিশ্ৰুতিপ্ৰৱল
তুমি আঁহা সেউজী পাখি মেলা নয়নাভিৰাম সুশোভিত অপাৰ সেউজীয়া হৈ
বিহগীৰ হৃদয় জুৰোৱা মধুৰ কাকলি হৈ
শিশুৰ সৰগীয় কলকলনি হৈ
অমাত জীৱৰ ভাৰসাম্যতাৰ বোধশক্তি হৈ
নন্দনকাননৰ পুষ্পৰাশিৰ সুগন্ধি আবিড় লৈ
জান-জুৰি-নদ-নদীৰ দৰেই শীতল স্বচ্ছতা স্বকীয়তাৰ স্বোতস্বীনি হৈ
মহাসাগৰৰ গভীৰ গাম্ভীৰ্য্য লৈ
স্বাগতম্ নৱবৰ্ষ তুমি আঁহা
মানুহক মানুহ কৰি তোলা
মানৱীয় বিপুল সম্ভাৰ লৈ

কবিঃ মিনাক্ষী মেচ,(শিৱসাগৰ।)

Comments system