Friday, 25 December 2015

জুণ্টি শইকীয়া



তুমি হেঁপাহৰ বৰঘৰ

( কবিঃ জুণ্টি শইকীয়া ) কিহৰ বোজা লৈ আহিছা এইবাৰ
পিঠিত নে বুকুত ??
সকলোৱে কয়...
তুমি হেনো সুখৰ জোলোঙা
সকলোৰে বাবে থাকে তাত
হাঁহি আৰু মৰমৰ টোপোলা
তোমাৰ বুকুতো বাৰু থাকেনে
সেই একেই সঁফুৰা ?
নে হাঁহি ভৰা মুখত লুকুৱাই ৰাখা
তোমাৰ চিৰন্তন দুখ ??
মানুহৰ নিঃকিন মনে নিচিনে
তোমাৰ সুখৰ আকৰ
চিনে মাথোঁ নিজৰ স্বাৰ্থ
ফুটপাথত পৰি ৰোৱাজনে জানো
দেখিব পাৰে সুখৰ দিনৰ সপোন !
ভোকৰ ভাতমুঠিতে শেষ হয়
তাৰ শীৰ্ণকায় শৰীৰৰ প্ৰয়োজন
আৰু সেই নিস্পাপ শিশুটো.....
যি শৈশৱ হেৰুৱাই
কোনো অমানুহৰ হাতত
সি কিদৰে বুজিব মৰমৰ তান !
পাৰা যদি আনিবাচোন সিহঁতৰ বাবেও
অলপ হাঁহি.....
অলপ সুখ......
চাণ্টাক্লজ....
তুমি হেঁপাহৰ বৰঘৰ ।

বিনু ফুকন



কুমাৰী আকাশ

(কবিঃ বিনু ফুকন)
আকাশ হল এজনী কুমাৰী ছোৱালী
নীলা দুচকু মেলি
কপাহ বুলিয়া মেঘৰ মাজেৰে
কোমল চাৱনী.....।

কি কব বিচাৰিছে,
তাই নাজানে...!
দেখিছে মাথো
সৰল সেউজীয়া পৃথিৱী ।

বুজি নাপাই তাই
সেউজীয়াৰ মাজতেই যে ৰৈ থাকে
ঘোৰ অমানিশা ৰাত্ৰি ।।

দেবব্ৰত দাস

এটা বিষাদৰ কবিতা

কবিঃ দেবব্ৰত দাস

ছোৱালীজনী যিদিনা নদী হৈ গল
তাৰ আগদিনা তাই মোৰ চোতালত
ফুল হৈ ফুলিছিল
উছৱ হৈ নাচিছিল

বতাহত গছবোৰে গছবোৰত পাতবোৰে
আৰু পাতবোৰৰ মাজে মাজে
হিয়াৰ উলাহবোৰেও হালিছিল নাচিছিল
সেই নাচোনমতী ছোৱালীজনীৰ লগে লগে


ছোৱালীজনীয়ে এদিনহেনো এটা সপোন দেখিছিল :
তাই এজনী কপৌ চৰাই
তাই নীল আকাশত বাগি মাৰি
উৰি ফুৰিছিল
তাইক খেদি গৈছিল কেইবাপাহো
শুকুলা ডাৱৰে


চৰাই হব খোজা ছোৱালীজনী এদিন
ফুল হৈ ফুলিছিল
উছৱ হৈ নাচিছিল
আনকি
মোৰ কবিতাৰ শব্দবোৰে তাইক এদিন
কইনাও সাজি দিব খুজিছিল

কিন্তু তাৰ আগেয়েই তাই
.........................................
নদী হৈ কৰবালৈ গুচি গলগৈ

সেই দুখতেই এই কবিতাটোও এটা
বিষাদৰ কবিতা হৈ পৰিল |

Wednesday, 23 December 2015

ৰেখা বি দাস


যান্ত্ৰিক সভ্যতা

কবিঃ ৰেখা বি দাস
সময় যেতিয়া পাওঁ
তেতিয়াই ভাবো
তোমাৰ কথা
মনত যেতিয়া পৰে
তেতিয়াই স্মৰণ কৰো
মোৰ আইক মোৰ পিতাইক
সেই মোৰ হাঁহি ধেমালিৰে
পাৰ কৰা যান্ত্ৰিকতা বিহীন
সমাজখনৰ কথা ।
যান্ত্ৰিকতাৰ মাজত কক্ বকাই
শুকান নদীৰ বালিত আমি যেন
হেৰাই পেলাইছো আমাৰ সভ্যতা …
যতেই চাও যি ফালেই চাও কেৱল
যান্ত্ৰিকতা …
পানী খাবা ?
পানী কত ?
পানীটুপিৰ বাবেও হাহাকাৰ !
পানীৰ বিনিময়ত মুল্য দিব লগা হয়! লুইত তুমি বইছা কিয় !
তোমাৰ সভ্যতাৰ নামত আজি মুল্য
বহন কৰি পিয়াহৰ পানীৰে শৰীৰ জুৰাইছে
আকাশৰ মেঘ
বতাহৰ ধুলিকণা
বৰষুণৰ টেপালটো যদি
কেতিয়াবা মুল্য দিব লগা হয়
যান্ত্ৰিক সভ্যতাৰ মহা মাবৱ সকল
ধনৰ টোপোলা কৰিছানে যোগাৰ ?
বাজেত তৈয়াৰ কৰিছানে ?
কোনে জানে যান্ত্ৰিকতাৰ পৃথিৱীত
উশাহ নিশাহৰো মুল্য নালাগিব ? সদায় সচেতন !
তোমালোক যান্ত্ৰিক সভ্যতাৰ!


Monday, 21 December 2015

দিপাংকৰ ডেকা



দুষ্ট দিন বোৰৰ পমখেদি


এবুকু আবেশত নষ্টালজিয়াৰ চাকনৈয়াৰে
যিদিনা দুষ্ট দিনবোৰে আমনি কৰে
সিদিনা মই হেৰাই যাও সোৱৰণিৰ বুকুত ।

ভালপোৱা ভাললগা ইত্যাদি ইত্যাদি
আৰু অনাদিৰ উমাল পৰশত
নকৈ জাগি উঠা মোৰ মনত
উলাহেৰে আকৌ মই মেৰিয়াই লও
ভালপোৱাৰ এখনি এৰিয়া চাদৰ ।
এনেদৰে...!
এনেদৰেই
বুকুৰ কেঁচা ঘাঁ টুকুৰা নুশুকাওতেই
আকৌ আকি লও এখনি প্ৰেমৰ চবি
প্ৰহেলিকাৰ ৰুদ্ধ চন্দ্ৰমাৰে ।

যিদিনা দুষ্ট দিনবোৰে আমনি কৰে
হালধীয়া বেলিটোয়ে আকৌ ঠন ধৰি উঠে
উলাহতে মই আকৌ ৰিঙিয়াও
উলাহতে মই সুখৰ গীত গাও
বুকুত লহপাহকৈ ফুলিউঠা গোলাপৰ কলিটিত
মই প্ৰেমৰ সুবাস চতিয়াও । মই সপোন দেখো
মন্দিৰৰ শঙ্খ ধ্বনি আয়তিৰ মুখত বিয়ানাম আৰু
মুকলি পথাৰত মই তাইৰ সতে
হাতে হাত ধৰি বিহু নাচিছো

আৰু এনেদৰে মই হেৰাই যাও
ডুবযোৱা বেলিটিৰ সৈতে
মই আকৌ হেৰাই যাও প্ৰহেলিকাৰ বুকুত ।

এই যে দুষ্ট দিনবোৰ
ই বুকুৰ এটি এটি আছোঁৰ আছিল !
বাস্তৱৰ সন্ধানত এটি চিনাকি উশাহ বিচাৰি
নিজকে খুন্দিয়াই চাঁও মই জীয়াই আছোনে ?
বুকুৰ ৰঙিন ভালপোৱা বোৰত চুই পাওঁ
অহৰহ বৈ থকা এখনি তেজৰ নিজৰা
আৰু মই সাৰ পাও ।

এই যে দুষ্ট দিনবোৰ
ই কেতিয়াবা কন্দুৱাই, কেতিয়াবা হহুৱাই
কেতিয়াবা আকৌ লৈ যায় প্ৰহেলিকাৰ বুকুলৈ
মাথো দি যায় বুকুত এটি বিষ
ভালপোৱাৰ সীমনাৰে !

কবিঃ দিপাংকৰ ডেকা

মানস জ্যোতি

প্ৰেম‬


কবিঃ মানস জ্যোতি
পাহাৰৰ চূড়াত থকা বেলিটো?
তাৰ পৰাই নামি আহিছে নদীখন?

নামনি পোৱলৈ ঠিকেই আছিল
অসূৰ্যস্পৰ্শা মাছবোৰ ভোকাতুৰ নাছিল
খৰস্ৰোতা পানীৰে উমলিও
স্থিতপ্ৰজ্ঞ আছিল
নদীৰ বুকুৰ শিল

সমতলত নদীখনে প্ৰেম সলালে
মাছৰ লোভ জগাই তুলিব পৰাকৈ
নদীখন গাভৰু হৈ আহিল

গাভৰুৱে জানো কেতিয়াবা বান্ধোন মানে?
গাভৰুকালৰ দোষতে
শেষ হ'ব পাৰে সমস্ত পোহৰ
সমতলৰ পথো হ'ব পাৰে ৰহস্যময়ী

সকলো শেষ হৈও থাকি যায় প্ৰেম

তথাপিও নদীৰে প্ৰেম নাৱৰীয়াৰ যুগান্তকাৰী
মাছুৱৈৰ মাছেৰে...

Thursday, 17 December 2015

ভূপালী গোস্বামী

ভালপোৱা

কবিঃ ভূপালী গোস্বামী
মইতো কাহানিও সোধা নাছিলোঁ
তোমাৰ ঘৰৰ ঠিকনা কি ,
তুমি ক'ত থাকা..
কি কৰা..
মাত্ৰ সুধিছিলোঁ
" তোমাৰ বুকুৰ ঠিকনাটি
দিবা নেকি ?"
তুমি জাঙুৰ খাই উঠিছিলা
" কিয় �লাগে
কিয় লাগে মোৰ ঠিকনা ?
আমিতো অচিনাকী "
মই কৈছিলোঁ
" কেতিয়াবা লাগি যাব পাৰে,
কোনে জানে
কাৰ ঠিকনাত লিখা আছে
কাৰ জীৱন.. "
মোৰ আইও এদিন
অচিনাকী আছিল
মোৰ পিতাইৰ বাবে,
ভিন্ন আছিল দুয়োৰে
বুকুৰ ঠিকনা ,
কিন্তু আজি
মোৰ আইৰ কপালত
মোৰ পিতাইৰ ঠিকনাত
কেতিয়াও ডুব নোযোৱা
এটি সূৰুয..
তুমি ক'লা
"এয়া কেনেকুৱা যুক্তি..
মোৰ ঠিকনাৰ স'তে
আই.. পিতাই .. সূৰুয..
আহঃ খেলিমেলি .. "
মই ক'লো
" মই তোমাক ভালপাব বিচাৰোঁ
এজনী প্ৰেমিকাই প্ৰেমিকক
ভালপোৱাৰ দৰে নহয়,
ঠিক আইয়ে পিতাইক
ভালপোৱাৰ দৰেই
ভালপাব খোজোঁ...
তোমাৰ ঠিকনাত আঁকিব খোজোঁ
মোৰ জীৱন আল্পনা,
ঠিক পিতাইয়ে
মোৰ আইৰ কপালত
আঁকি দিয়াৰ দৰেই... "
দিয়া দিয়া
তোমাৰ বুকুৰ ঠিকনাটি দিয়া,
মোক পাগলী বুলি নাহাহিবা..
এই পাগলামিৰ কি নাম জানা?
এয়াইতু
"ভালপোৱা" .......!!!!

Wednesday, 16 December 2015

বাস্তৱ জ্যোতি গগৈ


একাজলী শৰতৰ অনুভৱ


তুমি এপাহি শৰতৰ শেৱালি / শৰত ঋতু হে তোমাৰ প্ৰিয় / ৰাতি জোনৰ পোহৰ হে / তোমাৰ সঙ্গী / ৰাতি ফুলি ৰাতিয়ে ততাতৰিয়াকৈ/ সৰি যোৱা /

বৰ্ষা বোকা পানী গোন্ধ আতৰাই আহিল নিয়ৰৰ কণাৰে সেমেকা পবিত্র ঋতু শৰত । শৰত মানে শেৱালি সুৱাস , সৌন্দৰ্যৰ ঋতু , কবিৰ কবিতাৰ ছন্দ আৰু আলফুলিয়া দূৱৰী দলিচাত নিয়ৰৰ লুকা ভাকু । যাৰ আগমনত নীলিম আকাশত শুকুলা মেঘৰ ছন্দ । যাক পোৱাৰ নিচাত ব্যাকুল হয় মন প্ৰাণ , জোনাক ৰাতি ছন্দময় আলোকেৰে দুচকুত ভাহি আহে স্বপ্ন আশাৰ ফুল পাহি । আতৰি যায় মানৱ মনৰ পৰা বিষাদ বিৰহ । শীতৰ সেমেকা বতাহে যেন মন প্ৰাণ সৰি নিয়ে , দি যায় শান্তিৰ বতৰা হৃদয়ৰ পৰা হৃদয়লৈ । আকাশত শাৰদীয় জোনৰ সাজোন কাচোন , পথাৰত খেতিয়কৰ সোণালী লখিমী জনী গাভৰু হয় , নৈ পাৰৰ কহুৱা ডৰায়ে উলাহতে নাচি বাগি আপোন পাহৰা হৈ পৰে , এই শৰতৰ যৌৱন ভৰা দেহটো দেখি ....।

শৰত আহিল প্ৰেমিকা / তোমাৰ প্ৰিয় ঋতু / সেই তাহানিৰ আহিন কাতি মাহ দুটি / তুমি ভালপোৱা / শেৱালি জুপি ফুলিব / যৌৱনত ভৰি দিব / নিয়ৰে দূৱৰীত দলিচা পাৰিব ..../

শৰত আৰু শেৱালি এৰাব নোৱাৰা যেন এক মধুৰ সম্পৰ্কৰ মিলন ভূমি । শেৱালি ফুলে কঢ়িয়াই আনে প্ৰেম ভক্তিৰ বতৰা , কাজল সনা দুচকুৰ পৰা সৰা চকুপানী দৰে আকাশেও যেন ধুৱাই দিয়ে নিয়ৰৰ কণা হৈ শেৱালি নিকা দেহাটি । থোপাথোপে ফুলা শেৱালি নিৰ্মল পাহিত যেন বিচাৰি পায় প্ৰেমিকে প্ৰেয়সী ঠিকনা , কবিয়ে কবিতাৰ ছন্দ , শৰত মাথোন ঋতু নহয় , প্ৰেয়সীৰ মনৰ ঠিকনা , কবিৰ মধুৰ কবিতা ....।

নীৰৱ নিটাল / গাভৰু ৰাতি / শৰত ঋতু / শেৱালি যৌৱন ভৰা সুৱাস / কহুৱা চিকুণ দেহা / মাথো অনুভৱৰ ছন্দ ময়...।

শেৱালি যেন শৰতৰ বুকুৰ কুটুম , শেৱালি সুৱাসে পবিত্র কৰি তোলে মনৰ আকাশ , শৰতৰ গাভৰু ৰাতি শেৱালি ফুলে নাচে বাগে ওমলে , পুৱাৰ আগে আগে দূৱৰী দলিচাত নিয়ৰৰ কণাৰ সতে বেদনাদায়ক হৈ ছন্দ পতন ঘটে । মাত্ৰ এৰাতি বাবেই আহি ততাতৰিয়াকৈ সৰি যায় , তথাপিও শেৱালি ফুলে দি যায় শান্তিৰ বতৰা পবিত্র অনুভৱ ....।

শেৱালিৰ শুভ্ৰতা , স্নিগ্ধতা , পবিত্রতা এক অনুভূতি , শেৱালিৰ সুৱাসে ধূপ ধূনাৰ লগতে দেৱী পূজাৰ মন্দিৰৰ ধ্যান ধাৰণাৰে সমৃদ্ধ কৰে । আৰু প্ৰেমিকায়ে আলফুলে দুহাতত তুলি মালা গাঠে । ত্যাগ বিৰহৰ প্ৰতীক শেৱালিয়ে দি যায় এপলকৰ বাবেও মানব মনত শান্তিৰ বতৰা পবিত্র অনুভৱ । সিচি থৈ যায় জোনাকৰ দৰে শুভ্ৰতা ....।

ৰাতি ফুলা ফুল তুমি / কিয় বাৰু / নোৱাৰানে/ প্ৰভাতি সুৰুযৰ সতে / ওমলিব/ ৰাতি ফুলি ৰাতিয়ে সৰি যোৱা .../ তুমি ইমান নীৰৱ / ইমান লাজুকিয়া ভাষা নে / এবাৰলৈ তো/ দি যাব পৰা / মনৰ বতৰা ...।


বাস্তৱ জ্যোতি গগৈ
যোৰহাট , খনামুখ
07040954841

ৰাজীৱ বৰদলৈ


তোৰ বুকুৰ কাঁচিয়লি ৰ’দত

কবিঃ ৰাজীৱ বৰদলৈ (৯৪০১৬৮৩১৬২) আই, তোৰ বুকুৰ কাঁচিয়লি ৰ’দৰ তাপেৰে
বুকুত উম লৈ আছিলোঁ
বুঢ়া-বুঢ়ী আৰু শিয়ালৰ সাধু শুনিছিলোঁ
সন্ধিয়া তোৰ স’তে একেলগে বহি
গোঁসাইঘৰত প্ৰাৰ্থনা গাইছিলো
মানুহ হোৱাৰ আদিপাঠ শিকিছিলোঁ ।
দেউতাই বাট দেখুৱাই
গুছি যোৱাৰ পিছত তোৰ দুচকুৰ পোহৰেৰে
কত যোজন বাট আগুৱাই আহিলোঁ
আন্ধাৰ যে ইমান গভীৰ নাজানিছিলোঁ, আই ।
দেউতাৰ বুকুৰ মৰম হেৰুওৱা দিনা
হিয়া ঢাকুৰি কান্দিছিলোঁ
কোলাত বহুৱাই জীৱনৰ নেওতা পঢ়াবলৈ
উভতি নাহিল কোনোদিনে, দেউতা ।
মুখৰ হাঁহিটো থৰ হৈ গ’ল যে আই
তোৰ কোলাত বহি আছোঁ, এবাৰ মাতচোন আই
বুকুৰে সাবটি ধৰিছোঁ
দুচকুৰে মোলৈ এবাৰ চা চোন আই
আই ! আই ! আই !
মানুহ বৰ স্বাৰ্থপৰ অ’ আই,
ভোকৰ ভাত, মৰমৰ মাতষাৰ পাবৰ বাবে
কোলাত বহি বহি
তোৰ বুকুৰ দুখবোৰ, মনৰ শোকবোৰৰ কথা
জীৱনত এদিনো নাভাবিলোঁ, আই ।
কাতৰত চিঞৰিলে আজি দৌৰি নাহে পিতাই
আই, আই বুলি
ইমানকৈ মাতিছো, তোৰো সাৰসিকতি নাই !
আশীৰ্বাদ কৰিবি পিতাই !
আশীৰ্বাদ কৰিবি আই !
মনত পৰিলে সিপাৰৰ পৰা মাতিবি নে আই
বুকুখন শিল হৈ পৰিছে পিতাই !
ঘৰখন বৰ আচহুৱা হৈ পৰিছে
কাষলৈ যাবলৈ বৰ মন গৈছে, আই ! পিতাই !

বিশাল অনুৰাগ


বনছাই

( কবিঃ বিশাল অনুৰাগ ) শিল আৰু বালিৰ বুকু খামুচি উচুপি উঠে
মূল হেৰুৱা আশাৰ সমাধি
বনঘোষাৰ সুৰবোৰ কুচি মুচি শুই পৰে
নিচুকনি গীত এটাক সাৱটি
বৰষুণৰ গানবোৰে
সেউজীয়াক বিভোৰ কৰাৰ পৰত
মৰি মৰি জী থাকে তৃষাৰ এখনি নৈ
ঠিকনা নাপাই ঘূৰি যায় ৰ'দৰ চিঠি
ঘূৰি যায় কুৰূৱা বতাহ
আকাশ নাই
নাই বেলি জোন তৰা
আস্ !
নিৰ্বাসিত এটি কেতেৰীয়া দুখে
মাটিৰ সপোনক লুৰুকি ফুৰে
বনছাই ! বনছাই !!


Tuesday, 15 December 2015

নিবেদিতা হাজৰিকা



কবিতা

( কবিঃ নিবেদিতা হাজৰিকা )
(১)
শিলাময় পাহাৰৰ ওপৰেৰে বাট বুলি বুলি
মই যেতিয়া ক্লান্ত হৈছিলোঁ
তুমি ৰঙা পতাকা খন জোকাৰি মাতিছিলা
আৰু দেখুৱাই দিছিলা জীৱনলৈ যোৱাৰ বাট,
দূৰৰ আকাশত তেতিয়া চিক্ মিক্ দুটি
তৰাৰ আলাপ !

(২)
হালধীয়া, বেঙুনীয়া ফুলবোৰৰ মাজেৰে গৈ গৈ
আমি এখন নদী পালোঁ
চকুপানীৰ ;
দুওঁঠৰ উজ্জ্বলতাৰে তুমি চকুপানীবোৰ শুহি ল’লা
আৰু পাতি দিলা বুকুত মোৰ
এখনি ব্যাকুল শস্যভূমি !

উত্পল জোনাক হাজৰিকা


নাৱৰীয়া

(কবিঃ উত্পল জোনাক হাজৰিকা )
মই সাগৰ দেখা নাই
অদুৰ ভবিষ্যতেও দেখিম নে নাই নাজানো
নৈ দেখিছো
নৈৰ পাৰ আছে
মাজে মাজে মই পাৰত বহো
নৈয়ে বহু কথা পাতে মোৰ সতে
গোপন কথা
চৰাইৰ কথা
নিশাৰ কথা
তৰাৰ কথা
আমি মেল পাতো কেতিয়াবা
দুয়ো গুচি যাওঁ
কোনো নোযোৱা বাটেৰে
নৈ বৈ গৈ থাকে
তাই সাগৰৰ প্ৰমিকা
মই ৰৈ থাকো
মোৰ কোনো প্ৰেমিক নাই
মাজে মাজে তাই ওফোন্দ পাতে
ময়ো
তাই বাউলি হয় মাজে মাজে
ময়ো
মোৰ মেলা চুলিত হেনো ৰাতিয়ে বাহ বান্ধে
তাই চুলি নেমেলে
মেলিব নাজানে
তাই সাবতিব জানে
কেতিয়াবা মোকো মাতে
আহ
মই নাযাওঁ
মোৰ মেলা চুলিত কপৌৱে ৰুণ দিয়ে
তাইৰ বুকুৰ চিকমিক আঁচলত
বালিচন্দাই বাহৰ পাতে
এয়া জলকুঁৱৰীৰ সাধু
আইতাই কোৱা
মই সেই জলকুঁৱৰীৰ সাধু শুনা
ফাগুনে অজলা কৰা নাৱৰীয়া


কবিৰঞ্জন দাস


নৈ আৰু কবিতা

(কবিঃ কবিৰঞ্জন দাস)
নিৰ্জনতাৰ বুকুত বাজি থকা সুৰটি
বাজি থাকে ৰৈ ৰৈ
পাৰাপাৰহীন নদীৰ দৰে
শুকাই যায় হঠাতে
আগতেতো কাহানিও নাছিল এনে
পূৰ্বপুৰুষৰ হাঁহি আনন্দ আৰু চকুলো
এনেকৈয়ে যাবনে শুকাই ...
আমাৰ সুখ সুবিধাৰ বাবে কিমানযে আৰু
দিব লাগিব বলিদান
কোনে জানে কবিতাৰ ভাষা কিয় হেৰাই যায়
এটা দুখে হৃদয় খুলি খুলি খায়
অ' প্ৰেমৰ নৈ
তোক লৈ কবিতা লিখিবলৈও আমাৰ যে অধিকাৰ নাই ...


Monday, 14 December 2015

দীপাঞ্জলি পাঠক


অৰ্দ্ধাঙ্গিনী

ক্ৰান্তি বৃত্তৰ আৱৰ্ত্তত সপ্তপদী বেলিটো
শিৰত জিলিকা পৰত
উদং আকাশৰ সেওঁতাত
ঢোপাকলিয়া সপোন টো
গাঢ় কৈ ৰঙা হ'ল

নখে মাটি লেখা তোৰ দুভৰিত
পাৰ ভঙা কৌমুদীয়ে
সযতনে সিঁচি থৈ গ'ল
ভিজা মাটিৰ এজোলোকা উৰ্বৰা সুগন্ধি

মেঘালী চুলিটাৰিৰ ঢৌ খেলা বাটটোৰে
নামি আহিল এখনি সেউজীয়া নৈ
টোপাল টোপাল কৈ

বুলনী ঘৰৰ মজিয়াত
শাখা কঁৰিয়াৰ মৃদু সমলয় শুনি
বুকু পোৰা ৰ'দ জাক
হোহোকা পিছলা কৰি ৰ'ল
চ'ৰা ঘৰৰ পাছ চোতালত

আৱতৰীয়া বৰষুণজাকক
থাউকতে সামৰি থ' চোন
চাদৰৰ এচুকত বান্ধি
অভিসাৰী ৰাতিটোৰ
জোন গ'লা শেতেলীত
পাটীত পাৰি লবি
অভিমানৰ চপচপীয়া আঁচলটি

বুকুৱা বিলৰ পানীত
মৰম বোৰ ভৰুণ হ'ব

শুনিছনে বাৰু তই

উধানৰ চৰুটোক টুকুৰিয়াই
চাউলকণ সিজাবি
আকালৰ ভাতগৰা
গিয়াতিলৈ বাঢ়িবি

জুহালৰ জুইকুৰা
বতাহত নেমেলিবি কাহানিও
মেখেলা উজাই পিৰালিত
চুলি মেলি নবহিবি

তই গম পাৱনে

মোৰ শূন্য সময়ৰ বিষণ্ণ পদূলিটো
এতিয়া পৰিত্যক্ত হ'ল
তোৰ আজন্ম আপোন মুখখনি চোন
আমাৰ ন-ঘৰৰ মুধচত
জোনটো হৈ ওলমি ৰ'ল ।

দীপাঞ্জলি পাঠক


ইমৰান হুছেইন


জাৰৱা

ইমৰান হুছেইন

আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ এটা অতি আদিম জনগোষ্ঠী-----‘জাৰৱা’

জাৰৱা সকল আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ এটা আদিম জনগোষ্ঠী। আজিৰ পৰা ৭০০ৰ পৰা ১০০০ বছৰৰ ভিতৰত আফ্ৰিকাৰ পৰা এই দ্বীপপুঞ্জলৈ আহি চাৰিওফালে সিঁচৰিত হৈ পৰিছিল। তেওঁলোক এই দ্বীপপুঞ্জলৈ আজি কিছুবছৰ আগলৈকে আধুনিক মানুহৰ সংস্পৰ্শলৈ নহা এই জনগোষ্ঠীৰ মানুহবোৰে ঘোৰ অৰণ্যৰ মাজত জীৱন নিৰ্বাহ কৰে। চুনামীৰ পিচত এওঁলোকৰ জনসংখ্যা যথেষ্ঠ হ্ৰাস পায়। তেনেহলে জানো আহক সাগৰৰ পাৰতে থাকিও কোনোদিনে নিমখ নোখোৱা এই আদিম মানুহ খিনিৰ বিষয়ে কিছু কথা ।



জাৰাৱা সকলে বাসকৰা অঞ্চলঃ

আজিৰ দিনত জাৰাৱা সকলে দক্ষিণ আন্দামান দ্বীপপুঞ্জৰ পশ্চিম অঞ্চল আৰু মধ্য অঞ্চলত বাস কৰে। এওঁলোক সাধাৰণতে তিনিটা পৃথক সমাজিক গোটত ভাগ হৈ আছে। উত্তৰ অঞ্চলীয় গোট, মধ্য আৰু দক্ষিণ অঞ্চলীয় গোট। আন্দামানৰ ‘কাদামতালা’ৰ কাষৰীয়া অঞ্চলত বাস কৰা সকলক কোৱা হয় ‘তানমাদ’, দক্ষিণ অঞ্চলৰ ‘টিৰো’ৰ কাষৰীয়া অঞ্চলত বাস কৰা সকলক কোৱা হয় ‘বৈয়াব’ আৰু মধ্য অঞ্চলৰ RK নাল্লাৰ কাষত বা ATR ( Andaman Truck Road) অঞ্চলৰ কাষৰীয়া অঞ্চলত বাস কৰা সকলক কোৱা হয় ‘থিদং’ ।

জাৰাৱা সকলৰ বিবাহঃ

তেওঁলোকৰ বিয়া-বাৰু সাধাৰণতে ডেকা-গাভৰুৰ মাজত সম্পন্ন হয়। কিন্ত্ত এজন বৰলা বা বিধৱায়ো জাৰৱা সমাজত দ্বিতীয়বাৰ বিবাহত বহিব পাৰে। জাৰাৱা সমাজত যদিও এজনৰ লগতহে যৌন সম্বন্ধ গঢ়া নিয়মটো (monogamy) অতি কঠোৰ ভাবে পালন কৰা হয়, তথাপিও বিভিন্ন কাৰণত বহুতৰ ক্ষেত্ৰত পুনৰ বিবাহত বহাও দেখা যায়। শিশু সকলক ৬ বা ৭ বছৰৰ পিচত তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে শুবলৈ দিয়া নহয়, তাৰ পৰিৱৰ্ত্তে তেওঁলোকে আন আন ল’ৰা-ছোৱালীৰ সৈতে বেলেগ সমজূৱা জুপুৰীত বাস কৰিবলৈ ল’য় আৰু বিবাহত নবহা পৰ্যন্ত সম্পূৰ্ণ স্বাধীনভাৱে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰে।

জাৰাৱা গাওঁ আৰু জুপুৰী:

গাওঁ এখনত সাধাৰণতে ১০ টা জুপুৰী থাকে আৰু তাত ২০ ৰ পৰা ৩০ জনলৈকে মানুহে বসবাস কৰে। প্ৰত্যেকটো জুপুৰী ৩ ফুট ওখ আৰু কালি ৬ বৰ্গফুটৰ হয়। গাওঁখনৰ পৰিধি সাধাৰণতে ৬০ ফুটমান হয়। গাওঁৰ চাৰিওফালে ঘোৰ অৰণ্য থাকে আৰু কাষত এটা পানীৰ ন’লা থাকে।
জাৰাৱা সকলে তেওঁলোকৰ জুপুৰী বা বাসস্থান বোৰক ‘চাদ্দা’ বুলি কয়। অবিবাহিত ল’ৰা-ছোৱালী থকা এটা অস্থায়ী হেলনীয়া ধৰণৰ জুপুৰীক তেওঁলোকে কয়--‘টুটিম চাদ্দা’। এটা অৰ্দ্ধ-স্থায়ী জুপুৰীক কয়—‘চাদ্দা দে থুমা বা চাদ্দা দে উট্টু’। এগৰাকী বৰলাই বাস কৰা জুপুৰীবোৰক কোৱা হয়--‘থ’ৰকালাঙ চাদ্দা’ আৰু অবিবাহিত ছোৱালী বা এগৰাকী বিধৱা বাস কৰা জুপুৰীবোৰক কোৱা হয়--‘থ’ৰক’টঙ্গো চাদ্দা’ ।
এটা সমজুৱা জুপুৰীত এটা সময়ত ২০ জনতকৈ অধিক জাৰৱা বাস কৰে আৰু এইবোৰক দক্ষিণ আন্দামানৰ Andaman Trunk Roadৰ R.K. নাল্লাৰ কাষেদি গ’লে সহজতে চকুত পৰে। মৌমাখিৰ চাকখনৰ আকাৰত সঁজা জুপুৰীবোৰ কেইটামান খূঁটাৰ সহায়ত থিয় কৰি ছালখন তালগছৰ পাতেৰে ছোৱা হয় আৰু এইখনক তেওঁলোকে ‘উইলপু’ বুলি কয়। এটা সমজুৱা জুপুৰীত প্ৰতিটো পৰিয়ালৰ বাবে এডোখৰ ঠাই নিৰ্দ্দিষ্ট কৰি থোৱা থাকে। যাক জাৰৱা ভাষাত ‘থূলে’ বুলি কোৱা হয়। এই জুপুৰীটোৰ মাজতে এখন জুইশাল থাকে আৰু তাৰ ওপৰত এখন প্লেটফৰ্মৰ ওপৰত বনৰীয়া গাহৰিৰ চৰ্বি আৰু মাংস শুকাবলৈ ওলোমাই থোৱা হয়। কিছুমান গাহৰি আৰু সাগৰীয় কাছৰ মূৰ কেইবাটাও একেলগে যুটীয়াই যুটীয়াই বান্ধি জুপুৰীটোৰ ছালখনৰ পৰা বান্ধি ওলোমাই থোৱা দেখা যায়।

জাৰাৱা সকলৰ খাদ্য:

যেতিয়া জাৰৱা সকলে এটা বনৰীয়া গাহৰি চিকাৰ কৰে তেতিয়া এডাল কাঁড়ৰ সহায়ত তাৰ পেটতো ফুঁটা কৰি ভিতৰৰ নাড়ী-ভূৰুখিনি বাহিৰলৈ উলিয়াই পেলায়। তাৰ পিচত তেওঁলোকে কিছুমান তাল গছৰ পাত জন্ত্তটোৰ পেটৰ ভিতৰত সোমোৱাই দিয়ে আৰু জন্ত্তটো পুৰিবলৈ লোৱাৰ সময়ত পাতবোৰ আকৌ পেটৰ পৰা উলিয়াই পেলায় আৰু ঠেঙৰ তলুৱা চাৰিখন কাটি পেলাই দিয়ে আৰু ইয়াক জুইৰ ওপৰত দি ঘূৰাই-পকাই পুৰে। ইয়াৰ পিচতে ওচৰৰ আন আন ঠাইৰ পৰাও জাৰাৱা সকল আহি মাংস খোৱা ভোজত অংশ ল’য়। ভোজৰ পিচত মাংস খাওঁতে দাঁতত লাগি থকা মাংস এৰুৱাবলৈ সকলোয়েই দাঁত খোচা-কাঁঠি ব্যৱহাৰ কৰে, যাক তেওঁলোকে ‘মাহু’ বুলি কয়। জাৰৱা সকলৰ সকলো কথাই আজিও আদিম মানৱৰ যূগতে আছে। তেওঁলোকে খাদ্যৰ বাবে কোনো খেতিবাতি নকৰে—তেওঁলোক ইয়াৰ বাবে নিৰ্ভৰশীল অৰণ্য আৰু সাগৰৰ ওপৰত। বনৰীয়া গাহৰি আৰু মনিটৰ-লিজাৰ্ড জাৰৱা সকলৰ অতি প্ৰিয় খাদ্য যদিও হৰিণা আৰু চৰাই কিন্ত্ত সিমান নহয়। জাৰাৱা সকলে বাসকৰা কাষৰীয়া অঞ্চলত হৰিণাৰ সংখ্যা বেচি আৰু তেওঁলোকে ইহঁতক ‘তপিয়ালি’ আৰু চৰাইক ‘নোহা’ বুলি কয়। বিভিন্ন ধৰণৰ বনৰীয়া ফলমূল আৰু আলু তেওঁলোকৰ খাদ্যৰ এটা প্ৰয়োজনীয় অংশ। বনৰীয়া গাহৰি, সাগৰীয় আৰু শিলৰ ফাঁকত থকা শামূক জাতীয় প্ৰাণী, মাছ, সাগৰীয় সৰু বা ডাঙৰ মিছামাছ, কেঁকোৰা, দ’গঙ্গ নামৰ এবিধ সাগৰীয় গৰু, সাগৰীয় মাগুৰ জাতীয় মাছ, সাগৰীয় কাছ, আন্দামান ৱাটাৰ মনিটৰ(জেঠীৰ দৰে এক বৃহৎ প্ৰাণী) তেওঁলোকৰ প্ৰিয় খাদ্য। টান জাতীয় প্ৰাণীবোৰ তেওঁলোকে পানীত সিঁজাই খায়। কাছৰ খোলাখন আৰু গাহৰিৰ মূৰতো তেওঁলোকে নিজৰ বা সমজূৱা জুপুৰী বিলাকত ওলোমাই সঁজাই থয়।

জাৰৱা সকলৰ মৌজুল সংগ্ৰহ:

মৌজুল আৰু কঁঠাল জাৰৱা সকলৰ খাদ্যৰ এটা অতি লাগতিয়াল অংশ। এওঁলোকে মৌ সংগ্ৰহ কৰিবলৈ যাওঁতে চাকৰ পৰা মৌমাখিবোৰ (জাৰৱা ভাষাত কোৱা হয়--‘অনয়’মা) খেদাবলৈ তেওঁলোকৰ ভাষাত ‘ওয়া’ নামৰ এবিধ গছৰ কিছুমান পাত গাত বান্ধি ল’য়। এজন ব্যক্তিয়ে গছত যদি প্ৰথম এখন মৌচাক দেখা পায় তেতিয়াহলে জাৰৱা পম্পৰামতে তেওঁৰ সেইখন চাকৰ ওপৰত সম্পূৰ্ণ অধিকাৰ থাকিব। যদি তেওঁ সদ্যসতে চাকখনৰ পৰা মৌ সংগ্ৰহ নকৰে তেতিয়া তেওঁ কিছুমান গছৰ ঠাল-ঠেঙুলি চিঙি আনি গছজোপাৰ চাৰিওকাষে পুতি থ’ব যাতে আন কোনো জাৰৱাই সেই মৌচাকখন দেখিলে জানিব পাৰে যে, ইতিমধ্যে কোনো এজনে তেওঁতকৈ আগতেই সেই মৌচাকখন দেখা পাইছে।

জাৰৱা সকলৰ খাদ্য ৰন্ধাৰ ধৰণ:

জাৰৱা সকলে এবিধ মাটিৰ চৌকাত জুই ধৰি ৰন্ধা-বঢ়া কৰে, যাক তেওঁলোকে ‘এলাউ’ বুলি কয়। তেওঁলোকে ৰান্ধিবলৈ এলুমিনিয়ামৰ পাত্ৰ ব্যৱহাৰ কৰে আৰু জাৰৱা ভাষাত ইয়াক ‘বুছু’ বুলি কয়। এইবোৰ তেওঁলোকক কোনো স্বেচ্ছাসেৱী সংগঠনে দিয়ে নতুবা কোনো কাষৰীয়া গাওঁ আক্ৰমন কৰোতে সংগ্ৰহ কৰে। জাৰৱা সকলে খাদ্য সদায় ৰান্ধি খায়, পকা ফলমূলৰ বাহিৰে কেতিয়াও কোনো বস্ত্ত কেঁচাকৈ নাখায়। কেচাঁ ফলমূলবোৰ সিঁজাই খায়। গাহৰিৰ মাংসৰ দৰে খাদ্যবোৰ হয় জুইত পুৰি নহয় ৰ’দৰ তাপত কোনো ডাঙৰ শিলৰ ওপৰত ৰাখি সিঁজাই খায়।

জাৰৱা সকলৰ সাঁজ-পোছাক:

জাৰৱা সকলৰ মতা-মাইকী উভয়েই উলঙ্গ হৈ থাকে। যদিও তেওঁলোকে দেহত কিছুমান অলঙ্কাৰ পিন্ধে তথাপিও সেইবোৰে নগ্নতা ঢাকিবলৈ যথেষ্ঠ নহয়। যেতিয়া পুৰুষ সকল চিকাৰত ওলায় তেতিয়া বুকুখনক সুৰক্ষা দিবলৈ তেওঁলোকে এবিধ গছৰ বান্ধি ল’য়, যাক তেওঁলোকে ‘টো’হে’ বুলি কয়। জাৰৱা সকলে মূৰ-বন্ধনী, গ’লমনি, বাহু-বন্ধনী, কঁকাল-বন্ধনী ইত্যাদিবোৰ মাৰে আৰু এইবোৰ তেওঁলোকে তাল-পাত আৰু শামূক জাতীয় প্ৰাণীৰ খোলাৰে বনাই ল’য়। তেওঁলোকৰ ভাষাত মূৰ-বন্ধনীক ‘ওয়েটাহে’ আৰু কমৰ-বন্ধনীক ‘ৱায়েটাহে’ বুলি কয়। আজিকালি তেওঁলোকৰ সভ্য সমাজৰ লগত সম্বন্ধ কিছু বাঢ়ি অহাৰ লগে-লগে কিছুমানে কাপোৰ পিন্ধিবলৈ লৈছে, যাক তেওঁলোকে ‘কানগাপু’ বুলি কয়। তেওঁলোকে আজিকালি কাপোৰ ফালি ৰচী বনাই তাত বিভিন্ন ধৰনৰ অৰণ্যত পোৱা গছৰ পাত, বাকলি আদি কিছুমান বস্ত্ত বান্ধি অস্থায়ী গহণা তৈয়াৰ কৰিবলৈ ধৰিছে। এইবোৰৰ বাহিৰেও তেওঁলোকৰ স্থায়ী গহণাবোৰ শামূকৰ খোলা, কপাহৰ সূঁতা, গছৰ বাকলিৰ পৰা তৈয়াৰ কৰি ল’য়। মতা-মাইকী উভয়েই দেহত মাটিৰ লেপণ সানে।
গাহৰি বা মনিটৰ লিজাৰ্ড খোৱাৰ পিচত তেওঁলোক সকলোৱেই মূখ আৰু দেহত মাটি সানি তাৰ ওপৰত বিশেষ ধৰণৰ ডিজাইন কিছুমান কাটি লয়। কিছুমান ডিজাইন তেওঁলোকৰ মাজত খূওব জনপ্ৰিয় আৰু প্ৰায় সকলোৱেই একেবোৰ ডিজাইনকে গাত আঁকি ল’য়। মাছ মাৰিবলৈ, চিকাৰলৈ যাওঁতে বা অৰণ্যলৈ কিবা বস্ত্ত সংগ্ৰহৰ বাবে যাওঁতে সকলোয়েই একেলগ হৈ লোকগীত গায়।

জাৰৱা সমাজত শ্ৰমৰ ভাগ:

জাৰৱা সকলে খাদ্যৰ সন্ধানত বাহিৰলৈ যাওঁতে তেওঁলোকৰ লোক সকলে ভাগে-ভাগে শ্ৰমৰ দায়িত্ববোৰ ভগাই লয়। পুৰুষ সকলে তেনে যাত্ৰাত অৰণ্যৰ মাজেদি গছ কাটি পথ উলিওৱাত সহায় কৰে, চিকাৰ কৰে আৰু মহিলা সকলে সেই খাদ্য সামগ্ৰীবোৰ গাওঁলৈ কঢ়িয়াই আনে। কোনো নতুন ঠাইত দ’লে নিশা জিৰণি ল’ব লগীয়া হলে মহিলা আৰু ল’ৰা-ছোৱালী বিলাকে অস্থায়ী বাসস্থান নিৰ্মান কৰিবৰ বাবে (জুপৰী সাঁজিবলৈ) খূঁটা আৰু চাল হিচাবে বান্ধিবলৈ গছৰ পাত ইত্যাদিবোৰ বিচাৰি আনে। পুৰুষ সকলে খাদ্যৰ যোগাৰ কৰে। অবিবাহিত ছোৱালী বিলাকে নিজৰ আশ্ৰয় স্থল বেলেগে সাঁজি ল’য় আৰু খাদ্যৰ সন্ধানত সিহঁতো ওলাই যায়।

জাৰৱা সকলে ব্যৱহাৰ কৰা কাঁড়-ধেনু:

জৰৱা সকলৰ ভাষাত ধেনুখনক ‘আও’ আৰু কাঁড়ডালক ‘পাথু’ বুলি কয়। সিহঁতে তালগছ বা বাহঁৰ পৰা কাঁড়বোৰ তৈয়াৰ কৰি মূৰত লোহৰ ফাল লগাই ল’য় যাক তেওঁলোকে ‘এটাহু’ বুলি কয়। ইয়াৰ বাহিৰেও তেওঁলোকে আন এবিধ মূৰত লোহাৰ ফাল লগোৱা কাঁড়ো তৈয়াৰ কৰি লয়---যাক স্থানীয় ভাষাত ‘অ’ছাছালে তাহাপে’ বুলি কয়। তেওঁলোকে ‘তাহ’ৱাই-খোৱাব’ বুলি কোৱা কিছুমান হাৰ্পুনৰ আকাৰৰ কাঁড়ো তৈয়াৰ কৰি ল’য়। তেওঁলোকে বিভিন্ন আকাৰৰ কাঁড় তৈয়াৰ কৰে যদিও ইয়াৰ লোহাৰ ফালটো কেতিয়াও জুইত দি পগাই গড় নিদিয়ে। কাঁড়বোৰ তৈয়াৰ কৰিবলৈ লোহাৰ হাতুৰী আৰু বটালী ব্যৱহাৰ কৰে।
চিকাৰলৈ যাওঁতে প্ৰাপ্ত বয়স্কঃ পুৰুষ সকলে গছৰ বাকলিৰে তৈয়াৰ কৰা এক ধৰণৰ বুকৰ ৰক্ষা-কৱচ পিন্ধে যাক তেওঁ বিলাকে ‘কেকাড’ বুলিও কয় আৰু তাৰ ভিতৰত ‘টাৱা’ বুলি কোৱা কটাৰীবোৰো ভৰাই ল’য়।

জাৰৱা সকলৰ অস্ত্ৰ-শস্ত্ৰঃ

জাৰৱা সকলৰ মাজত অটাইতকৈ জনপ্ৰিয় এবিধ কটাৰী, যাক তেওঁলোকে ‘টোৱা’ বুলি কয়। এই কটাৰীখন লোহা পিটি বনোৱা হয় আৰু ইয়াৰ কোনো নাল নাথাকে। এইখন কটাৰীৰ আকাৰ কাঁড় এডালৰ আগৰ ফলাটোৰ দৰে, যাৰ বহল ৪-৬ ইঞ্চিৰ ভিতৰত হয়। তেওঁলোকে প্ৰায়েই এইখন কটাৰী বুকুৰ কৱচখনৰ ভিতৰত ভৰাই ৰাখে। ইয়াৰে তেওঁলোকে বনৰীয়া-গাহৰি চিকাৰ কৰি টুকুৰা-টুকুৰকৈ কাটে। কাষত ধাৰ থকা লোহাৰ ফাল এটাক ‘টউব’ বুলি তেওঁলোকে কোৱা কাঠৰ ধেনুভিৰীয়া নালত বান্ধি আন এক ধৰণৰ এবিধ অস্ত্ৰ বনাই ল’য়। জাৰৱা সকলে বিভিন্ন ধৰণৰ জ্যামিতিৰ দৰে ডিজাইন তেওঁলোকৰ ধেনু, কটাৰী ইত্যাদি বিলাকত কাটি কৰি ল’য়। আকৌ বুকুৰ ৰক্ষা-কৱচ, কাঠৰ বাল্টি ইত্যাদিত তেওঁলোকে আঁচৰ দৰে অৰ্কিডৰ ঠাৰিৰে কিছুমান ডিজাইন বনাই ল’য়। আন্দামানৰ ‘পুন্নানাল্লাহ’ এলেকাত দেখা পোৱা জুপুৰী বিলাকত দুই ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা দেখা পোৱা যায়- (১) ‘থ’ম’ আৰু (২) ‘থ’ছুলেটোটোহা’----জাৰৱা ভাষাত লোহাৰ জোঙামূৰীয়া কাঁড়ৰ ফালটোক ‘থ’ম’ বুলি কোৱা হ’য়, যাৰ দৈৰ্ঘ ৪-৫ ইঞ্চিৰ ভিতৰত। ‘থ’ছুলেটোটোহা’ মানে হ’ল---কাঁড়ৰ লোহাৰ ফাল যাক এডাল কাঠ বা বাহঁৰ বাৰিত বান্ধি লোৱা হয়—বাৰিডালক তেওঁলোকে ‘থেনে’ বা ‘থেনাং’ বুলি কয়। লোহৰ সজুঁলিবোৰ জোঙা বা ধাৰ কৰিবলৈ তেওঁলোকে শিল ব্যৱহাৰ কৰে যাক তেওঁলোকে ‘উল্লি’ বুলি কয়। তেওঁলোকে মাটি খান্দিবলৈ ব্যৱহাৰ কৰা একধৰণৰ লোহাৰ চিপ্ৰাং খনক ‘ৱোহেন’ বুলি কয়। জুপুৰীত ব্যৱহাৰ কৰা পাচি-খৰাহীবোৰ বেতেৰে সাঁজি ল’য় আৰু এইবোৰক তেওঁলোকৰ ভাষাত---‘তাজ’ বুলি কয়। তেওঁলোকে সাগৰত কোনোবা মাছমৰীয়াৰ উটি অহা জালৰ পৰা নাইলন ৰচীবোৰ সংগ্ৰহ কৰি বস্ত্ত-বাহনি থবলৈ (বিশেষকৈ মাছ) সৰু সৰু মোনা তৈয়াৰ কৰি ল’য় । তেওঁলোকে মাছ ধৰিবলৈ গছৰ বাকলি, বাঁহ আৰু বেঁতৰ পৰা কিছুমান সঁজূলি বনাই ল’য় আৰু এইবোৰক তেওঁলোকে ‘প’ট’ছেহাট’ বুলি কয়। তেওঁলোকে বিশেষ কিছুমান গছৰ পাতৰ সহায়ত নিশা জ্বলাবৰ বাবে জোৰ বনাই ল’য়। শিলেৰে তেওঁলোকে ‘ওলিহে’ নামৰ এবিধ আদিম কটৰীও নিৰ্মান কৰি ল’য়। জাৰৱা সমাজত যৌৱনকালঃ--- ল’ৰা যৌৱনপ্ৰাপ্ত হ’লে সি এটা বনৰীয়া গাহৰি মাৰি আনি পৰিয়াল বা সমাজৰ লোক সকলক মাংসৰ ভাগ বিলাব লাগে। ছোৱালীৰ প্ৰথম মাহেকীয়াৰ পিচত ‘ওপিমেমে’ নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয়। তেওঁলোকৰ পৰম্পৰা মতে এই অনুষ্ঠানৰ মাজত বা পিচত সিহঁতৰ নামবোৰৰ নৱীকৰণ কৰি নতুনকৈ নাম দিয়া হয়। জীৱনত মাহেকীয়া হোৱাৰ প্ৰথম দিনটোৰ পৰা তিনিদিন ধৰি তেওঁলোকে এক পৰ্ব উৎযাপন কৰে। সেই দিনকেইটাত ছোৱালীজনীক চৰিওফালে চাৰিটা খূঁটি মাৰি এডোখৰ ঠাই নিৰ্দ্দিষ্ট কৰি দিয়া হয় আৰু তাই তিনিদিন ধৰি তাৰ মাজতে থাকিব লাগে। সেই সময়ছোৱাত তাই সেই সীমা চেৰাই আতঁৰলৈ যাব নোৱাৰে আৰু তাই চকু বন্ধ কৰি ৰাখিব লাগে। এবিধ খাৰমাটি, গাহৰিৰ চৰ্বি, লতাগছৰ আঠা মিহলাই তৈয়াৰ কৰা এক ধৰণৰ লেপন তাইৰ মূৰ, ডিঙি আৰু গোটেই মূখখনত সানি দিয়া হয়। এই সময়টোত তাইক কথা কবলৈ দিয়া নহয় আৰু তাইক কিছুমান খাদ্যও খাবলৈ দিয়া নহয়---বিশেষকৈ গাহৰিৰ মাংস আৰু মৌজুল। কেৱল তাই খাদ্যৰ বাবে শামূক বা তেনেধৰণৰ বিশেষ হাড় নথকা প্ৰাণী(Mollusk--জাৰৱা ভাষাত ‘অন’গ’) আৰু পানীৰ (এঙ্গ) ওপৰত নিৰ্ভৰশীল হ’ব লাগে। তিনিদিনৰ পিচত তাই গা ধুব লাগে আৰু তাৰ পিচত তাইৰ ওপৰত কোনো বাধ্য-বাধকতা নাথাকে। ইয়াৰ পিচতে তাইৰ কাষত গাওঁৰ সকলো আহি গোট খায়। তেতিয়া তাই গাত বিভিন্ন গহনা পিন্ধে আৰু মহিলা আৰু ছোৱালীবোৰে গান গায় আৰু নাচে।

জৰৱা ভাষাত বিশেষ স্থান দখল কৰা কেইটামান শব্দ:
•এহ’য় (সূৰ্য)
•তাপে (চন্দ্ৰ)
•পেঙ্গে (আকাশ)
•চিলোপে (তৰা)
•এথিবিথি (ডাৱৰ)
এই কেইটা শব্দই জৰৱা ভাষাৰ পৌৰাণিক কাহিনী বিলাকত এক বিশেষ স্থান পাইছে। পূৰ্ণচন্দ্ৰক তেওঁলোকে ‘উথ্থুটাপে’ আৰু কাচিজোনক ‘পনিয়াটাপে’ বুলি কয়।

জাৰৱা ছোৱালী বিলাকৰ বুকুৰ আৰু শৰীৰৰ গঠন খূবেই আকৰ্ষণীয়। সেয়ে আজিকালি বহুতো বিদেশী পৰ্যটকে এই আদিম সজ-সৰল ছোৱালী বিলাকক নানা বস্ত্তৰ প্ৰলোভন দি নিজৰ শয্যা-সঙ্গিনী হবলৈ বাধ্য কৰিছে। চুনামীৰ সময়ত বহুতো জাৰৱা লোকৰ মৃত্যু হৈছিল। আশাকৰো এই জাতিটোৰ অস্তিত্ব পৃথিৱীত ঈশ্বৰে বৰ্তাই ৰাখক। (সমাপ্ত)


Sunday, 13 December 2015

বাস্তৱ জ্যোতি গগৈ


আজি তোমাৰ কাষৰ পৰা


জোনাকৰ কামিজ খুলি আঁতৰি যাম দিয়া
আজি তোমাৰ কাষৰ পৰা
মাথো তোমাৰ দুচকুৰ পৰা
সৰি পৰা বৰষুণৰ টোপাল বোৰ
শেষ হবলৈ দিয়া
বিদায় পৰত তোমাৰ
আঁচলৰ ফাঁকে জুমি নাচাবা
সেমেকা দুবৰি দলিচাত খোজকাঢ়ি
তুমি পদুলিৰ পৰা
উভটি নাচাবা
আজি বহু দিনৰ পৰা
প্ৰতিটো উশাহত তুমিয়ে বিয়পি আছা
সোণালী আঘোণৰ সোণোৱালী
আশা দৰে
পিছে আজি তোমাৰ কাষৰ পৰা
হেঁপাহৰ দুপাখী খুলি আতৰি যাম
তোমাৰ সুখৰ বাবে
মাথো তোমাৰ সোণোৱালী হাঁহিটো
দুখৰ চকুলো টোপাল হবলৈ নিদিবা
মাজনিশাৰ নিতাল নীৰৱতাত
নাওঁ খনি দৰে হোৱা জোনটোলৈ
ৰহ লাগি নাচাবা
কিয়নো ,বিদায় পৰত তোমাৰ পৰা
এমুঠি সেউজীয়া নিবলৈ বিচাৰো
মোৰ বুকুৰ মাজত ...।।

বাস্তৱ জ্যোতি গগৈ, যোৰহাট , খনামুখ
ভ্ৰাম্যভাষঃ 07040954841

Saturday, 12 December 2015

নিভা গগৈ



সুৰভীৰ দাঁতৰ বিষ


বতৰ ঠাণ্ডা, বৰষুণ দিয়া নাই যদিও হীম চেঁচা বতাহ বলি আছে পুৱাৰ পৰা ৷ নিশাটো টোপনি নাই সুৰভীৰ, দাঁতৰ বিষ ৷ ইফালে নতুন বোৱাৰী ঘৰখনৰ ৷ দাঁতৰ বিষত জ্বৰ জ্বৰ ভাৱ ৷ বাওঁ গালখন ফুলি ফুলা লুচি খনৰ দৰে হৈ আছে৷ ঠাণ্ডা পানী খাব নোৱাৰি, তাতে পতি দেৱে মৰমতে অ' মোৰ কলিজা জনী ঐ বুলি ফুলি থকা গালত চিকুটি দিলে৷ আয়ৈ মাআআআ মৰিলো বুলি সুৰভী বিচনাত পৰি দিলে ৷ পতি দেৱ দিপুৱে কি হ'ল বুলি কোৱাৰ লগে লগে সুৰভীৰ চকুৰে সৰ সৰকৈ চকুলো বৈ আহিল ৷ দিপুৱে সুৰভীৰ মুখ মেলি চাবলৈ যত্ন কৰিলে কথাটো কি ? চকুলোৱে বাট নেদেখা সুৰভীয়ে মুখ মেলি দেখালে যে দাঁতৰ বিষ, মানুহটোৰ খবৰেই নাই ৷ দিপুৱে চাই হাঁহিব নে কান্দিব কৰি ভাবিলে হায়ৈ গুৰি দাঁত বুলিবলৈ দুটা নে তিনটাহে বাকী আছে, বিয়া পতা আগতে যদি এবাৰ দেখিলেহেঁতেন ৷ নতুন দাঁত এপাৰী লগাব গলেও কমখন টকা লাগিবনে ৷ ডাক্তৰৰ ওৰলৈকে লৈ যোৱাটোই উত্তম হ'ব ৷ নতুন বোৱাৰী, চাবলে অহা মানুহে বোৱতী নৈ দৰে বৈয়ে আছে—
দুপৰীয়া নৱ দম্পতী টাউনৰ দাঁতৰ ডাক্তৰ চেম্বাৰ পালেগৈ ৷ সুৰভীৰ মুখখন ঘৰীয়ালৰ দৰে বহলকৈ মেলাই ডাক্তৰে ডাঙৰ লাইটৰ পোহৰত চালে ৷ সৰু হাতুৰী ,কেঁচি ,আদি যন্ত্ৰ পাতী লৈ সুৰভীৰ মুখৰ আগত ৷ দিপুৱে পিছফালে ৰৈ জুমা জুমী কৰি থাকিল ৷ দাঁতৰ বিষৰ লৈ দিপুৰ ভয় নাই, ভয় ডাক্তলৈহে ৷ দাঁত চাওঁ বুলি বহুতে হেনো কিলাকুটিৰে তিৰুতাৰ গাত ভেজা দিয়ে ৷ সি শুনিছেহে কথাটো ৷ সুৰভীক যদি তেনে কিবা এটা কৰে তাৰ কেচি খনে যে ডাক্তৰৰ পেট ঘুটালী নিদিব মানে নাই ৷
কটক্ কটক্ কটক্ কটক্ ডাক্তৰে হাতুৰীটোৱে বিষাই থকা দাঁতটোত টোকৰীয়াই দিলে ৷ সুৰভীয়ে আয়ৈইইই উহ উহ উহ বুলি চিঞৰি দিলে ৷ চকুৰ পানীৰে সুৰভীৰ গালে গঙ্গা যমুনা বৈ গ'ল ৷
ডাক্তৰে খচ্ কচ্ কৈ প্ৰেচক্ৰিপশ্বন এখনত বিষৰ টেবলেট লিখি দিলে ৷ দহ দিনৰ পিছত দাঁত হৰাব লাগিব ৷ দিপুৰ সুৰভীলৈ দুখ লাগিল, দেহি ঐ মাংস হ়াড চোবাই ভাল পোৱা মানুহজনী, মাছৰ ফিচা চোবাই ভালপোৱা মৰমৰ সুৰভী জনীক এৰি সি নিজে দকচি খাব লাগিব৷
ঘৰলৈ আহি থাকোতে ৰাষ্টাৰ কাষত গ্ৰাহকৰ বাবে ৰৈ থকা ফোচকা, চানাৱালা, মম' পকৰী, আলুচপ আদি দোকানবোৰ দেখি সুৰভীৰ চকু বেজাৰে চলচলীয়া হৈ উঠিল ৷ দিপুৱে দোকানৰ পৰা ব্ৰেড এটা কিনি তাইৰ হাতত দি ক'লে— আজি এইটোৰেই কাম চলোৱা সোণজনী বুলি তাইৰ ফুলি থকা গাল খনতে পাহৰি চিকুট এটা দিলে ৷ আয়ৈ মৰিলো বুলি সুৰভী ৰাষ্টাৰ মাজতে বহি পৰিল ৷৷

(নাং চেং নিভা গগৈ)

উইল চিদ্দিকুৰ ৰহমান


প্রেমৰ সংজ্ঞা বিচাৰি

কাৰোবাক ভালপোৱাৰ থাকে জানো পাঠশালা
থাকে জানো প্রেমৰ কাঠগৰা !
প্রেম
অগৰাতলী হাবিৰ
চাকৈ-চকোৱা অথবা
মাটি আৰু মানুহৰ বুকুত গজা
সুগন্ধি পখিলা

কবিঃ উইল চিদ্দিকুৰ ৰহমান

Friday, 11 December 2015

অনামিকা চুতীয়া চিৰিং

নীলা নীলা মুকুতাৰ মালা


(কবিঃ অনামিকা চুতীয়া চিৰিং) চোৱাচোন সখি
সময় যে গৈছে উৰি
পাৰি জানো ধৰিব ৰাখি !
জানানে সখি
জীৱনটো বোলে বৰ ছুটি !
সেয়েহে জানো ভাল নালাগে
আবেলিৰ বেলি ?
অ' সখি ,
নীলা নীলা মুকুতাৰ মালা
আমাৰ সম্বন্ধৰ ধাৰা
বিশ্বাসবোৰ তাৰ ঠিয় গৰা ;
সময়ৰ বালিচৰত আমাৰ
সমন্ধৰ ভঁৰাল
মৰম-ভালপোৱাবোৰ তাতে বান্ধে ক'ৰাল !
সখি
জীৱনৰ মায়াবোৰ বুটলি বুটলি
নালাগেচোন আমনি !
তাতে যে ভাঁহি আহে মিলন ৰাগিনী ।
ব্ৰক্ষ্মপুৱাতে শেতেলী এৰি
কুঁৱলীৰ মাজলৈ গ'লো ,
চাৰিওফালে ব'গা মাথোঁ ব'গা
কুঁৱলীৰ স্নিগ্ধতা ;
আলফুলে সাৱটি ধৰিলো
নাই সখি,
নোৱাৰিলো জানা ধৰিব সাৱটি
মাথোঁ অনুভৱহে কৰিলো ।।
সকলোলৈ সুপ্ৰভাত জনালো ।।

Thursday, 10 December 2015

বাস্তৱ জ্যোতি গগৈ


(অনুভৱ স্বৰ)

আমদালি উৰুলি মাহ আৰু হালধী


আমদালি উৰুলি / মাহ আৰু হালধী/ নতুন ঘৰৰ বোৱাৰী/ সুখৰ টোপোলা বুকুত বান্ধী /যাৱলৈ ওলালা তুমি/ হৃদয়ৰ পৰিধি ভাঙি / অতীতৰ বুকুত /সোণালী দিনৰ ছবি আঁকি /

তুমি যেতিয়া যাৱলৈ ওলাইছা যোৱা ,মই বাধা দিব নোখোজো ,যি দৰে বাধা দিব নোৱাৰে প্ৰভাতি সূর্য্যৰ পূৱাৰ কিৰণ ,বৈ যোৱা নদীৰ গতি ..। জীৱনৰ জটিল বাটত সহায়ক হিচাপে তোমাৰ কাষ চাপিছিলো ,সঁচা অন্তৰ এখনি সেউজীয়া পৃথিৱী গঢ়াৰ সপোন দেখিছিলো ,জীৱনৰ প্ৰতিটো ডালে ডালে কৃষ্ণচুড়া ফুলাব বিচাৰিছিলো , কিন্তৃ বিচৰা নাছিলো বঠা বিহীন জীৱনৰ শূণ্য পিয়লা..।

আমদালি উৰুলি মাহ আৰু হলধী..... আজি তোমাৰ জীৱনৰ নতুন পুৱা ,নব বসন্ত , ন- কুঁহিপাতে জীৱনৰ ধৰণী সজাইছে ,ওঠত জিলিকিছে অলকানন্দা হাঁহি ,মনত শিপাইছে ৰজনীগদ্ধা সুবাস,বিছৰাতো তোমাৰ কাষে কাষে মিতিৰালি হৈ পৰিছে জোন তৰা দৰে ,তোমাৰ অনুভবি হিয়াত আজি আপোনজনক পোৱাৰ নিচাত ভালপোৱা এখনি নৈ নিজৰি নিজৰি বৈছে ,মৰমে মৰমৰ বোকোচাত ওমলিছে । তেতিয়া ..তেতিয়া হয়টো স্মৃতি সুগন্ধি মলয়াযে এপলকৰ বাবেও ভৱাই তুলিব পৰা নাই..সপোনৰ ৰঙা নীলা ৰেলেও চাগৈ অতীতৰ বুকুত বহোৱাব পৰা নাই,আজি হয়টো তোমাৰ কাষত মাথো সুখৰ উত্সৱ... ।

আমদালি উৰুলি মাহ আৰু হালধী...... এই দিনৰ সপোনৰ মোহ মোৰো আছিল , দাপোন ভগা দি ভাগি গল , নৈ পানী বাঢ়ি পলস পৰা দৰে পৰি ৰল, যাৰ ওচৰত প্ৰতিটো পল অনুপল উৎসৰ্গা কৰিছিলো । তোমাক চাগৈ আজি বৰ ধুনীয়া দেখিব , এপাহী কৃষ্ণচূড়া দৰে , লাজৰ ওৰণি ঢাকি কপালত ৰামধেনু ৰং আঁকি দেহত মাহ হালধী সুবাসে কিমান যে ধুনীয়া দেখিব , মই বুজাব নোৱাৰিম । তোমাৰ এই ন- কন্যা সাজটি চাবলৈ কত যে সপোন আছিল ... আশা আছিল .. হায় ! আজি যে সপোন ভাগি গল , তোমাৰ বাবে থকা সেই দিনৰ মৰম হৃদয়ত মলঙী ৰল....।

আমদালি উৰুলি মাহ আৰু হালধী.... তোমাৰ বাবে থকা জীৱনৰ প্ৰতিটো হেঁপাহ ,তোমাৰ বাবে থকা জীৱনৰ প্ৰতিটো আশা,তোমাৰ বাবে থকা জীৱনৰ পল অনুপল আজি বিদায় জনাম .সপোনৰ পিছে পিছে কোনো দিনেই মৰিচিকা নেখেদো .জীৱনৰ পংক্তিলতাত আৰু কোনো দিনেই সোণালী সপোনৰ বীজ নিসিছোঁ ।কাৰণ তুমি দুখ পাবা ,কিন্ত ভূল নুবুজিবা ,সকলো বিদায় জনালেও তোমাৰ মৰম পাহৰিব নোৱাৰো ,হৃদয়ৰ নিভূত কোণত অঁকা তোমাৰ ছবি মচিব নোৱাৰো.কাৰণ তুমি মোৰ প্ৰথম সূৰ্য্য প্ৰভাতি কিৰণ.জীৱনৰ বসন্তৰ প্ৰথমটো পাহি ,ন,- কুঁহিপাত ....।

আমদালি উৰুলি মাহ আৰু হালধী.... তুমি কেতিয়াও নাভাবিবা তোমাক দুখি সজাম বুলি.ভালপোৱা ওচৰত ,এই আকাশ নৈ নিজৰা ওচৰত । ঋতু আহে ঋতু যায় , মাহ বাগৰে বছৰ যায় , কোনোবাই জানো ভাল লগা ঋতু মাহ বছৰ ধৰি ৰাখিব পাৰে । নদীত উঠা ঢৌৰ দৰে জীৱনলৈ সুখ দুখ আহি থাকিব আৰু গৈ থাকিব । সকলোৱে যদি বিচৰাতোকে পায় তেতিয়া বাৰু বেদনাৰ গভীৰতাৰ আমেজ কোনে অনুভৱ কৰিব । যদি তুমি মোৰ অবিহনে সুখী হোৱা , যদি মোৰ অবিহনে বসন্ত কুহিপাত মেলে , তেতিয়া বাধা দিলে জানো দুখী নহম , মৰমৰ ওচৰত , ভালপোৱা ওচৰত , হৃদয়ৰ ওচৰত ....।

আমদালি উৰুলি মাহ আৰু হালধী........ জানা কেতিয়াবা তোমালৈ বৰ খং উঠে , কিয় বাৰু মোক দুখৰ পুখুৰীত নমালা , জীৱনৰ ৰং বোৰ উকা উকা কৰিলা , শূন্যতা ঘৰত বহোৱালা । কেতিয়াবা ভাবি আচৰিত হওঁ ,, কিয় বাৰু আহিছিলা ...... যাবৰ বাবে, এপাহী শেৱালি ফুলৰ দৰে ততাতৰিয়াকৈ সৰি যাবলৈ , কিয় বাৰু আহিছিলা ভালপোৱা মাজত বেদনা লৈ । তুমি আহিব নোৱাৰিলানে বাৰু আকাশীগংগা হৈ বৈ , নোৱাৰিলানে কাঞ্চনজংঘা হৈ আজীৱন থৰ হৈ থাকিবলৈ .... ৰামধেনু দৰে মনৰ আকাশত জিলিকিবলৈ......।

আমদালি উৰুলি মাহ আৰু হালধী ....... কেনে লাগিছে তোমাৰ .... তুমিতো আজিৰ পৰা নতুন জীৱনৰ সৃষ্টিৰ পথত । মইতো আজিৰ পৰা তোমাৰ মনত দূৰ দিগন্তত হেৰাই যোৱা ঠিকনা মাথোন ওমলা দিনৰ , সৰি যোৱা এপাহী তলসৰা ফুল .....। তোমাৰ মনত মাথো বহি ৰব আপোনজনৰ ছবি , তেওঁ হব তোমাৰ শিৰোনামা , তেওঁ হব তোমাৰ জীৱনৰ ঠিকনা বুকুৰ কলিজা । ভাবিছিলানে বাৰু কৃষ্ণচুড়া ফুলাৰ সপোন দেখি ৰজনীগন্ধা কলি পেলাম বুলি ......।

বিদায় দিম বুলি কোনোদিনে নাছিলো ভবা , আতৰি যাব বুলিও নাছিলো ভবা । সেয়ে বিদায় পৰত দিবলৈ নাই আজীৱন থকাকৈ কোনো সুগন্ধি মালা ......।

যাম বুলি ওলালা যেতিয়া / মই বাধা দিব নোখোজো / সুখৰ পুখুৰীত যেতিয়া / গা ধুবলৈ নামিব বিছাৰিছা / মই দুখৰ পুখুৰীত ন নমাও / অতীতৰ স্মৃতি কামিজ খুলি / গুচি যোৱা / সোণোৱালী ভবিষ্যতলৈ / হেৰুৱাই পেলাবা দূৰ দিগন্তত / মোৰ ঠিকনা .../

আমদালি উৰুলি মাহ আৰু হালধী ........।

॥ বাস্তৱ জ্যোতি গগৈ ॥ ॥ যোৰহাট , খনামুখ ॥ ॥ 07040954841 ॥

Wednesday, 9 December 2015

এম আবু হানিফা


ক্ৰমশ

( কবিঃ এম আবু হানিফা ) চকুৰ ভাষা বুজিবলৈ চকু লাগে
সেই চকুত থাকিব লাগে চাৱনিৰ এখন পৃথিৱী

বুকুত এখন সাগৰ থাকিলে
সময়ৰ সকলো ঢৌক প্ৰত্যাহ্বান জনাব পাৰি

পৃথিৱীখন হেৰাইছিল প্ৰথম চাৱনিতে
তাৰ পিছতেই বুকুখন ক্ৰমশ: নি:শেষ হৈ আহিল

ৰঙৰ কামিজৰ তলত কেৱল হাড় আৰু ছাল
বুকুখন জহি খহি প্ৰতাৰণাত পমি গ'ল
নহ'লে বুকু ফুলাই ময়ো পাৰ হৈ যাব পাৰিলোহেতেন
হাঁহি হাঁহি তোমাৰ ওচৰেৰে ৷

ইন্দ্ৰনীল গায়ন


অভিমান

(কবিঃ ইন্দ্ৰনীল গায়ন)
৷৷এক৷৷

দিনটোৰ শেষত
আমি ওভতি আহিছিলো
তোমাৰ মুখখনি
কেহেৰাজ বৰণীয়া হৈ পৰিছিল
তুমি কথা নোকোৱা

মোৰ ভয় হয়৷৷

৷৷ দুই ৷৷

তুমি কথা কৈছা
মই দূৰৰ পৰা শুনিছো
এৰি অহা সময়বোৰত
কেৱল
তোমাৰ নাম

নৈপথ্যত
পশ্চিমত ডুব যোৱা বেলিটো৷৷

Tuesday, 8 December 2015

ৰঞ্জুমনি মহন্ত

ঠিকনা

( কবিঃ ৰঞ্জুমনি মহন্ত ) সেয়া বহু দিনৰ আগৰ কথা।
তুমি আৰু মই যে
ঘুৰি ফুৰিছিলো,
প্ৰেমৰ দিকচৌ বনত,
হাতে হাত ধৰাধৰিকৈ,
কথা আছিল ,
তুমি আকাশ হোৱাৰ
মই তৰা ,
তুমি নদী হোৱাৰ
মই পানী
সেইবোৰ এতিয়া সাধুকথা।
তাৰ পিছতেই ,
ঠিক তাৰ পিছতেই
তুমি পাহৰিছিলা মোৰ ঠিকনা,
আৰু মই হেৰুৱাইছিলো প্ৰেমৰ।
ৰক্তাক্ত কলিজাৰে,
উন্মাদৰ দৰে,
মই যেতিয়া বিচাৰি ফুৰিছিলো
হেৰুৱা ঠিকনা,
তুমি বিচাৰি লৈছিলা নতুন ।
আৰু,
তেতিয়াৰে পৰাই,
ঠিক তেতিয়াৰে পৰাই মই,
হেৰুৱাই পেলালো,
মোৰ পৰাই মোক, নিজক।

ডেইজী অনুৰঞ্জনা‎

পুৰণি বগা চোলাটো

(কবিঃ ‎ডেইজী অনুৰঞ্জনা‎) পুৰণি বগা চোলাটো
মোৰ আলনাখনত এতিয়া নাথাকে !

এসোপা কজলা দাগেৰে
সি এতিয়া মাথো বিচাৰি ফুৰে
পিৰিক-পাৰাক চকুৰ বাট...
ৰ' লাগি চাব পৰাকৈ
আগৰ ভমকা ফুলীয়া চাৱনিটো
এতিয়া আৰু তাৰ গাত নাই
নতুনৰ চিক্-চিকিয়া গোন্ধটোও হেৰাল

মাজে মাজে সেমেকা চকুৰে
সি মোৰ হাত দুখনিলৈ চায়
পুৰণি দিনবোৰত
মোৰ হাতত হাত থৈ
বুকুত বুকু থৈ
মোতেই সি ধাৰণ কৰিছিল নিজক

মোৰ কাণাইৰ বাবে
সিয়ে আছিল
তাৰ চাৱনিৰ প্ৰথম স্পৰ্শ

হেমন্তৰ সন্ধিয়া
কি জানো মায়া লগা ৰং সানিছিল
মোৰ গাত !
কানাইৰ বুকু যে আজিও ইচাট্ বিচাট...

লাহে লাহে ফিচিকি আহিল তাৰ শৰীৰ
ক'বকে নোৱাৰিলো
অকণমানি সুৰুঙা এটিৰে
কেনেকৈ যে বাঢ়ি আহিল
বুকুৰ ঘাঁ ডোখৰ !
ছিগি থাকিল
ভমকা ফুলৰ এফাল...

কানাইকনো কি সতে কওঁ
তাৰ প্ৰিয় ফুটুকী শুকুলা হাঁহিটো যে
আৰু নাই ...

মৰি অহা দেহটো লৈ
সি এতিয়া চোতালৰ চুক এটাতে
বহি থাকে
গাত বোকা-পানী আৰু গোবৰৰ গোন্ধ !
আইৰ ঘিলাচকলীয়া হাতৰ মুঠিৰে
পুৱা গধুলি নিতৌ চাফা কৰে
চাকি জ্বলোৱা পৰৰ অশুচি শৰীৰ !

(বিঃদ্ৰ-আলনাখনৰ সি থকা ঠাইত এতিয়া মিহি ফুলৰ দীঘল চোলাটো আহি বহিছে, নতুনৰ কি যে চিক্-চিকিয়া গোন্ধ ভমকা ফুলৰ আলফুল নাচোন । )

Saturday, 5 December 2015

অনিতা‬ গগৈ


নক্ষত্রৰ গুঞ্জন

‎অনিতা‬ গগৈ
শীতৰ এটা সন্ধ্যা,কবি বহি আছে অকলশৰে
বাহিৰত গুড়ি গুড়িকৈ সৰিছে
সেমেকা জোনাক
ভিতৰত গলিছে হৃদয়

এনে এটা দিনতে তেওঁ একুৰা জুই ধৰিছিল
জুইত জাপি দিছিল তেওঁৰ পুৰণি কোটটো
যিটোৱে তেওঁৰ শৰীৰ তপতাব পৰা নাছিল
আৰু ছিগি পৰা বুটাম কেইটাত
উলমি আছিল প্রতাৰণাৰ
দুটোপাল মিছা অভিমান

তাৰ পিছত
দিনৰ পাছত দিন
তেওঁ খোজ কাঢ়িছে অকলশৰে
দুই ধাৰৰ তৰোৱালৰ ওপৰেৰে
তুমৰলি সেই পথছোৱাত
তেওঁৰ বিশ্বস্ত সংগী আছিল
কলিজাৰ তেজেৰে শান দিয়া কলমটো

সেই কলমেৰে তেওঁ অহৰহ লিখি গৈছে
সেই হৃদয়বোৰৰ কথা
য'ত কান পাতিলেই শুনা যায়
শীতৰ কঠোৰতাৰ দৰে
প্রতাৰণাৰ শত আঁচোৰেও
বিদীৰ্ণ কৰিব নোৱাৰা প্রত্যয়ৰ গুন গুন গান !

বিস্মৃতিৰ সীমনা পাৰ হৈ উৰে সেই উদাত্ত মন
ডেউকাৰ ধপধপনিত নক্ষত্রৰ মৃদু গুঞ্জন !

উইল চিদ্দিকুৰ ৰহমান

মোৰ প্রেমৰ পাঠশালা

(কবিঃ উইল চিদ্দিকুৰ ৰহমান)
(১)
মোৰ প্রেমৰ পাঠশালাত
কোনে ৰুলে এজোপা গোলাপ
প্রার্থনাৰ লাহী আঙুলিৰে
কোনে আঁকিলে জাহ্নবী-যমুনা বাট

(২)
নিজান পুখুৰীটোত খহি পৰিল
অথন্তৰৰ ক’লা পাথৰ এটি
উচাৎমাৰি উৰি গ’ল
চাতক পখী এটি কেনিবাদি

(৩)
দুপৰ ৰাতিৰ ৰে’লৰ উকিত
কোনে বজায় প্রেমিক বাঁহী
কাণি-দুৱৰীকৈ মেলি থোৱা আছিল
তাইৰ কোঠাৰ একেখনি দুৱাৰ

(৪)
দহিকতৰা এটাই
কৈ গ’ল কাণে কাণে
প্রেম এনেকুৱাই
অহা বাটে ওভতি যায়
ৰিঙিয়াই ৰিঙিয়াই

কৌস্তভমণি শইকীয়া দত্ত


বিষাদৰ ৰং

(কবিঃ কৌস্তভমণি শইকীয়া দত্ত) (১)
মই কাকো জগৰীয়া কৰা নাই
নিয়ঁতিৰ নিউ নিউ শব্দই কঁপাব নোৱাৰা
শিল যেন নৈঃশব্দৰ বাবে ।
মূক বেদনাৰ পৰা কান্দোনলৈ কিছু সময়ৰ বাট
মোক সময় দিয়া..
কান্দোনত সৰাম গছৰ পাত ।

(২)
চিতাজুইৰ ধোঁৱা খোৱা
ব`ৰাগী এজাক বতাহক
অনুবাদ কৰা কিছু কঠিন কাম ।
মোক অলপ সময় দিয়া
মচ খাই যোৱা দেহবোৰৰ
ছবি আঁকি যাম মই
দেহাৰতো ভৰসা নাই ।

(৩)
বৰ্ণহীন বাকহীন নিজান উপত্যকা..
এতিয়া মাথোঁ এন্ধাৰ
এন্ধাৰে এন্ধাৰে সময়ে আহি উচুপি আছে
নগ্ন বুকুত পৰি ।
তমসাৰ মাজেৰে বুলিব পাৰা যদি
পৰুৱাই পোৱা বাট
বুকুৰ মাজলৈ নামি আহা ।
তাত সেইডোঙা তেজ..
তুলি লোৱাহি তেজেৰে ফুলাম আত্মা
দিন-ৰাতিৰ দুহাতেৰে
তুলি ধৰা মগ্ন চেতনা
ধমনীত মিলি যাম তোমাৰ..
যদি মোক অলপ সময় দিয়া ।

দীপাংকৰ মল্ল বৰুৱা


কাচিমৰ নতুন ধাৰ্মিক ৰূপ

দীপাংকৰ মল্ল বৰুৱা



ফেচবুকত মেছেজৰ সৈতে এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল।

কাচিম শ্বেখ। নামটো চিনাকি যেন লাগিছে, কিন্তু ফটোখন? ধৰিব পৰা নাই।

প্ৰ’ফাইলটো খুলি চালোঁ। হয়, কলেজত একেলগে পঢ়া কাচিমেই হয়। কিন্তু মূৰত টুপীৰে সৈতে এমুখ ডাঢ়িৰে আৱৰি থকা কাচিমৰ সেই চিনাকি মুখখন চিনি পাবলৈ অলপ সময় লাগিল।

ওখ পাখ, সুদৰ্শন কাচিম কলেজৰ দিনত আছিল এজন ভাল ক্ৰিকেটাৰ। মহম্মদ ৰফীৰ গান প্ৰাণঢালি গোৱা কাচিম এজন ভাল গায়কো আছিল। বহু উজাগৰী ৰাতি কাচিমে গীটাৰ বজাই, গান গাই আমাক সংগ দিছিল। কলেজৰ বহুতো ছোৱালীৰ বাবে কাচিম আছিল সপোনৰ যুৱক।

ফ্ৰেণ্ড ৰিকুৱেষ্ট এক্সেপ্ত কৰি ইনবক্সত মেছেজ কৰিলোঁ, “তোক একেবাৰে চিনিব পৰা নাছিলোঁ। একেবাৰে হুলিয়া সলনি কৰি দিলিযে”?

“যোৱা বছৰ হজলৈ গৈছিলোঁ। তেতিয়াৰ পৰা দাঢ়ি ৰাখি দিলোঁ”।

“গান চান গাই আছনে? আৰু খেলা ধুলা”?

“সেইবোৰ চব বাদ। জীৱনত বহুত গুণাহ কৰিলোঁ, হজত হৈ পুণ্য কৰি আহিছোঁ। এতিয়া অলপ ভাল কাম কৰোঁ বুলি ভাবিছোঁ”।

“কি গুণাহ কৰিলি”?

“জীৱনটো গানা বাজনা খেলা কৰি থাকিলোঁ। সেইবোৰ ভাল মুছলমানে নকৰে”।

“ভাল মুছলমানে কি কৰে”?

“তই যদি জানিব বিচাৰিছ কোৰান পঢ়। আল্লাৰ বিষয়ে জ্ঞান লাভ কৰ”।

“কিন্তু কিয়? মই কোৰান কিয় পঢ়িব লাগে? কোৰানত যি আছে গীতাতো সেয়েই আছে”।

“কোৰান আল্লাৰ কিতাপ। এই কিতাপ পঢ়িলে আৰু ভাল মুছলমান হ’লে বেহেস্তত যাব পাৰিবি”।

“মোক এইবোৰ কথা কিয় কৈ আছ”?

“ইছলাম কবুল কৰ। দুনীয়াত বহুত পাপ কৰিলি, এতিয়া পুণ্য কৰ”।

“কিয় কবুল কৰিম মই ইছলাম? মোৰ নিজৰ ধৰ্ম আছে। মোৰ নিজৰ ধৰ্মীয় শিকনি আছে”।

“ইছলাম হ’ল মডাৰ্ণ ৰিলিজন। বাকী ৰিলিজন সৱ মিছা, কেৱল ইছলামেই সঁচা”।

“মই সেই কথা নামানো। মোৰ ধৰ্মই শিকাইছে সকলো ধৰ্মই সমান, সকলো ধৰ্মই এজন ঈশ্বৰৰ ওচৰলৈ যোৱাৰ বাট দেখুৱায়। গীতাৰ কথাও মিছা হ’ব নোৱাৰে”।

বহুত সময় কোনো উত্তৰ নাই।

“কি হ’ল? নিমাত হৈ গ’লি যে”?

“মই তোক কেইটামান লিংক পঠিয়াই আছোঁ, তাত কোৰান অনলাইন পঢ়িব পাৰিবি। চিন্তা কৰি চা। এতিয়াও সময় আছে। ইছলামেই একমাত্ৰ ধৰ্ম"।

“ধৰ্মৰ বাহিৰে আৰু বেলেগ কথা পাতিবলৈ নাই নেকি তোৰ? ফেমিলি লাইফ কেনে চলিছে? চাকৰি ক’ত? অজিকালি ছোৱালী জোকাৱনে নাই? আৰু সেই যে তই পঢ়িছিলি নিষিদ্ধ কিতাপবোৰ, সেইবোৰ এতিয়াও পঢ়নে”?

কাচিমৰ কোনো উত্তৰ নাই।

“ধৰ্ম কৰিছ ভাল কথা। কিন্তু ধৰ্মৰ কাৰণে ইমান কনজাৰভেটিভ হৈ গৈছ কিয়? জীৱনটো অকল ধৰ্মৰ কাৰণেই হ’ব নোৱাৰে”। মই লিখিলোঁ।

আকৌ উত্তৰ নাই।

“তই মোক বেয়া নাপাবি। মই ধৰ্ম মানো। কিন্তু ধৰ্মই জীৱনৰ সকলো হ’ব নোৱাৰে। ধৰ্মতকৈ ডাঙৰ কথা হ’ল মানুহৰ মাজত আত্মীয়তা, বন্ধুত্ব। নিজৰ কামৰ মাজেৰে জীৱনক উপভোগ কৰাটোও ধৰ্ম হ’ব পাৰে। তই বিশ্বাস নকৰনে ধৰ্মতকৈ মানবীয়তা বহুগুণে ওপৰত”।

কাচিমৰ উত্তৰ আজিলৈকে নাপালোঁ। আজিকালি তাক মেছেজ কৰিলেও উত্তৰ নাপাওঁ। আৰু বহুতেই হয়তো এনে পুৰণি বন্ধুৰ ন-ৰূপত ভূগিব লগা হৈছে উত্তৰহীনতাত!

Comments system