Tuesday, 17 May 2016

উপাসনা বৰা


এজাক প্ৰেমৰ বৰষুণ


✍ উপাসনা বৰা , তেজপুৰ
সুমথিৰা বেলিটোৱে
লুকা-ভাকু খেলি থকা সময়টোতে
এটা ফোন ক'ল আহিছিল
সেই সময়ত আকাশত ডাৱৰে
মুখ ওন্দোলাই আছিল
অলপ পাছতেই এজাক অপ্ৰত্যাশিত বৰষুণ আহিছিল
বৰষুণ জাকক দেখি আকৌ এবাৰ
নতুনকৈ প্ৰেমত পৰিব মন গৈছিল
বিষাদৰ ৰাগিত মাতাল হৈ থকা
মনটোক বৰষুণ জাকত ধুই দিবলৈ !!
কিমান দিন যে হ'ল
বৰষুণত নিতিতা
কৃষ্ণচূড়াৰ সুবাস নোলোৱা অথবা
সাগৰৰ পাৰত নবহা !!
আজি মোৰ বুকুত এটোপাল
দুটোপাল,বহু টোপাল
বৰষুণ সৰিছিল মোৰ বুকুত
বৰষুণ জাকে মোৰ উৱলি যোৱা
মনটোক ন-কইনাৰ দৰে
ধুৱাই দিলে
এটা সপোনে পোখা মেলিছিল
মোৰ সেমেকা হৃদয়ত !!


Thursday, 12 May 2016

তপন চন্দ্ৰ তালুকদাৰ


মই হেনো পাগলী

ভুল নুবুজিবি.....! সেয়াইটো পুৰুষ....! তই মই সকলো মিছা...। প্ৰেমৰ নামত আলিঙ্গনে ভুল....। পুৰুষৰ বীৰ্য্যৰে ভৰুণ কৰা মোৰ মন মাথো বাসনা....। কামনাত মত্ত হৈ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি......! মাথো এটুকুৰা মঙহ উপভোগ কৰিবলৈ মিছা প্ৰতিশ্ৰুতি.....। সকলো মিছা...! পুৰুষ সদায় পুৰুষে...! সিহঁতে নুবুজে নাৰীৰ মমতাময়ী মনৰ কথা....। তই কিয় পোশা মেলিলি মোৰ উদৰত....। দেখিছ কেনেকৈ তোক কবৰ দিবলৈ যো-জা কৰিছে...। সমাজ-সংস্কাৰ সকলো যেন প্ৰেমতকৈও মূল্যবান হৈ পৰিছে...!
ডাক্তৰ জনে সোমাই আহিছিলে যেতিয়া তেতিয়ালৈ নাৰী ৰূপে নাৰীৰ হত্যাকাৰী সকলে মোক পূজাৰ বলিৰ দৰে সজাই ৰাখিছিলে.....। বাহিৰত উদ্বিগ্নতাৰে বিভিন্ন ৰূপেৰে মোৰ আত্মীয় সকলে ৰৈ আছিলে, মা-দেউতা, দাদা, ভাইটি ৰূপে...। আৰু সেই আৱেগৰ ঢল বোৱাই অনা প্ৰেমিকজন আজিলৈকে দ্বিতীয়বাৰলৈ দেখা পোৱাই নাই...। যিদিনাই গম পালে মোৰ গৰ্ভত তাৰ বীৰ্য্যই পোশা মেলিছে, তাৰ পিছত সকলো আৱেগ অনুভৱ পেলাই প্ৰেমিক ৰূপী পুৰুষজন একেবাৰে দানৱ ৰূপ ধাৰণ কৰিলে....। যেন প্ৰেমৰ আৱেগ সকলো মাদকতা, যৌৱনৰ উচ্ছলতা যেন সকলো মোৰে ভুল আছিলে....!
আঃ মোৰ তুলাৰ দৰে ছোৱালীজনী...! তই যে কেতিয়াও পৃথিৱীৰ পোহৰ দেখিবলৈ নেপাবি....। যি গৰ্ভত তই ভগৱানলৈ স্তুতিৰ সাজেৰে সাজ মেলিছিলি সেই গৰ্ভই আজি তোৰ বলিশাল হ’ল...। তোৰ যে তুলাৰ দৰে দেহটো এবাৰ হাতেৰে চুই চাবলৈ, বুকুত সোমোৱাই বুকুৰ দুগ্ধ পান কৰাবলৈ বৰ মন আছিলে....। নিচুকনি গীত গাই-গাই তোক নিচুকাই থাকিবলৈ, তোৰ চকু আৰু কপালত চুমা আকি দিবলৈ...। উফঃ আৰু মই নোৱাৰো চিন্তা কৰিব, মূৰটো যে আচন্দ্ৰাই কৰিছে....। সকলো যেন ধোৱা ধোৱা দেখিছো....। নাই নাই কোনো ওচৰত নাই....। আপোন বুলি আজি সকলো কালশতৰু মোৰ....।
ডাক্তৰ জনে যে হাতত চুৰিখন তুলি লৈ একেবাৰে দানৱ ৰূপ ধাৰণ কৰিছে....। পুৰুষৰ সম্ভোগৰ শিহৰণ থলীৰে যেতিয়া চুৰিখন আগুৱাই গৈছিলে তই ছাগে বুজি পাইছিলি, তোৰ যে মৃত্যু আসন্ন....। তয়ো কুচি-মুছি মোৰ বুকুলৈ উজাই আহিছিলি...। উফঃ কি যন্ত্ৰণা.....! মই , মইযে পিছলৈ একো গমে নোপোৱা হৈ গৈছিলো....। কেনেকৈ তোৰ হাত-ভৰিবোৰ টুকুৰা-টুকুৰকৈ কাটি-কাটি মোৰ পাপৰ স্থলীৰ পৰা বাহিৰ কৰি আনিছিলে....। আৰু তই ছাগে তেতিয়া সচাকৈ বৰ যন্ত্ৰণা অনুভৱ কৰিছ ন....! ভৰি এখন কটাৰ পিছত তই ছাগে ছটফটাই আছিলি মোৰ পেটত....! তাৰ পিছত আনখন ভৰি....! হাত, পেট, বুকু আৰু তাৰ মাজত থকা কলিজাটো....! উফঃ নোৱাৰো আৰু ....! নোৱাৰো আৰু ভাবিব...। মোৰ দুচকুৰে দুৰ্ভাগ্যৰ গৰ্ভ বিদাৰি বানপানী আহিছে আজি....। কোনে বুজিব মোক...! সকলো দেখোন সমাজ, সংস্কাৰ-সংস্কৃতি, নীতি-নিয়ম বজাই ৰখাৰ নামত হত্যাকাৰী হৈ পৰিছে....। মোৰ বুকু ফাটি গ’ল, কলিজা পুৰি গ’ল...। কোনোৱে গমকে নাপালে....। সকলোৰে মন কংক্ৰিটৰ অট্টালিকাৰ দৰে...। সেই অট্টালিকাবোৰৰ মাজত মই, মই কিয় জুপুৰি হৈ পৰিলো....।
সকলোৱে কয় মই পাগলী হৈছো....! পাগলী...! এই পাগলীৰো যে এটা মন আছিলে.....! য’ত বিশ্বাস আছিলে, প্ৰেম আছিলে, সপোন আছিলে....। আৰু এই সমাজে কোনোদিন নুবুজিলে এই পাগলীৰ মনৰ যন্ত্ৰণা....।
অই তহত ক’ত গৈছ....। আহঃ....! আহঃ...! মোৰ উদং কলিজা পুৰি খা...। মোৰ উদং বক্ষৰে নিগৰি থকা তেজৰ নদীত এবাৰ গা তিয়াই চা...! মই, মই নহওঁ পাপিনী....! প্ৰকৃতি প্ৰদত্ত ৰক্তিম ছায়া, প্ৰেমৰ ৰঙেৰে বলোৱা মোৰ প্ৰেমিক কলিজা....! অৰ্থহীন..! অৰ্থহীন সকলো প্ৰেম....! কোনে কৈছিলে প্ৰেম ভগৱানৰ দান...। এয়াই আছিলনে..? মোৰ কপালত বিধাতাৰ লেখন...! নাই , নাই আৰু নকৰো...। নকৰো কেতিয়াওঁ শিলৰ পূজা....! শিলে নুবুজে মানুহৰ প্ৰেমিক মনৰ ব্যথা...। গুপুতে কেনেকৈ গুজি দিলে প্ৰেম মোৰ কলিজাত...। অহঃ সেইজন প্ৰেমিক আছিল...! প্ৰেমৰ মাজেৰে মোৰ শৰীৰৰ পূজা কৰিলে...। মই পাগলী...! মই বুজিয়ে নেপালো.....। প্ৰেমক যে ধৰি ৰাখিব নোৱাৰে শৰীৰে...। তথাপিও যে তাক সাৱটি আছিলো...। বুকুৰ মাজত, আত্মাৰ সুবাস ঘনীভূত কৰি....। সেইযে প্ৰথম সাৱটি ধৰিছিলে নীলাচলৰ বুকুৰে নামি লুইতক সাক্ষী কৰি, দুটি শিলৰ মাজত...! কি যেন অনিৰ্বাচনীয় দেহৰ সুবাস পাইছিলো....। উঃ একেবাৰে সি হৃদয়ৰ অতুলনীয় সত্তাৰ অতলস্পৰ্শী মৰ্মভূমি চুইছিল...। মইযে পাগল হৈ গৈছিলো তাক পাবলৈ...। অস্থিৰ অথচ অভিনবত্বহীন....।

কিন্তু...! জীৱনৰ হিচাপ-নিকাচ কৰোতে কেতিয়াবা ভুল হৈ যায়....। সেয়াই মোৰো হল....। জীৱনটোতো এতিয়া ভুলেৰেই ভৰা, কম্পমান দীপশিখা...! প্ৰেম ভুল, হৃদয় ভুল, অনুভৱ ভুল....। সকলো ভুল, মাথো ভুল....!

মই পাগলী, মই পাগলী, মই পাগলী.....! যৌৱনৰ সৌন্দৰ্য্য পান কৰি প্ৰাপ্তিৰ বন্যাত উটি ভাহি, আকুলতাৰে সাৱটি সঘনাই চুমা খোৱা, মোৰ প্ৰতিশ্ৰুতিৰ প্ৰেমিকজন....! ক’ত এতিয়া তুমি...? চোৱা, আমাৰ প্ৰেমক জীয়াই ৰাখিবলৈ মই কিমান চেষ্টা কৰিছিলো.....। তুমিহীনতাত ভুগিওঁ মই অকলে জীয়াই ৰাখিব বিচাৰিছিলো....। আজি চাৰি-পাচ মাহ ধৰি মই অকলে যুঁজি আছিলো....। তোমাৰ স’তে, মা-দেউতা, দাদা-ভাইটি, সমাজৰ নীতি নিয়মৰ বিপৰীতে....। তুমিও বুজিয়ে নেপালা মোক, মাতৃত্বৰ সুবাস পোৱাৰ আনন্দই মোক কি সুখানুভূতিৰে আনন্দময় কৰি তুলিছিলে...। কিন্তু সকলোৱে যেতিয়া বাধাৰ দুৰ্জ্জেয় শক্তি হৈ থিয় দিয়াত মই অকলে কি কৰিব পাৰো, কোৱা...! কোৱা…? মোৰ প্ৰেমানুভূতি ভুল আছিলে নেকিন....? তোমাক ভালপাওঁ বাবেতো শৰীৰ দিছিলো....। তুমি যে কৈছিলা সেই বন্ধ কোঠালীত মোক বুকুত সাৱটি...। আকাঙ্খা বিজড়িত সৌন্দৰ্য্যতীৰ্থ মোৰ বগা বহল পেটটোত উপবিষ্ট সুগভীৰ নাভি কমলৰ আৱৰণমুক্ত সৌন্দৰ্য্যৰ কলেবৰখিনিয়ে তোমাক দুষ্ট কৰি তোলে....। তোমাৰ দুষ্টতাই মোৰ অনুভৱক বাৰুকৈয়ে জোকাৰি গৈছিলে...। মোৰ ভালপোৱাক তুমি কেতিয়াও বিশ্বাসঘাটকতা নকৰো বুলি দিয়া প্ৰতিশ্ৰুতি আজি সকলো অসাৰ....! তথাপিওঁ মই পন লৈছিলো, মোৰ সচা ভালপোৱাক মই জীয়াই ৰাখিবলৈ । এই পৃথিৱীত চিনাকী দিবলৈ । নাই, নাই মই নোৱাৰিলো...! মোৰ দুৰ্ভগীয়া নিঃসঙ্গ জীৱনৰ কাৰুণ্যৰ চকুলোৰে তোমাৰ বিচ্ছেদজনিত সমস্ত অনাদৰ অৱহেলাকে বুকুত সাৱটি মই বলিশালত প্ৰৱেশ কৰিছিলো । বলি দিছিলো সেইদিনা মোৰ সকলো বিশ্বাস, অনুভৱ, অনুভূতিৰ । সকলোৱে সেইদিনা চকুত ধৰা দিছিলে একো একোজন দানৱ হৈ...। প্ৰেমৰ নামত মাথো প্ৰতাৰনাৰে শূন্য কোলা মোৰ ভৰাই দিলা...।

মোৰ আৰ্তনাদ কোনে শুনিব, সমাজৰ নীতি নিয়মেৰে বন্ধা ওৱালৰ মাজত মই অকলে ছটফটাই আছো এতিয়া.....। সকলোৱে কয় মই হেনো পাপ কৰিছো....। মই হেনো ভুল কৰিছো....। কাৰোবাক প্ৰকৃত হৃদয়েৰে ভালপোৱাতো জানো পাপ ? প্ৰেমৰ অতুলনীয় অনুভূতিক অনুভৱ কৰাটো জানো পাপ ? প্ৰেমৰ পৱিত্ৰতাক বিশ্বাস কৰি নিজক বিসৰ্জন দিয়াটো জানো পাপ...? মোৰ স্বতন্ত্ৰ ৰক্ষা কৰি সতীত্বক অক্ষুণ্ণ ৰাখিবলৈ তোমাৰ অকনো সাহস নহলনে....? মোৰ ভালপোৱাক জোকাৰি, হৃদয়ত জোৱাৰ তোলা প্ৰেমিকজন নহয় জানো তুমি...! আজি মোক অকলশৰীয়া কৰি পলাইছা যে....। কোৱা মোৰ ক’ত ভুল হৈছিলে...?

অহঃ, তুমি দিয়া সেই উপহাৰবোৰৰ মাজত গাঠিথোৱা মিছা সপোনবোৰ এতিয়াও সযতনে আছে...। তুমি দৰা হৈ আহিবা...। মোৰ শিৰত সেন্দুৰেৰে সজাবা...। মই কইনা হম...। সকলোৱে উৰুলি দিব....! অহঃ উৰুলি দিব...। দিয়া আকৌ উৰুলি, মই আজি কইনা হৈছো নহয়....! আমাৰ বিয়া হ’ব....!(হা-হা-হা-হা....।) মই মা হম...।মা...! তুমি দেউতা হবা...। ক’ত গ’ল সেই সপোনবোৰ মোৰ....। মই হেনো পাগলী ওঁ.....! পাগলী...। অহঃ মই পাগলী হৈছো আজি...। তোমাৰ প্ৰেমত....! মোক ঘুৰাই দিব পাৰিবা, মোৰ বিশ্বাস, মোৰ ভালপোৱা....। মোৰ পৱিত্ৰতা...! মোক ঘূৰাই দিয়া মোৰ পেটৰ সন্তান...! মই অকলে জীয়াই থাকিম....। মই অকলে জীয়াই ৰাখিম...। অইঃ কি চাই আছ....। মই পাগলী হৈছো...। পাগলী...। প্ৰতাৰণাৰ কাইটেৰে আচোৰা মোৰ কলিজা আজি তেজেৰে ৰাঙলী....! মই হেনো পাগলী....। পাগলী....। তপন চন্দ্ৰ তালুকদাৰ

Wednesday, 11 May 2016

কল্যাণ কুমাৰ নাথ

তেওঁ


কবিঃ কল্যাণ কুমাৰ নাথ
তেওঁ এটা মৌনতাৰ কবিতা
মোৰ কলিজাৰ সাফৰ খুলি পঢ়িব খোজো
বুজি নাপাওঁ
আক বাক ছন্দ!
এৰি অহা অতীতৰ হেঁপাহবোৰ সামৰি
মই কুৰুকি কুৰুকি সোমাই যাওঁ
সেই কবিতাৰ ভিতৰলৈ
মোৰ সমস্ত চেষ্টাক ধূলিস্যাৎ কৰি
তেওঁ অটল হৈ ৰয়
নিজৰ মৌনতাৰ ভংগীত
নিৰাশাৰে সামৰো মোৰ অভিযান
তেওঁৰ ওঁঠত ভাঁহে
বিশ্বজয়ৰ উল্লাস!

বিভা বৈশ্য


কৃষ্ণচুড়াৰ অন্তৰঙ্গ আলাপ



আজি আবেলিকৈ আহিবা
গো-বাটৰ ধুলি উৰাৰ আগতে
লৈ আহিবা কৃষ্ণচুড়াৰ
ৰঙা বোল একলহ
মনৰ উকা কেনভাছত
সানি দুয়ো হ'ম ৰাঙলী
তাৰ পাছত...
তোমাৰ ব্যস্ততাৰ সোণালী পিয়লাত
পি খাম এপিয়লা প্ৰেমৰ আপং
সোণাৰুৰ খিল খিল হাঁ‌হিত
উদ্বাউল হৈ পৰিব
নিৰ্লজ সন্ধ্যাৰ
নিৰাভৰণ প্ৰেমৰ উপত্যকা
শিলে শিলে ঠেকা খাই
চিটিকি পৰিব
এজাঁৰৰ সেই পুৰণিকলীয়া বেজাৰ
আমি দুয়ো কোচ ভৰাই বুটলিম
তলসৰা তৰাৰ গুটি গুটি চকুলো
পুৱতিনিশা কাণপাতি শুনিম
দুবৰিৰ সৈতে তলসৰা বকুলৰ
অন্তৰংগ আলাপ
আহিবাচোন আজি আবেলি!
ৰাধাচুড়াৰ বুকুত আকিম
এখন ব্ৰজধামৰ নিটোল ছবি
আমি বিলীন হৈ যাম
সেই চিৰপৰিচিত নৈ খনত
যাৰ দুয়োপাৰে
পাৰ ভঙা সপোনবোৰৰ
পিছে পিছে
দৌৰি ফুৰিছিলো আমি
আহিবাচোন আজি আবেলি!
কবিঃ বিভা বৈশ্য

ৰঞ্জুমণি মহন্ত

অনুভৱৰ ভগ্নাংশ

কবিঃ ৰঞ্জুমণি মহন্ত
(১)
তুমি গলাগৈ,
যিহেতু তুমি যাম বুলি
ভাবিয়েই আছিলা ।
মোৰ অনুভৱে অনুভৱে
এতিয়া বৈ আছা
নদী হৈ ।

(২)
মোৰ বিদীৰ্ণ হিয়াত
তুমি চালেই দেখিবা
দুখৰ চেকুৰা ।
মগ্ন অনুভৱত
শব্দৰ আঁচলেৰে ঢকা
মোৰ বিষন্ন কবিতা ।

সুৰেশ বৰা


চহা

(১)
নিশাৰ নিজান ভাঙি কেতেকীয়ে বিনাই ,
উৰি - উৰি বিষাদৰে গান গাই ।
বুকুখন বৰকৈ বিষায় ।।

(২)
ঘিটমিট আন্ধাৰত এজাক
জোনাকীয়ে পাতে পোহৰৰ মেলা ।
স্মৃতি সজীৱ হয়
জোনাকীৰ পাছত দৌৰা ল'ৰালিৰ খেলা ।।

(৩)
এজাৰ ফুলিলে মনলৈ বেজাৰ নামে ।
এজাৰ ফুলে হেনো বাৰিষাৰ বানপানীক লগতে আনে ।।

(৪)
ভালপোৱাৰ বজাৰত মৰম আজিকালি তেনেই খন্তেকীয়া ।
উদং প্ৰেমৰ মোনা লৈ
মানুহৰ হৃদয় আজিও দুখীয়া ।।
কবিঃ সুৰেশ বৰা

Thursday, 5 May 2016

গীতালি বৰুৱা বৰদলৈ

অভীপ্সা

(কবিঃ গীতালি বৰুৱা বৰদলৈ)
চকুত চকুৰ গভীৰ চাৱনিৰ মাথো এটি লহমা
আৰু এক অনামী শিহৰণত মোৰ স্তব্ধ নয়ন !
চকুযুৰিৰ চুম্বকীয়ত্বৰ অৱগাহনত আছন্ন হৈ ৰঁও
প্ৰতি ক্ষণ , প্ৰতি নিয়ত ..... !


এতিয়া অজ্ঞাতসাৰেই,
এঙেৰুৱা সময়বোৰে গতি সলাই,
বুকুজুৰি বৈ থকা নদীখনেও সুঁতি সলাই
শাশ্বত , অবিনশ্বৰ প্ৰেমৰ দিশত....!


চকুৱে হেনো মিছা নকয়......
সেইয়াই যদি সঁচা,
তোমাৰ বুকুতো উঠেনে
হাজাৰ ভাৱৰ বুৰবুৰণিৰ অজান পুলকতা....
মুখ ফুটাই নকলেও বুজানে
তোমাৰ পৰা মোলৈ ৰোৱা এই দূৰত্বত
বুকুত তৰপে তৰপে জমা হোৱা
অদমনীয়, অসহনীয় বিৰহৰ বেদনাৰ বেথা !


আহিবা এদিন বহাগৰ হেঙুলীয়া আবেলি ,
এজাক ভালপোৱাৰ ৰিমঝিম বৰষুণত ভিজি দুয়ো
শৰীৰৰ প্ৰতি বিন্দুত বিয়পাম সুখকৰ শীতলতা,
সেউজীয়া আলোকেৰে জিলিকি উঠিব হৃদয়
আৰু এই সীমাহীন প্ৰাপ্তিৰ সাক্ষী হৈ ৰ'ব আকাশ আৰু বতাহ !!

Monday, 2 May 2016

শ্ৰী তপন চন্দ্ৰ তালুকদাৰ


দেশদ্ৰোহী কোন.....? জে. এন. ইউ...!

ফলি এচ নাৰিমন (Fali Sam Nariman) চুপ্ৰিম কোৰ্টৰ এজন ছিনিয়ৰ উকীল । ইণ্ডিয়ান এক্সপ্ৰেচ ত প্ৰকাশিত তেখেতৰ এটি লিখনিৰ আধাৰত দণ্ডবিধি আইন, ১২৪ নং অনুচ্ছেদৰ জড়িয়তে দেশদ্ৰোহৰ পৰিভাষাৰ ওপৰত খুব সুন্দৰকৈ বৰ্ণনা কৰিছে যে- যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে ভাৰতখন টুকুৰা-টুকুৰা কৰা কথা কয় বা কৰিম বুলি কয়, যি ভাৰতৰ পক্ষত নহয়, তেন্তে সেইসকল লৰা-ছোৱালীৰ অভিভাৱকক যিকোনো ব্যক্তিয়ে এই কথাটো জনায় সিহঁতক মানসিক ভাৱে পৰীক্ষা কৰাব কব লাগে । নিশ্চিত ভাৱে সিহঁতে যিকোনো ভুল বা বেয়া সংগৰ প্ৰভাৱত পৰিছে, সিহঁতৰ লক্ষ্য বিভ্ৰান্ত কৰিছে অথবা তেনেকুৱা কৰিবলৈ উচ্ছাস যোগাইছে , যিটো সিহঁতে প্ৰকৃততে কৰিব নেলাগে । কিন্তু তাৰ বিনিময়ত সিহঁতক জেললৈ পঠোৱা বা দেশদ্ৰোহী আখ্যা দিয়াটো জৰুৰী নহয়...।
শব্দৰ উপযুক্ত ব্যৱহাৰ নোহোৱাৰ ফলত কি হব পাৰে, ইয়াৰ উপযুক্ত উদাহৰণ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ঘটনাটোৰ পিছত গোটেই দেশতে দেখিব পোৱা গৈছে। দেশদ্ৰোহ শব্দটোৰ কিমান ভুল ব্যৱহাৰ ভৰতীয় জনতা পাৰ্টি (বিজেপি) য়ে কৰিব পাৰে, সেইটো প্ৰত্যক্ষভাৱে সকলোৱে দেখা পাইছে । আৰু সেইবাবে শব্দৰ ভুল ব্যৱহাৰৰ বাবে পৰমবীৰ চক্ৰৰ সন্মানেৰে সন্মানিত কৰিব লাগে । দেশদ্ৰোহ শব্দটোৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টি অথবা তাৰ আনুষাংগিক সংগঠনৰ পৰিভাষা যদি দেশৰ পৰিভাষা হৈ যায়, তেন্তে আমি মানি লোৱা উচিত যে আমি শব্দ বুজিব নেজানো আৰু তাৰ অন্তৰালত অন্তৰ্নিহিত অৰ্থও বুজিব নেজানো ।

আমি লাহে লাহে দেশখনক অৰাজকতাৰ পিনে পিনে ঠেলি দিছো অথবা সেই সকল ব্যক্তিয়ে চেষ্টা কৰিছে, যি সকলে শব্দৰ ভুল ব্যৱহাৰ কৰিছে। অথবা ভুল সংজ্ঞা নিৰূপণ কৰিব বিচাৰিছে। যদি, এই সংগঠন সমূহৰ পৰিভাষাৰে দেশদ্ৰোহ শব্দটোৰ বিশ্লেষণ কৰো, তেন্তে সকলোতকৈ ডাঙৰ দেশদ্ৰোহী সংগঠন সেইটোয়ে, যাৰ মন্ত্ৰীত্বৰে চৰকাৰ গঠন হৈছে, আৰু সেইখন ৰাজ্যত হোৱা বেছিভাগ প্ৰতিবাদী কাৰ্য্যসূচীত পাকিস্তানৰ পতাকা উৰুৱাই, পাকিস্তান জিন্দাবাদ (ধ্বনি) শ্লোগান দিয়ে। আই এচ আই এচ (ISIS) ৰ দৰে উগ্ৰ সন্ত্ৰাসবাদী সংগঠনৰ পতাকা পৰ্য্যন্ত উৰুৱাই । চৰকাৰক ভেঙুচালি কৰে ।

হয়,  মই জম্মু-কাশ্মীৰৰ কথাকে কব  বিচাৰো । তাত বিজেপিৰ লগত মিত্ৰতা কৰিয়ে চৰকাৰ গঠন কৰিছে। তাত বিজেপিৰ মন্ত্ৰীয়ে চৰকাৰী সকলো সা-সুবিধা লৈই জীৱন যাপন কৰি আছে । তাৰ পিছত এইবোৰক কি বুলি কদেশদ্ৰোহ বুলি কমনে, প্ৰশাসনৰ বিফলতা বুলি ক?

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ঘটনাৰ লগত যদি আমি তাৰ তুলনা কৰি চাওঁ তেন্তে তাতকৈ ডাঙৰ দেশদ্ৰোহ বেলেগ হবই নোৱাৰে । যিখন ৰাজ্যত বিজেপিৰ সন্মিলিত চৰকাৰ আছে তাত পাকিস্তানৰ পতাকা উৰুৱাই বিক্ষোভ প্ৰদৰ্শন কৰে । মই একমত নহয় যে তাত বিজেপিয়ে দেশদ্ৰোহৰ কাম কৰা নাই । তাত প্ৰশাসনক ভালকৈ পৰিচালনা কৰিব পৰা নাই । তাৰ মন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ জনসাধাৰণক সেই বিশ্বাস দিব পৰা নাই যে চৰকাৰ বা প্ৰশাসন সদায় জনসাধাৰণৰ সুবিধাৰ বাবেহে । জনসাধাৰণৰ সকলো সমস্যা সকলো দুঃখ ৰ সমাধান কৰিবলৈ চৰকাৰ সদায় প্ৰতিজ্ঞাবদ্ধ ।
ইয়াৰ পিছতো যদি আমি বিশ্লেষণ কৰো দেশদ্ৰোহী কোন…?” তেন্তে আৰু এটা কথা উনুকিয়াব পাৰি । মহাত্মাগান্ধীৰ হত্যাকাৰী নাথুৰাম গডছে আৰু সাংসদভৱন আক্ৰমণকাৰী আফজন গুৰু দুয়োজনকে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত দোষী সাব্যস্ত কৰি ফাচী দিয়া হৈছিলে । তেন্তে কেনেকৈ আজিৰ তাৰিখত এজন ছহীদ হব পাৰ....? কেনেকৈ কিহৰ ভিত্তিত নাথুৰাম গডছেক ছহীদ ঘোষণা কৰিব বিচাৰে বিজেপিৰ পিতৃ সংগঠন আৰ এছ এছ (RSS)  য়ে বা তাৰ আনুষাংগিক সংগঠন সমূহে । আৰু দেশৰ প্ৰধানমন্ত্ৰী জনক, যিজনে মহাত্মা গান্ধীৰ স্মশানথলীত মাল্যাৰ্পন কৰা দেখা যায়, সেই একেজন নৰেন্দ্ৰ মোডী কে জাতিৰ পিতা গৰাকীৰ হত্যাকাৰী নাথুৰাম গডছেৰ মৃত্যু তিথিতো মাল্যাৰ্পন কৰি দুমুখীয়া চৰিত্ৰ লোৱা দেখা যায় । এতিয়া প্ৰশ্ন হল দেশদ্ৰোহী কোন...?”

দ্বিতীয় কথাটো  হল যদি এই দেশদ্ৰোহ শব্দটোৰ ব্যৱহাৰে হয় তেন্তে কৃষকৰ ক্ষেত্ৰতো ব্যৱহাৰ হোৱা উচিত আছিল । যত প্ৰাথমিকভাৱেও কৃষকৰ কথা কোৱা নহয়, যি সকলে কৃষকৰ আত্মহত্যাৰ বিষয়টো চিন্তাৰ কোনো কাৰণ নহয় বুলি ভাৱে বা কব খোজে, সেই দায়িত্বজ্ঞানহীন ৰাজনৈতিক দলৰ অধ্যক্ষ অথবা প্ৰধানমন্ত্ৰীজনৰ মূৰত কোনো চিন্তাৰ ৰেখা দেখাও পোৱা নেযায় । এজন সাংসদে যদি কয় কৃষক সকলৰ আত্মহত্যা হেনো ফেশ্বন...! আৰু তেনেকুৱা, দায়িত্বজ্ঞানহীন সংসদীয় ক্ষমতাত থকা সাংসদক যদি দলৰ পৰা বহিস্কাৰ নকৰে অথবা অধ্যক্ষই দলত আলোচনা নকৰে, তেন্তে তাতকৈ ডাঙৰ দেশদ্ৰোহী আৰু কোনো নাই । আমাৰ কৃষক সকলে দেশখনক জীয়াই থকাত আৰু আৰ্থিকভাৱে শক্তিশালী, সমৃদ্ধিশালী কৰি ৰখাত অৰিহণা যোগাই আহিছে । কিন্তু তাৰ পৰিৱৰ্তে কৃষকসকলৰ পৰিয়াল স্বাস্থ্য আৰু ভৱিষ্যত সাধাৰণ ভাৱেও সুৰক্ষিত নহয় । আৰু কৃষক সকলে যি উত্পাদন কৰিছে তাৰো সঠিক মূল্য নাপায় । তাৰ পিছতো কোনো সংগঠন বনাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বা নিজৰ অধিকাৰ দাবী কৰিবলৈ কোনো আন্দোলনৰ কাৰ্য্যসূচী হাতত নলয় দুঃখ মনেৰে কৃষি কৰ্মতে মন নিয়োগ কৰি আহিছে । আৰু দেশখনক সমৃদ্ধিশালী কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে । চৰকাৰৰ সেইটো দায়িত্ব আছিল যে কৃষকসকলৰ অভাৱ-অভিযোগ আতৰাই কিছু হলেও কষ্ট, দুঃখৰ পৰা পৰিত্ৰাণ পোৱাকৈ আচনি যুগুতোৱা । কিন্তু সেহতীয়া আচনিটো সেইটো দেখা পৰিলক্ষিত নহল। আগৰ চৰকাৰখনে কি কৰিছিলে বুলি প্ৰশ্ন তুলি সমালোচনা কৰাতকৈ বৰ্তমানৰ চৰকাৰে কি আচনি হাতত লৈছে কৃষিকৰ্মৰ উন্নতিৰ বাবে বা কৃষক সকলৰ বাবে সেইটোহে আলোচনাৰ বিষয় । কিন্তু সময়ত দুয়োখন চৰকাৰে কৃষকবিৰোধী মনোভাৱ প্ৰকাশ কৰাটো স্পষ্ট হৈ পৰিছে। বৰ্তমান চৰকাৰৰ আৰ্থিক বাজেটত কতো কৃষকৰ বাবে আচনিৰ উল্লেখ নাই । আৰু মোৰ সম্পূৰ্ণ বিশ্বাস হৈছে যে নৰেন্দ্ৰ মোডী চৰকাৰখনৰ যি আগন্তুক বাজেট আহিব তাতো হয়তো কৃষক সকলৰ বাবে একো নাথাকিব ।

যিবিলাক আঁচনি কৃষকৰ নামত ঢোলে-ডগৰে বজাই মানুহৰ মাজত প্ৰচাৰ কৰা দেখা গৈছে, সেই আঁচনি সমূহৰ পৰাও কৃষকসকলৰ কিবা লাভান্বিত হব বুলি মনে নধৰে । কিছুদিন আগতে লখনৌ (Lucknow) ত হোৱা এখন কৃষক সন্মিলনত কৃষক সকলে মনৰ ক্ষোভ এনেকৈ বৰ্ণনা কৰিছিল যে- আমি আগতেও আত্মহত্যা কৰিব লগা হৈছিলে আৰু এতিয়াও...! এইকাৰণে মোৰ প্ৰথম অনুৰোধ যে যিখন জিলাত কৃষকে আত্মহত্যা কৰিব তাৰ প্ৰশাসন অথবা জিলাধিপতিক দেশদ্ৰোহী আখ্যা দি জেললৈ প্ৰেৰণ কৰিব লাগে । যিখন ৰাজ্য চৰকাৰৰ অধীনত কৃষকে আত্মহত্য কৰে তাৰ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক দেশদ্ৰোহী আইনৰ অধীনত ৰাখি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰক । কিন্তু এনেকুৱা এখন আইন হয়তো কোনেও বলৱত্ নকৰিব । কাৰণ কৃষকৰ তেজশুহি খাবলৈ সকলোৱে জানে কিন্তু জীৱন দিবলৈ কোনেও শিকা নাই ।
লখনৌ (Lucknow) ত হোৱা কৃষক মঞ্চ সন্মিলনত এটা গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পাইছে যে জন-ধন আচনিখনৰে ভাৰত চৰকাৰে যিমান টকা সংগ্ৰহ কৰিছে সেই টকাখিনি দেশৰ কৰ্পোৰেট গোষ্ঠীৰ ঋণ মাফ কৰি দিয়াত ব্যৱহাৰ কৰিছে । যিমানখিনি টকা দেশৰ দুখীয়া-দৰিদ্ৰ কৃষক জনসাধাৰণে বেংকত জমা কৰিছে, তাৰপৰা সেই বেংকটো লাভান্বিত হৈছে আৰু চৰকাৰে সেই চতুৰ প্ৰৱঞ্চক কৰ্পোৰেট গোষ্ঠীক সহায় কৰিছে । যিয়ে বেংকৰ পৰা চৰকাৰী সহায়ক ঋণলৈ উভতাই নিদিয়ে । তেনেকুৱা কামত বেংকৰ মেনেজাৰৰ পৰা মন্ত্ৰী বিষয়া, ডাঙৰ উদ্যোগপতি সকল জড়িত হৈ পৰে । যি সকলে চৰকাৰৰ অধীনত ঋণ গ্ৰহণ কৰি, ব্যৱসায়ৰ মন্দা অৱস্থা দেখুৱাই ঋণৰ পৰা পৰিত্ৰাণ লৈই আকৌ ঋণ গ্ৰহণ কৰি ।

সেয়েহে মই ভাবো শব্দৰ ব্যৱহাৰ ভাৰতীয় জনতা পাৰ্টিয়ে হওঁক বা কংগ্ৰেছে হওঁক, বহুত ভাবি-গুণী ব্যৱহাৰ কৰা উচিত । অথবা সেই দল সমূহে দেখুৱাই দিয়াৰ দৰে যদি শব্দৰ ব্যৱহাৰ হয় তেন্তে এই দেশখনত আৰু কোনো দেশভক্ত জীয়াই নাথাকিব । ভাৰতীয় জনতা পাৰ্টিয়ে জনসাধাৰণৰ মনৰ দুঃখ, আসোৱাহ সমূহ আতৰ কৰিব দূৰৰ কথা, সেই সমূহ আতৰ কৰিব পৰাকৈ কোনো আচনিয়ে বাজেটত অন্তৰ্ভুক্ত নকৰিলে ।

ভাৰতীয় জনতা পাৰ্টিক আন এটা কাৰণত ধন্যবাদ দিব লাগিব । যে সমগ্ৰ ভাৰতত পৰিৱৰ্তনৰ এক নতুন চেতনা জগায়, আশাৰ তুষাৰপাত কৰিছিল । কোনো ধৰণৰ বিচাৰ বিবেচনা নকৰাকৈ অচ্ছে দিনৰ সপোন দেখুৱাইছিল । গোটেই ভাৰতখন বিদেশীমুক্ত হব বুলি যি প্ৰচাৰ কৰিছিল । বিশেষকৈ অসমত দিয়া নিৰ্বাচনী ভাষণত সেই কথাটো স্পষ্টকৈ প্ৰকাশ কৰিছিল । কংগ্ৰেছৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে জনসাধাৰণে বিকল্প হিচাপে বাচনি কৰিছিল বিজেপিক । সকলো জাতি-ধৰ্মৰ জনসাধাৰণে কিছু হলেও সুখ-স্বাচ্ছান্দ্য উভতি অহাৰ আশাত নৰেন্দ্ৰ মো়ডীৰ অচ্ছে দিনৰ সুৰতে সুৰ মিলায় বিশ্বাস সহকাৰে গ্ৰহণ কৰিছিল । কিন্তু সেই অচ্ছে দিন? দিনক দিনে দেশত সাম্প্ৰদায়িক মতা-মতেৰে অসহিষ্ণুতাৰ পৰিৱেশ গঢ়ি উঠিছে । বিজেপি চৰকাৰৰ আগমনৰ লগে লগে ধৰ্মৰ পৰা আদি কৰি জাত-পাত, উচ্চ-নীচ সকলো যেন মূৰ তুলি পুনৰাই ব্ৰাহ্মণ্যবাদক আদৰণি জনাইছে । যিকোনো ৰাজহুৱা অনুষ্ঠানত সাম্প্ৰদায়িক মতামত দিয়াত ধৰ্মগুৰু সকল এখোপ আগবাঢ়ি গৈছে । এতিয়া যেন ধৰ্মৰ ৰাজনীতিয়ে এক প্ৰকাৰ তুংগত উঠিছে।


মোৰ এতিয়াও বিশ্বাস আছে যে নৰেন্দ্ৰ মোডীয়ে সকলো জনসাধাৰণৰ মনৰ আসোৱাহ সমূহ আতৰ কৰিব পাৰিব । আৰু দেশৰ অৰ্থনীতিত এক চমকপ্ৰদ পৰিৱৰ্তন আনিব পাৰিব । কাৰণ দেশৰ জনসাধাৰণে তেখেতক বাচনি কৰিছে । তেখেতে ইয়াৰ আৰম্ভণি দেশৰ কৃষক সকলক লগত লৈ কৃষি ব্যৱস্থাক মুখ্য হিচাপে গ্ৰহণ কৰি আগবাঢ়িব লাগিব। আৰু দেশৰ গ্ৰামীণ ঠাই সমূহক উদ্যোগীক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ লগতে, কেঁচা সামগ্ৰী সমূহৰ বজাৰ সুনিষ্চিত কৰিব পাৰিব লাগিব । তাৰ বাবে দেশৰ যথেষ্ট বিনিয়োগ কৰাৰ প্ৰয়োজন নাই ।  ১.১৪ লাখ কৌটি টকা সেই বেইমান উদ্যোগপতি সকলৰ ঋণ মাফ কৰি দিয়াৰ তুলনাতকৈ যদি এবাৰ দেশৰ কৃষক সকলৰ জীৱনশৈলী পৰিৱৰ্তনৰ বাবে অতি কমেও তাৰ আধা অংশও খৰচ কৰি চাই । তাৰ পিছত কৃষক সকলে নিজকে নিজে পৰিৱৰ্তন কৰি উলিয়াই আনিব দৰিদ্ৰতাৰ মাজৰ পৰা । 

শ্ৰী তপন চন্দ্ৰ তালুকদাৰ
নলবাৰী, অসম

Sunday, 1 May 2016

মিনাক্ষী মেচ



কুন্তী



তীক্ষ্ণ আলোকৰ মাজত ক্ৰমে
দৃশ্যমান হৈ উঠিছিল সূৰ্য্য-নাৰায়ন
কুমাৰী কুন্তীৰ আৱাহনত
ঋষিৰ বৰত প্ৰাপ্ত অমোঘ মন্ত্ৰ
মনত উতসুকতা
অজ্ঞাত মন্ত্ৰৰ প্ৰৱলতা,
প্ৰয়োগৰ প্ৰয়োজনীয়তা,
কঠোৰ নিয়মানুবদ্ধতা
ফুল কোমল হৃদয়ৰ মনৰ পুলকানুভূতি
ৰোধিব পৰা নাছিল
আশ্বস্ত হ’ব পৰাকৈ পৈনত নাছিল কুন্তী
খিৰিকিৰে সোমাই অহা কুহূমীয়া অংশুমালীৰ
স্পৰ্শই জাগ্ৰত কৰিলে আৱাহনৰ স্পৃহাক
স্বতঃস্ফুৰ্তভাৱেই উচ্চাৰিত হ’ল
সেই মন্ত্ৰ কুন্তীৰ কণ্ঠত
পলকতে উতকণ্ঠাৰ অন্ত
সন্মুখত স্বয়ং আদিত্য
ভয়ত কঁপি উঠিছিল কুমাৰী কুন্তী
প্ৰকাশ কৰিছিল সবিনয়ে মনৰ স্পৃহাক
আৰু নিজৰ মূঢ়তাক
নিয়মৰ সালসলনি নহয়
ভীতিগ্ৰস্ত আচম্বিত কুন্তীৰ
সকলো আৱেদনেই বিফল হ’ল
কুমাৰী মাতৃত্বৰ বোজা
বহন কৰাৰ বাধ্যকতাত
দেৱতাই কৰিব নোৱাৰা একোৱেই নাই
তেনে ঈশ্বৰ সদৃশ সূৰ্য্যনাৰায়ন
কিয় অপাৰগ হৈছিল
ফুল কোমল কুন্তীৰ
মানসিকতা বুজি পোৱাত
নে পুৰুষত্বৰ ৰিপুজয়ত বিফল হৈছিল ??
নে “এই অমোঘ মন্ত্ৰৰ প্ৰয়োগ বিফল কৰিব নোৱাৰি”-
বুলি কৈ মদনৰ পুষ্প বাণত আক্ৰান্ত হৈ
নিজৰ দুৰ্বলতাক ঢাকি ৰাখিছিল (?)
হয়তুবা

হয়তুবা নাৰীৰ কমনীয়তাৰে
প্ৰয়োভৰা কুন্তীৰ ৰূপত মোহান্ধ হৈছিল !!
ফলস্ৰুতিত আবেগৰ ধুমুহাই
কলংকিত কৰি গল কুন্তীক
কুমাৰী মাতৃত্বৰ বোজাৰে.....।
কবিঃমিনাক্ষী মেচ, 
শিৱসাগৰ


Comments system