Tuesday, 29 March 2016

উপাসনা বৰা



সেন্দুৰ


মোৰ শিৰৰ সেন্দুৰখিনি আঠ বছৰে
পুৱাৰ বেলিটো হৈ
জিলিকি আছিল আপোনাৰ বাবে


কিন্তু আজি
আপুনি মোৰ শিৰৰ সেন্দুৰখিনি মচি
স্বামী থাকি বিধৱা সজালে মোক!


এবছৰেই হ'ল
পোনাটিক নেদেখা
এই এবছৰ যেন এটা যুগ!


আপুনি ক’লেই কি হতে পাহৰো তাক
কিমান দিন তাৰ বাবে দলং পাৰ হোৱা নাছিলোঁ
বেণী গুঠা নাছিলোঁ, ভোক থাকিলেও উদৰপুৰি খোৱা নাছিলোঁ
ৰাতি ৰাতি শুৱা নাছিলোঁ


কিদৰে পাহৰি গ’ল আপুনি
অগ্নিক সাক্ষী কৰি দিয়া প্ৰতিশ্ৰুতিবোৰ
অলপো কুণ্ঠাবোধ নকৰিলে! কাঠগঢ়াত
আছাৰি আছাৰি আমাৰ সম্পৰ্কৰ সূতাডাল চিঙিবলে?


ভুল নুবুজিব
মহাপ্ৰলয়ত সকলো শেষ হৈ গলেও
মোৰ বুকুত সদায় থাকিব
আপোনাৰ আৰু পোনাটিৰ বাবে ভালপোৱা।

উপাসনা বৰা ।
বালিপৰা ( শোণিতপুৰ )

Thursday, 17 March 2016

মানসজ্যোতি



‎শিলৰ ঈশ্বৰ‬


ধোঁৱাত দুলি থকা মন্দিৰটোৰ
শিলচটাকে তাই ঈশ্বৰ মানিছিল
কোনেও নুশুনা গানবোৰ ঈশ্বৰক শুনাইছিল,


বুকুৰ বাগিচাৰ পাতবোৰ সৰিছিল
সৰাপাতৰ খৰাঙত শিলৰ ঈশ্বৰ গলিছিল
তাইৰ চকুলোবোৰ ধুই নিছিল


মন্দিৰৰ টিলিঙা বজোৱা বতাহজাকত ফাগুন নামিছিল


লাহে লাহে গানবোৰ পুৰাণত পৰিছিল
শিলৰ ঈশ্বৰত শেলুৱৈ গজিছিল
নীলা শিয়ালৰ সাধুটোৰ দৰে


প্ৰাৰ্থনাবোৰ পূৰাবলৈ ঈশ্বৰৰ বল নাছিল,
"পাতসৰা ঋতুৰ পুনাৰাবৃত্তি"
সকলোৱে একেলগে চিঞৰিছিল
বোবা ঈশ্বৰ
স্থিতপ্ৰজ্ঞ ঈশ্বৰ
শিলৰ ঈশ্বৰ


তেওঁ আৰু এপাহ হালধীয়া ফুল
উত্তৰঃ শিলৰ ঈশ্বৰ
( কবিঃ মানসজ্যোতি )

কবিতা চৌধুৰী


এখন অবুজ হিয়াৰ চিঠি

তুমি সুধিছিলা
হিয়াৰ বাৰু ৰং আছে নে?
উত্তৰত ক'ব খোজো এটাই বাক্য
মোৰ হিয়াৰ ৰং তোমাৰ জেতুকাবুলীয়া ৰঙেৰে ৰঞ্জিত
মোৰ হৃদয়ৰ প্ৰতিটো অংশত সযতনে অংকিত "তুমি"
তোমালৈ পত্ৰ লিখিবলৈ বহিয়েই শৰীৰৰ অংগ- প্ৰত্যংগবোৰ শিহৰিত হৈছে তোমাৰ প্ৰেমৰ ভাৱনাত। দুনয়নৰ আগত জিলিকি উঠিছে ঢৌ খেলোৱা চুলিৰে তোমাৰ হৰিণী কাজল চকুৰে সঙ্গীতৰ মূৰ্চ্ছনাৰ দৰে দেহ। আঃ...! মই যেন বৈ যাম তোমাৰ প্ৰেমৰ হৃদয় জুৰোৱা নৈত। কামনা ভৰা ফাগুনৰ পছোৱাজাকত উৰি গৈ পৰিবলৈ মন যায় তোমাৰ ওচৰত । ভ্ৰমৰৰ গুঞ্জনে তুলিছে মৰমৰ গীত, আজুৰি আনিব বিচাৰে প্ৰিয়াক--। জানানে তোমাৰ ভাৱনাত উন্মত্ত হৈ থাকোঁতে প্ৰেমৰ প্ৰজাহতি পখিলা এটাই মোৰ গোটেই গাতে চুমিছিল-- মোৰ এনে লাগিছিল -তুমি আহি মোৰ হৃদয়ৰ বন্ধ দুৱাৰত খটখটাই প্ৰেমৰ ৰাগিনী তুলিছিলা। আচ্ছন্ন হৈ পৰিছিলো তোমাৰ ভাৱনাত।
যোৱা নিশা সপোনত তুমি আহি মোৰ কাণে কাণে কৈছিলা-- সোণ মই তোমাৰেই, মোৰ সকলো অনুভৱৰ মাজতে তুমি হাচনাহানাৰ সৌৰভৰ দৰে প্ৰেম গন্ধ বিলাই অনুভৱিত কৰি ৰাখিছা। তোমাৰ আৰু মোৰ প্ৰেম সৌ শৰতৰ সুবিমল তৰাবুলীয়া আকাশখনৰ দৰেই নিৰ্মল। কেতিয়াবা শৰতৰ জোনাকী সন্ধিয়া আকাশলৈ চাই চাই তোমাক দেখা পাওঁ জানা। তৰাবোৰৰ মাজত ৰূপোৱালী পোহৰ বিলোৱা তিৰবিৰাই থকা তৰাটো তুমি। তুমি হাঁহিলে বহুতেই কয় মুকুতা মণি সৰে বুলি। মোৰ মন ভৰি যায় যদিও ক'ৰ'বাত বিষাই যায়। কবিতা কবিতা লগা তোমাৰ মৰমৰ এষাৰ মাততেই হিয়াই উল্লাসত নাচি উঠে। মোৰ মৰমৰ প্ৰতিটো বিন্দু কেৱল তোমাৰ নামত। মনত আছেনে আমি যে আমাৰ ওচৰৰ মৰম কঢ়িওৱা নৈখনৰ পাৰে পাৰে খোজ কাঢ়িছিলোঁ- তোমাৰ প্ৰেম প্ৰেম লগা চাৱনিয়ে আজিও মোক লৈ যায় নৈখনলৈ। নৈখনৰ পাৰত থকা শিলছটাই আছিল আমাৰ গোপন প্ৰেমৰ সাক্ষী।
হৃদয়ৰ ভাষা খুব অবুজ, অবৈধ ভাৱে আহি যায় অ'। কিমান চিঠি লিখিলো...! চিঠিৰ প্ৰতিটো জাপত সোমাই থৈছো সাগৰ সদৃশ মৰম, ভালপোৱা আৰু প্ৰেম। চুব খুজিলেও চুব নোৱাৰা মৰমৰ এক অচিনাকি দূৰত্বত আছা তুমি।
আৰু লিখিব নোৱাৰা হৈছো.....! তোমাৰ ভালপোৱাৰ আৱেশত অৱৰুদ্ধ হৈ গৈছোঁ মই....। হৃদয় ভৰি আছে তোমাৰ আৱেগত, ভাষাত.....! কলমৰ গতি ৰুদ্ধ হৈ গৈছে।
প্ৰেমৰ দূৰত্ব শত যোজন শত মাইল
নে হিয়াৰ পৰা হিয়ালৈ...!
আজিও জাপি থম এই পত্ৰখন হৃদয়ৰ পেৰাত।
পুনৰ মৰমেৰে
ইতি
তোমাৰ হিয়াৰ অস্পৰ্শিত এখন হিয়া


Wednesday, 16 March 2016

নাংচেং নিভা গগৈ


বিধবাৰ সাজ পিন্ধাৰ দিনা

(উছর্গাঃ এগৰাকী বান্ধৱীলৈ। যিয়ে তেওঁৰ বিবাহৰ এবছৰ পিছতেই বিধবাৰ সাজ পিন্ধে ।)

আজি আপোনাৰ দেহত ঢাকি ধৰা কপাহী চাদৰ খনৰ বৰণৰ দৰেই মোৰ দেহটো মেৰিয়াই ধৰিলো,
যিটো বৰণ আপোনাৰ প্ৰিয় নাছিল,
আপোনাৰ পৰা অহা আপোন গোন্ধটোও আজি আপোনাৰ সৈতে পুৰি পেলাব,
আপোনাৰ আত্মীয়ই উশাহবোৰ ক'ত পেলাই দিলে বাৰু
মোৰ উশাহৰ সৈতে লগ নোপোৱা হ'ব আজিৰ তাৰিখৰ পৰা
আপোনাৰ হাতৰ স্পর্শত জাগি উঠা মোৰ শিঁহৰনবোৰ,
 হৃদয়ৰ ঝংকাৰ তথা আৱেগিক ভাৱনাবোৰ
আপোনাৰ সৈতে এদিন মাটি হ'ব
এদিন বতাহৰ লগত ধূলিময় হৈ মোৰ দেহত মল হৈ লাগিব
আপুনি চকু মুদি আকৌ নেমেলিলে
মই চকু মেলি আপোনাৰ সৈতে কথা পাতিম দিবানিশে,
আপোনাৰ চেঁচা দেহটো মোৰ উত্তপ্ত হৈ থকা হৃদয়ত নিতৌ উম লব ,
মই জাগি থাকিম ,
অনুভৱ কৰিম ,
প্ৰেমালাপ কৰিম প্ৰতি ক্ষণে
আপোনাৰ শেতা পৰা দুগালত শূণ্যতে চুমা আঁকিম আপুনি নজনাকৈয়ে
,
মোৰ গর্ভত আপোনাৰ পৰা পোৱা মাতৃত্বৰ গর্বক সামৰি ল'ম মোৰ উকা দুহাতে ,
দেহৰ আৰু মনৰ অলঙ্কাৰ খুলি আপোনাৰ সৈতে পথালো ,
ফুটুছাই বৰণৰ পোহৰত আহিব নিতৌ ,
আপোনাক শূণ্যতে আলিঙ্গন কৰিম ,
এতিয়া যে শূণ্যতে উলমি থাকিব মোৰ ভূত-ভৱিষ্যত ...

কবিঃ নাংচেং নিভা গগৈ



মৌচুমী বৰুৱা


ফাগুনৰ অন্তিম বেলাত

কবিঃ মৌচুমী বৰুৱা
তিৰবিৰ সপোনবোৰ
হেৰুৱাৰ পৰা
মলয়া এছাটি হৈ
তাকেই বিচাৰি ফুৰিছো ..
জীৱন -আশাৰ অলিয়ে গলিয়ে
সেউজ আঙুলিৰ ফাঁকে ফাঁকে,
সৰাপাতৰ ভাঁজে ভাঁজে ।
জানোচা বিচাৰি পাওঁ
অন্ধ দুচকুতো এপলক
সপোন জ্যোতি ..
জঠৰ ওঁঠত ৰৱণৰ ৰাগ
জীৱন বাটত প্ৰশান্তিৰ মাত
ফাগুনৰ এই অন্তিম বেলাত।


Monday, 14 March 2016

ভৱজ্যোতি বৰুৱা


ফাগুনৰ চিন্তা

কবিঃ ভৱজ্যোতি বৰুৱা এতিয়া মৰমীয়াল বৰষুণ এজাক লাগে,
চোতালৰ বগৰি জোপাত সাৱতি
ফাগুনৰ বতাহজাকক জিৰাবলৈ ।
শুকান ওঠত
এটোপাল পানী পৰিলে
চকুযুৰিয়ে চাই ৰ'ব বসন্তক
ন-সেউজীয়াৰ মাজৰ কুলিজনীৰ সৈতে
একেথৰে যৌৱন শেষ নোহোলৈকে ।
মাথো আবতৰীয়া কেতেকীলৈহে ভয়,
যানোচা হৃদয়ত ৰাধাৰ সৈতে ফাকু খেলোতে
মাজ নিশালৈ তাই হিংস্ৰ হৈ
বগৰিজোপাত গায় বিচ্ছেদৰ গান ।

ড০ প্ৰণীতা শইকীয়া

মন বননি

কবিঃ ড০ প্ৰণীতা শইকীয়া তুমি সিদিনা মোক কলম উপহাৰ দিলা।
মই হাতত তুলি ললো তুমি দিয়া উপহাৰ।
হাতত উঠিল নীলা!!
নীলা কলমেৰে বহুতো মনৰ ছবি আকিলো
নীলা কলমেৰে বহুতো প্ৰেমৰ গীত ৰচিলো
নীলা কলমেৰে আবেগত নাটৰ ৰচনা কৰিলোঁ
বিনন্দীয়া পৃথিবীত সাঁতুৰি ফুৰিলো।
দেহ মন প্ৰাণ ধুৱাই দিলোঁ
দেহ মন প্ৰাণ নোৱাই ললো
কলমৰ নীলা চিয়াহী খিনি নিমিষতে হৈ পৰিল মোৰ অতি মৰমৰ
মোৰ অতি চেনেহৰ
মোৰ অতিকে আপোন
কলমৰ নীলা চিয়াহী খিনি সাক্ষী হৈ ৰল
অনাবিল আনন্দৰ!
আমাৰ প্ৰেমৰ....
যত আছে সচাঁ মৰম
সজল মৰম
এবুকু নিষ্পাপ জীয়া মৰম!

বাস্তৱ জ্যোতি গগৈ


তুমি হব বিচৰা নেকি মোৰ পত্নী

কবিঃ বাস্তৱ জ্যোতি গগৈ
তুমি হব বিচৰা নেকি মোৰ পত্নী
মোৰ সতে সুখ দুখৰ সংসাৰ
পাতিব বিচৰা নেকি
বিশ্বাসে ভৰাই যাব বিচৰা নেকি
অনাগত দিনবোৰ
কিন্ত এটা কথা
তুমি আৰু মই
জোন তৰা মিতিৰালি দৰে
হব লাগিব
কজলা ডাৱৰে আৱৰা হলে নহব
ঢল পুৱাতে উঠি চোতাল সাৰি
তুলিব লাগিব পুখুৰী পানী
ৰুবগৈ লাগিব দ- মাটি ভূই
দাবগৈ লাগিব
আঘোণৰ সোণালী ধান
কিন্ত জোকলৈ ভয় কৰিলে নহব
বোকা পানী দেখি
মূৰে কপালে হাত দিলে নহব
তেতিয়া থাকিব লাগিব
ভোকৰ পুখুৰীত নামি
যদি হয় আমাৰ
মৰমৰ এটি বৰ্ণমালা
তেতিয়া শিকাব লাগিব তুমিযে
জীৱনৰ যোগ বিয়োগ নেওঁতা
নিজৰ ভৰিত থিয় হব বাবে
দিব লাগিব উপদেশ
বেয়া নকৰিবা
আনৰ নানিবা বুলি
মৰমৰ মাতেৰে কোলাত তুলি
খুৱাব লাগিব বুকুৰ উশাহ
মাৰিব নোৱাৰিবা গালত এটি চৰ
জীৱনৰ প্ৰতিটো পল অনুপল অভিজ্ঞতা
কব লাগিব
একেখন আকাশৰ তলতে
থাকিব লাগিব
এতিয়া তুমি হব বিচৰা নেকি
মোৰ পত্নী ...।


Comments system