Wednesday, 13 February 2019


কাৰ্মেলিন


সাহিত্য অকাদেমি বঁটা প্ৰাপ্ত কোঙ্কনী লেখক দামোদৰ মাওজোৰ "কাৰ্মেলিন" এখন উপন্যাস । অসমীয়া অনুবাদ কৰবী ডেকা হাজৰিকাৰ । এই উপন্যাসখনৰ বাবে মাওজোয়ে ১৯৮৩ চনত সাহিত্য অকাদেমিৰ উপৰিও আন পুৰস্কাৰ লাভ কৰিবলৈও সমৰ্থ হৈছিল । উপন্যাসৰ পটভূমি আশী/ নব্বৈৰ দশকৰ । গোৱা স্বাধীন হোৱা সময়ৰ ।

কাৰ্মেলিন এজনী সৰু ছোৱালী । গোৱাৰ এখন ভিতৰুৱা গাঁৱত তাইৰ জন্ম । "টাইফয়েড ৰোগে গাওঁখন এফালৰপৰা শেষ কৰি আনিছিল । মৃত্যুৰ কৰাল গ্ৰাসত পৰা গাওঁখনত একমাত্ৰ সেই ঘৰটোতে শুনা গৈছিল এহাল ল'ৰা-ছোৱালীৰ হাঁহি ধেমালিৰ মধুৰ ধ্বনি ।... মৃত্যুলৈ ভয় কৰে ডাঙৰেহে, ল'ৰা-ছোৱালীৰ লগত এই ভয়ৰ সম্পৰ্ক নাই ।" - কাহিনীত বৰ্ণিত এই ল'ৰা-ছোৱালীহালেই আছিল কাৰ্মেলিন আৰু তাইৰ ভায়েক ফ্ৰান্সিচকো । টাইফয়েড ৰোগত আক্ৰান্ত হৈ কণমানি ফ্ৰান্সিচকোও এদিন গুচি গৈছিল মৃত্যুৰ কোলালৈ । তাৰ পিছতে ৰোগত আক্ৰান্ত হৈছিল কাৰ্মেলিনৰ মাক । গাওঁখনত কান্দিবলৈ, মাতিবলৈও মানুহ নোহোৱা হৈছিল । খাবলৈকো ক'তো একো পোৱা নগৈছিল । বেমাৰ আৰু মৃত্যুভয়ে গাওঁখনত জীয়াই থকা কেইজনকো ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল ।

"তই কান্দিছ মাজনী ?

" নাই কন্দা মাই ! মোক একো নালাগে , মোৰ ভোক লগা নাই " - মাকৰ মৃত্যুভয়ে কাৰ্মেলিনক ভীতিগ্ৰস্ত কৰি তুলিছিল । আৰু তাৰপিছতে এদিন কাৰ্মেলিনক অকলশৰীয়া কৰি ভায়েকৰ পিছতে মাক আৰু দেউতাকো গুচি গৈছিল । মাকৰ আতোলতোল মৰমত ডাঙৰ হোৱা ছোৱালীজনীক পৰিস্থিতিয়ে ক'ৰপৰা ক'লৈ যে লৈ নগৈছিল !! অনিচ্ছাস্বত্বেও কাৰ্মেলিনক পেহীয়েকে লৈ যাবলৈ বাধ্য হ'ল । দায়িত্ব , সহানুভূতি আৰু পিতৃস্নেহৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা পেহাৱকৰ মৰমতে কাৰ্মেলিন জীয়াই থাকিল ।

তাপখনত লেখকে কেৱল ঘাটমাউৰা ছোৱালী এজনীৰ দুখ বেজাৰৰ কথাকে বৰ্ণনা কৰি থকা নাই । সীমিত শব্দ আৰু পৰিস্থিতি উপস্থাপনেৰে পঢ়ুৱৈক কাহিনীটোৰ অন্তৰ্জগতত প্ৰৱেশ কৰাৰ সহজ পথ মোকলাই দিছে । গোৱাৰ জন-জীৱন, আৰবীয় ৰীতি-নীতি আৰু জীৱন ধাৰা আমাৰ সমাজ সংস্কৃতিৰপৰা যদিও পৃথক, কিতাপখন পঢ়ি যাওঁতে সেই অনুভৱতকৈ মনুষ্যত্বৰ অন্য কিছু দিশহে স্পষ্টৰূপত উন্মোচিত হয় । এজনী সৰল আৰু অসহায় ছোৱালী, বোৱাৰী আৰু মাতৃৰ জীৱন যুঁজৰ যন্ত্ৰণাই নিঃসন্দেহে প্ৰতিজন পাঠকৰে অন্তৰ চুই যাব ।

" জুজেই তোমাক মৰম কৰেনে ? " - স্নেহময়ী চুবুৰীয়া ইজাবেলে সুযোগ বুজি কাৰ্মেলিনক সুধিছিল সিদিনা । মৰম নে ভালপোৱা , প্ৰেম নে প্ৰয়োজন কাৰ্মেলিনে নুবুজে সেইবোৰ কথা । কেৱল আশা - জুজে এদিন ভাল হ'ব । পত্নী-সন্তানৰ দায়িত্ব তেওঁ বুজি পাব !

কাৰ্মেলিনৰ আশা অমূলক আছিল । জুজেৰ দৈনন্দিন অধঃপতনে কাৰ্মেলিনক জীৱিকাৰ সন্ধান কৰিবলৈ বাধ্য কৰিছিল । শৈশৱৰ বান্ধৱী এল্ চাই কাৰ্মেলিনক কাম বিচাৰি কুৱেইটলৈ যোৱাৰ কথা ক'লে । .... "বছৰত দহ হাজাৰ , দুবছৰত বিশ হাজাৰ !" ... খেতিৰ পথাৰখনো জমিদাৰৰ পুতেকে কাঢ়ি লৈ গ'ল , মৰমৰ জীয়ৰী বেলিন্দাৰ অনাগত দুখৰ দিনবোৰৰ কথা ভাবিলেই মাক কাৰ্মেলিনৰ আশংকাত কঁপি উঠে মন ।

" কাৰ্মেলিন মোৰ কথা শুনা , এই লাজ, সংকোচ, মৰ্যাদা আমাৰ দৰে দুখীয়াৰ বাবে নহয় , এইবোৰ চহকী মানুহৰ বস্তু । " জাৱক( এই সম্বন্ধৰ কথা কাৰ্মেলিনক জনোৱা হোৱা নাছিল ) ইজাবেলে কাৰ্মেলিনক বুজায় । কুৱেইটলৈ যোৱা ছোৱালীৰ বিষয়ে অনেক কথাই শুনিছে তাই । সেয়ে মনত ইতস্ততঃ ভাব । অৱশেষত বহু চিন্তা ভাৱনাৰ অন্তত কাৰ্মেলিনে জাহাজত বোম্বাইলৈ যাত্ৰা কৰিলে । বেলিন্দাৰ ওপৰত যেন ভাগ্যৰ আৰু নিৰ্দয় প্ৰভাৱ নপৰে, সেই কথা ভাবিয়েই কাৰ্মেলিনে নিয়তিৰ নিৰ্মম পথত ভৰি দিলে ।

জুম্মা অৰ্থাৎ শুকুৰবাৰে মেডাম নুৰিয়া মাকৰ ঘৰলৈ যায় । মালিক নিচাৰ নিচাগ্ৰস্ত হৈ পৰিছিল কাৰ্মেলিনৰ মায়াত । এনেকৈয়ে চলি থাকিল । তাইৰ যত্ন আৰু কৰ্তব্যনিষ্ঠাই নুৰিয়াৰ কঠিন হৃদয়তো মৰম জগাইছিল । অকণমান দোষতে মে'ডামৰ ৰোষত পৰি বিদায় ল'ব লগা হোৱা বেণুৱে যাবৰ পৰত কাৰ্মেলিনক কৈছিল - " মোৰ ভাগ্য ভালেই, মিছা অভিযোগ দি ইহঁতে মোক যে জেললৈ নপঠালে ! "
কাৰ্মেলিনৰ ভাগ্য পিছে প্ৰসন্ন নাছিল । তাই জেলৰ ভাত খাব লগা হ'ল । কিন্তু কাৰ্মেলিনতো বেণু নহয় ! তাইৰ ৰূপ আছে , সৌন্দৰ্য্য আছে , যন্ত্ৰণাই বিধ্বস্ত কৰা শৰীৰতো তাই যৌৱন ধৰি ৰাখিছে !! আৰু সেই মৰমতে পুলিচ ইন্সপেক্টৰে তাইৰ কে'চটো মিট-মাট কৰি দিলে । পুনৰ নতুন উদ্যমেৰে নুৰিয়াৰ বাংলোত কাৰ্মেলিনে কামত ধৰিলে । দ্বিতীয়বাৰ বছেৰেকীয়া ছুটীত ঘৰলৈ আহোঁতে তাই জেঠালেকৰ যুদ্ধত হেৰুওৱা ভৰিখনত কৃত্ৰিম ভৰি এখন লগোৱাৰ সুবিধা কৰি দিলে । টকা-পইচাৰ অভাৱ নোহোৱাত দিনবোৰো লাহে লাহে ভাললৈ আহিবলৈ ধৰিলে । বেলিন্দাও ডাঙৰ হৈ আহিল । জুজেৰ কৰ্মকাণ্ডই এতিয়া আৰু তাইক বিচলিত নকৰা হ'ল । অৱশ্যে সেইবোৰ কথা ভাবিবলৈ তাইৰ সময়েনো ক'ত ?

ইয়াৰ দুবছৰৰ পিছত জুজে ঢুকাল । ওলাই অহা চকুপানীখিনি মচি মচি কাৰ্মেলিনে নিজকে নিজেই সুধিলে - কিয় কান্দিছোঁ, কাৰ বাবে এই চকুপানী ? অন্ত্যেষ্টিক্ৰিয়াৰ সকলো কাম ইজাবেল আৰু জেঠালেক বস্তাওয়েই সমাপন কৰিলে । তাই আহিব লগা নহ'ল । ছবছৰৰ পিছত বছেৰেকীয়া ছুটীত ঘৰলৈ আহোঁতে মনে মনে কাৰ্মেলিনে ঘূৰি নোযোৱাৰ সংকল্প লৈছিল । তাইৰ অভাৱবোৰ নোহোৱা হৈ আহিছিল যদিও বেলিন্দাক সুখত ৰখাৰ সপোনে তাইক বাউলী কৰি তুলিছিল । তেতিয়ালৈ বেলিন্দা ওঠৰ বছৰীয়া হৈছিল । তাইক সহপাঠীয়ে ' কুৱেইটৱালীৰ জীয়েক ' বুলি জোকাবলৈ লৈছিল । ইতিমধ্যে গোৱাত দিনে দিনে বাঢ়ি অহা মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক দুৰাৱস্থাত ভোগাইছিল । আৰু আটাইতকৈ দুখৰ খবৰটো আছিল বেলিন্দাই মেট্ৰিক ফেইল কৰিছিল । কাৰ্মেলিনৰ জীয়েকক কলেজত পঢ়োৱাৰ আশাত চেঁচাপানী পৰিছিল । আকৌ এবছৰ ! কলেজত নাম লগোৱাৰ প্ৰয়োজন নহ'ল যেতিয়া কাৰ্মেলিন নাথাকিলেও দেখোন ঘৰ চলি যায় ! এটা বছৰত আৰু অন্ততঃ কিছু ধন !! মে'ডাম নুৰিয়া আৰু মালিক নিচাৰ সন্তুষ্ট হ'লে বেতন এদিনতে বাঢ়ে । আহিবৰ সময়ত কিবা এক সন্দেহ কৰি নিচাৰে সুধিছিল কাৰ্মেলিনক -

" কুৱেইট শব্দৰ অৰ্থ কি জানানে ? "

- নাজানোঁ চাৰ ।

" দুৰ্গ ।.... এই কুৱেইটলৈ যি এবাৰ আহে, তেওঁ বাৰে বাৰে আহে বুলি আমি বিশ্বাস কৰোঁ । "
বিমানত বহি কাৰ্মেলিনে ভাবিছিল- এৰা দুৰ্গ ! বন্দী জীৱনৰ অন্ত পেলাই এতিয়াৰেপৰা মুকলি বতাহত মুক্তিৰ আনন্দ লভিম ।

" মাই, তুমি বোলে আকৌ কুৱেইটলৈ যাবাগৈ ? নাযাবা মাই, নাযাবা ... মই আৰু ফেইল নকৰোঁ । .. তুমি আৰু যাব নালাগে , মই ডাঙৰ হৈছোঁ , অহাবাৰ মেট্ৰিক দি উঠি মই যাম কুৱেইটলৈ ... "

মূহুৰ্ততে বেলিন্দাৰ গালত প্ৰচণ্ড জোৰেৰে এটা চৰ পৰিল ।

এয়াই কাৰ্মেলিনৰ কাহিনী । অন্তৰত উকমুকাই থকা সকলো অনুভৱ প্ৰকাশ কৰাৰ প্ৰয়োজন নাথাকে । ক'ব খোজা কথাবোৰ পাঠকে বুজিবৰ বাবে কেতিয়াবা একোটা সংলাপ, কেতিয়াবা একোটা শব্দই যথেষ্ট । মাত্ৰাধিক বৰ্ণনাই পঢ়ুৱৈক বিৰক্ত কৰে । কাৰ্মেলিনৰ হৃদয়স্পৰ্শী কাহিনীক এই কৌশলেৰেই মাওজোয়ে আগবঢ়াই নিছে । এয়া মাত্ৰ থূলমূল বৰ্ণনাহে । কিতাপখন পঢ়িলে স্পৰ্শকাতৰ এটা কাহিনীৰ উপৰিও পঢ়ুৱৈয়ে সমাজৰ আন কিছু দিশো হৃদয়ৰে অনুধাৱন কৰিবলৈ সমৰ্থ হ'ব ।

মীনাক্ষী বৰুৱা


আজাৰা ।

No comments:

Post a Comment

Comments system